নতুন দিল্লী
বিহাৰত বিধানসভা নিৰ্বাচনীৰ কুজ-কৱাজ চলি থকাৰ সময়তে হাই এলাৰ্ট জাৰি কৰিব লগা হৈছে প্ৰশাসনে। ৰাজ্যখনত ৩ জন সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ পাছতে আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা হাই এলাৰ্টৰ জাননী জাৰি কৰিছে। শীৰ্ষ বিষয়াৰ পৰা পোৱা খবৰ অনুসৰি পাকিস্তানৰ পৰা অহা ৩ জন সন্ত্ৰাসবাদী নেপাল হৈ বিহাৰত প্ৰৱেশ কৰিছে।
তেওঁলোক ক্ৰমে ৰাৱালপিণ্ডিৰ হছনেন আলী, উমাৰকোটৰ আদিল হুছেইন আৰু বাহাৱালপুৰৰ মহম্মদ উছমান বুলি জানিব পৰা গৈছে। নেপালৰ পৰা বিহাৰত প্ৰৱেশ কৰা এই সন্ত্ৰাসবাদী কেইজন নিষিদ্ধ সংগঠন জইচ-ই-মহম্মদৰ সৈতে জড়িত।
উল্লেখযোগ্য যে, বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে যদিও সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ খবৰে ৰাজ্যবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
তথ্য অনুসৰি আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত এই ৩ জন সন্ত্ৰাসবাদী কাঠমাণ্ডুত উপস্থিত হৈছিল। তাৰ পৰাই যোৱা সপ্তাহত বিহাৰত প্ৰৱেশ কৰিছিল। আশংকা কৰা হৈছে যে এই সন্ত্ৰাসবাদী কেইজনে দেশৰ কোনো কোনো ঠাইত সন্ত্ৰাসবাদী কাৰ্যকালাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।
ইয়াৰ পাছতে নেপাল সংলগ্ন অঞ্চলসমূহত নিৰাপত্তা কটকটীয়া কৰা হৈছে ৷ দেশৰ যিকোনো প্ৰান্তত এই সন্ত্ৰাসবাদীয়ে সন্ত্ৰাসবাদী কাণ্ড সংঘটিত কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই সতৰ্কবাণী আৰু অধিক স্পৰ্শকাতৰ বুলি বিবেচিত হৈছে।