আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিন

Story by  atv | Posted by  [email protected] • 3 Years ago
আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিন
আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিন
গুৱাহাটী

আজি ৩১জানুৱাৰী। বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ,শিল্পী, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল আজিৰ দিনটোতে। অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ় তোলাৰ বাবে অপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্মদিনটো উদযাপন কৰা হৈছে তেজপুৰত।

১৯০৯ চনৰ ৩০ জানুৱাৰীত বেংগল প্ৰেছিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়েহে ‘ৰাভা’ উপাধি গ্ৰহণ কৰে।

ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপালচন্দ্ৰ ৰাভাক ‘ৰায়বাহাদুৰ‘ উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. (A.D.C. to the Governor of Bengal) পদলৈ পদোন্নতি দিয়া হৈছিল। দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল।
 
বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ’কুইন এমপ্ৰেছ’ পদক লাভ কৰে।

ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত ‘বাঁহী‘ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু ‘আৱাহন‘ আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।

১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য‘ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে। ১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে।
 
১৯৪৬ চনত ‘চিৰাজ‘ বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।

১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ৯ মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধান সভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।