নতুন দিল্লী
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে অপাৰেশ্যন সেন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ এই অভিযানক “ৰাষ্ট্ৰীয় সংকল্প আৰু প্ৰস্তুতিৰ শক্তিশালী প্ৰতীক” বুলি অভিহিত কৰি কয় যে, ইয়াৰ দ্বাৰা সশস্ত্ৰ বাহিনীৰ অতুলনীয় নিখুঁততা, নিৰৱচ্ছিন্ন যৌথতা আৰু ৰাষ্ট্ৰখনক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত নিৰ্ণায়কভাৱে কাম কৰিবলৈ প্ৰস্তুত হোৱাটো প্ৰতিফলিত হৈছে।
এক্সৰ এক পোষ্টত প্ৰতিৰক্ষা মন্ত্ৰীয়ে লিখিছে, "অপাৰেশ্যন সেন্দুৰৰ বৰ্ষপূৰ্তিত আমি আমাৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু ত্যাগক প্ৰণাম জনাইছোঁ, যাৰ সাহস আৰু নিষ্ঠাই ৰাষ্ট্ৰখনক সুৰক্ষিত কৰি ৰাখিছে। অভিযানৰ সময়ত তেওঁলোকৰ কাৰ্যই অতুলনীয় নিখুঁততা, নিৰৱচ্ছিন্ন যৌথতা আৰু সেৱাসমূহৰ মাজত গভীৰ সহযোগিতাক প্ৰতিফলিত কৰিছিল, যিয়ে আধুনিক সামৰিক অভিযানৰ বাবে এক মাপকাঠী স্থাপন কৰিছিল।"
পোষ্টটোত উল্লেখ কৰা হৈছে, "অপাৰেশ্যন সেন্দুৰৰ ৰাষ্ট্ৰীয় সংকল্প আৰু প্ৰস্তুতিৰ এক শক্তিশালী প্ৰতীক হিচাপে থিয় দিছে, যিয়ে দেখুৱাইছে যে, আমাৰ সশস্ত্ৰ বাহিনী যেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হয়, তেতিয়া নিৰ্ণায়কভাৱে কাম কৰিবলৈ সদায় সাজু। ইয়াৰ উপৰিও ই ভাৰতে আত্মনিৰ্ভশীলতা লাভৰ দিশত অবিৰত অগ্ৰগতি, স্থিতিস্থাপকতা শক্তিশালী কৰাৰ লগতে সামৰ্থ বৃদ্ধিৰ প্ৰমাণ দিয়ে।"
প্ৰধানমন্ত্ৰী মোদীয়েও অপাৰেশ্যন সেন্দুৰৰ বৰ্ষপূৰ্তিত সেনাৰ বীৰত্বক প্ৰশংসা কৰে৷ এক্সত এক পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, "এবছৰৰ আগতে #OperationSindoorৰ সময়ত আমাৰ সশস্ত্ৰ বাহিনীয়ে অতুলনীয় সাহস, নিখুঁততা আৰু সংকল্প প্ৰদৰ্শন কৰিছিল। পহলগামত নিৰীহ ভাৰতীয়ক আক্ৰমণ কৰিবলৈ সাহস কৰা সকলক তেওঁলোকে উপযুক্ত প্ৰত্যুত্তৰ দিলে। সমগ্ৰ দেশে আমাৰ সেনাক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণাম জনাইছে।"
তেওঁ লগতে কয়, "অপাৰেশ্যন সেন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় সঁহাৰি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ প্ৰতি অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছিল। ইয়াৰ উপৰিও আমাৰ সশস্ত্ৰ বাহিনীৰ পেছাদাৰিত্ব, প্ৰস্তুতি আৰু সমন্বিত শক্তিৰ ওপৰত আলোকপাত কৰা হয়। একে সময়তে ই আমাৰ বাহিনীৰ মাজত ক্ৰমবৰ্ধমান যৌথতাক প্ৰদৰ্শন কৰিলে আৰু প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ সন্ধানে আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে যি শক্তি কঢ়িয়াই আনিছে, সেই শক্তিৰ ওপৰত আলোকপাত কৰিলে। আজি এবছৰৰ পাছতো আমি সন্ত্ৰাসবাদক পৰাস্ত কৰি ইয়াৰ সক্ষমকাৰী পৰিৱেশ তন্ত্ৰক ধ্বংস কৰাৰ সংকল্পত আগৰ দৰেই অটল হৈ আছোঁ।"
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰত ২৬ জন লোকক হত্যা কৰাৰ পিছত অপাৰেশ্যন সেন্দুৰ আৰম্ভ কৰা হয়৷ এই অভিযানৰদ্বাৰা ভাৰতে তীব্ৰ সামৰিক প্ৰত্যুত্তৰ দিয়ে৷
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (PoJK)ৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰে। ২০২৫ চনৰ ৭ মে'ত আৰম্ভ হোৱা অপাৰেশ্যন সেন্দুৰত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (PoJK)ৰ ৯টা ডাঙৰ সন্ত্ৰাসবাদী লঞ্চপেড সফলতাৰে ধ্বংস কৰে৷ লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ আৰু হিজবুলক লক্ষ্য কৰি লোৱা হয় এই আক্ৰমণত। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে কাৰ্যতঃ হত্যা কৰে ১০০ৰো অধিক সন্ত্ৰাসবাদীক, ইয়াৰ ভিতৰত জৈছৰ মুৰব্বী মাছুদ আজাহাৰৰ পৰিয়ালৰ ১০ গৰাকী সদস্যও আছে।
এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ড্ৰ'ন আক্ৰমণ আৰু গোলাবৰ্ষণ কৰাৰ ফলত চুবুৰীয়া দেশ দুখনৰ মাজত চাৰিদিনীয়া সংঘাতৰ সৃষ্টি হয়। ভাৰতে ভয়ংকৰ প্ৰতিৰক্ষা প্ৰদৰ্শন দেখুৱাই প্ৰতিশোধমূলক আক্ৰমণ চলাই লাহোৰ আৰু গুৰজানৱালাৰ ওচৰৰ ৰাডাৰৰ সুবিধাসমূহ ধ্বংস কৰে। বিস্তৰ ক্ষতিৰ পিছত পাকিস্তানৰ সামৰিক অভিযান সঞ্চালক প্ৰধানে ভাৰতীয় ডিজিএমঅ’ৰ ওচৰলৈ হাত আগবঢ়ায় আৰু ১০ মে’ত যুদ্ধবিৰতিৰ সন্মতি লাভ কৰি শত্ৰুতাৰ অন্ত পেলায়।