মেঘালয়
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে মেঘালয়ৰ লাৰ্নাই গাঁৱৰ কাৰিগৰসকলক অঞ্চলটোৰ বিখ্যাত জি.আই. টেগ প্ৰাপ্ত ক’লা মাটিৰ মৃৎশিল্পৰ ঐতিহ্য ৰক্ষা কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ এই শিল্পক সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক আৰু স্থানীয় সমাজৰ বাবে জীৱিকাৰ এক অপৰিহাৰ্য উৎস বুলি অভিহিত কৰে।
পশ্চিম জয়ন্তীয়া হিলছ জিলাৰ লাৰ্নাই গাঁও ভ্ৰমণৰ সময়ত সীতাৰমণে পৰম্পৰাগতভাৱে মাটিৰ বাচন তৈয়াৰ কৰা পদ্ধতি প্ৰত্যক্ষ কৰে আৰু স্থানীয় কাৰিগৰসকলৰ তত্ত্বাৱধানত নিজেই মাটিৰ সাঁচ তৈয়াৰ কৰাৰো চেষ্টা কৰে।
কাৰিগৰসকলৰ নিপুণতাক শলাগ লৈ তেওঁ কয় যে এই অনন্য মৃৎশিল্পৰ পৰম্পৰাই মেঘালয়ৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ লগতে কাৰিগৰ পৰিয়ালসমূহৰ অৰ্থনৈতিক উন্নতিতো সহায় কৰিছে। তেওঁ এনে পৰম্পৰাগত দক্ষতাসমূহ সংৰক্ষণ কৰা আৰু ভৱিষ্যত প্ৰজন্মক হস্তান্তৰ কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে থলুৱা শিল্পক জীয়াই ৰখাটো কেৱল সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবেই নহয়, বৰঞ্চ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ বাবেও অতি প্ৰয়োজনীয়।
সলনি হৈ থকা সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ মাজতো এই শতিকা পুৰণি পৰম্পৰা অব্যাহত ৰখাৰ বাবে তেওঁ কাৰিগৰসকলক প্ৰশংসা কৰে আৰু কয় যে তেওঁলোকৰ নিষ্ঠা আৰু দক্ষতা অধিক ব্যাপক স্বীকৃতি আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ যোগ্য।
সীতাৰমণৰ মতে, এই জি.আই. টেগ প্ৰাপ্ত শিল্পক ডাঙৰ বজাৰসমূহত প্ৰচাৰ কৰিলে কাৰিগৰসকলৰ বাবে সুযোগ বৃদ্ধি পোৱাৰ লগতে এই অনন্য ঐতিহ্যবাহী পৰম্পৰাটো জীয়াই থকাটোও নিশ্চিত হ'ব।
ইয়াৰ পিছত, বিত্তমন্ত্ৰীগৰাকীয়ে এই অঞ্চলৰ অন্যতম বৃহৎ শিলাস্তম্ভৰ সংগ্ৰহ থকা 'নাৰ্টিয়াং মনোলিথছ' পৰিদৰ্শন কৰে, য’ত বিষয়ালে তেওঁক ইয়াৰ পুৰাতাত্ত্বিক আৰু ঐতিহাসিক গুৰুত্বৰ বিষয়ে অৱগত কৰে।
তেওঁ নবীকৃতভাৱে নিৰ্মাণ কৰা 'ৱাহিয়াজেৰ মাল্টি স্পৰ্টছ কমপ্লেক্স' আৰু ইয়াৰ ফুটবল ষ্টেডিয়ামখনো উদ্বোধন কৰে। সীতাৰমণে কয় যে আধুনিক ক্ৰীড়া আন্তঃগাঁথনিত বিনিয়োগ কৰিলে নতুন প্ৰতিভাক বিকাশ কৰাত সহায় হ’ব আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ তথা সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে অধিক সুযোগৰ সৃষ্টি হ’ব।
তেওঁৰ এই ভ্ৰমণসূচীত শ্ৰী মা জয়ন্তী মন্দিৰ আৰু নাৰ্টিয়াং ঐতিহ্য ক্ষেত্ৰ পৰিদৰ্শনো অন্তৰ্ভুক্ত আছিল। তেওঁ পুনৰ দোহাৰে যে কেন্দ্ৰীয় চৰকাৰে মেঘালয়ৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে সমগ্ৰ ৰাজ্যখনতে পৰ্যটন, পৰম্পৰাগত জীৱিকা আৰু তৃণমূল পৰ্যায়ৰ উন্নয়নমূলক পদক্ষেপসমূহক প্ৰসাৰিত কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ।