নাছিকত শোকাৱহ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৯ গৰাকী সদস্যৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 2 h ago
নাছিকত শোকাৱহ দুৰ্ঘটনা
নাছিকত শোকাৱহ দুৰ্ঘটনা
 
নতুন দিল্লী
 
মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাহন নিয়ন্ত্ৰণ হেৰুৱাই এটা দকৈ খান্দি থকা কুঁৱাত বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰে ৯ জন লোকৰ থিতাতে মৃত্যু হয়। মৃতকৰ ভিতৰত ৬ টি শিশু আছিল বুলি জানিব পৰা গৈছে।
 
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে সন্ধিয়া নাছিকৰ ডিন্দোৰী তালুকাৰ শিৱাজিনগৰ অঞ্চলৰ এটা ৰাজহুৱা হলত প্ৰাইভেট কোচিং প্ৰতিষ্ঠানৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। যাৰ বাবে মহানগৰীৰ লগতে আশে-পাশে থকা গাঁৱৰ পৰা শিক্ষাৰ্থী আৰু অভিভাৱকসকলে উক্ত অনুষ্ঠানলৈ আহিছিল৷ ইপিনে অনুষ্ঠান শেষ কৰি এখন বাহনেৰে ঘৰলৈ ৰাওনা হৈছিল পৰিয়ালটো। গৈ থকাৰ সময়তে এক বিবাহ অনুষ্ঠানৰ কাষতে বাহনখন দুৰ্ঘটনাত পতিত হয়  আৰু এখন ফাৰ্মৰ কুঁৱাত বাহনখন সোমাই পৰে।
 
উল্লেখযোগ্য যে, দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় ৰাইজ তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ক্ৰেনৰ সহায়ত কুঁৱাটোৰ পৰা বাহনখন আৰু মৃতদেহসমূহ উদ্ধাৰ কৰে। দ কুঁৱাটোত পানী থকাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে।