গুৱাহাটী
আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰতো আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ ৰাজ্যৰ কেন্দ্ৰীয় কাৰ্যসূচী। ৰাজ্যৰ প্ৰতিখন জিলা সদৰতো আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। পুৱা ৯ বজাৰ লগে লগে খানাপাৰা খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তাৰপিছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি আৰম্ভ কৰে ভাষণ। ভাষণৰ আৰম্ভণিতে প্ৰতিগৰাকী সংগ্ৰামী যোদ্ধাক সুঁৱৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ খোজেৰে মই মুখ্যমন্ত্ৰী হ'বলৈ সুযোগ পাইছো। অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ সফলতা আজি বাস্তৱৰ দিশে। অসমত আমি শান্তিৰ কপৌ উৰুৱাইছোঁ। চাৰে চাৰি বছৰ কালৰ উন্নয়নত মই গৌৰৱ অনুভৱ কৰিছোঁ। ব্ৰহ্মপুত্ৰত দলংসমূহ, ছেমিকণ্ডাক্টৰ প্ৰকল্প, গুৱাহাটীৰ ৰিং ৰোড এতিয়া মুকলিৰ দিশে। নামৰূপৰ সাৰ কাৰখানা, ৰে'ল পথ আজি বৈদ্যুতিককৰণ হ'ল, গুৱাহাটীৰ অত্যাধুনিক বিমানবন্দৰ মুকলিৰ পথত। যোৱা ৪.৫ বছৰত প্ৰতিদিনে অসমত নিৰ্মাণ হৈছে ১৪ কিলোমিটাৰ পথ।"
প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, "দ্ৰুত উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসম তৃতীয় স্থানত আছে। অসমত এতিয়া সন্ত্ৰাসবাদ নাইকিয়া হৈছে। ৰাজ্যত মহিলাৰ বিৰুদ্ধে ঘটা অপৰাধ এতিয়া হ্ৰাস পাইছে। ২০২৬ৰ ভিতৰত অসমত বাল্য বিবাহ বন্ধ কৰাত আমি সফল হ'ম। অসম এতিয়া আন্দোলনমুক্ত হৈছে। অসমৰ যুৱক-যুৱতীসকলে নতুন সপোন দেখিছে। নিযুক্তিৰ ক্ষেত্ৰত আমি মাইলৰ খুঁটি পুতিবলৈ সক্ষম হৈছো। কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল, নিবনুৱাৰ সপোন ধ্বংস কৰা হৈছিল। চলিত চৰকাৰে ১ লাখ ৫১ হাজাৰতকৈ অধিক নিযুক্তি দিছে। অহা অক্টোবৰত আৰু কেইবাহাজাৰ পদত নিযুক্তি দিব চৰকাৰে। ১ লাখ ২০ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে। আকৌ চলিব উচ্ছেদ, এই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব। অসমৰ এটুকুৰা মাটিও বেদখলকাৰীৰ কব্জাত থাকিব নোৱাৰে। বহু সত্ৰৰ ভূমি মুক্ত কৰি মীমাংসা কৰিবলৈ চৰকাৰে সক্ষম হৈছে। অচিনাকি লোকসকলে চাৰিওফালৰ পৰা আমাক বেৰি ধৰিছিল। সত্ৰৰ অক্ষয় বন্তি এতিয়াও ধৰি ৰখা সাহসী অসমীয়াসকলক ধন্যবাদ জনাইছোঁ। আমাৰ মাটি অচিনাকি লোকে কেতিয়াও কাঢ়ি নিব নোৱাৰে। আমাৰ মাটি কোনো কাৰণতে অচিনাকি লোকক বিক্ৰী নকৰিব। বসুন্ধৰাৰ জৰিয়তে ২ লাখ ২৯ হাজাৰ লোকে লাভ কৰিছে ভূমিৰ অধিকাৰ।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, "মহাৰাজ পৃথুৰ নামত নামাকৰণ হ'ব নুনমাটি-দীঘলীপুখুৰীৰ নতুন উৰণ সেঁতু। অহা জানুৱাৰী মাহত ১ লাখ অসমীয়াই গাব 'অ' মোৰ আপোনাৰ দেশ'।" ৰাজ্যৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীৰ শুভকামনা, লগতে কয় যে 'নিযুত মইনা'ই আৰু আগুৱাই নিব অসমক। মুখ্যমন্ত্ৰীয়ে লগতে কয়, "প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত অসমত আৰম্ভ হ'ব অৰুনোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰি আমি সততা দেখুৱাইছো।"