গুৱাহাটী
আজিৰে পৰা আৰম্ভ হয় অসম বিধানসভাৰ পাঁচদিনীয়া শীতকালীন অধিৱেশন। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে সদনৰ কাম-কাজ। আজিৰ এই অধিৱেশনত বহু কেইখন গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিধেয়ক গৃহীত আৰু উত্থাপন কৰা হ'ব। যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশন যথেষ্ট উত্তপ্ত হোৱাৰ সম্ভাৱনাই অধিক।
পাঁচদিনীয়া এই চমু অধিৱেশনতে ২৭ খনকৈ বিধেয়ক দাখিল কৰা হ'ব। ইয়াৰে কেইবাখনো নতুন বিধেয়ক ক্ৰমে লাভ জেহাদ প্ৰতিৰোধ, বহু বিবাহ নিষিদ্ধকৰণ, অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধেয়ক, মৰাণ মটক স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক, বিদ্যালয় প্রাদেশিকীকৰণ সংশোধনী বিধেয়ক, প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্রণ, চাহ বাগিচাৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় বিধেয়ক উত্থাপন হ'ব।
তদুপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত গঠিত মন্ত্ৰী গোটৰ প্ৰতিবেদন আৰু ১৯৮৩ চনৰ নেলীৰ হত্যাকাণ্ড সন্দৰ্ভত তিৱাৰী আয়োগৰ লগতে মেহতা আয়োগৰ প্ৰতিবেদনো এই অধিৱেশনতে উত্থাপন কৰা হ'ব। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ এইবাৰৰ বিধানসভাৰ অধিৱেশন। ইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগকলৈয়ো সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে।