বলপূৰ্বক ভাবে মদ খুৱাই দিয়া হৈছিল জুবিনক; ছিংগাপুৰ ক'ৰ্টৰ ৰায়ৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

Story by  atv | Posted by  [email protected] • 1 h ago
ছিংগাপুৰ ক'ৰ্টৰ ৰায়ৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
ছিংগাপুৰ ক'ৰ্টৰ ৰায়ৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
 
গুৱাহাটী
 
জুবিনৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰ আদালতৰ অপ্ৰত্যাশিক ৰায়। পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি ৰায় দিছে ছিংগাপুৰ আদালতে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়; "ছিংগাপুৰৰ ৰায় আৰু আমাৰ অভিযোগনামাৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও কৈছে যে মদ খাইছিল, কিন্তু খুৱাই দিয়া হৈছিল। গতিকে মই ভাবো, এই ৰায়টোৱে আমাৰ কেচটোক শক্তিশালীহে কৰিব। তেওঁক বলপূৰ্বক ভাবে খুৱাই দিয়া হৈছে। আমাৰ অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীতকৈ ভাল কাম কৰি আছে।"
 
"বহু মানুহে কৈছিল যে, অসম আৰক্ষীয়ে ছিংগাপুৰ যাব লাগিছিল, আজি যদি আমি ছিংগাপুৰ গ'লোহেতেন, তেন্তে আমাৰ কি অৱস্থা হ'লহেতেন ? আমি যে শুদ্ধ ভাবে তদন্ত কৰি আছিলোঁ। আজিৰ ৰায়টোৱে তাকে প্ৰমাণ কৰিছে। আমিও কৈছোঁ অমৃতপ্ৰভাই তেওঁক ৰাতিৰ পৰা বলপূৰ্বক ভাবে ৰাতিৰ পৰা মদ খুৱাইছে। আজি অন্তত অসমৰ মানুহে বুজি পাব, যে আমি ৰাজনীতিৰ পৰা আঁতৰত থাকি কিমান গুৰুতসহকাৰে কাম কৰিছোঁ", মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।
 
ইফালে, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ছিংগাপুৰ কৰ্তৃপক্ষৰ তদন্তৰ ফলাফল আৰু পূৰ্বে অসম চৰকাৰে দিয়া মন্তব্যৰ মাজত থকা অমিলক লৈ উদ্বেগ প্ৰকাশ কৰে।
 
ছিংগাপুৰৰ ৰাজ্যিক কৰনাৰ (State Coroner) আদম নাখোড়াই ৰায় দিছে যে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত লাজাৰাছ দ্বীপৰ ওচৰৰ পানীত জুবিন গাৰ্গৰ মৃত্যু "কেৱল এক দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক দুৰ্ঘটনামূলক ডুব যোৱা"ৰ ফলত হৈছিল। আদালতে এই ঘটনাত কাৰোবাৰ জোৰ-জুলুম বা অপৰাধমূলক উদ্দেশ্য থকাৰ সন্দেহ সম্পূৰ্ণৰূপে খাৰিজ কৰিছে।
 
আদালতে পুলিচ ক’ষ্ট গাৰ্ডৰ তদন্তৰ ফলাফলক সমৰ্থন কৰি ইয়াক "ব্যাপক আৰু পুংখানুপুংখ" বুলি অভিহিত কৰিছে। সংগীতশিল্পীগৰাকীক পানীত ঠেলি দিয়া হৈছিল বা বলপূৰ্বক ডুবাই দিয়া হৈছিল বুলি উত্থাপন হোৱা অভিযোগসমূহো আদালতে নাকচ কৰে। 
 
উল্লেখ্য যে, ভাৰত আৰু ছিংগাপুৰৰ মাজত থকা ৬০ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ স্মৃতিত ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া 'নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল'ত অনুষ্ঠান পৰিৱেশন কৰাৰ ঠিক এদিন পূৰ্বেই এই কৰুণ ঘটনাটো সংঘটিত হৈছিল।
 
আদালতৰ এই ৰায়ৰ পাছতে গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে ছিংগাপুৰৰ এই সিদ্ধান্তৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ মন্তব্য কেনেকৈ মিলিব পাৰে? উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীয়ে পূৰ্বে বিধানসভাত কৈছিল যে সংগীতশিল্পীগৰাকীৰ মৃত্যু এক হত্যাকাণ্ড আছিল।