নতুন কাশ্মীৰঃ বিচ্ছিন্নতাবাদী নেতাৰ পৰৱৰ্তী প্ৰজন্মই ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছে

Story by  Aasha Khosa | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আশা খোচা/ নতুন দিল্লী
 
কাশ্মীৰত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে, যিটো স্থানীয় বাতৰি কাকতত শেহতীয়াকৈ প্ৰকাশ পোৱা জাননীৰ পৰা স্পষ্ট হৈ পৰিছে। ভাৰতৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বিচ্ছিন্নতাবাদী নেতাৰ সন্তানসকলে জাৰি কৰা এই জাননীসমূহে কাশ্মীৰক অতীতৰ বিচ্ছিন্নতাবাদৰ কলা অধ্যায়ৰ পৰা মুক্ত কৰিছে।
 
তেনে এক জাননী জাৰি কৰিছে ভাৰতত আইনী সমস্যাৰ সন্মুখীন হোৱা বিচ্ছিন্নতাবাদী নেতা শ্ববিৰ শ্বাহৰ কন্যা সামা শ্বাবিৰ শ্বাহে। আন এক জাননী প্ৰকাশ পাইছে পাকিস্তানৰ সৈতে কাশ্মীৰৰ একত্ৰীকৰণৰ পোষকতা কৰাৰ বাবে পৰিচিত তেহৰিক-ই-হুৰিয়াতৰ বিশিষ্ট নেতা চৈয়দ আলী শ্বাহ গিলানীৰ নাতিনী ৰুৱা আলতাফৰ পৰা।
 
চৈয়দ আলী শ্বাহ গীলানী আৰু শ্ববিৰ শ্বাহ
 
বৰ্তমান ব্ৰিটেইনত অধ্যয়ন কৰি থকা সামা শ্বাবিৰ শ্বাহে নিজৰ জাননীত স্পষ্ট কৰি দিছে যে তেওঁ নিজকে এগৰাকী নিষ্ঠাবান ভাৰতীয় নাগৰিক বুলি গণ্য কৰে আৰু পিতৃৰ সংগঠন ডেম’ক্ৰেটিক ফ্ৰিডম পাৰ্টি (ডি এফ পি)ৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কোনো ধৰণৰ বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ সৈতে তেওঁক জড়িত নকৰিবলৈ সকীয়াই দিয়ে।
 
একেদৰে, তুৰস্কত সাংবাদিক হিচাপে কাম কৰা ৰুৱা শ্বাহে তেওঁৰ জাননীত ভাৰতৰ প্ৰতি নিজৰ আনুগত্যৰ কথা স্পষ্ট কৰি দিয়ে। ভাৰতৰ ঐক্যৰ বিৰোধিতা কৰা কোনো সংগঠনক তেওঁ সমৰ্থন নকৰে আৰু দেশৰ সংবিধানৰ প্ৰতি নিষ্ঠাবান বুলি ৰুৱা শ্বাহে জাননীখনত ঘোষণা কৰে। জাননীসমূহে এই কথা প্ৰমাণ কৰিছে যে কাশ্মীৰৰ অতীতৰ পৰিৱেশ এতিয়া সলনি হৈছে আৰু উপত্যকাটোলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
এটা সময়ত এই কাশ্মীৰত বিচ্ছিন্নতাবাদী আৱেগে আধিপত্য বিস্তাৰ কৰিছিল। আনকি এসময়ত পাকিস্তানৰ সৈতে কাশ্মীৰৰ একত্ৰীকৰণৰ পোষকতা কৰা গীলানীৰ দৰে বিশিষ্ট নেতাসকলেও তেওঁলোকৰ পৰিয়ালৰ স্থিতিৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পাইছে। তেওঁৰ নাতিনী ৰুৱা শ্বাহে ৰাজহুৱাভাৱে হুৰিয়ত সন্মিলনৰ (Hurriyat Conference) গীলানীৰ ফৈদৰ পৰা নিজকে আঁতৰাই ৰাখিছে।
 
পৰিৱেশৰ পৰিৱৰ্তনে কাশ্মীৰৰ গতিশীলতাক প্ৰতিফলিত কৰে, য’ত অধিক ব্যক্তিয়ে ভাৰতৰ সৈতে মুকলিকৈ আত্মীয়তা প্ৰকাশ কৰিছে। এই ধাৰাটোৱে আগৰ সন্ত্ৰাসবাদৰ যুগৰ বিপৰীত ছবি দাঙি ধৰিছে, য’ত ভাৰতক সমৰ্থন কৰাৰ বাবে নেতা আৰু তেওঁলোকৰ পৰিয়ালে ভাবুকি আৰু হিংসাৰ সন্মুখীন হৈছিল।
 
চামা শ্ববিৰ শ্বাহ
 
এসময়ত মুক্তিৰ পিছত সন্ত্ৰাসবাদ ত্যাগ কৰাৰ আশা কৰা শ্ববিৰ শ্বাহে এতিয়া সন্ত্ৰাসবাদী পুঁজি আৰু ধন সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বহুতো আইনী মেৰপেচত আৱদ্ধ হৈ পৰিছে। তেওঁৰ কন্যা আৰু আনসকলৰ পৰা পোৱা জাননীসমূহে কাশ্মীৰী পৰিয়ালসমূহৰ মাজত ভাৰতৰ সাৰ্বভৌমত্বৰ গ্ৰহণযোগ্যতা ক্ৰমাৎ বৃদ্ধি পোৱাৰ বিষয়টো প্ৰতিফলিত কৰিছে।
 
সামগ্ৰিকভাৱে এই ৰাজহুৱা জাননীসমূহে কাশ্মীৰৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশত এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত দিয়ে, য’ত অধিক ব্যক্তিয়ে নিজৰ ভাৰতীয় পৰিচয়ক আকোৱালি লৈছে আৰু বিচ্ছিন্নতাবাদী মতাদৰ্শক নাকচ কৰিছে। মূলসুঁতিৰ ভাৰতীয় আৱেগৰ প্ৰতি যুৱ প্ৰজন্মৰ এই পৰিৱৰ্তিত চিন্তাধাৰাই কাশ্মীৰৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰিছে।