বিভিন্ন ধৰ্মৰ দৃষ্টিত পানীৰ গুৰুত্ব

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ধর্ম কান্ত মিলি

“Thousands have lived without love, not one without water.” (A. H. Auden)

খক্বেদ সংহিতাত কৈছে—“পানী আনন্দৰ উৎস, শক্তিৰ ভাণ্ডাৰ, কল্যাণকাৰী, পৱিত্ৰ কৰোঁতা, মাতৃৰ দৰে পালনকর্তা আৰু জীৱনদায়িনী।” ভাগৱত গীতাত কৈছে—“জীৱনটো আৰম্ভ হৈছে পানীৰ পৰা, পানীৰ আশীৰ্বাদেৰে আমাৰ জীৱন লালিত-পালিত হয়। সভ্যতাৰ বিকাশ ঘটে।” চাণ্ডুক্য উপনিষদত বিশ্বব্ৰহ্মাণ্ডত জীৱৰ সৃষ্টি সম্পর্কত এটি বিস্তৃত ব্যাখ্যা আছে। উল্লেখ আছে যে প্ৰথমতে ব্ৰহ্মা অর্থাৎ পৰমাত্মাৰ সৃষ্টি হৈছিল। সৃষ্টিৰ প্ৰভাতী বেলাত ব্ৰহ্মাই উপলব্ধি কৰিছিল যে বিশ্ব ব্ৰহ্মাণ্ডত আৰু বহু সৃষ্টি কৰিবলগীয়া আছে। লগে লগে সৃষ্টি হ'ল অগ্নিৰ। অগ্নিৰ পিছত সৃষ্টি হ'ল পানীৰ৷
 
ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰানত পানীক আল্লাৰ আশীৰ্বাদ বুলি বৰ্ণনা কৰা আছে। ইছলামত পানীৰ অপচয় কঠোৰভাৱে নিষিদ্ধ কৰা আছে আৰু ব্যৱসায়িক লাভৰ বাবে ইয়াৰ ব্যৱহাৰ পাপ বুলি গণ্য কৰা হৈছে। মানুহে জীৱ-জন্তু, চৰাই-চিৰিকটি, উদ্ভিদ বা অন্যান্য জীৱৰ বাবে খোৱাপানীৰ সংৰক্ষণ কৰাতো একপ্ৰকাৰ আল্লাৰ প্ৰতি উপাসনা আৰু এই কাৰ্যৰ দ্বাৰা আল্লা সন্তুষ্ট হয় বুলি উল্লেখ আছে।
 
খ্ৰীষ্টান ধৰ্মত পানী হৈছে পৱিত্ৰতাৰ প্ৰতীক। খ্ৰীষ্টান ধৰ্মত শৰণ লোৱাৰ সময়ত বা খ্ৰীষ্টান ধৰ্মৰ প্রতি আনুগত্য প্রকাশ কৰাৰ সময়ত পৱিত্ৰ পানীৰে স্নান কৰোৱা হয়। Old Testamentত পানীক যীশুখ্ৰীষ্টৰ পূৰ্বজন্মৰ প্ৰতীক বুলি গণ্য কৰা হয়। লগতে পানীক ভগৱানৰ আশীৰ্বাদ আৰু তেওঁৰ বদান্যতাৰ কাৰণে মানৱ সমাজে এই অমূল্য সম্পদ লাভ কৰিছে বুলি বিশ্বাস কৰা হয়। বৌদ্ধধৰ্মৰ মতে পানী হৈছে সকলোৰে জীৱন দাতা। পানী বিশুদ্ধতা, নির্মলতা আৰু শান্তিৰ প্রতীক। 
 
 
সুদীর্ঘ ৪৫ বছৰ বৌদ্ধ ধৰ্মৰ প্ৰচাৰক হিচাপে পৃষ্ঠপোষকতা কৰা গৌতম বুদ্ধই সকলো প্রাকৃতিক সম্পদৰ ওপৰত সন্মান জনাবলৈ আৰু পানী অপচয় ৰোধ কৰিবলৈ শিষ্যসকলক উপদেশ দিছিল। বৌদ্ধধৰ্মৰ বজ্ৰয়ান মতাৱলম্বীৰ লোকসকলে লোভ-মোহৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ বাবে গৌতম বুদ্ধ আৰু আন আন প্ৰচাৰকসকলক ৭টা পাত্ৰত পানী আগবঢ়াই দিয়াৰ কাহিনী আছে।
 
পানীৰ ব্যৱহাৰিতাঃ
 
পানী হৈছে এটি অজৈৱ, স্বচ্ছ, স্বাদহীন, গন্ধহীন আৰু বৰ্ণহীন ৰাসায়নিক পদার্থ। পানী প্রাণী আৰু উদ্ভিদ জগতৰ এক অপৰিহাৰ্য উপাদান। এই কাৰণেই কোৱা হয়–পানী মানেই জীৱন। পানী অবিহনে মানুহ, জীৱ নাইবা উদ্ভিদ জীয়াই থকাতো সম্ভৱ নহয়। আমাৰ দৈনন্দিন জীৱনত কেতিয়াবা পানীৰ অভাৱ হ'লেহে পানীৰ গুৰুত্ব আমি বুজি পাওঁ।
 
মানুহ খাদ্যৰ অভাৱত কেইবাদিনো জীয়াহ থাকিব পাৰে, কিন্তু পানীৰ অভাৱত তিনি দিনতকৈ বেছিদিন জীয়াই থাকিব নোৱাৰে। ৰন্ধা-বঢ়া কাৰ্য, বাচন-বৰ্তন পৰিষ্কাৰ কৰা, কাপোৰ ধোৱা আৰু স্নান কৰা আদি কামৰ বাবে পানী অপৰিহাৰ্যভাৱে ব্যৱহাৰ কৰা হয়। সকলোতকৈ কৃষি খণ্ডত পানী অত্যধিকভাৱে ব্যৱহাৰ হয়। ইয়াৰ উপৰি কল-কাৰখানা, তাপবিদ্যুৎ বা জলবিদ্যুৎ প্রকল্পসমূহতো পানী প্ৰচুৰভাৱে ব্যৱহাৰ কৰা দেখা যায়।
 
এই সকলোবোৰৰ উপৰি প্ৰাণীৰ শৰীৰ সুস্থ ৰখা বা শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ বাবে পানীৰ প্ৰয়োজনীয়তা আছে। নিয়মিত আৰু সময় অনুযায়ী পানী ব্যৱহাৰ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। মানুহৰ ছাল ভালে ৰখাৰ ক্ষেত্ৰত পানীৰ এক বিশিষ্ট ভূমিকা আছে। বর্তমান সময়ত কম্পিউটাৰ বা ম'বাইল ফোন আদিতে প্রায়ভাগ লোক ব্যস্ত হৈ থাকে৷ ইয়াৰ ফলত মানুহৰ মাজত মানসিক চাপৰ সৃষ্টি হয়। এই মানসিক চাপৰ পৰা মুক্তি পাবৰ বাবে নিয়মিত পানী খোৱাটো অত্যন্ত আৱশ্যক। ই শৰীৰৰ তাপমাত্ৰাৰ ভাৰসমতা ৰক্ষা কৰে, হজম শক্তি বঢ়ায় বা শৰীৰৰ অপকাৰী টক্সিনসমূহ দূৰ কৰাত সহায়ক হয়।

পানীৰ অধিকাৰক লৈ দেশসমূহৰ মাজত বিবাদঃ
 
পানীৰ অধিকাৰক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ মাজত অতীজৰে পৰা সামাজিক আৰু ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈ আহিছে৷ পানী সম্পৰ্কীয় বিবাদক কেন্দ্ৰ কৰি ২০২২ চনত বিশ্বত প্রায় ৩৪৪টা ঘটনা সংঘটিত হৈছে। এই প্রতিবেদন পানী সম্পৰ্কীয় বিবাদৰ অধ্যয়নৰ লগত জড়িত বিশ্বৰ আগশাৰীৰ গৱেষণা অনুষ্ঠান Pacific Institute'-এ প্ৰকাশ কৰা‘Water Conflict Chronology'ত প্ৰকাশ পাইছে। ৰাছিয়া আৰু ইউক্ৰেহনৰ মাজত পানী সম্পৰ্কীয় বিবাদক কেন্দ্ৰ কৰি প্ৰায় ৫৮জন লোকৰ মৃত্যু হৈছে।
 
ইৰান আৰু আফগানিস্তানৰ মাজত হেলমাৰ নদীক কেন্দ্র কৰি দুখন দেশৰ সেনাবাহিনীৰ মাজত ভীষণ সংঘৰ্ষৰ সূত্ৰপাত হৈ আহিছে। আফ্ৰিকাৰ বিভিন্ন দেশ বিশেষকৈ নাইজেৰিয়া, ছোমালিয়া আৰু দক্ষিণ ছুডানৰ মাজত পানী আৰু ভূখণ্ডৰ বাবে খেতিয়ক আৰু পশুপালকসকলৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়াৰ সূত্ৰপাত হৈ আহিছে। 
 
উল্লেখযোগ্য যে, ভাৰত আৰু ইয়াৰ প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তানৰ মাজত সিন্দু নদী, বাংলাদেশৰ মাজত তিস্তা নদী, ভাৰত আৰু নেপালৰ মাজত মহাকালী নদীক লৈ বিবাদৰ সূত্ৰপাত হৈছিল। বৰ্তমানে ভাৰত আৰু চীনৰ মাজত ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হৈ আছে। ইয়াৰ উপৰি ভাৰতৰ আন্তঃৰাজ্যিক ক্ষেত্ৰত ৰবি, ব্যাস আৰু সুতলেজ নদীক কেন্দ্ৰ কৰি পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থান, কাবেৰী নদীক কেন্দ্ৰ কৰি তামিলনাডু, কৰ্ণাটক, কেৰালা আৰু পণ্ডিচেৰী, পেৰীয়াৰ নদীক কেন্দ্ৰ কৰি তামিলনাড়ু, কেৰালা, নর্মদা নদীক কেন্দ্ৰ কৰি মধ্যপ্রদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু কৃষা নদীক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ মাজত বিবাদৰ সূত্রপাত অব্যাহত আছে।
 
বিশ্ব জল দিৱসঃ উদ্দেশ্য আৰু তাৎপৰ্য

১৯৯২ চনৰ ২২ ডিচেম্বৰ তাৰিখে ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় এখন সন্মিলন অনুষ্ঠিত হৈছিল। এহ সন্মিলত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰত্যেক বছৰে ২২ মাৰ্চ তাৰিখে ‘বিশ্ব জল দিৱস' পালন কৰিবৰ বাবে সৰ্বসন্মতিক্রমে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
 
পানীৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা আৰু পানী সম্পৰ্কীয় নতুন নতুন চিন্তাধাৰা আৰু জ্ঞানৰ জৰিয়তে জনসাধাৰণক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে ১৯৯৩ চনৰ পৰা প্ৰতিবছৰে এই দিৱস পালন কৰি আহিছে। এই দিৱসত পানীৰ নাটনি, পানীৰ প্ৰদূষণ, অপর্যাপ্ত পানীৰ যোগান, অনাময় ব্যৱস্থাৰ অভাৱ, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আদি বিষয়সমূহে অগ্ৰাধিকাৰ পাই আহিছে৷ ইয়াৰ উপৰি সকলোৰে বাবে সুৰক্ষিত খোৱাপানী, অনাময় ব্যৱস্থা, উপযুক্ত পৰিষ্কাৰ-পৰিচ্ছন্ন জৰিয়তে বহনক্ষম উন্নয়ন প্রাপ্তিৰ দিশত কাৰ্যপন্থা সম্পাদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।
 
 
১৯৯৩ চনৰ পৰা ‘বিশ্ব জল দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই ‘UN World Water Development Report (UNWR) প্ৰকাশ কৰি আহিছে। এই প্ৰতিবেদনত পানীৰ বহনক্ষম আৰু নিয়ন্ত্ৰিত ব্যৱহাৰৰ জৰিয়তে কেনেদৰে অপচয় ৰোধ কৰি বিশ্ববাসীক পানীৰ নাটনিৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰি আহিছে।
 
২০২৪ চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু

২০২৪ চনৰ ‘বিশ্ব জল দিৱসৰ' প্ৰধান বিষয়বস্তু হৈছে‘Water for Peace'। ইতিহাসৰ পৰা এই কথা প্রতীয়মান হয় যে যেতিয়াই পানীৰ নাটনি হয় বা পানীৰ প্ৰদূষণ হয় বা পানীৰ বিতৰণত অসমতা হয়, তেতিয়াই বিভিন্ন ৰাষ্ট্ৰ আৰু সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু তেতিয়াই ই সমাজত ৰাজনৈতিক বা সামাজিক অস্থিৰতাৰ সৃষ্টি কৰে। বৰ্তমানে বিশ্বৰ বিভিন্ন দেশৰ মাজত পানীক কেন্দ্ৰ কৰি সংঘটিত ঘটনাসমূহে এই কথা প্ৰতিপন্ন কৰি আহিছে। সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ বাবে পানী যে অপৰিহাৰ্য এই কথাৰ যুক্তিযুক্ততা প্রতিপন্ন কৰিবৰ বাবে এই বিষয়বস্তু বাছি লোৱা হৈছে।
 
পানী সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

পানী হৈছে প্ৰকৃতিৰ দান। প্রকৃতিয়ে সমাজক অফুৰন্ত আৰু সকলোৰে উপলব্ধ হোৱাকৈ এই সম্পদৰাজি সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মানুহৰ ব্যৱহাৰৰ বাবে এতিয়াও পৃথিৱীত পর্যাপ্ত পানী আছে। কিন্তু মানুহে সেৱন কৰিব পৰাকৈ পৰ্যাপ্ত পানীৰ এতিয়াও অভাৱ। পৰিসংখ্যা অনুযায়ী প্ৰতিজন ব্যক্তিৰ ভিতৰত দশমজন ব্যক্তিয়ে এতিয়াও এটোপাল খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে৷ UNICEFৰ তথ্য অনুসৰি পৃথিৱীৰ প্ৰায় ৪ ভাগৰ ৩ অংশ জনসংখ্যা এতিয়াও প্রতিবছৰে এমাহ পানীৰ অভাৱৰ সন্মুখীন হৈ আহিছে।
 
বিশ্বৰ প্ৰায় ২.০০ বিলিয়ন জনসংখ্যা এতিয়াও অপর্যাপ্ত পানীৰ নাটনিৰে জীৱন অতিবাহিত কৰিব লাগিছে। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি ২০১১ চনৰ অক্টোবৰত বিশ্বৰ জনসংখ্যাই ৭ বিলিয়নৰ সীমা অতিক্ৰম কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ জনসংখ্যা অহা ৩০ বছৰত বৰ্তমান ৭.৭ বিলিয়নৰ পৰা ২০৫০ চনত ৯.৭ বিলিয়ন বৃদ্ধি পাব আৰু ২১০০ চনত ই প্ৰায় ১১ বিলিয়ন হ'ব বুলি আশা কৰা হৈছে।
 
ৰাষ্ট্ৰসংঘৰ United Nation Environment Programme (UNEP)ৰ প্ৰতিবেদনত কোৱা হৈছে যদি পানীৰ অপচয় ৰোধ কৰা নহয় বা প্ৰদূষণ নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়াহ'লে ২০৩০ চনৰ ভিতৰত প্ৰায় আধা অংশই পানীৰ সংকটৰ সন্মুখীন হ'ব আৰু লাখ লাখ লোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। এই প্ৰতিবেদনত আৰু উল্লেখ কৰা আছে যে বিশ্বৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নগৰীকৰণ বৃদ্ধি পাব আৰু ইয়াৰ সৈতে জলবায়ুৰ পৰিৱৰ্তন বৃদ্ধি পাব। একে সময়তে মানুহৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন হ'ব আৰু সকলো মিলিত প্ৰভাৱৰ বাবে ভৱিষ্যতে পানীৰ চাহিদা বৃদ্ধি হ'ব।
 
প্ৰতিটোপাল পানীৰ অপচয় ৰোধৰ বাবে সংকল্পবদ্ধ হওঁ আহক
 
বিশ্ববাসীক পানীৰ অভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে পানীৰ অপচয় ৰোধ কৰাৰ লগতে পানীৰ সংৰক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব। বৰ্তমানে পানীৰ সংকটৰ সন্মুখীন হোৱা ভাৰতৰ অন্যতম উন্নত ৰাজ্য চিলিকন ভেলী খ্যাত বেংগালুৰুৰ পানীৰ সংকটৰ পৰা প্ৰতিজন লোকে শিক্ষা ল'ব লাগিব। এই বেংগালুৰু এটা সময়ত City of Lake নামে পৰিচিত আছিল। কিন্তু সভ্যতাৰ বিকাশৰ নামত কিছুমান ভুল সিদ্ধান্তৰ বাবে এই বিষম পৰিণতি ভোগ কৰিব লগা হৈছে।
 
 
আজি বেংগালুৰুৰ জনসাধাৰণে এটুপি খোৱাপানীৰ বাবে জীৱন-মৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। আহক আমি বিশ্ব জল দিৱসৰ এই পৱিত্ৰ দিনটোত প্ৰতিটোপাল পানী সংৰক্ষণৰ বাবে প্রতিশ্রুতিবদ্ধ হওঁ। পানী সংৰক্ষণক আমি এক গণ আন্দোলনত পৰিণত কৰিব লাগিব। বর্তমানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ আৰ্থিক সাহায্যত ৰূপায়ণ হোৱা প্ৰতিটো জল জীৱন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি সহযোগিতা আৰু অংশীদাৰিত্ব আগবঢ়াব লাগিব। তেতিয়াহে আমি এখন শক্তিশালী, স্বাস্থ্যৱান আৰু ৰোগমুক্ত ভাৰতবৰ্ষ নিৰ্মাণ কৰিব পাৰিম।
 
আহক আমি এই পৱিত্ৰ দিনত জনসাধাৰণক আহ্বান জনাওঁ– ‘জল হ্যায় ট' জীৱন হ্যায়, জীৱন হ্যায় ট’ পৰ্যাবৰণ হ্যায়, পৰ্যাবৰণ চে য়ে ধৰতী হ্যায়, ঔৰ ইছ ধৰতী চে হম সব হ্যা'। সদৌ শেষত পানী সম্পৰ্কীয় ইংৰাজী কবিতা ‘Water the Life - giving Stream: A Journey of Change ভাষাৰে ভগৱানৰ এই বিনন্দীয়া পৃথিৱীখন ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ বিশ্ববাসীক আহ্বান জনাও আহকঃ 
 
"Let's wake up, save every drop,
And keep our planet from the brink of stop
For water, oh life giving stream
In a treasure that's beyond all dreams."
 
(লেখক জল জীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক)