গুৱাহাটী
অহা ১৯ মে'ৰ পৰা বন্ধ কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষৰ জীপ ছাফাৰী। উদ্যান কর্তৃপক্ষই এক জাননীযোগে এই কথা ঘোষণা কৰিছে। বতৰ আৰু উদ্যানৰ অন্তর্ভাগৰ পৰ্যটন উপ-পথসমূহৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত লয় বুলি জাননীখনত উল্লেখ কৰিছে।
ইফালে যোৱা ১ মে'ৰ পৰা উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰী বন্ধ হোৱাৰ পাচত অহা ১৯ মে'ৰ পৰা জীপ ছাফাৰী বন্ধ হোৱাৰ লগতে অন্ত পৰিব ২০২৪-২৫ পর্যটন বর্ষ।
উল্লেখ্য যে, বিগত বৰ্ষৰ পহিলা অক্টোবৰত কাজিৰঙাত ২০২৪-২৫ পর্যটন বর্ষ আৰম্ভ হৈছিল। এই পর্যটন বৰ্ষত পর্যটকৰ সংখ্যাই পূৰ্বৰ অভিলেখ ভংগ কৰাৰ লগতে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো উদ্যান কর্তৃপক্ষই বিশেষ সফলতা লাভ কৰিছে। আশানুৰূপভাৱে দেশী-বিদেশী পর্যটকৰ ভিৰৰ লগতে এই পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰে বহু বিশিষ্ট লোকে।
দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত অর্ধ শতাধিক দেশৰ ৰাষ্ট্রদূত, উচ্চাযুক্ত, প্রতিনিধিয়ে এই পর্যটন বর্ষতে দর্শন কৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান। আনহাতে কিছুদিন পূর্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰি যায় ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰেও।
উল্লেখ্য যে, বিগত বর্ষসমূহত দেশৰ দুগৰাকীকৈ ৰাষ্ট্রপতি, প্রধানমন্ত্রীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে বিশ্বৰ সর্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান তথা ঢেঁকীয়াপতীয়া বাঘ, হাতী, এছীয় ম'হ, দুষ্প্রাপ্য দল হৰিণাকে ধৰি জীৱ বৈচিত্রাৰে ভৰপুৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰাত স্বাভাৱিকতে বিশ্ব মানচিত্ৰত কাজিৰঙাৰ প্ৰচাৰ বৃদ্ধি পায়।
সেই অনুপাতে বিগত বৰ্ষৰ পৰা পর্যটক বৃদ্ধি পাই চলিত পর্যটন বর্ষত ৪ লক্ষাধিক পর্যটকে কাজিৰঙাত ভিৰ কৰাৰ সমান্তৰালকৈ প্রায় ১১ কোটি টকা ৰাজহ এইপর্যন্ত পর্যটকৰ পৰা সংগ্ৰহ কৰা হৈছে বুলিও জানিব পৰা গৈছে।