৩১ মে' পর্যন্ত খোলা থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জাৰি কৰা এটা নতুন নির্দেশনা অনুসৰি অহা ৩১ মে'পর্যন্ত খোলা থাকিব কাজিৰঙাৰ জীপ ছাফাৰি। বন কর্তৃপক্ষৰ এই নির্দেশনা অনুসৰি সোমবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী বন্ধ হোৱাৰ এদিনৰ পিচতে ৰাষ্ট্ৰীয় উদ্যানখন পর্যটকৰ বাবে পুনৰ মুকলি হ'ল। 
 
উল্লেখ্য, কাজিৰঙাৰ ২০২৪-২৫ পর্যটন বর্ষ যোৱা ১৮ মে'ত অন্ত পৰে। সেই অনুসৰি ১৯ মে'ৰ পৰা বন্ধ হয় উদ্যানৰ অন্তৰ্ভাগত পৰ্যটকৰ জীপ ছাফাৰী। কিন্তু বন্ধৰ এদিন পাচতে উদ্যান কর্তৃপক্ষই অহা ৩১ মে'পর্যন্ত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰি দিয়ে। 
 
পুব অসম বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰী স্বাক্ষৰিত নির্দেশনাটোত উল্লেখ কৰামতে ৰাইজৰ সেৱাৰ স্বাৰ্থত পর্যটক আৰু ছাফাৰীৰ সৈতে জড়িত পর্যটন তত্ত্বাৱধায়কসকলৰ অনুৰোধৰ প্রতি সঁহাৰি জনাই পুনৰ মুকলি কৰা হৈছে কাজিৰঙা। সেই অনুসৰি উদ্যানখনৰ কঁহৰা, বাগৰি আৰু অগৰাতলী বনাঞ্চল অহা ৩১ মে'পর্যন্ত মুকলি থাকিব। 
 
অৱশ্যে অনিশ্চিত বতৰ, পর্যটন উপ-পথৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পর্যটকৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে সুবিধা অনুযায়ী উদ্যান দর্শনৰ বাবে কোনো কোনো পর্যটন উপ-পথ বন্ধ কৰা হ'ব পাৰে বুলিও উদ্যান কর্তৃপক্ষই উল্লেখ কৰিছে। তদুপৰি উদ্যান কর্তৃপক্ষৰ তৰফৰ পৰা পর্যটকসকলক কাজিৰঙা ভ্রমণৰ পৰিকল্পনাৰ পূর্বে উদ্যানৰ শেহতীয়া তথ্যপঞ্জীৰ উমান ল'বলৈকো পৰামৰ্শ আগবঢ়োৱা হৈছে। 
 
উল্লেখযোগ্য যে, যোৱা ১ মে'ৰ পৰা উদ্যানত পর্যটকৰ হাতী ছাফাৰী বন্ধ হোৱাৰ পাচত এক নির্দেশনা অনুসৰি ১৯ মে'ৰ পৰা কাজিৰঙাৰ জীপ ছাফাৰীও বন্ধ কৰা হৈছিল।  


শেহতীয়া খবৰ