কেদাৰনাথ
শুকুৰবাৰে উত্তৰাখণ্ডৰ সুউচ্চ পাহাৰত থকা কেদাৰনাথ ধামৰ দ্বাৰ মুকলি কৰা হয়। এই মুকলি অনুষ্ঠানত ১২ হাজাৰৰো অধিক তীৰ্থযাত্ৰী উপস্থিত থাকে।
১১ হাজাৰ ফুটতকৈও অধিক উচ্চতাত অৱস্থিত মন্দিৰৰ দুৱাৰ পুৱা ৭ বজাত মুকলি কৰা হয় বুলি বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ বিষয়াসকলে জানিবলৈ দিয়ে।
হিমালয়ৰ বুকুত অৱস্থিত এই মন্দিৰত নেপাল, থাইলেণ্ড, শ্ৰীলংকাৰ দৰে বিভিন্ন দেশৰ পৰা অনা গোলাপ আৰু মেৰিগল্ডকে ধৰি ৫৪ প্ৰকাৰৰ ১০৮ কুইণ্টল ফুলেৰে শোভা বৰ্ধন কৰা হৈছে।
চাৰি ধাম মন্দিৰৰ ভিতৰত কেদাৰনাথ হৈছে অন্যতম আৰু ১১ নং জ্যোতিৰ্লিংগ। ইয়ালৈ ভক্তৰ সৰ্বাধিক ভিৰ হোৱা দেখিবলৈ পোৱা যায়। এই মন্দিৰটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হৈছে।
শীতকালীন বন্ধৰ পিছত মুকলি কৰা চাৰি ধামৰ তৃতীয়টো মন্দিৰ। ৩০ এপ্ৰিলত গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰ মুকলি কৰা হয় আৰু ৪ মে’ত বদ্ৰিনাথ মুকলি কৰা হ’ব। কেদাৰনাথৰদ্বাৰ মুকলি কৰাৰ প্ৰক্ৰিয়া পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বুলি বিকেটিচিৰ সংবাদ মাধ্যম প্ৰভাৰী হৰিশ গৌৰে জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও মুকলি সভাত অংশগ্ৰহণ কৰি মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ পিছতে সকলোৰে মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰি প্ৰথমে মন্দিৰত পূজা কৰে। প্ৰতিবছৰে দেশ-বিদেশৰ লাখ লাখ ভক্ত অহা এই মন্দিৰটো শীতকালত বন্ধ হৈ থাকে।
কেদাৰনাথৰ তীৰ্থযাত্ৰীসকলৰ বাবে এইবাৰ এটা নতুন বৈশিষ্ট্য হ’ব বাৰাণসী, হৰিদ্বাৰ আৰু ঋষিকেশৰ গংগা আৰতিৰ শাৰীত মন্দিৰৰ কাষৰ মন্দাকিনী আৰু সৰস্বতী নদীৰ সংগমস্থলীত অনুষ্ঠিত হ’বলগীয়া এক বিশাল “আৰতি” বিষয়ে বিকেটিচিৰ চিইঅ’ বিজয় থাপলিয়ালে জনায়।