সহস্ৰাব্দ ধৰি বিস্তৃত হৈ থকা ভাৰত-ফ্ৰান্স সম্পৰ্কৰ এক বিৱৰ্তনশীল ধাৰা

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 3 Months ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন
 
  পল্লব ভট্টাচাৰ্য্য
 
ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কৰ কাহিনী দুই সহস্ৰাব্দ ধৰি বিস্তৃত হৈ আছে। ই হৈছে অন্বেষণ, বাণিজ্য, সংঘাত, আৰু সাংস্কৃতিক বিনিময়ৰ সূতাৰে বন্ধা এক অটুট সম্পৰ্ক। খ্ৰীষ্টীয় প্ৰথম শতিকাৰ যোগাযোগ চৰ্চাত আছিল যদিও ভাৰতৰ ধন-সম্পত্তিৰ উমান গ্ৰীক আৰু ৰোমান পৰ্য্যটকৰ জৰিয়তে প্ৰতিধ্বনিত হৈছিল। ইয়াৰ ফলত ইউৰোপীয়ানসকলৰ হৃদয়ত ভাৰতবৰ্ষৰ আৱিষ্কাৰৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গা কৰি উঠিছিল। 
 

আৰম্ভণিৰ চৰ্চা আৰু ঔপনিৱেশিক মুখামুখি:

 
১৭ শতিকালৈ দৃষ্টি নিক্ষেপ কৰিলে কিদৰে ফৰাচী ঔপনিৱেশিক উচ্চাকাংক্ষাই ভাৰতৰ উৰ্বৰ ভূমিত প্ৰাণ পাই উঠিছিল সেয়া দৃষ্টিগোচৰ হয়। সমৃদ্ধিশালী বন্দৰ চহৰ পণ্ডিচেৰী ফ্ৰান্সৰ নয়নৰ মণি হৈ পৰিছিল। ই সজীৱ সাংস্কৃতিক পৰিচয়ো বহন কৰিছিল। সপ্তদশ শতিকাৰ ফৰাচী চিকিৎসক আৰু দাৰ্শনিক ফ্ৰান্সোৱা বাৰ্নিয়েৰে মোগল ভাৰতৰ অভিজ্ঞতাৰ নথিভুক্ত কৰি সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ বিৰল অন্তৰ্দৃষ্টি আগবঢ়াইছিল। চুৰাটৰ পৰা আগ্ৰালৈ যোৱাৰ পথত পৰাজিত ৰাজকুমাৰ দাৰা শিকোহৰ (যিজনে দেওৰাত নিজৰ ভাতৃ ঔৰংজেবৰ সৈতে যুঁজিছিল) সৈতে সাক্ষাৎ কৰাৰ পিছত মোগলৰ সম্ৰাটসকলৰ সৈতে তেওঁৰ সম্পৰ্ক আৰম্ভ হৈছিল। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন
 
দাৰাই তেওঁৰ সেইসময়ৰ ৰোগাক্ৰন্ত পত্নীৰ বাবে চিকিৎসকৰ সন্ধান কৰি আছিল। বাৰ্নিয়ে ৰাজকুমাৰীৰ বিষ-যন্ত্ৰণা যথেষ্ট পৰিমাণে লাঘৱ কৰিলে আৰু তেওঁৰ এই সেৱাত আপ্লুত হৈ দাৰা শ্বিকোহে বাৰ্নিয়াৰক নিজৰ ব্যক্তিগত চিকিৎস হিচাপে নিযুক্তি দিয়ে। পিছত যেতিয়া দাৰা শ্বিকোহ নিজৰ দাসসকলৰ পৰা বিশ্বাসঘাতকতাৰ বাবে পলায়ন কৰে, তেতিয়া ফ্ৰান্সোৱাই তেওঁৰ লগত ঔৰংজেবৰ দৰবাৰলৈ যোৱা দনেশমণ্ড খান (মোগল নোবেলমেন)ৰ সৈতে এজন শৰণাৰ্থী বিচাৰি পায়। ঔৰংজেবৰ পৰিদৰ্শনে বাৰ্নিয়েৰক কাশ্মীৰ ভ্ৰমনৰ জৰিয়তে ইয়াক বৰ্ণনা কৰাৰ সুযোগ দিলে। কাশ্মীৰৰ পৰা উভতি অহাৰ পিছত ফ্ৰান্সোৱাই বংগত সাম্ৰাজ্যৰ আন এটা প্ৰান্ত পৰিদৰ্শন কৰে। ভাৰতীয় বাণিজ্যৰ ওপৰত এখন স্মৃতিগ্ৰন্থ লিখিবলৈ তেওঁ ১৬৬৮ চনত আৰু এবাৰ চুৰাটলৈ উভতি গৈছিল।
 
ঔৰংজেবৰ দৰবাৰত বাৰ্নিয়ে ১২ বছৰ কাৰ্যনিৰ্বাহ কৰি ৰাজনৈতিক কুটিলতা, যুদ্ধৰ কৌশল, পদ্ধতি, শ্বাহজাহানৰ চাৰিজন পুত্ৰৰ মাজত উত্তৰাধিকাৰীত্বৰ যুদ্ধ, সাম্ৰাজ্যৰ সামাজিক আৰু অৰ্থনৈতিক দিশ, মোগল সাম্ৰাজ্যৰ ভৌগোলিক আৰু কৌশলগত পৰিসৰৰ এটা জীৱন্ত উদাহৰণ হৈ পৰিছিল।
 
ইয়াৰ উপৰিও তেওঁ ঘৰলৈ উভতি আহি তেওঁৰ সতীৰ্থ ফৰাচীসকললৈ লিখা চিঠিবোৰত হিন্দুসকলৰ (যাক অনা-ইহুদী অৰ্থাৎ নম্ৰ বুলি কোৱা হয়) অৰ্থনৈতিক অৱস্থা আৰু ধৰ্মীয় বিশ্বাসৰ বিশদ বিৱৰণ দিয়া হৈছিল। তদুপৰি, তেওঁ সাম্ৰাজ্যৰ উত্তৰ অংশৰ লোকসকলৰ সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় পদ্ধতিৰ বিষয়েও বিতংভাৱে উল্লেখ কৰিছিল। ভাৰত ভ্ৰমণ কৰি তেওঁ যিবোৰ সাহিত্য সৃষ্টি কৰিছিল, তাতে দিল্লী আৰু আগ্ৰাৰ ৰাজধানী চহৰৰ স্পষ্ট ছবিখন প্ৰকাশ পাইছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
স্বাধীনতা আৰু এক নতুন প্ৰভাতৰ বাবে সংগ্ৰামঃ অৱশ্যে ভাৰতৰ স্বাধীনতাৰ যুঁজখনে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কত প্ৰভাৱ পেলাইছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক লৈ প্ৰথমতে ফৰাচীসকলে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰা দেখা গৈছিল, যদিও পিছত তেওঁলোকে ব্ৰিটিছসকলৰ পক্ষ লৈছিল। এই উত্তেজনা স্বত্বেও, বৌদ্ধিক কৌতূহল অব্যাহত আছিল। ৰোমাঁ ৰোলাঁৰ দৰে ফৰাচী চিন্তাবিদে ভাৰতৰ উদ্দেশ্যক সমৰ্থন কৰিছিল, ঔপনিৱেশিকতাৰ অন্যায়ৰ ওপৰত আলোকপাত কৰিছিল আৰু আত্ম-প্ৰত্যয়ৰ বাবে ওকালতি কৰিছিল।
 
১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভৰ পিছত এটা নতুন অধ্যায়ৰ সূচনা হয়। ভাৰতীয় সংবিধানে ইয়াৰ প্ৰস্তাৱনাত ফৰাচী সংবিধানৰ পৰা সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্ববোধৰ ধাৰণা অনুসৰণ কৰিছে। পাৰমাণৱিক শক্তি আৰু মহাকাশ প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডক সমৰ্থন কৰি ফ্ৰান্স ভাৰতৰ উন্নয়নৰ আকাংক্ষাৰ প্ৰবল সমৰ্থক হৈ পৰিল। ১৯৯৮ চনত কৌশলগত অংশীদাৰিত্বৰ ঘোষণাই এই বান্ধোনক দৃঢ় কৰি তুলিলে, যাৰ ফলত প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ পথ মুকলি হ’ল।
 

একবিংশ শতিকাৰ এক সমৃদ্ধিশালী অংশীদাৰিত্ব: 

 
আজি ভাৰত-ফ্ৰান্সৰ সম্পৰ্কই উমৈহতীয়া মূল্যবোধৰ পৰিৱৰ্তনশীল শক্তি আৰু বহুমেৰুযুক্ত বিশ্বৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ হিচাপে থিয় দিছে। দুয়োখন ৰাষ্ট্ৰই বিশ্বব্যাপী মঞ্চত একেলগে কাম কৰে, জলবায়ু সুৰক্ষাৰ পোষকতা কৰে, বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰে, আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মসমূহক উদগণি যোগায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এক সজীৱ সাংস্কৃতিক পৰম্পৰাই ৰাজনীতিৰ ক্ষেত্ৰখনৰ বাহিৰত দুয়োখন দেশকে বান্ধি ৰাখে। চলচ্চিত্ৰ মহোৎসৱ, শিল্প প্ৰদৰ্শনী, আৰু শৈক্ষিক বিনিময় আদিয়ে দুয়োখন দেশৰ কলাত্মক প্ৰকাশভংগীৰ প্ৰতি এক চিৰস্থায়ী পাৰস্পৰিক প্ৰশংসাৰ পৰিৱেশ গঢ়ি তুলিছে। বলীউডৰ ছবিয়ে পেৰিছৰ দৰ্শকক মোহিত কৰাৰ বিপৰীতে ফৰাচী চিনেমাই ভাৰতীয় দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছে। ৰন্ধন প্ৰকৰণৰ প্ৰভাৱ সীমান্ত অতিক্ৰম কৰিছে, ভাৰতীয় টেবুলত ফৰাচী খাদ্য সম্ভাৰে শোভা বঢ়াইছে আৰু ভাৰতীয় খাদ্যইও ফৰাচী নাগৰিকসকলৰ সুস্বাদু খাদ্যলৈ পৰিণত হৈছে। 
 

ভবিষ্যতলৈ দৃষ্টিপাতঃ ২০৪৭ আৰু তাৰ আগলৈ 

 
The Horizon 2047 Roadmap হৈছে ২০১৮ চনত ভাৰত আৰু ফ্ৰান্সে স্বাক্ষৰ কৰা এক যৌথ কৌশলগত দৃষ্টিভংগীৰ চুক্তি।ইয়াত অহা ২৫ বছৰত বিভিন্ন খণ্ডত দুয়োখন ৰাষ্ট্ৰৰ মাজত সহযোগিতা গভীৰ কৰাৰ বাবে এক ব্যাপক কাঠামোৰ ৰূপৰেখা দাঙি ধৰা হৈছে, য’ত ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকী উপলক্ষে ২০৪৭ বৰ্ষৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই ৰোডমেপৰ উল্লেখযোগ্য দিশসমূহ হ’ল-
 

ৰাজনৈতিক আৰু নিৰাপত্তা সহযোগিতাঃ

 
আঞ্চলিক আৰু বিশ্ব নিৰাপত্তা বিষয়সমূহৰ ওপৰত কৌশলগত আলোচনা শক্তিশালী কৰা, সামুদ্ৰিক সহযোগিতাক প্ৰসাৰিত কৰা, আৰু সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাত সহযোগিতা আগবঢ়োৱা।
 

অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাঃ    

 
দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগক উন্নীত কৰা, প্ৰযুক্তিগত উদ্ভাৱনক লাভান্বিত কৰা, আৰু আন্তঃগাঁথনি উন্নয়ন, নবীকৰণযোগ্য শক্তি, আৰু মহাকাশ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত সহযোগিতাৰে আগবঢ়া।
 
প্ৰতিনিধিত্বমূলক ছবি
 

সাংস্কৃতিক আৰু শৈক্ষিক সহযোগিতাঃ

 
সাংস্কৃতিক বিনিময়ক প্ৰসাৰ কৰা, শৈক্ষিক সহযোগিতা বৃদ্ধি কৰা, আৰু বিজ্ঞান, প্ৰযুক্তি, আৰু গৱেষণাৰ দৰে ক্ষেত্ৰত সহযোগিতাৰে উভয় দেশ লাভান্বিত হোৱা।
 

সামৰণিঃ 

 
ভাৰত-ফ্ৰান্সৰ সম্পৰ্কই দুয়োখন দেশৰ উমৈহতীয়া মূল্যবোধৰ শক্তি আৰু বহুমেৰুযুক্ত বিশ্বৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ হিচাপে থিয় দিছে। দুয়োখন দেশে ভৱিষ্যতৰ ফালে দৃষ্টি নিক্ষেপ কৰাৰ সময়তে তেওঁলোকৰ অংশীদাৰিত্বই অধিক শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ বাবে অপৰিসীম প্ৰতিশ্ৰুতি বহন কৰিছে।
 
উল্লেখ্য যে, ২০২৪ চনৰ ২৬ জানুৱাৰী অৰ্থাত আজি ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত আছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।২০১৯ চনৰ আগষ্ট মাহত ফ্ৰান্স ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কৈছিল, “আজি একবিংশ শতিকাৰ আমি INFRA ৰ কথা কওঁ। মই ক’ব বিচাৰো যে মোৰ বাবে ই IN+FRA, যাৰ অৰ্থ হৈছে (India) ভাৰত আৰু ফ্ৰান্সৰ (France) মিত্ৰতা।”
 
(লেখক এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)