নীলিম আকাশ কাশ্যপ
২৩ এপ্ৰিল। এই দিনটোতেই বিশ্বজুৰি উদ্যাপিত হয় 'বিশ্ব গ্রন্থ আৰু গ্ৰন্থস্বত্ব দিৱস'। গ্রন্থক পঢ়ুৱৈৰ অধিক ওচৰ চপাই নিয়া, গ্ৰন্থ জগতৰ ভৱিষ্যত বর্ণিল কৰাৰ পন্থা লোৱা তথা সেই সম্পৰ্কত চিন্তা-চৰ্চা কৰাৰ উপৰি মূলতঃ গ্ৰন্থৰ কপীৰাইট প্রসংগক লৈ জনসচেতনতা বৃদ্ধিৰ শুভংকৰ উদ্দেশ্য সন্মুখত ৰাখি বছৰি ২৩ এপ্রিলত উদ্যাপিত হৈ অহা 'বিশ্ব গ্রন্থ আৰু গ্ৰন্থস্বত্ব দিৱস'ৰ পৰতে কিতাপৰ ভৱিষ্যতক লৈ অশনি সংকেট কঢ়িয়াইছে এক বিশেষ ব্যৱস্থাই।
ই-বুক, কিণ্ডল, ডিজিটেলাইজেশ্বন আদিৰ লগতে ছ'চিয়েল মিডিয়াৰ সুলভ আৰু সঘন ব্যৱহাৰে বিশ্বৰ বিভিন্ন ভাষাত ছপা গ্ৰন্থৰ পঢ়ুৱৈৰ সংখ্যা দুখজনকভাৱে হ্রাস কৰিবলৈ লোৱাৰ পৰতে অনৈতিকভাৱে কৰা পি ডি এফৰ আদান-প্রদানে গ্রন্থ উদ্যোগৰ ভৱিষ্যতক লৈ শংকাৰে ভৰা ছবি এখন পৰিস্ফুট হৈছে। ইংৰাজী, হিন্দী, বাংলা আদিৰ উপৰি শেহতীয়াকৈ এই দুখজনক বাস্তৱ ছবিখন সুলভ হৈছে অসমীয়া গ্রন্থ জগততো। বিপণীত অনুপলব্ধ কিতাপৰ কথা বাদেই দিলোঁ--- উপলব্ধ, আনকি নতুন কিতাপৰো পি ডি এফ এচামে আদান-প্ৰদান কৰা পৰিলক্ষিত হয়।
প্ৰতিনিধিত্বমূলক ছবি
এমুঠিমান পঢ়ুৱৈক লৈ তিস্থি থকা অসমীয়া গ্রন্থ উদ্যোগলৈ পি ডি এফৰ অনৈতিক বিতৰণে শংকা কঢ়িয়াইছে স্বাভাৱিকভাৱে। বহুকেইখন কালজয়ী আৰু সমাদৃত পুৰণি গ্ৰন্থৰ উপৰি বিগত পাঁচ-দহ বছৰৰ ভিতৰত প্ৰকাশিত আন কেইবাখনো অসমীয়া কিতাপৰো পি ডি এফৰ অনৈতিক আদান-প্রদান সময়ে সময়ে চলি থকা বুলি ভিন্ন মাধ্যমত চর্চা হোৱা পৰিলক্ষিত হয়। লেখক তথা প্রকাশকৰ অজ্ঞাতে এনেদৰে আদান-প্রদান হোৱা অসমীয়া কিতাপৰ ভিতৰত উপন্যাসৰ সংখ্যাই হেনো সর্বাধিক।
অলপতে শুনামতে, অনুৰাধা শৰ্মা পূজাৰীৰ দৰে লব্ধপ্ৰতিষ্ঠ সাহিত্যিকৰ কেইবাখনো কিতাপৰ উপৰি কৌশিক নন্দন বৰুৱা প্ৰভৃতি তৰুণ ঔপন্যাসিকৰ কিতাপৰ উপৰি আমাৰো একাধিক উপন্যাসৰ পি ডি এফ এনেদৰে অনৈতিকভাৱে আদান-প্ৰদান হৈছিল হেনো। এনেদৰে গ্রন্থৰ পি ডি এফ বিতৰণ অনৈতিক তথা ই কপীৰাইট আইন উলংঘনেৰে আইনমতে দণ্ডনীয়। কিন্তু তাৰ পিছতো হেনো এচামে গোপনে অব্যাহত ৰাখিছে অসমীয়া কিতাপৰো পি ডি এফ বিতৰণ প্রক্রিয়া।
গুৱাহাটী মহানগৰীৰ পানবজাৰৰ ন'ভেল্টি কিতাপৰ বিপণি
ভু লৈ পোৱা খবৰ মতে অসমীয়া কিতাপৰ পি ডি এফ অনৈতিকভাৱে আদান-প্রদানৰ কু-পন্থাই মূৰ দাঙি উঠিছিল অতিমাৰীকালীন লকডাউনৰ সময়ত। তেতিয়াৰ তুলনাত হ্রাস পাইছে যদিও সম্প্রতিও একাংশ লোকে অসমীয়া গ্রন্থৰো পি ডি এফ আদান-প্রদান কৰি থকা বুলি সময়ে সময়ে চর্চা পৰিলক্ষিত হয়। আনকি এই সন্দর্ভত পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ তৰফৰ পৰা আইনৰ ওচৰ চপাও হৈছে বুলি সংবাদ মাধ্যমৰ যোগেদি জানিব পৰা গৈছিল। পি ডি এফ ৰূপত অসমীয়া কিতাপ অনৈতিকভাৱে আদান-প্রদান কৰোঁতাৰ দৃষ্টান্তমূলক শাস্তিৰ প্রয়োজন বুলি মতপোষণ কৰিছে কেইবাগৰাকীও গ্রন্থকীটে।
এই সন্দৰ্ভত অসমৰ অগ্রণী প্রকাশন প্রতিষ্ঠান 'বনলতা'ৰ প্রকাশক প্রদ্যুৎ হাজৰিকাই আমাৰ সৈতে হোৱা কথা-বতৰাত কয়, "লেখক আৰু প্রকাশকৰ অজ্ঞাতে বিপণীত উপলব্ধ কিতাপৰ পি ডি এফ আদান-প্রদানে অসমীয়া কিতাপৰ ভৱিষ্যতলৈ অশনি সংকেট কঢ়িওৱাটো খাটাং। এনে বিষবাষ্প আঁতৰাবৰ বাবে সকলোৰে সচেতনতাৰ নিতান্তই প্রয়োজন।"
'সৰাফুল' আৰু'সোণৰ খাৰু কলিজাৰ ছাঁ' গ্ৰন্থ দুখন
আন এটা অগ্ৰণী অসমীয়া পুথি প্রকাশন প্রতিষ্ঠান 'ৰেখা প্রকাশন'ৰ স্বত্বাধিকাৰ দেবেন কলিতায়ো অনৈতিকভাৱে কৰা কিতাপৰ পি ডি এফ বিতৰণে অসমীয়া গ্ৰন্থ উদ্যোগক মাধমাৰ সোধাব পাৰে বুলি শংকা ব্যক্ত কৰে। আনহাতে, কলিতা আৰু হাজৰিকাৰ সুৰেৰেই 'অসম পাব্লিচিং কোম্পানী'ৰ প্রকাশক সঞ্জয় সান্যালে আমাৰ সন্মুখত কয়, "চলি থকা কিতাপৰ পি ডি এফ সংশ্লিষ্টসকলৰ অজ্ঞাতে বিতৰণ কৰাটো আইনমতে দণ্ডনীয়। কিতাপ পঢ়ি ভালপোৱা লোকসকল যিহেতু বিজ্ঞ, গতিকে তেওঁলোকে এই কথা বুজা উচিত আৰু এনে কৰ্মৰ পৰা আঁতৰি অহা উচিত।"
দোহাৰিছোঁ, অতিমাৰীকালীন লকডাউনৰ সময়ৰ পৰা অসমীয়া কেইবাখনো কিতাপৰ পি ডি এফ আদান-প্রদান হোৱা বুলি শুনো। অন্য কেইবাখনৰ লগতে 'সৰাফুল'ৰ উপৰি আমি লিখা 'সোণৰ খাৰু কলিজাৰ ছাঁ'ৰ নিচিনা নতুন কিতাপৰো পি ডি এফ এনেদৰে আদান-প্ৰদান হোৱা বুলি শুনিছিলোঁ। এইবোৰ অশুভ পৰম্পৰা। এনে কাৰ্যই কেৱল অসমীয়া গ্রন্থ উদ্যোগলৈ অশনি সংকেট কঢ়িওৱাই নহয়, এনে কৰোঁতৰ মানসিকতাও অশুভ কৰাৰ উপৰি তেওঁলোকে নিজৰ অজ্ঞাতে অপৰাধ কৰি আহিছে।
কেইখনমান অসমীয়াগ্ৰন্থ
লেখক-প্রকাশকৰ অজ্ঞাতে বিপণীত উপলব্ধ কিতাপৰ পি ডি এফ অনৈতিকভাৱে আদান-প্রদান চলি থকা কার্যই স্বাভাৱিকভাৱে অশনি সংকেট কঢ়িয়াইছে অসমীয়া গ্রন্থ উদ্যোগলৈ। এনে কাৰ্যৰে জড়িতসকলক অনৈতিকভাৱে কিতাপৰ পি ডি এফ বিতৰণৰ নিচিনা অসৎ পন্থাৰ পৰা জড়িতসকলক আঁতৰি অহাৰ বিনম্ৰ আহ্বান জনাই আমাৰ মাতৃভাষাৰ ছপা কিতাপ আৰু অসমীয়া গ্ৰন্থ উদ্যোগৰ ভৱিষ্যত স্বৰ্ণিল কৰি ৰখাৰ পণ 'বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱস'তেই লওঁ আঁহক।
(আজি 'বিশ্ব গ্রন্থ আৰু গ্ৰন্থস্বত্ব দিৱস' উপলক্ষে এই প্ৰবন্ধটি প্ৰকাশ কৰা হৈছে। লেখক এগৰাকী তৰুণ ঔপন্যাসিক)