উচ্চশিক্ষা আৰু চাকৰিৰ যোগ্যতা অৰ্জনৰ বাবে মুছলমান যুৱক-যুৱতীৰ মাৰ্গদৰ্শক আছিল এপিজে আব্দুল কালাম

Story by  atv | Posted by  Munni Begum • 1 Years ago
স্কুলীয়া শিক্ষাৰ্থীৰ  সৈতে এ পি জে আব্দুল কালাম
স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে এ পি জে আব্দুল কালাম
  চাকুইব চেলিম
 
সহস্ৰাব্দৰ পৰিৱৰ্তনৰ মাজেৰে ডাঙৰ দীঘল হোৱা ভাৰতীয় মুছলমান শিশুসকলেও মোৰ দৰেই আত্মসন্দেহ আৰু চৌপাশৰ মানুহে তেওঁলোকক লৈ কৰা চিন্তা ধাৰাৰ ভয়ত জীৱন জীয়াই আছে। ভাৰতীয় মুছলমান শিশুসকলৰ ওপৰত পৰা সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে কোনো মনোবিজ্ঞানীয়ে গৱেষণা কৰিছে নে নাই, সেই বিষয়ে মই নাজানো। কিন্তু এই যুগৰ এগৰাকী ব্যক্তি হিচাপে মই আপোনালোকক নিশ্চিত কৰি কব পাৰো যে প্ৰজন্মৰ এটা গোটেই অবিশ্বাসৰ মাজেৰে জীৱন যাপন কৰিছে।   
 
১৯৯০ ৰ দশকৰ আটাইতকৈ প্ৰশংসিত ভাৰতীয় মুছলমানসকলৰ মাজৰ এজন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনক ২০০০ চনত মেচ ফিক্সিংৰ অভিযোগত ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰা হৈছিল। অহা বছৰ ৯/১১ ত ডব্লিউ টি চিৰ আক্ৰমণ সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ ধাৰণাৰ বাবে এক জলবিভাজিকা মুহূৰ্ত আছিল। কেইমাহমান পিছত গুজৰাটত হিংসাত্মক সংঘৰ্ষৰ বাবে মুছলমানলোকসকলৰ মানসিকতাত নিৰাপত্তাহীনতাই বস কৰিছিল। মানুহে এতিয়া সকলো অৰাজকতাৰ বাবে  ইছলামক দোষাৰোপ কৰি আহিছে। বাতৰি কাকতত প্ৰকাশিত মতামতবোৰে মোক আচৰিত কৰি তুলিছিল যে প্ৰতিটো সমস্যাৰ কেন্দ্ৰবিন্দুত আমি মুছলমানলোকসকলক কিয় বিচাৰি পাওঁ। ইছলামক উগ্ৰবাদ আৰু আধুনিকতাবাদ বিৰোধীৰ সৈতে তুলনা কৰা হৈছিল। 
এফালে আমি এনেকুৱা কাহিনী শুনিবলৈ পাইছিলোঁ যে হজৰত মহম্মদে তেওঁৰ অনুগামীসকলক যিকোনো সম্ভাৱ্য উৎসৰ পৰা সকলো ধৰণৰ জ্ঞান আহৰণ কৰিবলৈ কৈছিল। কিন্তু আনফালে যুৱক-যুৱতীসকলৰ বাবে এনে এগৰাকী ভক্তিপূৰ্ণ মুছলমান আদৰ্শ বিচাৰি পোৱাটো কঠিন আছিল। যিগৰাকীৰ আধুনিক বৈজ্ঞানিক দৃষ্টিভংগী আছিল আৰু কোৰআন আৰু হাদীছত শিকোৱাৰ দৰে ধৰ্মনিৰপেক্ষ মূল্যবোধৰ আচৰণ কৰিছিল।
সেই হতাশাৰ ক’লা ডাৱৰৰ পৰিধি ভাঙি এক আশাৰ ৰশ্মিয়ে সমগ্ৰ ভাৰতীয় মুছলমান সম্প্ৰদায়ক উজ্জ্বল কৰি তুলিছিল। যি স্কুলীয়া যুৱক-যুৱতীসকলৰ বাবে এক আদৰ্শ  হৈ পৰিছে। সেই আশাৰ ৰশ্মি আছিল আৱুল পাকিৰ জৈনুলাবদীন কালাম। ভাৰতীয় গণৰাজ্যৰ সৰ্বোচ্চ পদটো তেওঁ ৰাজনীতিবিদ হিচাপে নহয় বিজ্ঞানী হিচাপে কৰা সেৱাৰ বাবে আৰোহণ কৰিছিল।
 
ড০ এপিজে আব্দুল কালামৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙ
 
এপিজে আব্দুল কালাম সেই সময়লৈকে ৰাজহুৱা ব্যক্তি আছিল। কিন্তু তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবেই বুজাব নোৱাৰা আত্মবিশ্বাসৰ বীজ সিঁচিছিল। মোৰ মনত আছে, কেনেকৈ, নৱম শ্ৰেণীৰ এজন শিক্ষাৰ্থী, মই স্কুলৰ কুইজ প্ৰতিযোগিতাত আব্দুল কালামৰ বিষয়ে প্ৰশ্ন সোধাত উৎফুল্লিত অনুভৱ কৰিছিলো। যিয়ে আমাক নিৰাপত্তা আৰু নিজৰ বুলি অনুভৱ কৰোৱাছিল। আমি অনুভৱ কৰিছিলো যে ইছলাম আৰু আধুনিকতা ইজনে সিজনৰ বিৰোধী নহয়।
দুটা দশকৰ পিছৰ মানুহে হয়তো বুজি নাপাব যে, সেই সময়ত কালাম আমাৰ বাবে সূৰ্য্য হৈ জিলিকি আছিল। তেওঁৰ বিষয়ে আমাৰ কৌতুহল আছিল। সাধাৰণতে ভাৰতীয় শিশু আৰু বিশেষকৈ ভাৰতীয় মুছলমানসকলৰ বাবে তেওঁ আছিল এক নিখুঁত আদৰ্শৰ প্ৰতীক। 
কালাম এটা দৰিদ্ৰ পৰিয়ালত ডাঙৰ দীঘল হৈছিল। তেওঁ এখন মাদ্ৰাছাত আৰু পিছলৈ আধুনিক শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ দৈনিক নামাজ পঢ়িছিল, কোৰাণ পঢ়াৰ লগতে গীতাও  পাঠ কৰিছিল। তেওঁ ভাৰতীয় সংস্কৃতি অনুসৰণ কৰিছিল, ইছলাম চৰ্চা কৰিছিল, আধুনিক বিজ্ঞানৰ প্ৰয়োগ কৰিছিল। ভাৰতীয় ক্ষেপণাস্ত্ৰ কাৰ্যসূচী আৰু পৰৱৰ্তী সময়ত পাৰমাণৱিক বিকাশৰ বাবে তেওঁৰ বৈজ্ঞানিক আৰু প্ৰশাসনিক দক্ষতাৰ বহুখিনি ঋণী।
 
কণ কণ শিশুৰ সৈতে ড০ এপিজে আব্দুল কালাম
 
ভাৰতে তেওঁক ৰাষ্ট্ৰপতি হিচাপে বাছনি কৰি সন্মান জনাইছিল। জাতিটোৱে নিজৰ ধৰ্মনিৰপেক্ষ প্ৰমাণপত্ৰসমূহ পুনৰবাৰ প্ৰকাশ কৰিছিল, কালামে ভাৰতীয় সমকালীনতাক পুনৰনিশ্চিত কৰিছে আৰু আমি এনে এজন আদৰ্শ পাইছিলোঁ যি ইছলাম, ভাৰতীয় সংস্কৃতি, আৰু বিজ্ঞানৰ এক সুন্দৰ মিশ্ৰণ আছিল।  
ৰাষ্ট্ৰীয় ক্ষেত্ৰত কমলৰ উত্থানে ভাৰতীয় মুছলমানসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। যেতিয়া আমি মুছলমানসকলৰ আকাংক্ষিত অসামৰিক সেৱা, আই আই টি আৰু উচ্চ শিক্ষানুষ্ঠানসমূহত স্থান  লাভ কৰাৰ আঁৰৰ কাৰণসমূহৰ ওপৰত বিতৰ্ক কৰো,তেতিয়া আমি বিৰলভাৱে স্বীকাৰ কৰোঁ যে  এইটো কালামৰদ্বাৰা অনুপ্ৰাণিত এটা প্ৰজন্ম যিসকলে এই পৰীক্ষাবোৰত প্ৰতিদ্বন্দিতা কৰি আছে। ২০০২ চনত ১২ বছৰ বয়সৰ এজন ব্যক্তিয়ে ২০১৪ চনৰ পিছত ইউপিএছচি বা এনে ধৰণৰ আন যিকোনো পৰীক্ষা দিব লাগিব।  
শিক্ষাই ইছলামৰ প্ৰতি থকা দায়বদ্ধতাক বিপন্ন নকৰে বুলিও মুছলমানসকলে আত্মবিশ্বাসী অনুভৱ কৰিছিল। ইয়াৰ ফলত মুছলমানসকলৰ শিক্ষাৰ বাবে কেইবাটাও সম্প্ৰদায় পৰ্যায়ৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। দৈত্যকায় গছ হিচাপে আজি আমি যিখিনি প্ৰত্যক্ষ কৰি আছো সেয়া হৈছে কালমে এটা ধাৰণা ৰূপত সিঁচা বীজ।
 
ড০ এপিজে আব্দুল কালামৰ সৈতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী
 
আজি, মুছলমান যুৱক-যুৱতীসকলৰ বহুতো আদৰ্শ আছে কিন্তু কালামতকৈ বেছি কোনেও তেওঁলোকক অনুপ্ৰাণিত কৰা নাই। সাধাৰণতে ভাৰতীয়সকলে ড০ এ পি জে আব্দুল কালামক নায়ক বুলি গণ্য কৰে আৰু তেওঁক এক বৃহৎ  কৃতজ্ঞতা জ্ঞাপন কৰে।