ইৰাণৰ কবি ফোৰুখ ফাৰুখজাদ

Story by  atv | Posted by  Munni Begum • 25 d ago
ফোৰুখ ফাৰুখজাদ
ফোৰুখ ফাৰুখজাদ
 
  পংকজ কুমাৰ নেওগ
 
ফাৰ্চী সাহিত্যৰ হাজাৰ বছৰীয়া ইতিহাসত অকল পুৰুষসকলেই নহয় নাৰীসকলেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। ফাৰ্চী সাহিত্যৰ ঊষালগ্নৰ পৰাই সাহিত্য সাধনাত নাৰীসকলৰ দৃপ্ত পদসঞ্চালন লক্ষ্য কৰা যায়। এইসকলৰ মাজত প্রথমে যিগৰাকীয়ে ব্যাপকভাৱে কবিখ্যাতি লাভ কৰে তেওঁৰ নাম আছিল ৰাবিয়া বলখি। তেওঁ ৰাবিয়া কাজদাৰি নামেৰেও পৰিচিত আছিল। চামানীয় শাসন আমোলত (৯১৪-৯৪৩ খৃষ্টাব্দ) (Samanian Empire) তেওঁ ৰাজকবিৰ মৰ্যদাও লাভ কৰিছিল। ৰাবিয়া বালখিৰ পদাঙ্কণ অনুকৰণ কৰি পৰৱৰ্তীকালত পাৰস্যৰ যিসকল নাৰী কবিসকলৰ মাজত প্ৰতিনিধিস্থানীয় আছিল তেওঁলোকৰ মাজত ৰিজা কুলি খান হিদায়েত, দ্বাদশ শতিকাৰ মাহাস্তি গাঞ্জাভিম, ত্রয়োদশ শতিকাৰ পাদিশাহ খাতুন আৰু চতুৰ্দশ শতিকাৰ জাহান মালিক খাতুনৰ নাম উল্লেখ কৰা যায়। মোগল সম্রাট ঔৰংজেৱৰ কন্যা জেবুন্নিছাই (১৬৩৮-১৭০২) 'মাখফি' ছদ্মনামেৰে কবিতা লিখিছিল। 
 
মধ্যযুগত অভিজাত পৰিয়ালৰ সদস্যসকলৰ বাহিৰেও ৰাজকীয় পৃষ্ঠপোষকতাপ্রাপ্ত নাৰীসকলে কবিতা ৰচনা কৰিছিল। চাফাভিদ ইৰাণ আৰু মোগল ভাৰতত অনেক নাৰীয়েই কবিতা ৰচনাত প্রবৃত্ত হৈছিল। ১৯ আৰু ২০ শতিকাত ইৰাণ, আফগানিস্তান আৰু তাজিকিস্তানৰ নাৰী কবি আৰু লিখকসকলৰ ভূমিকা লক্ষণীয়। বৰ্তমান সময়ৰ ফাৰ্চী সাহিত্যত নাৰী কবি, লেখক আৰু নাট্যকাৰৰ সংখ্যা পুৰুষৰ প্ৰায় সমান। গ্রন্থ বিক্ৰয়ৰ হিচাপত অনেক সময়ত তেওঁলোকে পুৰুষ সাহিত্যিকক চেৰ পেলাই গৈছে।  
 
উনৈশ শতিকাৰ অন্যতম কবি ফাতিমা বাৰাঘানি কেৱল কবিয়েই নহয় নাৰীমুক্তি আৰু নাৰী অধিকাৰ সংগ্ৰামৰো তেওঁ আছিল পথ-প্ৰদৰ্শক। কুৰি শতিকাৰ কবি আৰু লেখকসকলৰ ভিতৰত পাৰভিন এতেশামী, চিমিন দানিশভাৰ, চিমিন বেহবাহানি, শাহাৰনুজ পাৰ্চিপুৰৰ নাম উল্লেখযোগ্য। দুবাৰ নোবেল পুৰস্কাৰৰ বাবে মনোনীত চিমিন বেহবাহানি অসংখ্য সাহিত্য পুৰস্কাৰেৰে সন্মানিত হৈছে। শাহাৰনুজৰ উপন্যাসিকা জানান বিদুন ই-মাৰদান পুৰুষশাসিত সমাজত আত্মমর্যদাৰক্ষাৰ সংগ্ৰামত লিপ্ত পাঁচগৰাকী নাৰীৰ গল্প। 
 
ফোৰুখ ফাৰুখজাদী আৰু তেওঁৰ পুত্ৰ আৰু স্বামীৰ সৈতে
 
পাৰ্চীপুৰসহ সমকালীন ইৰাণৰ অনেক নাৰী ঔপন্যাসিক গেব্রিয়েল গাৰ্চিয়া মার্কেজৰ লেখনীৰদ্বাৰা প্ৰভাৱিত আৰু তেওঁলোকৰ সাহিত্যত সেইবাবে যাদুবাস্তৱতা (Magic Reality)ৰ ব্যাপক প্রয়োগ দেখা যায়। কুৰি শতিকাৰ অন্যান্য উল্লেখযোগ্য নাৰী কবি আৰু সাহিত্যিকসকলৰ মাজত আছে ফোৰুখ ফাৰুখজাদ, শাহাৰনুছ পাৰ্চী, গুলৰুখশাৰ চাফি, জয়া পীৰজাদ, মাৰজান সাত্ৰাপি ইত্যাদি। এওঁলোকৰ কেইবাগৰাকীয়ে প্ৰবাসত অৱস্থান কৰি ফাৰ্চী ভাষাত সাহিত্য সাধনা অব্যাহত ৰাখিছে। 
 
ইৰাণৰ আধুনিক ধাৰাৰ কবি ফোৰুগ ফাৰুখজাদক বিংশ শতাব্দীৰ নাৰী কবিসকলৰ মাজত অত্যন্ত প্ৰভাৱশালী বিবেচনা কৰা হয়। ফাৰুখজাদৰ চুটি জীৱনটোৱে ইৰাণৰ কাব্যিক ইতিহাসত যথেষ্ট প্রভাৱ পেলাইছিল আৰু এতিয়াও তেওঁক আধুনিক পাৰ্চী কবিতাৰ পথ-প্ৰদৰ্শকৰূপে গণ্য কৰা হয়। প্রথম কবিতা সংকলন প্রকাশ পোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্র ১৭ বছৰ আৰু ২৩ বছৰ বয়সৰ ভিতৰত আৰু দুটা কবিতা সংকলন প্রকাশ পাইছিল। ১৯৬৭ চনত মাত্র ৩২ বছৰ বয়সতে এটা গাড়ী দুর্ঘটনাত ফাৰুখজাদ নিহত হয়। সেই সময়ত জীৱিত বহুতো ইৰাণৰ লোকৰ বাবে সেই স্মৃতি আজিও বেদনাদায়ক। 
 
নাৰীৰ স্বাৰ্থ আৰু সাহিত্যৰ বাবে উল্লেখযোগ্য পদক্ষেপ লোৱা কবি হিচাপে তেওঁৰ কথা বিশেষকৈ শিল্পী মহলত আজিও চর্চা হয় আৰু তেওঁৰ কবিতাসমূহৰ এতিয়াও নিয়মিতভাৱে পৰ্যালোচনা আৰু বিশ্লেষণ চলে। তেওঁৰ কিতাপসমূহৰ পুনর্মুদ্রণ অব্যাহত আছে আৰু এতিয়াও তেওঁ আৰু তেওঁৰ কামৰ বিষয়ে তথ্যচিত্র নির্মাণ কৰা হৈছে। 
 
ফোৰুখ ফাৰুখজাদীৰ গ্ৰন্থৰ বেটুপাত
 
১৯৩৫ চনত তেহৰাণৰ অন্যতম পুৰণি চুবুৰী আমিৰিয়াত ফাৰুখজাদে জন্মগ্রহণ কৰে। সাতটা সন্তানৰ ভিতৰত তেওঁ আছিল তৃতীয়। দেউতাক আছিল আর্মী কর্ণেল আৰু মাক এগৰাকী গৃহিণী। অতি সফল ব্যংগ আলোচনী 'তৌফিগ'ত কাম কৰা এজন সুপৰিচিত হাস্যৰসিক পাৰভেজ শ্বাপুৰৰ সৈতে মাত্র ১৬ বছৰ বয়সতে ফাৰুখজাদ বিবাহপাশত আবদ্ধ হয়। শ্বাপুৰ কবিগৰাকীৰ মাতৃৰ ওচৰ-চুবুৰীয়া আৰু আত্মীয় আছিল। তেওঁলোকৰ কামিয়াৰ নামৰ এজন পুত্ৰ জন্ম হয় যদিও তেওঁলোকৰ বিবাহ স্থায়ী নহ'ল। বিবাহৰ মাত্ৰ দুবছৰৰ পাছত, ১৯৫৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ বিয়াৰ আগৰ আৰু বিবাহ বিচ্ছেদৰ পাছৰ চিঠিপত্ৰৰ আদান-প্ৰদানবোৰ "মাই হার্টছ ফাৰ্ষ্ট লাভ প্যালপিটেশনছ" শিৰোনামেৰে প্ৰকাশিত হৈছিল। 
 
তেওঁলোকৰ বিচ্ছেদৰ এবছৰৰ পিছত ১৯৫৫ চনত ফোৰুখ ফাৰুখজাদৰ প্ৰথম কবিতা সংকলন 'দ্য কেপটিভ' প্রকাশ পায়। ইৰাণ পিতৃতান্ত্রিক সমাজৰ বহু ৰক্ষণশীল সদস্যই তেওঁৰ কবিতাৰ প্ৰতি নেতিবাচক সঁহাৰি দিছিল; বহুতে নাৰীবাদী বুলি গণ্য কৰিছিল। ১৯৫৬ চনত ফাৰুখজাদৰ দ্বিতীয় কবিতাপুথি 'The Wall' প্রকাশ পায় আৰু এইখন তেওঁ প্রাক্তন স্বামীৰ নামত উৎসৰ্গা কৰে। ১৯৫৮ চনত তেওঁ ইউৰোপ ভ্ৰমণলৈ যায় আৰু প্ৰায় ৯ মাহ ধৰি মহাদেশখন ভ্রমণ কৰে। ইৰাণলৈ উভতি অহাৰ পিছত তেওঁ ইৰাণৰ নিৰ্ভীক লেখক আৰু চলচ্চিত্র নির্মাতা ইব্রাহিম গোলেষ্টানৰ গোলেষ্টান ফিল্ম ষ্টুডিঅ'ত চাকৰি লাভ কৰে। 
 
ফাৰুখজাদক প্রথমে চেক্রেটেৰী হিচাপে নিযুক্তি দিয়া হৈছিল যদিও, লাহে লাহে তেওঁ ছবি সম্পাদনা কৰিবলৈ শিকে। নাটক ৰচনা আৰু অনুবাদ কৰাৰ লগতে পৰি চাবেৰীৰ পৰিচালিত নাটকত মঞ্চতো তেওঁ অভিনয় কৰিছিল। বহু সমালোচকে বিশ্বাস কৰে যে গোলেষ্টানৰ সৈতে ফাৰুখজাদৰ কৰ্ম সম্পৰ্কৰ ফলত তেওঁৰ কবিতাৰ পৰিৱৰ্তন ঘটিছিল আৰু কবিগৰাকীয়ে নিজকে অধিক মুক্তভাৱে প্ৰকাশ কৰাত সফল হৈছিল। বিশেষকৈ সমালোচকসকলে তেওঁৰ কবিতা সংকলন "এনাদাৰ বাৰ্থ এণ্ড লেট আছ বিলিভ ইন দ্য বিগিনিং অৱ দ্য ক'ল্ড ছিজন"ৰ কথা আঙুলিয়াই দিয়ে। এই সংকলন ফাৰুখজাদে ফিল্ম ষ্টুডিঅ'ত কাম আৰম্ভ কৰাৰ পিছত প্ৰকাশ পাইছিল।    
 
ফোৰুখ ফাৰুখজাদীয়ে শ্বুটিং কৰাৰ এক দৃশ্য
 
পুৰুষতান্ত্রিক ইছলামধর্মী দেশখনত কি সাহসেৰে ফোৰুখ ফাৰুখজাদ সকলোৰে সন্মুখত থিয় দিছিল সেইয়া তেখেতৰ 'The Sin' নামৰ কবিতাটোত মূর্তমান হৈ উঠিছে:
 
I sinned a sin full of pleasure, 
In an embrace which was warm and fiery.
I sinned surrounded by arms 
that were hot and avenging and iron.
 
In that dark and silent seclusion 
I looked into his secret-full eyes.
my heart impatiently shook in my breast 
In response to the request of his needful eyes.
 
In that dark and silent seclusion, 
I sat dishevelled at his side. 
his lips poured passion on my lips, 
I escaped from the sorrow of my crazed heart.
 
ইয়াত এগৰাকী যুৱতীয়ে এজন পুৰুষৰ বাহুত যৌন জাগৰণৰ কথা স্বীকাৰ কৰিছিল যিজন পুৰুষ নিজৰ স্বামী নাছিল। যি সময়ত ইৰাণত নাৰীৰ আত্মজীৱনীমূলক লেখা আছিল অস্তিত্বহীন সেই সময়ত ই আছিল ইচ্ছাকৃতভাৱে কৰা – 'reversal of a thousand years of Persian Literature.' ইৰাণৰ পুৰুষসকলে অন্য স্ত্রী বা প্রেমিকা গ্ৰহণ কৰাত বাধা নাছিল, কিন্তু এগৰাকী ব্যভিচাৰী মহিলাৰ জীৱনৰ কোনো নিৰাপত্তা নাছিল। তেনে মহিলাক সীমালঙ্ঘনৰ বাবে মৃত্যুদণ্ড বিহা আছিল সাধাৰণ কথা। আনকি মৃত্যুদণ্ড বা হত্যাৰ পৰা ৰক্ষা পালেও অন্য উপায়ে শাস্তি বিহা হৈছিল। 
 
চামানীয় সাম্ৰাজ্য
 
ফাৰুখজাদে স্বামীক তালাক দিয়াৰ ফলস্বৰূপে নিজৰ পুত্ৰ কাময়াৰৰ জিম্মা হেৰুৱাইছিল। এই মানসিক চাপ সহিব নোৱাৰি তেওঁ আত্মহত্যাৰ চেষ্টা চলাইছিল আৰু এটা মানসিক প্রতিষ্ঠানত এমাহ কটাই ইলেক্ট্রিক শ্বক থেৰাপি লৈছিল। নিজৰ সন্তান আৰু তেওঁৰ সাহিত্যৰ মাজত যিকোনো এটা বাছি ল'বলৈ তেওঁক বাধ্য কৰোৱা হৈছিল। শোকাকুল মাতৃগৰাকীয়ে ১৯৫৭ চনত "Poem for You" নামৰ কবিতাটো নিজৰ সন্তানলৈ উছৰ্গা কৰি লিখিছিল। এই আশাৰে কবিতাটো শেষ কৰা হৈছিল যে তেওঁলোকৰ সংযোগ তেওঁৰ কবিতাৰ মাধ্যমেৰে যেন জীয়াই থাকিব পাৰে "You will search for me in my words/and tell yourself: My mother, that is who she was."
 
মৃত্যুৰ চাৰি বছৰৰ আগতে ১৯৬৩ চনত তেওঁ পূব আজাৰবাইজানৰ প্ৰাদেশিক ৰাজধানী তাব্ৰিজৰ এটা কুষ্ঠৰোগীৰ কলনীৰ ওপৰত নির্মিত এখন চুটি তথ্যচিত্র "The House Is Black" পৰিচালনা কৰিছিল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত ছবিখনে অনুকূল সমালোচনা লাভ কৰিছিল। জাৰ্মানীৰ অ'বেৰহাউজেন আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্র মহোৎসৱত এই তথ্যচিত্ৰখনে "শ্ৰেষ্ঠ তথ্যচিত্ৰ"ৰ বঁটা লাভ কৰে। ফাৰুখজাদৰ বাবে "দ্য হাউচ ইজ ব্লেক" আছিল এখন তথ্যচিত্রতকৈয়ো অধিক। প্ৰকল্পটোত কাম কৰাৰ পিছত তেওঁ হুছেইন মনছুৰী নামৰ পিতৃ-মাতৃৰ সৈতে কুষ্ঠৰোগীৰ কলনীত বাস কৰা ল'ৰা এজনক তুলি লয়। 
 
হুছেইনে তথ্যচিত্ৰখনৰ কিছু দৃশ্যত অভিনয় কৰিছিল। ফোৰুখ ফাৰুখজাদৰ মৃত্যুৰ পিছত হুছেইন প্রথমে লণ্ডনলৈ আৰু তাৰ পিছত জার্মানীলৈ প্ৰব্ৰজন কৰে। তেওঁ সমাজবিজ্ঞান অধ্যয়ন কৰি পৰৱৰ্তী সময়ত এজন কবি আৰু কবিতাৰ অনুবাদক হৈ পৰে। ১৯৬৩ চনত ইউনেস্ক'ই ফাৰুখজাদক লৈ ৩০ মিনিটৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। ইটালীৰ চলচ্চিত্ৰ পৰিচালক বার্নার্ডো বার্ট'লুচিয়ে তেওঁৰ সাক্ষাৎকাৰ ল'বলৈ ইৰাণলৈ যায় আৰু পিছলৈ তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত এখন চুটি ছবি নিৰ্মাণ কৰে। 
 
ফোৰুখ ফাৰুখজাদী আৰু তেওঁৰ ভাতৃ আমিৰ মচুদ
 
ফোৰুখৰ সৰু ভায়েক ফেৰেইডুন ডাঙৰ হৈ এজন গায়ক, গীতিকাৰ, কমেডিয়ান আৰু এজন সফল টিভি শ্ব'ৰ আয়োজকৰূপে পৰিগণিত হয়। ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত তেওঁক অলপ সময়ৰ বাবে আটক কৰি ৰখা হয় আৰু পিছত জার্মানীলৈ গৈ তাৰ পৰাই তেওঁ ৰাজনীতি বিজ্ঞানত পিএইচডি সম্পূৰ্ণ কৰে। তেওঁ এজন ৰাজতন্ত্ৰৰ সমৰ্থক হৈ থাকিল আৰু ১৯৯২ চনত বন চহৰত এটা হত্যাকাণ্ডৰ বলি হয়। এই অপৰাধৰ সমাধান এতিয়াও হোৱা নাই যদিও বহুতে বিশ্বাস কৰে যে এই হত্যাকাণ্ডৰ সৈতে ইছলামিক ৰিপাব্লিকৰ এজেন্ট জড়িত হৈ আছে।
 
ফেৰেডুনে তেওঁৰ ভগ্নীৰ স্মাৰক অনুষ্ঠান এটাত কৈছিল- "যেতিয়া ফোৰুখৰ কবিতা আলোচনীত প্রকাশ পায় বহুতে তেওঁক অভিশাপ দিছিল আৰু বেশ্যা বুলি অভিযোগ কৰিছিল কাৰণ তেওঁ নিজৰ কবিতাত এনে কিছুমান কথা কৈছিল যিবোৰ সেই সময়ৰ পিতৃতান্ত্রিক সমাজে এগৰাকী মহিলাৰ পৰা মানি লোৱা নাছিল। আনকি একাংশ বুদ্ধিজীৱীয়েও তেওঁক অপমান কৰিছিল। কিন্তু ফোৰুখ কেতিয়াও পিছুৱাই যোৱা নাছিল। তেওঁ কৈছিল - 'মোক নাৰী কবি বুলি নক'বা। মই এজন কবি আৰু এজন পুৰুষ কবিয়ে যদি প্ৰেমৰ কথা ক'ব পাৰে, মইয়ো ক'ব পাৰোঁ।” ফোৰুখ ফাৰুখজাদৰ কবিতা ইংৰাজী, ফৰাচী, জার্মান, ইটালীয়ান, ৰাছিয়ান, উজবেক আৰু তুর্কীকে ধৰি বহু ভাষালৈ অনুবাদ কৰা হৈছে। 
 
ইছলামিক বিপ্লৱৰ পিছত তেওঁৰ কেইবাখনো গ্রন্থ নিষিদ্ধ কৰা হৈছে যদিও তেওঁৰ কৰ্মৰাজিৰ গোপন বজাৰখন এতিয়াও অতি ৰমৰমীয়া। তেওঁৰ সমসাময়িক আৰু নৱ প্রজন্ম দুয়োয়ে তেওঁৰ কবিতাক শ্রদ্ধা কৰে। তেওঁৰ বহুতো কবিতাৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ প্ৰতি শ্রদ্ধা অব্যাহত থকাটো আচৰিত কথা নহয়। তেওঁৰ কথাবোৰ আগৰ তুলনাত অধিক প্ৰাসংগিক কর্তৃত্বশীল পদত থকাসকলে সেই সমূহ অধিক ভয় কৰে কিছুমানে কোৱাৰ দৰে – হয়তো আগতকৈয়ো বেছি!
 
১৯৭৯ চনৰ ইছলামিক বিপ্লৱ
 
To My Sister
 
Sister, rise up after your freedom,
Why are you quiet? 
Rise up because henceforth 
You have to imbibe the blood of tyrannical men. 
Seek your rights, Sister, 
From those who keep you weak, 
From those whose myriad tricks and schemes
Keep you seated in a corner of the house.
 
How long will you be the object of pleasure 
In the harem of men's lust?
How long will you bow your proud head at his feet 
Like a benighted servant?
 
ইৰাণৰ কবি ফোৰুখ ফাৰুখজাদৰ কবিতা ইংৰাজীলৈ অনুবাদ হ'ব বুলি শুনি এগৰাকী অনুবাদকৰ পৰিয়ালৰ প্ৰথম প্রতিক্রিয়া আছিল- 'সেই বেশ্যাজনীৰ ওপৰত কিয় সময় নষ্ট কৰিব লাগিছে?' ফোৰুখ ফাৰুখজাদৰ অপৰাধ আছিল যে তেওঁ নাৰীবাদী, গতানুগতিকতা বিৰোধী আৰু বাক স্বাধীনতাৰ ওপৰত বিশ্বাসী। নার্গিছ মহম্মদীৰ দৰে তেওঁৱো বিচাৰিছিল নীতি আৰক্ষীৰ পৰা মুক্ত এখন সুন্দৰ ইৰাণ। প্ৰথা ভাঙিবলৈ খোজা অগতানুগতিক নাৰী চিৰদিনৰ বাবে নষ্ট চৰিত্ৰৰ। এগৰাকী কবিয়ে লিখাৰ দৰে:
 
মাহছা আমিনীৰ হত্যাৰ প্ৰতিবাদত ইৰাণৰ ৰাজপথত মহিলাসকল
 
'সিহঁতে কয়
যদি তুমি স্বাধীনতা বাছি লোৱা
মূল্য দিব লাগিব।
 
মূল্য দিওঁ
মোলৈ বাগৰি অহা
গালি-গালাজৰ সন্মুখীন হৈ।
 
আব্বাই মোক বিদ্রোহী বুলি কয়, 
আম্মাই কয় - নষ্ট ছোৱালী। 
সমাজে কয় - পতিতা 
আৰু মোৰ প্ৰাক্তন স্বামীয়ে কয় – বাটৰ ঢেকুৰী!
 
মোৰ ভনীজনীয়ে কয় 
মই এজনী ব্যর্থ নাৰী 
স্বামীক মই ধৰি ৰাখিব নোৱাৰিলোঁ। 
আৰু মোৰ দেশে কয় মই- 
হেনো বিশ্বাসঘাতক!
 
কিন্তু মই নিজকে কওঁ -
মই এগৰাকী স্বাধীন মহিলা।' (The Pride of Freedom)
 
নাৰ্গিছ মহম্মদী
 
To my Sister কবিতাটোত কবিয়ে লিখাৰ দৰে -
 
"নিজৰ অধিকাৰ তোমালোকে কাঢ়ি লোৱা, 
সেই সকলৰ পৰা যিসকলে তোমাক দুৰ্বল কৰি ৰাখিছে। 
যিসকলে নানান ফন্দি-ফিকিৰেৰে 
তোমালোকক ঠেলি দিছে কোঠাৰ চুকলৈ।”
 
নিজৰ অধিকাৰ কাঢ়ি নিয়াৰ এই অসীম জেদ আৰু অদম্য সাহসেৰে নাৰীয়ে মুক্তিৰ সপোন দেখে। নার্গিছ মহম্মদী আৰু ফোৰুখ ফাৰুখজাদীসকল আছে আৰু ভৱিষ্যতেও থাকিব যেনেকৈ বসন্ত সদায় আহে। সেই বসন্তৰ আগমনতেই বিশ্বাস ৰাখি এই সংগ্ৰাম চলিছে। ৰুদ্ধ কাৰাগাৰৰ দেৱালে কেতিয়াও সূৰ্যৰ আলোক ভেটি ৰাখিব নোৱাৰে।
 
(লেখক পংকজ কুমাৰ নেওগ হৈছে ওমানৰ ৰাজধানী মাস্কাট নিৱাসী এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ তৈল অভিযন্তা আৰু ভাৰতৰ অ’এনজিচি আৰু অইলৰ প্ৰাক্তন তৈল অভিযন্তা। তেওঁ বৰ্তমান অসমৰ বিভিন্ন অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ এগৰাকী নিয়মীয়া স্তম্ভ লেখক)