ৰমজানৰ ৰোজা আৰু কৰ্কট ৰোগ প্ৰতিৰোধৰ মাজত কি সম্পৰ্ক আছে?

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
 
  ড০ হিফজুৰ ৰহমান ছিদ্দিকি

ইছলামিক কেলেণ্ডাৰৰ আটাইতকৈ পবিত্ৰ মাহ হৈছে ৰমজান, যেতিয়া আল্লাহে প্ৰথমবাৰৰ বাবে হজৰত মহম্মদৰ সন্মুখত কোৰাণ শ্বৰীফ উপস্থাপন (নাজিল)কৰিছিল। ২৯ৰ পৰা ৩০ দিনীয়া এই পবিত্ৰ মাহটোৰ সৈতে মুছলমানসকলৰ এক গভীৰ আধ্যাত্মিক যাত্ৰা জড়িত হৈ থাকে। ৰোজা মাহটোত মুছলমান ব্যক্তিসকলে সূৰ্য উদয় হোৱাৰ পৰা সূৰ্যাস্তলৈকে খাদ্য আৰু পানীয়ৰ পৰা বিৰত থাকে। ভোক আৰু পিয়াহৰ পৰা দূৰত থাকি তেওঁলোকে আত্ম-অনুশাসন আৰু সহানুভূতিৰ অভ্যাস কৰে। অৱশ্যে, ৰমজানে কেৱল খাদ্যৰ পৰা বিৰত থকাতকৈ বহু বেছি কথাই সামৰি লয়।
 
ই আত্মচিন্তা, মমতা আৰু উদাৰতা বৃদ্ধিৰ বাবে এক পৰিৱৰ্তনশীল সময় হিচাপে কাম কৰে। বিশেষকৈ এই সময়ছোৱাত দান-বৰঙণিৰ গুৰুত্ব অতিশয় বেছি, কিয়নো মুছলমানসকলক আৰ্তজনক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱা হয়, যাৰ ফলত সহানুভূতি আৰু সামাজিক দায়বদ্ধতাৰ মূল্যবোধ শক্তিশালী হয়। এই মাহৰ ভিতৰত বেছিভাগ মুছলমানেই জাকাতৰ ধন (ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত এটা, সাধাৰণতে দুখীয়া আৰু আৰ্তজনক দান কৰিবলৈ সঞ্চয়ৰ ওপৰত ২.৫% কৰ হিচাপে ইয়াক বৰ্ণনা কৰা হয়) দান কৰিছিল। 
 
তদুপৰি ৰমজান আত্মপৰীক্ষা আৰু আধ্যাত্মিক বিকাশৰ সময়। এই সময়ছোৱাত মুছলমানসকলে গুজৱ বা অন্যান্য অসত্‍ আচৰণত লিপ্ত হোৱাৰ পৰা বিৰত থকাৰ বাহিৰেও আত্মনিৰীক্ষণ, ক্ষমা বিচৰা আৰু ব্যক্তিগত উন্নতিৰ বাবে চেষ্টা কৰিবলৈ প্ৰেৰণা পায়। প্ৰাৰ্থনা, চিন্তা আৰু উপাসনাৰ জৰিয়তে ব্যক্তিসকলে ধৈৰ্য্য, কৃতজ্ঞতা আৰু নম্ৰতাৰ দৰে গুণ অৰ্জন কৰে। মাহটো আগবাঢ়ি যোৱাৰ লগে লগে ৰমজানত একেলগে উপবাস ভংগ কৰি নিশাৰ নামাজত অংশগ্ৰহণ কৰাৰ সাম্প্ৰদায়িক পৰিৱেশে সমাজত সংহতিৰ ভাৱ জগাই তোলে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ৰমজান মাহত ৰোজা ৰাখিলে কিদৰে কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়?
 
ৰমজানৰ উপবাস আৰু কৰ্কট ৰোগৰ আশংকাৰ মাজত সম্ভাৱ্য সম্পৰ্ক পৰীক্ষা কৰা পৰ্যবেক্ষণমূলক অধ্যয়নত কিছুমান গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বিশেষকৈ কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগ যেনে হাওঁফাওঁ, স্তন, যকৃত, আৰু পাকস্থলীৰ কৰ্কট ৰোগত উপবাসৰ যথেষ্ট উপযোগিতা দেখা গৈছে। উপবাসৰ সময়ত হাওঁফাওঁৰ কাৰ্য্যক্ষমতা আৰু শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্য উন্নত হয় আৰু ইয়াৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। কেইবাটাও গৱেষণাই ৰমজানৰ উপবাস আৰু স্তন কেন্সাৰৰ আশংকাৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰিছে, য’ত মিশ্ৰিত তথ্য পোৱা গৈছে। 
 
কিছুমান পৰ্যবেক্ষণমূলক অধ্যয়নত স্তন কেন্সাৰৰ বিৰুদ্ধে উপবাসৰ সম্ভাৱ্য সুৰক্ষামূলক প্ৰভাৱৰ কথা উল্লেখ কৰা হৈছে। সম্ভৱতঃ ৰমজানৰ সময়ছোৱাত হৰম’নৰ মাত্ৰা, বিপাকীয় কাৰক বা খাদ্যৰ ধৰণৰ পৰিৱৰ্তনৰ বাবেই এয়া সম্ভৱ হৈ উঠিব পাৰে। উদাহৰণস্বৰূপে, উপবাসে ইনচুলিন (তেজৰ পৰা চেনি শোষণ কৰাত সহায় কৰা হৰম’ন)ৰ মাত্ৰাত পৰিৱৰ্তন ঘটাব পাৰে, যিয়ে স্তন কেন্সাৰৰ সম্ভাৱনাক প্ৰভাৱিত কৰিব পাৰে। অধ্যয়নত ৰমজানৰ উপবাসে কলৰেক্টাল কেন্সাৰৰ আশংকাৰ ওপৰত প্ৰভাৱৰ বিষয়ে অনুসন্ধান কৰা হৈছে।
 
কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে মাজে মাজে উপবাসে গেষ্ট্ৰাইটিছৰ স্বাস্থ্যৰ ওপৰত উপকাৰী প্ৰভাৱ পেলাব পাৰে, যেনে প্ৰদাহ(inflammation) হ্ৰাস কৰা, আন্ত্ৰিক মাইক্ৰ’বায়’টাৰ (gut microbiota) গঠন উন্নত কৰা, আৰু অন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰা। এই কাৰকসমূহে পাকস্থলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম কৰিব পাৰে। উপবাসে কিছুমান বিশেষ ধৰণৰ কেন্সাৰৰ বিকাশ ৰোধ কৰিব পৰা সম্ভাৱ্য ব্যৱস্থাসমূহৰ ভিতৰত গ্লুক’জৰ উপলব্ধতা হ্ৰাস, ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি, কোষ পুনৰ গঠন, আৰু অটোফেজি (শৰীৰৰ কোনো অপ্ৰয়োজনীয় উপাদান আঁতৰোৱা) আদি অন্যতম। গ্লুক’জৰ উপলব্ধতাই কৰ্কট ৰোগৰ বিকাশ আৰু অগ্ৰগতিত উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু উপবাসে গ্লুক’জৰ বিপাকীয় ক্ৰিয়া সলনি কৰি কৰ্কট ৰোগৰ আশংকাক প্ৰভাৱিত কৰিব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
শৰীৰৰ স্বাভাৱিক কোষৰ তুলনাত কেন্সাৰ কোষত গ্লুক’জৰ চাহিদা বৃদ্ধি পোৱা দেখা যায়। উপবাসৰ সময়ত তেজত গ্লুক’জৰ উপলব্ধতা কমি যায়, যাৰ ফলত শৰীৰে অন্যান্য শক্তিৰ উৎস ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা পায়। এই শক্তিৰ উৎসৰ পৰিৱৰ্তনে কেন্সাৰ কোষৰ ওপৰত চাপৰ সৃষ্টি কৰে, যিবোৰ পুষ্টিকৰ উপাদানৰ উঠা-নমাৰ লগত কম খাপ খাব পাৰে। তদুপৰি উপবাসে শৰীৰত ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, যিটো প্ৰায়ে কেন্সাৰৰ সম্ভাৱনা বৃদ্ধিৰ সৈতে জড়িত। শৰীৰৰ কোষবোৰ সুস্থিৰ কৰি ৰখা, কোষৰ অস্তিত্ব বৃদ্ধি কৰাৰ লগতে পাৰ্কিনছন ৰোগ, টাইপ ২ ডায়েবেটিছ, কেন্সাৰ আদি বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাত অটোফেজি অতি গুৰুত্বপূৰ্ণ।বিভিন্ন ৰোগত অটোফেজিক লক্ষ্য কৰি ঔষধ প্ৰস্তুত কৰিবলৈ অসংখ্য পৰীক্ষাগাৰে গৱেষণা কৰি আছে।
 
অটোফেজিৰ ব্যৱস্থা আৰু উপবাসৰ সৈতে ইয়াৰ সম্পৰ্ক উদঘাটনৰ বাবে ২০১৬ চনত অধ্যাপক যোছিনোৰি অহছুমীয়ে শৰীৰবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। সামৰণিত ক’বলৈ গ’লে উপবাসে অটোফেজি(autophagy)ৰ সৃষ্টি কৰে, যিয়ে কোষৰ ক্ষতিকাৰক উপাদানসমূহ আঁতৰাই পেলায়। ইয়াৰ ফলত কোষ সুস্থ হয়, কেন্সাৰ ৰোগ আৰম্ভ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় আৰু আয়ুস বৃদ্ধি পায়। উপবাসৰ ফলত সৃষ্টি হোৱা অটোফেজিয়ে শৰীৰৰ দীৰ্ঘদিনীয়া প্ৰদাহো(chronic inflammation) হ্ৰাস কৰে, যিটো কেন্সাৰ হোৱাৰ অন্যতম কাৰণ।
 
ৰমজানত ৰোজাৰ উপকাৰিতাঃ
 
ৰমজানৰ সময়ত ৰোজাদাৰে অসংখ্য শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উপকাৰ লাভ কৰে। সেইবোৰ হৈছে-- 
 
প্ৰতিনিধিত্বমূলক ছবি
 
শাৰীৰিক বিষমুক্তকৰণ (Physical Detoxification): উপবাসৰ সময়ছোৱাত শৰীৰ বিষমুক্ত হয় আৰু ই নিজকে পৰিষ্কাৰ কৰি পাচনতন্ত্ৰক জিৰণি দিয়ে। উপবাসে শৰীৰৰ সজীৱতা আৰু বিষমুক্তকৰণত সহায় কৰে।
 
বিপাকীয় স্বাস্থ্যৰ উন্নতি (Improved Metabolic Health): উপবাসে বিপাকীয় স্বাস্থ্য, ইনচুলিনৰ সংবেদনশীলতা, আৰু মধুমেহ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।
 
মানসিক স্পষ্টতা বৃদ্ধি পায়ঃ বহু ব্যক্তিয়ে উপবাসৰ সময়ত মানসিক স্পষ্টতা আৰু মনোনিৱেশ বৃদ্ধি হোৱাৰ কথা কয়। ব্লাড ছুগাৰৰ মাত্ৰা কমকৈ উঠা-নমা হ’লে মানুহৰ cognitive function উন্নত হয়। ইয়াৰ ফলত সচেতনতা আৰু একাগ্ৰতা বৃদ্ধি পাব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আধ্যাত্মিক প্ৰতিফলনঃ ৰমজানৰ সময়ত উপবাসে নিজৰ ধৰ্মীয় বিশ্বাসৰ সৈতে গভীৰ আধ্যাত্মিক সচেতনতা আৰু সংযোগ গঢ়ি তোলে। ই আত্ম-নিৰীক্ষণ আৰু চিন্তা-চৰ্চাৰ জৰিয়তে আধ্যাত্মিক সমৃদ্ধিত সহায় কৰে, ঈশ্বৰৰ সৈতে নিজৰ সম্পৰ্ক শক্তিশালী কৰে। লগতে কৃতজ্ঞতা আৰু মননশীলতাৰ ভাৱনাক ই সম্প্ৰসাৰিত কৰে। 
 
অনুশাসন গঢ়ি তোলাঃ ৰমজানৰ উপবাসে আত্ম-অনুশাসন আৰু আত্মনিয়ন্ত্ৰণ বৃদ্ধি কৰে। দিনৰ পোহৰৰ সময়ত খাদ্য, পানীয় আৰু অন্যান্য ভোগ-বিলাসৰ পৰা বিৰত থাকি ব্যক্তিয়ে সংযম কৰিবলৈ শিকে আৰু প্ৰচণ্ড ইচ্ছাশক্তি গঢ়ি তোলে। এই অভ্যাস ৰমজান মাহৰ বাহিৰেও জীৱনৰ বিভিন্ন দিশলৈ বিস্তৃত হ’ব পাৰে।
 
সামগ্ৰিকভাৱে ৰমজানৰ উপবাসে স্বাস্থ্য আৰু শৰীৰৰ সৰ্বাংগীন মংগলৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী আগবঢ়ায়, যিয়ে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক মাত্ৰাসমূহ সামৰি লয়।
 
(লেখক আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ এজন ফেকাল্টী। তেওঁ বিশ্ববিদ্যালয়খনৰ Molecular Cancer Genetics and Translational Research Laboratory বিভাগৰ সৈতে জড়িত। লেখাটো প্ৰস্তুত কৰাত ড০ ছিদ্দিকক তেওঁৰ পিএইচডি শিক্ষাৰ্থী ড০ হোমা ফাটেমাই সহায় কৰিছে।)