প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
১১ ডিচেম্বৰত ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ আৰু ৩৫ (ক) বাতিল কৰাৰ বিষয়ত এক ঐতিহাসিক ৰায় প্ৰদান কৰে। এই ৰায়ৰ জৰিয়তে ন্যায়ালয়ে ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতাক বাহাল ৰাখিলে, যি কথা প্রতিগৰাকী ভাৰতীয়ই মনত পোষণ কৰি আহিছে। উচ্চতম ন্যায়ালয়ে সঠিকভাৱে লক্ষ্য কৰিছিল যে ৫ আগষ্ট, ২০১৯ত চৰকাৰে গ্রহণ কৰা সিদ্ধান্তটো সাংবিধানিকভাৱে বৈধ আছিল আৰু সকলো ঠাইকে একত্রিতকৰণৰ উদ্দেশ্যে সেই সিদ্ধান্ত গ্রহণ কৰা হৈছিল, বিভাজনৰ বাবে নহয়। ন্যায়ালয়ে এই সত্যটোও স্বীকাৰ কৰিছে যে অনুচ্ছেদ ৩৭০ স্থায়ী প্রকৃতিৰ নাছিল।
জম্মু-কাশ্মীৰ আৰু লাডাখৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, শান্ত-সৌম্য উপত্যকা আৰু নান্দনিক পর্বতবোৰে কবি, শিল্পী আদি সকলোৰে হৃদয় জয় কৰি আহিছে। এয়া এনে এক স্থান, য'ত হিমালয়ে আকাশ ধিয়ায়, য'ত হ্রদ আৰু নদীৰ জল তৰংগত সৰগখন প্রতিফলিত হয়। কিন্তু যোৱা সাত দশক ধৰি এই ঠাইবোৰক জোকাৰি গৈছিল হিংসা আৰু অস্থিৰতাই। যিবোৰ ঘটনা ঘটাটো কোনেও মনে-প্রাণে কামনা কৰা নাছিল।
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ
দুর্ভাগ্যবশতঃ শতিকাজুৰি উপনিবেশ শাসনৰ অধীনত থকাৰ ফলত, বিশেষকৈ অর্থনৈতিক আৰু মানসিক বশ্যতাৰ বাবে আমি একপ্রকাৰৰ বিভ্রান্তিৰ চিকাৰ হৈছিলো। অতি মৌলিক বিষয়বোৰ সন্দৰ্ভত স্পষ্ট স্থিতি গ্রহণৰ পৰিবর্তে আমি দ্বৈত স্থিতিকে মানি লৈছিলো। যাৰ ফলত বিভ্রান্তিৰ সৃষ্টি হৈছিল। দুখৰ বিষয় যে জম্মু-কাশ্মীৰ এনে মানসিকতাৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্রস্ত হৈছিল। স্বাধীনতাৰ সময়ত আমাৰ সন্মুখত ৰাষ্ট্রীয় একত্রীকৰণৰ বাবে এক নতুন আৰম্ভণি কৰাৰ বিকল্প আছিল। ইয়াৰ পৰিবর্তে আমি বিভ্রান্ত, বিভাজিত সমাজৰ দৃষ্টিভংগী অব্যাহত ৰখাৰহে সিদ্ধান্ত লৈছিলো, যদিও ই দীর্ঘম্যাদী ৰাষ্ট্রীয় স্বার্থক উপেক্ষা কৰিছিল।
মই মোৰ জীৱনৰ আৰম্ভণিৰে পৰাই জম্মু আৰু কাশ্মীৰ আন্দোলনৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ পাইছো। মই এটা আদর্শগত পৰিকাঠামোৰ অন্তর্ভুক্ত, য'ত জম্মু আৰু কাশ্মীৰ কেৱল এটা ৰাজনৈতিক সমস্যা নাছিল। এয়া সমাজৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰাৰ বিষয়হে আছিল। ড° শ্যামাপ্রসাদ মুখার্জী নেহৰু কেবিনেটত এটা গুৰুত্বপূর্ণ দপ্তৰৰ দায়িত্বত আছিল আৰু তেওঁ দীর্ঘদিন চৰকাৰত থাকিব পাৰিলেহেঁতেন। তথাপি তেওঁ কাশ্মীৰ সমস্যাৰ প্ৰসংগতেই কেবিনেট ত্যাগ কৰিছিল আৰু সম্মুখৰ জটিল পথ বাছি লৈছিল। তেওঁ ইয়াৰ বাবে মূল্যও ভৰিবলগীয়া হৈছিল। তেওঁৰ প্রচেষ্টা আৰু ত্যাগৰ ফলত কোটি কোটি ভাৰতীয় কাশ্মীৰ সমস্যাৰ সৈতে আবেগিকভাৱে জড়িত হৈ পৰিছিল। বহু বছৰৰ পিচত অটলজীয়ে শ্রীনগৰত এখন ৰাজহুৱা সভাত 'ইনছানিয়াত', 'জামহুৰিয়াত' আৰু 'কাশ্মীৰীয়াত'ৰ শক্তিশালী বার্তা প্রদান কৰিছিল, যি বার্তা সদায়ে এক মহান অনুপ্রেৰণাদায়ক বার্তা হিচাপে পৰিগণিত হৈ আহিছে।
প্ৰতিনিধিত্বমূলক ছবি
জম্মু-কাশ্মীৰত যি ঘটিছিল, সেয়া আমাৰ দেশ আৰু তাত বাস কৰা লোকসকলৰ প্রতি এক ডাঙৰ বিশ্বাসঘাতকতা আছিল বুলি মই সদায় দৃঢ়তাৰে বিশ্বাস কৰি আহিছো। সেই বাধাসমূহ কিদৰে দূৰ কৰিব পাৰি সেই বিষয়তো মই চিন্তা-চর্চা কৰি আহিছো।
অতি সাধাৰণ শব্দত অনুচ্ছেদ ৩৭০ আৰু ৩৫ (ক) সেই ঠাইৰ উন্নয়নৰ এক ডাঙৰ বাধা আছিল। সেইবোৰক একোখন শক্তিশালী দেৱাল যেন অনুভৱ হৈছিল আৰু সেই বাধাৰ ভুক্তভোগীসকল দৰিদ্র আৰু দলিত আছিল। অনুচ্ছেদ ৩৭০ আৰু ৩৫ (ক)-এ নিশ্চিত কৰিছিল যে জম্মু আৰু কাশ্মীৰৰ মানুহে কেতিয়াও বাকী ভাৰতীয়সকলে লাভ কৰা অধিকাৰ আৰু উন্নয়ন ভোগ কৰিব নোৱাৰে। এই অনুচ্ছেদবোৰৰ বাবে একেখন ৰাষ্ট্ৰৰ লোকসকলৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল। এই দূৰত্বৰ বাবে, জম্মু-কাশ্মীৰৰ সমস্যা সমাধানৰ অৰ্থে কাম কৰিব বিচাৰ আমাৰ দেশৰ বহু লোকে তাত থকা লোকসকলৰ বেদনা স্পষ্টভাৱে অনুভৱ কৰিলেও একো কৰিব পৰা অৱস্থাত নাছিল।
যোৱা কেইবাদশক ধৰি বিষয়টো নিবিড়ভাৱে নিৰীক্ষণ কৰা এজন লোক হিচাপে, বিষয়টোৰ নির্দিষ্ট তাৎপর্য আৰু জটিলতাবোৰৰ বিষয়ে মোৰ এক সূক্ষ্ম ধাৰণাৰ সৃষ্টি হৈছিল। মই এটা বিষয়ত দৃঢ়তাৰে কৈছিলো যে জম্মু-কাশ্মীৰৰ লোকসকলেও উন্নয়ন বিচাৰে আৰু তেওঁলোকে তেওঁলোকৰ শক্তি তথা দক্ষতাৰ ভিত্তিত ভাৰতৰ বিকাশত অৰিহণা যোগাব বিচাৰে। তেওঁলোকে তেওঁলোকৰ সন্তানৰ বাবে উন্নত মানৰ জীৱন বিচাৰে।
দিনযোৰা কাৰ্যসূচীৰে জম্মু-কশ্মীৰ ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
জম্মু-কাশ্মীৰৰ জনসাধাৰণক সেৱা আগবঢ়োৱাৰ সময়ত আমি তিনিটা বিষয়ত প্রাধান্য দিছিলো- নাগৰিকসকলৰ উদ্বেগৰ বুজ লোৱা, সঠিক পদক্ষেপৰ জৰিয়তে বিশ্বাসৰ পৰিবেশ গঢ় দিয়া আৰু অধিক উন্নয়নক অগ্রাধিকাৰ দিয়া। ২০১৪ চনত আমি কাৰ্যভাৰ গ্ৰহণ কৰাৰ ঠিক পিচতে জম্মু আৰু কাশ্মীৰত ভয়ংকৰ বান হৈছিল। বানৰ ফলত কাশ্মীৰ উপত্যকাত যথেষ্ট ক্ষতি হৈছিল। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত মই পৰিস্থিতিৰ মূল্যাংকন কৰিবলৈ শ্রীনগৰলৈ গৈছিলো আৰু সংকটৰ সময়ত জনসাধাৰণক সমর্থন কৰাৰ বাবে আমাৰ চৰকাৰৰ প্রতিশ্রুতিৰ ইংগিত দি পুনর্সংস্থাপনৰ বাবে বিশেষ সহায় হিচাপে ১,০০০ কোটি টকা ঘোষণা কৰিছিলো।
মই সেই সময়ত তাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলক লগ পোৱাৰ সুযোগ পাইছিলো আৰু তেওঁলোকৰ সৈতে কৰা বার্তালাপবোৰত এটা উমৈহতীয়া ধ্বনি অনুবর্ণিত হৈছিল- মানুহে কেৱল উন্নয়ন বিচৰাই নহয়, তেওঁলোকে দশকজুৰি চলি থকা ব্যাপক দুর্নীতিৰ পৰা মুক্তি বিচাৰিছিল। একে বছৰতে মই জম্মু-কাশ্মীৰত প্রাণ হেৰুওৱা লোকসকলৰ স্মৰণত দেৱালী উদযাপন নকৰাৰ সিদ্ধান্ত লৈছিলো। মই দেৱালীৰ দিনা জম্মু আৰু কাশ্মীৰত থকাৰ সিদ্ধান্ত লৈছিলো। জম্মু-কাশ্মীৰৰ উন্নয়ন যাত্রা অধিক শক্তিশালী কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলো যে আমাৰ চৰকাৰৰ মন্ত্রীসকলে সঘনাই তালৈ যাব আৰু মানুহৰ সৈতে পোনপটীয়াকৈ বার্তালাপ কৰিব। এই সঘনাই কৰা ভ্রমণবোৰ জম্মু আৰু কাশ্মীৰত মানুহৰ মাজত সদিচ্ছা আৰু বিশ্বাসৰ পৰিবেশ গঢ়ি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।
প্ৰতিনিধিত্বমূলক ছবি
মে' ২০১৪ৰ পৰা মার্চ ২০১৯লৈ ১৫০ গৰাকীৰো অধিক মন্ত্রীয়ে কাশ্মীৰ ভ্রমণ কৰিছে। এয়া নিজেই এটা অভিলেখ। ২০১৫ চনত ঘোষণা কৰা বিশেষ পেকেজ জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ প্রয়োজনীয়তা পুৰণৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ আছিল। ইয়াত আন্তঃগাঁথনি উন্নয়ন, চাকৰিৰ সৃষ্টি, পর্যটনৰ প্ৰচাৰ আৰু হস্তশিল্প উদ্যোগক উদগনি যোগোৱাৰ বাবে গ্রহণ কৰা পদক্ষেপ অন্তর্ভুক্ত আছিল।
আমি জম্মু-কাশ্মীৰত ক্রীড়াৰ শক্তিক জাগ্রত কৰিছো, যুৱসকলৰ সপোনক দিঠকত পৰিণত কৰাৰ বাবে তেওঁলোকৰ সম্ভাৱনাক স্বীকৃতি দিছো। ক্রীড়া প্রচেষ্টাৰ জৰিয়তে আমি তেওঁলোকৰ আকাংক্ষা আৰু ভৱিষ্যতৰ ভেটি স্থাপনৰ প্রভাৱ প্রত্যক্ষ কৰিছো। কাশ্মীৰৰ ক্রীড়া ক্ষেত্ৰবোৰ উন্নীত কৰা হৈছে, প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু প্রশিক্ষক নিয়োগ কৰা হৈছে।
অসামান্য প্রতিভাশালী ফুটবলাৰ আফছান আশিকৰ নাম মোৰ মনলৈ আহিছে। ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ শ্রীনগৰত নিৰাপত্তা বাহিনীলৈ শিল নিক্ষেপ কৰাসকলৰ মাজৰে এজন আছিল। কিন্তু সঠিক উৎসাহ লাভ কৰাৰ পিচত তেওঁ পুনৰ ফুটবললৈ ঘুৰি আহিছিল, তেওঁক প্রশিক্ষণৰ বাবে প্রেৰণ কৰা হৈছিল আৰু খেলত তেওঁ উৎকৃষ্ট প্রদর্শনো কৰিছিল। মোৰ মনত আছে ফিট ইন্ডিয়া ডায়েলগত তেওঁৰ সৈতে বাৰ্তালাপ কৰাৰ কথা। য'ত মই কৈছিলো যে 'বেণ্ড ইট লাইক বেকহাম'ৰ দৰে 'Ace it like Afshan' হৈ আগুৱাই যোৱা। কাশ্মীৰৰ আন যুৱক-যুৱতীসকলেও কিক্বক্সিং, কাৰাটে আদি খেলত জিলিকিবলৈ আৰম্ভ কৰিছিল।
প্ৰতিনিধিত্বমূলক ছবি
অঞ্চলটোৰ সর্বাংগীণ উন্নয়নত পঞ্চায়ত নির্বাচনেও গুৰুত্বপূর্ণ প্রভাৱ পেলাইছিল। আকৌ এবাৰ আমি ক্ষমতাত থাকিম নে নীতিৰ সৈতে আপোচ কৰিম জাতীয় দ্বিধাৰ সন্মুখীন হৈছিলো। আমি চৰকাৰ এৰি দিছিলো, কিন্তু আমি আমাৰ আদর্শবোৰক, জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ আশা-আকাংক্ষাবোৰক সর্বাধিক অগ্রাধিকাৰ দিয়াৰ বিষয়ৰ পৰা বিচলিত হোৱা নাছিলো। কাশ্মীৰত পঞ্চায়ত নিৰ্বাচনৰ সফলতাই গণতান্ত্রিক পৰম্পৰা ৰক্ষা পৰাৰ ইংগিত দিছিল।
মোৰ মনত পৰিছে গাঁওবোৰৰ প্রধানসকলৰ সৈতে কৰা বাৰ্তালাপৰ কথা। অন্যান্য বিষয়ৰ উপৰি মই তেওঁলোকক এটা অনুৰোধ কৰিছিলো যে কেতিয়াও বিদ্যালয়ত অগ্নিসংযোগ কৰিব নালাগে আৰু এই কথা আমি দৃঢ়ভাৱে নিশ্চিত কৰিব লাগিব। মোৰ সেই আহ্বান তেওঁলোকে মানি চলা দেখি মই আনন্দিত হৈছিলো। যদি বিদ্যালয়বোৰ জ্বলাই দিয়া হয়, আটাইতকৈ ক্ষতিৰ সম্মুখীন হয় কণ কণ শিশুবোৰ।
৫ আগষ্টৰ ঐতিহাসিক দিনটো প্রতিজন ভাৰতীয়ৰ হৃদয় আৰু মনত খোদিত হৈ আছে। আমাৰ সংসদে সেই দিনটোতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ঐতিহাসিক সিদ্ধান্ত গৃহীত কৰিছিল। তেতিয়াৰে পৰা জম্মু, কাশ্মীৰ আৰু লাডাখত যথেষ্ট পৰিবর্তন হৈছে। ন্যায়িক আদালতৰ ৰায় ২০২৩ চনৰ ডিচেম্বৰত আহিছিল, কিন্তু জম্মু, কাশ্মীৰ আৰু লাডাখত উন্নয়নৰ ঢৌ দেখি জনন্যায়ালয়ে যেন অনুচ্ছেদ ৩৭০ আৰু ৩৫ (ক) বাতিল কৰাৰ সংসদৰ সিদ্ধান্তক হাত চাপৰি বজাই আদৰণি জনাইছিল।
পুঞ্চত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণ
ৰাজনৈতিক পর্যায়ত যোৱা ৪ বছৰত তৃণমূল পর্যায়ৰ পৰাই গণতন্ত্ৰৰ বিষয়ত এক নতুন বিশ্বাসৰ পৰিবেশ গঢ় লৈ উঠিছে। পূর্বে সমাজৰ মহিলা, জনজাতি, অনুসূচিত জাতি, জনজাতি আৰু প্রান্তিক শ্রেণীৰ লোকসকলে তেওঁলোকৰ প্রাপ্য লাভ কৰা নাছিল। একে সময়তে লাডাখৰ আশা-আকাংক্ষাক সম্পূর্ণৰূপে উপেক্ষা কৰা হৈছিল। ৫ আগষ্ট ২০১৯ৰ পিচৰে পৰা সেই সকলোবোৰ কথা সলনি হৈ গ'ল। কাশ্মীৰত এতিয়া সকলো কেন্দ্রীয় আইন ভয় বা পক্ষপাত নোহোৱাকৈ প্রযোজ্য হৈছে। জনপ্রতিনিধিত্বও অধিক বিস্তৃত হৈছে- তিনি স্তৰৰ পঞ্চায়তীৰাজ প্রণালী প্রস্তুত হৈছে, বি ডি চি নির্বাচন অনুষ্ঠিত হৈছে আৰু শৰণার্থী সম্প্রদায়ৰ লোকসকলে উন্নয়নৰ ফল উপভোগ কৰিবলৈ আৰম্ভ কৰিছে।
কাশ্মীৰত এতিয়া কেন্দ্রীয় চৰকাৰৰ মুখ্য আঁচনিসমূহ পূর্ণ বিকশিত ৰূপত উদ্ভাসিত হৈছে। আঁচনিসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি লৈছে। তেনে আঁচনিসমূহৰ ভিতৰত আছে সৌভাগ্য, উজৱালা আক উজ্জ্বালা আঁচনি, গৃহ নির্মাণ, টেপৰ পানী সংযোগ আৰু বিত্তীয় অন্তর্ভুক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰা হৈছে। স্বাস্থ্য সেৱা, আন্তঃগাঁথনিৰ উন্নীতকৰণ আদি সম্ভৱ হৈ পৰিছে। চৰকাৰী খালী পদ পুৰণ কৰা হৈছে।
জম্মু-কাশ্মীৰৰ মনোমোহা দৃশ্য
পক্ষপাতিত্বহীনভাৱে সকলো কাম স্বচ্ছভাৱে সম্পাদন কৰি থকা হৈছে। আই এম আৰৰ দৰে অন্যান্য সূচকবোৰে এতিয়া কাশ্মীৰত কেৱল উন্নতিৰ ছবিখন প্রতিফলিত কৰিছে। আন্তঃগাঁথনি আৰু পর্যটনৰ উৎসাহে বিকাশৰ মাত্রা বঢ়াই তুলিছে। ইয়াৰ কৃতিত্ব স্বাভাৱিকতে জম্মু-কাশ্মীৰৰ লোকসকললৈ যায়, যিসকলে বাৰে বাৰে কৈ আহিছে যে তেওঁলোকে কেৱল উন্নয়ন বিচাৰে আৰু এই ইতিবাচক পৰিবৰ্তনৰ এগৰাকী সহযোগী হ'বলৈ ইচ্ছুক। ইয়াৰ পূর্বে জম্মু, কাশ্মীৰ আৰু লাডাখৰ পৰিস্থিতি আৰু বিকাশক লৈ প্রশ্নবোধক চিহ্ন আছিল। এতিয়া সকলোতে কেৱল অভিলেখসংখ্যক বৃদ্ধি, অভিলেখ সৃষ্টিকাৰী বিকাশ, অভিলেখসংখ্যক পর্যটকৰ সমাগমৰ ছবিখনহে প্রতিফলিত হয়।
উচ্চতম ন্যায়ালয়ে ১১ ডিচেম্বৰত দিয়া ৰায়ে 'এক ভাৰত, শ্রেষ্ঠ ভাৰত'ৰ মনোভাৱক শক্তিশালী কৰিছে- ই আমাক সোঁৱৰাই দিছে যে আমাক যিধৰণে সংজ্ঞাবদ্ধ কৰা হৈছে সেয়া হৈছে ঐক্যৰ বন্ধন আৰু সুশাসনৰ প্রতি এক অংশীদাৰী প্রতিশ্রুতি। আজি জম্মু, কাশ্মীৰ আৰু লাডাখত জন্মগ্রহণ কৰা প্রতিটো শিশুৱে এনে এক পৰিবেশত জন্মগ্রহণ কৰে, য'ত তেওঁলোকে জীৱনৰ আকাংক্ষাবোৰ, পৰিপূর্ণ ভৱিষ্যতৰ ৰংবোৰ বিচাৰি পাব পাৰে। আজি কাশ্মীৰৰ জনসাধাৰণৰ সপোনবোৰ অতীতৰ ভয়াৱহতাৰ মাজত বন্দী নহয়, ভৱিষ্যতৰ সম্ভাৱনাৰেহে পৰিপূর্ণ।