অৰিত্ৰ বেনাৰ্জী
২০২৫ চনৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ২৫ জন ভাৰতীয় নাগৰিক আৰু ১ জন নেপালী নাগৰিককে ধৰি ২৬ জন লোকৰ কৰুণ মৃত্যু হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে সমগ্ৰ পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী স্থানক লক্ষ্য কৰি কৌশলগত সামৰিক অভিযান অপাৰেচন সেন্দুৰ আৰম্ভ কৰে। ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাক শক্তিশালী কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক নেতৃত্বৰ বাবে পৰিচিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত এই অভিযান সাফল্যমণ্ডিত হোৱা পৰিলক্ষিত হৈছে।
বিশেষকৈ পঞ্জাৱৰ বিদ্ৰোহ আৰু ১৯৯৯ চনৰ আইচি-৮১৪ বিমান অপহৰণৰ দৰে প্ৰত্যাহ্বানমূলক সময়ত অজিত ডোভালৰ চোৰাংচোৱাৰ বিস্তৃত অভিজ্ঞতাই গভীৰভাৱে প্ৰভাৱিত কৰিছিল। "আক্ৰমণাত্মক প্ৰতিৰক্ষা" নামেৰে জনাজাত তেওঁৰ কৌশলে ভাবুকি বৃদ্ধি পোৱাৰ আগতেই ইয়াৰ বিৰুদ্ধে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে। এই পদ্ধতি অপাৰেচন সেন্দুৰৰ পৰিকল্পনাত অতি গুৰুত্বপূৰ্ণ আছিল। এই কৌশলৰ জৰিয়তে পাকিস্তানৰ সন্ত্ৰাসবাদী স্থানসমূহক নিখুঁতভাৱে লক্ষ্য কৰি লোৱাটো নিশ্চিত কৰা হৈছিল।
পহলগামৰ বৈসাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ কিছু মূহুৰ্ত পূৰ্বৰ দৃশ্য
অপাৰেচন সেন্দুৰৰ সফলতা আছিল পুংখানুপুংখ পৰিকল্পনা আৰু চোৰাংচোৱা সংগ্ৰহৰ ফল। অভিযানৰ পূৰ্বে ভাৰতীয় সংস্থাসমূহে পাকিস্তানৰ গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী স্থানসমূহৰ বিশদভাবে বিশ্লেষণ কৰিছিল, যাৰ ভিতৰত আছিল ছাৱাই নালা, মুৰিডকে আৰু বাহাৱালপুৰ। ইয়াৰ প্ৰস্তুতিসমূহ কাৰ্য্যকৰী চোৰাংচোৱাৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। যিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ বুদ্ধিমত্তাক প্ৰতিফলিত কৰিছিল। ফলপ্ৰসূ সামৰিক অভিযানৰ বাবে এনে চোৰাংচোৱা তথ্য অতি গুৰুত্বপূৰ্ণ।
ডোভালৰ নেতৃত্বত অপাৰেচন সেন্দুৰৰ প্ৰভাৱ তাৎক্ষণিক কৌশলগত সাফল্যৰ উপৰিও পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ গভীৰ অসামৰিক-সামৰিক সংযোজনৰ কথা সমগ্ৰ বিশ্বৰ আগত উদঙাই দিছিল। মুৰিডকেত নিহত সন্ত্ৰাসবাদীৰ জনাজাত কৰ্পছ কমাণ্ডাৰ চতুৰ্থ কৰ্পছৰ লেফটেনেণ্ট জেনেৰেল ফায়াজ হুছেইন শ্বাহ, জিঅ’চি ১১ ইনফেণ্ট্ৰি ডিভিজন মেজৰ জেনেৰেল ৰাও ইমৰাণ ছৰতাজ, পঞ্জাৱৰ মহাপৰিদৰ্শক ড০ উছমান আনোৱাৰকে ধৰি পাকিস্তানৰ জ্যেষ্ঠ সামৰিক বিষয়াসকল মুকলিকৈ উপস্থিত আছিল। পাকিস্তানৰ এই নিৰ্লজ্জ কাণ্ডই সমগ্ৰ বিশ্বৰ আগত তেওঁলোকে সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ দিয়াৰ কথা উদঙাই দিছে। লগতে সমগ্ৰ বিশ্বৰ আগত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ বুদ্ধিমত্তা আৰু কৌশল প্ৰতিফলিত হৈ উঠিছে।
অপাৰেচন সেন্দুৰৰ পিছত ভাৰতৰ প্ৰতিৰক্ষা কৌশলে সক্ৰিয় সীমান্ত সুৰক্ষাৰ দিশত এক উল্লেখযোগ্য পৰিৱৰ্তন প্ৰদৰ্শন কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ৰামনগৰ, নৌশ্বেৰা, মিৰাণ চাহাবৰ দৰে অঞ্চলত একাধিক পাকিস্তানী ড্ৰোন অনুপ্ৰৱেশৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰে। ডোভালে ড্ৰ’ন আৰু চোৱাচিতাৰ ক্ষমতাৰ ওপৰত দীৰ্ঘদিনীয়া গুৰুত্ব দিয়াৰ বাবেই ভাৰতৰ সীমান্ত সুৰক্ষাক যথেষ্ট শক্তিশালী কৰি তুলিলে।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ সকলক গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জনোৱা এক দৃশ্য
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় (এন এছ চি এছ) যথেষ্ট শক্তিশালী কৰা হৈছিল, যাৰ ফলত ইয়াক কৌশলগত সিদ্ধান্ত গ্ৰহণৰ বাবে ভাৰতৰ কেন্দ্ৰীয় সংস্থালৈ ৰূপান্তৰিত কৰা হৈছিল। ২০১৯ চনত ব্যৱসায়িক নিয়ম আবণ্টনৰ সংশোধনীৰ জৰিয়তে এন এছ চি এছক আইনগতভাৱে ক্ষমতা প্ৰদান কৰা হয়, কেবিনেট পৰ্যায়ৰ প্ৰভাৱ প্ৰদান কৰা হয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত ইয়াৰ ভূমিকা আনুষ্ঠানিক কৰা হয়।
এন এছ চি এছৰ ভিতৰৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়াত ডোভালৰ কৌশলগত দূৰদৰ্শিতা স্পষ্ট হৈ পৰিছিল। গৱেষণা আৰু বিশ্লেষণ শাখা (আৰ এণ্ড এ ডব্লিউ)ৰ প্ৰাক্তন মুৰব্বী ৰাজিন্দৰ খান্নাক অভিজ্ঞ নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০২৪ চনৰ জুলাই মাহত অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ নতুনকৈ গঠন কৰা পদত পদোন্নতি দিয়া হয়।
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত জটিল প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ভাৰতৰ নিৰাপত্তা কৌশলৰ বিকাশ ঘটিছিল। প্ৰতিৰক্ষা পৰিকল্পনা সমিতি (ডিপিচি)ত তেওঁৰ ভূমিকাই বিভিন্ন সংস্থাৰ মাজত সমন্বয় শক্তিশালী কৰি তুলিছিল। যাৰ ফলত বিভিন্ন ভাবুকিৰ প্ৰতি দ্ৰুত আৰু ফলপ্ৰসূ সঁহাৰি দিব পৰা গৈছিল। এই সহযোগিতামূলক পন্থাই ভাৰতৰ প্ৰতিৰক্ষা আৰু চোৰাংচোৱা সংস্থাসমূহে একেলগে নিৰৱচ্ছিন্নভাৱে কাম কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা বৃদ্ধি কৰাটো নিশ্চিত কৰে।
অপাৰেচন সেন্দুৰ অভিযানত ভাৰতে পাকিস্তানত কৰা আক্ৰমণৰ এক দৃশ্য
পাকিস্তান আৰু চীন উভয়ৰে পৰা একেলগে নিৰাপত্তাজনিত উদ্বেগ পৰিচালনা কৰিবলৈ ভাৰতক শক্তিশালী কৰাত ডোভালৰ কৌশলগত দূৰদৰ্শিতাই যথেষ্ট সহায় কৰিছে। আন্তঃসংস্থা সহযোগিতা আৰু কৌশলগত পৰিকল্পনাক লাভান্বিত কৰি ভাৰতে দুয়োখন চুবুৰীয়া দেশৰ পৰা অহা সম্ভাৱ্য ভাবুকিসমূহ মোকাবিলা কৰিবলৈ অধিক সুসজ্জিত হৈছে। যাৰ ফলত প্ৰতিৰক্ষাৰ বাবে ব্যাপক প্ৰস্তুতি নিশ্চিত কৰা হৈছে।
অপাৰেচন সেন্দুৰে স্পষ্টভাৱে অজিত ডোভালৰ কৌশলগত দৃষ্টিভংগী আৰু কাৰ্য্যকৰী নিখুঁততাই ভাৰতৰ তাৎক্ষণিক নিৰাপত্তা পৰিৱেশক সুদৃঢ় কৰি তুলিছে। ভৱিষ্যতৰ কৌশলগত সঁহাৰিৰ বাবে চিৰস্থায়ী নীতি প্ৰতিষ্ঠা কৰিছে। অজিত ডোভালৰ দূৰদৰ্শিতা, স্পষ্টতা আৰু নিখুঁত কৌশলৰ দ্বাৰা ভাৰতবৰ্ষ যিকোনো ভাবুকিৰ পৰা সুৰক্ষিত হৈ আছে।
(অৰিত্ৰ বেনাৰ্জী এগৰাকী লেখক, প্ৰতিৰক্ষা বিশ্লেষক আৰু সাংবাদিক)