অযোধ্যাত গংগা-জামুনি সংস্কৃতি সজীৱ আৰু সমৃদ্ধিশালী হৈ আছে

Story by  atv | Posted by  [email protected] • 2 Months ago
অযোধ্যাত আয়োজিত কবি সন্মিলনৰ এক মুহূৰ্ত
অযোধ্যাত আয়োজিত কবি সন্মিলনৰ এক মুহূৰ্ত
 
ছাকিব ছেলিম

শেহতীয়া অযোধ্যা ভ্ৰমণলৈকে মই প্ৰায় নিশ্চিত আছিলো যে ঐতিহ্যমণ্ডিত চহৰখনে এক নিৰ্দিষ্ট ধৰণৰ ৰাজনীতিৰ ফলত নিজৰ সংহত সংস্কৃতি হেৰুৱাই পেলাইছে। ভগৱান ৰামৰ জন্মস্থান অযোধ্যা উত্তৰ ভাৰতৰ গংগা-জামুনি সংস্কৃতিৰো কেন্দ্ৰবিন্দু। শেহতীয়া বছৰবোৰত ৰামজন্মভূমি আন্দোলন, বাবৰি মছজিদ ভাঙি পেলোৱা ঘটনা, সাম্প্ৰদায়িক দাঙ্গা আদিয়ে অযোধ্যাক ভাৰতৰ সংমিশ্ৰিত সংস্কৃতিৰ পীঠস্থান হিচাপে থকা ভাবমূৰ্তি বিনষ্ট কৰি পেলাইছে।
 
অযোধ্যা বা জিলাখনৰ সৰ্ববৃহৎ চহৰ হিচাপে জনাজাত ফৈজাবাদ আছিল আৱধৰ নবাবৰ ৰাজধানী। পিছত ইয়াৰ ৰাজধানী লক্ষ্ণৌ হয়। ৰাজধানী লক্ষ্ণৌলৈ স্থানান্তৰিত হোৱাৰ পিছতো চহৰখনৰ গুৰুত্ব কমি যোৱা নাছিল। দিল্লীৰ পৰা বহু মহান সাহিত্যিক-কবি ইয়ালৈ স্থানান্তৰিত হোৱাৰ লগে লগে আৱধ সাহিত্যত প্ৰাধান্য লাভ কৰিছিল। মিৰ তাকি মিৰ, মিৰ্জা ৰফি সৌদা, গুলাম হামদানী মুছ’হাফী, আৰু আন বহু মহান কবিয়ে ১৯ শতিকাৰ সময়ছোৱাত আৱধত আশ্ৰয় লৈছিল।
 
সেই সময়ত হিন্দু আৰু মুছলমানৰ মাজত আগৰ দৰে বন্ধন গঢ় লৈ উঠিছিল। নবাবে হিন্দু দেৱতাৰ প্ৰশংসাত লিখিছিল আৰু হিন্দুসকলে ইছলামিক কবিতা গাইছিল। আশী-নব্বৈৰ দশকে এই মহান ধাৰাটোক বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছিল। বহুতে বিশ্বাস কৰে যে ঘৃণাৰ ৰাজনীতিয়ে সাধাৰণতে আৱধ আৰু বিশেষকৈ অযোধ্যাৰ গংগা-জামুনি সংস্কৃতিক সফলতাৰে ধ্বংস কৰি পেলালে।
 
 
গংগা-জামুনি সংস্কৃতিৰ যমুনা মৃত আৰু কেৱল গংগাইহে আৱধৰ মাজেৰে মেৰিয়াই ফুৰিছে বুলি ভাবি অযোধ্যা ভ্ৰমণ কৰি আছিলো। মহানগৰত প্ৰথম দিনাই অযোধ্যাৰ কবিসকলৰ ব্যক্তিগত সভাত অংশ লৈছিলো। এটা মিঠা অনুভৱ আছিল। পৃথিৱীৰ যি অংশত মই বাস কৰিছিলো, তাত এনে মিলন এটা অতীত যুগৰ অধ্যায়।
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্নায়ুবিজ্ঞানী ডাঃ ছাইফ আহমেদৰ ঘৰত অনুষ্ঠিত হৈছিল এই সমাবেশ; ইয়াক আহ্বান কৰিছিল স্থানীয় জুৱেলাৰী নুৰাইন আনছাৰীয়ে।
 
আৱাধি সংস্কৃতিৰ পৰম্পৰাৰ লগত খাপ খুৱাই এই সভাত হিন্দীৰ লগতে উৰ্দু কবিকো দেখা গৈছিল। এজন স্থানীয় উৰ্দু কবি ৰামজিৎ যাদৱ বেদৰে অযোধ্যাৰ সংস্কৃতিৰ সাৰাংশ দাঙি ধৰে, “ধৰ্ম কি ৰাহোন পে চলকে আদমি গিৰ সকতা নাহি মগৰ হা য়ে শ্বৰ্ট হায়, কে আদমি অন্ধা না হো” (ধৰ্মৰ বাটত খোজ কাঢ়ি থাকোঁতে মানুহ পৰিব নোৱাৰে, কিন্তু ইয়াৰ বাবে প্ৰয়োজন হ'ব যে তেওঁলোক অন্ধ হ'ব নোৱাৰে)।
 
অধিৱেশনৰ সভাপতিত্ব কৰা ফাৰহাট ইৰফানীৰ কবিতাই প্ৰমাণ কৰিলে যে আৱধে নিজৰ ভৱিষ্যৎ হেৰুৱাব পৰা নাই। তেওঁৰ এটা সৰু কবিতা আছিল এইধৰণৰ, “উড়া তো এইছা উড়া, ফিৰ না আয়া ছু-ই-জমিন, ডিমাঘ আপকা ঘুব্বৰা লগা ৰহা হায় মুঝে” (যেতিয়া উৰিছিল, ই কেতিয়াও পৃথিৱীলৈ উভতি নাযাবলৈ উৰিছিল। তোমাৰ মনটো মোৰ বাবে বেলুন যেন লাগে)।"
 
 
হিন্দী কবি এল ডি শৰ্মাই ৰাজনীতিয়ে জনসাধাৰণৰ মাজত বিভাজনৰ সৃষ্টি কৰাৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ ৰাজনীতিবিদসকলক “ছৰ্ম-নিৰপেক্ষ” (‘ধৰ্ম-নিৰপেক্ষ’শব্দৰ ব্যৱহাৰ কৰিবলৈ কোনো লাজ নথকা ব্যক্তি) আখ্যা দিয়ে। আন এজন হিন্দী কবি নিৰজ সিনহাইও ভাৰতীয় মানুহক বিভাজিত কৰাৰ প্ৰৱণতা থকা ঘৃণাৰ ৰাজনীতিৰ ওপৰত নিজৰ কলম চলাইছিল।
 
“জমিন পাৰ বৈথনে সে হি মেৰে জাজবাত জিন্দা হায়, ছুনা হায় কুৰচিয়া ইনছান কি ফিতৰাত বদলতি হায়” (মজিয়াত বহি থকাৰ বাবেই মোৰ আৱেগ জীয়াই আছে। শুনিছো যে চকীবোৰে মানুহৰ স্বভাৱ সলনি কৰে)। জমছেদ ফৈজাবাদীয়ে ক্ষমতাই মানুহক দুৰ্নীতিগ্ৰস্ত কৰাৰ জনা-বুজা  বাস্তৱ কথাবোৰ দাঙি ধৰে। তেওঁৰ কবিতা আছিল মানুহৰ আৱেগ আৰু সমাজৰ ওপৰত।
 
হিন্দী আৰু উৰ্দু ভাষাত নিজৰ কবিতা পৰিবেশন কৰা কবিসকলে সৰ্বসন্মতিক্ৰমে ৰায় দিছিল যে সাধাৰণ শিক্ষিত লোকসকলে সমাজত প্ৰেমৰ বাৰ্তা বিয়পাব লাগিব আৰু ঘৃণাক পৰাস্ত কৰিব লাগিব।
 
সভাৰ পৰা ওলাই অহাৰ লগে লগে অযোধ্যা আৰু আৱধৰ প্ৰতি মোৰ ধাৰণা সলনি হৈ গৈছিল। মই যিমান পাৰো মানুহৰ সৈতে কথা পাতিছো আৰু তেওঁলোকক কৈছো যে আৱধত গংগা-জামুনি সংস্কৃতি জীয়াই আছে আৰু আগতকৈ অধিক ধুনীয়াকৈ ই প্ৰস্ফূতিত হৈছে। হিন্দু আৰু মুছলমানে আজি যুগ যুগ ধৰি চলি অহাৰ দৰে একেলগে জীয়াই আছে, একেলগে হাঁহিছে, একেলগে কান্দিছে।