নীলিম আকাশ কাশ্যপ
	 
	আকাশত আকৌ চকুপানী! যেন পুনৰ থমকি ৰৈছে বতাহ। শোকাহত চৌপাশ। জনতাৰ কণ্ঠৰ পিছত এইবাৰ হেৰাই গ'ল চিনাকি বাঁহীৰ সেই আপোন সুৰ। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত হেৰুওৱাৰ বেদনাত ক্লিষ্ট হৈ থকাৰ পৰতে আকাশবাণীৰ অভিন্ন অংগ চৈয়দ ছাদুল্লাৰো ৩০ অক্টোবৰত পৰলোকৰ পিছত পুনৰ একেটা বৰ্ষৰ ৩ নৱেম্বৰত আমি অকালতে হেৰুৱালোঁ বাঁহীৰ সম্ৰাট দীপক শৰ্মাক। সঁচাকৈয়ে, এই দুখ অসহনীয়। অনস্বীকাৰ্য, এই তিনিওগৰাকী পুৰোধাৰ প্ৰয়াণ অপূৰণীয় ক্ষতি — বিশেষকৈ অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ।
	 
	বাঁহীৰ সেই চিনাকি সুৰ চিৰদিনলৈ নিস্তব্ধ হৈ দীপক শৰ্মাও গুচি গ'ল পাঙনি বাহনত উঠি অজান্তি মুলুকলৈ। আকাশ-বতাহ যেন স্তব্ধ। বেলি যেন নিস্তেজ। শোকাকুল হৈ পৰা বতাহত যেন বিয়পিছে হেজাৰৰ দুখৰ মৌন কোলাহল। নহ'বনো কিয় এনে — নিঃশব্দ হৈ পৰিল যে, বাঁহীটো! নহ'বনো কিয় এনে — নিস্তেজ হৈ পৰিল যে বাঁহীৰ যাদুকৰ দীপক শৰ্মা! যাৰ বাঁহীৰ সুৰ পানীগাঁও-গৰেমাৰাৰ কেঁচা আলিয়েদি গৈ গৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চ পাইছিল, যাৰ বাঁহীৰ সুৰে আমি অসমীয়াৰ লগতে বিশ্ববাসীক মুগ্ধ কৰিছিল — বাঁহীৰ সুৰৰ সেই সুৰীয়া স্ৰষ্টাজন আজি নিঃষ্প্ৰাণ। আস্ — ভাবিবলৈয়েইচোন বৰ কষ্টকৰ!
	 
	পত্নী আৰু পুত্ৰৰ সৈতে বাঁহীবাদক দীপক শৰ্মা
	 
	দীপক শৰ্মা। শিক্ষা-সাহিত্য-সংস্কৃতিৰ নৱদ্বীপ হিচাপে পৰিচিত নলবাৰী জিলাৰ পশ্চিম অঞ্চলস্থিত পানীগাঁৱৰ গৰেমাৰা চুবুৰীৰ পৰা জীৱনৰ যাত্ৰা আৰম্ভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাই। গৰেমাৰা আৰু পাৰ্শ্বৱৰ্তী শিক্ষায়তনত শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে তেওঁ জনা-বুজা হোৱাৰে পৰা বাঁহীত সুৰৰ মুৰ্চ্ছনা তুলিবৰ প্ৰয়াস কৰিছিল। কেতিয়াবা দুপৰীয়া, কেতিয়াবা সন্ধিয়া... কেতিয়াবা বৰেৰ পুৱা, কেতিয়াবা মাজনিশা — গৰেমাৰাক তেওঁ প্ৰাণোচ্ছল কৰিছিল বাঁহীৰ সুৰত। 
	 
	ঘৰৰ পদূলিৰ কাষতে এখন বাঁহৰ চাং— তাতে বহি কিমান যে বাঁহী বজাইছিল গৰেমাৰাৰ দীপক শৰ্মাই! কানাইৰ বাঁহীৰ সুৰে ব্ৰজবাসীক মুগ্ধ কৰাৰ দৰেই দীপক শৰ্মাৰ বাঁহীৰ সুৰত হিয়া শাত পৰিছিল গৰেমাৰাবাসীৰ। পাছলৈ শিক্ষাগ্ৰহণৰ উদ্দেশ্যে গুৱাহাটী পায়হি তেওঁ। বাণিজ্য শাখাৰ ছাত্ৰ হিচাপে অধ্যয়নৰত অৱস্থাত সুৰৰ জগতৰ সৈতে আনুষ্ঠানিকভাৱে জড়িত হয় দীপক শৰ্মা। পৰৱৰ্তী সময়ত কলকাতা (তেতিয়াৰ কলিকতা)ৰ ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সংশ্লিষ্ট সংগীতত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ উপৰিও অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰা শাস্ত্ৰীয় সংগীতত বি-হাই গ্ৰেড পোৱা প্ৰথম অসমীয়া বাঁহীবাদক আছিল দীপক শৰ্মা— অসমৰ সাংস্কৃতিক ইতিহাসৰ বাবে যি নিঃসন্দেহ এক গৌৰৱময় অধ্যায়।
	 
	বাঁহীবাদক দীপক শৰ্মাই এক অনুষ্ঠানত বঁটা গ্ৰহণ কৰাৰ এক দৃশ্য
	 
	পাছলৈ বৰেণ্য বাঁহীবাদক প্ৰভাত শৰ্মাৰ অন্যতম প্ৰিয় শিষ্য হৈ পৰা দীপক শৰ্মাই বাঁহীৰ সুৰত জীৱনৰ ৰং বিচৰা আৰু বুটলাৰ সমান্তৰালভাৱে তেওঁ অগণনক মুগ্ধ কৰিবলৈ সক্ষম হয় বাঁহীৰ সুৰেৰে। পৰৱৰ্তী সময়ত নিজৰ সুৰ-যাত্ৰাৰ তাগিদাতেই যে, তেওঁ পাইছিল মুম্বাই, শিকিছিল বিখ্যাত মহাগুৰু, পণ্ডিত হৰিপ্ৰসাদ চৌৰাছিয়াৰ ওচৰত। শ শ ঘণ্টাৰ অনুশীলন। তথাপি অক্লান্ত দীপক শৰ্মা। কাৰণ তেওঁ যে, মনক নিশ্চিতি দিছিল বাঁহীৰ সুৰেৰে জীৱন সুৰীয়া কৰাৰ! এনেদৰেই নিজকে গঢ় দিয়া দীপক শৰ্মা আৰু বাঁহী — ইটো-সিটোৰ অভিন্ন অংগৰ নিচিনা হৈ পৰিছিল। ক্ৰমশঃ বাঢ়ি গৈছিল দীপক শৰ্মাৰ বাঁহীৰ সুৰত আপোন পাহৰা হোৱা মানুহৰ সংখ্যা। দীপক শৰ্মাৰ সুৰীয়া যাত্ৰায়ো সীমাৰ পৰিধি ভাঙি গৈছিল ক্ৰমশঃ।  
	 
	পশ্চিম নলবাৰীৰ পানীগাঁও নামৰ গাঁওখনৰ গৰেমাৰা চুবুৰীৰ দীপক শৰ্মা নামৰ বাঁহী-বলিয়া ল'ৰাটোৱে গৰেমাৰাৰ পৰা অসমৰ শদিয়াৰ পৰা ধুবুৰী নিবাসী শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে মুগ্ধ কৰাৰ সমান্তৰালভাৱে তেওঁৰ সেই সুৰীয়া যাত্ৰাই অসমেৰে আগুৱাই ভাৰত পাইছিল; দেশৰ সীমাও অতিক্ৰম কৰি সাত সাগৰ তেৰ নৈৰ সিপাৰৰ অনেককো তেওঁ মুগ্ধ হ'বলৈ বাধ্য কৰাইছিল একেটা বাঁহীৰ অনেকটা সুৰেৰে। ২০০০ চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰদৰ্শন আগবঢ়োৱা বিশ্বমঞ্চৰ শিল্পী, বাঁহীৰ যাদুকৰ দীপক শৰ্মাই পৰৱৰ্তী সময়ত বিভিন্ন দেশত ৪২টাতকৈও অধিক অনুষ্ঠানত বাঁহীত সুৰৰ লহৰ তুলি অনেকক মুগ্ধ কৰি থৈছে। 
	 
	হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ সৈতে বাঁহীবাদক দীপক শৰ্মা
	 
	২০০৪ চনত আমেৰিকাৰ জৰ্জ ৱাশিংটন বিশ্ববিদ্যালয়ে তেওঁক বিশ্ব সংগীতত অৱদানৰ বাবে ডক্টৰেট উপাধিও প্ৰদান কৰিছিল। সমান্তৰালভাৱে গৰেমাৰাৰ দীপক শৰ্মা হৈ উঠিছিল বাঁহীৰ আধুনিক সম্ৰাট। অসমৰ দীপক শৰ্মা পৰিচিত হৈছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক হিচাপে। তাৰ পিছতো নিৰহংকাৰী তেওঁ। তাৰ পিছতো আমৃত্যু শিক্ষাৰ্থীৰ দৰেই বাঁহীৰ ন ন সুৰ শিকাত আগ্ৰহী আছিল তেওঁ। তাৰ পিছতো শেষ উশাহলৈকে নিৰন্তৰ সাধক হৈ আছিল দীপক শৰ্মা — শৈশৱতে স্বপ্নত আচ্ছন্ন হোৱা বাঁহীৰ সুৰৰ সাধনাত। 
	 
	২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত আকস্মিকভাৱে মহাপ্ৰয়াণ ঘটা প্ৰাণৰ শিল্পী জুবিন গাৰ্গে দীপক শৰ্মা সম্পৰ্কত 'সংগ্ৰামশীল জীৱনৰ সংগীজন' বুলি এইদৰে লিখিছিল, "অসমত প্রভাত শৰ্মাৰ পাছতে বাঁহীৰ ক্ষেত্রত অহা নামটো হ'ল দীপক। বাঁহৰ এটা বাঁহীৰে দীপকে পৃথিবী জয় কৰিছে। সংগ্রামশীল জীৱনটোৰ দীপক মোৰ একান্ত সংগী। আমি সংগীতৰ এই সংগ্রামৰ আৰম্ভণিতে মুম্বাইত একেলগে আছিলোঁ। আমি যিটো চৌহদত আছিলো— অসমৰ সংগীত সাধকসকল, সেই চৌহদটোৰ নাম আছিল 'ইউনিটি কম্পাউণ্ড'। দীপক আৰু মোৰ ভাড়াঘৰটোৰ মালিকজনৰ নাম আছিল জোলিয়েট ৰড্ৰিক। তেওঁ আমাক খুবেই মৰম কৰিছিল। মোৰ দৰে দীপকো ক'বলৈ গ'লে অন্তৰেৰে বহেমিয়ান। মোৰ 'এন্ধাৰ হ'ব নোৱাৰোঁ' গীতটোত দীপকে প্রথম বাঁহী বজাইছিল। মোৰ 'বাঁহী' এলবামলৈকে দীপকে মোৰ গানবোৰত বাঁহী সংগত কৰিছিল। দীপকৰ সেই প্রতিভা আৰু দক্ষতাত মোৰ সন্দেহ নাছিল। আছিল ভালপোৱা আৰু সন্মান। আমি বহু নদী, বহু সাগৰ পাৰ হৈছোঁ আৰু সেইবোৰ ঠাইলৈ অসমক লৈ গৈছোঁ। বহু কাহিনী, ঘটনা, বহু আড্ডা, বহু মৰম, বহু খং, বহু সৃষ্টি দীপকৰ স'তে জড়িত হৈ আছে। মই দীপকক আজিও যেনেদৰে ভালপাওঁ দীপকেও আজিলৈকে মোক সিমানেই ভাল পায়।"  
	 
	
 
	বাঁহীবাদক দীপক শৰ্মাই এক অনুষ্ঠানত বাঁহী বজোৱা এক মূহুৰ্ত
	 
	দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজিছিল দীপক শৰ্মাই। তাৰ পিছতো কিন্তু সংগ্ৰামী সত্ত্বাৰ অধিকাৰী বাঁহী বলিয়া মানুহজনে বাঁহীৰ সংগ এৰা নাছিল। এৰা নাছিল সুৰৰ সংগ। কেতিয়াবা ঘৰত, কেতিয়াবা অনুষ্ঠানত আৰু কেতিয়াবা হাস্পতালৰ বিছনাত অসুস্থ দেহাৰেই তেওঁ সুৰৰ লহৰ তুলিছিল। সেই সুৰৰ লহৰেৰে সকলোকে মূক আৰু মুগ্ধ কৰা দীপক শৰ্মাই আশা প্ৰকাশ কৰিছিল— অচিৰেই সুস্থ হৈ তেওঁ পুনৰ বাঁহীটোক সুৰত বলিয়া কৰিব। নেদেখাজনক একেটাই প্ৰাৰ্থনা জনাই ৰাইজে আশাৰে বাট চাইছিল সেই দিনটোলৈ। কিন্তু হায়— সেই দিনটো আৰু নাহে— কদাপি নাহে। কাৰণ বাঁহীটো বুকুত সাৱটি, সুৰক কলিজাত সামৰি ৰোগৰ ওচৰত হাৰ মানি ৫৭ বছৰ বয়সত মৃত্যৰ সৈতে মিতিৰালি কৰিলে বাঁহী বলিয়া মানুহজনে— ২০২৫ বৰ্ষৰ ৩ নৱেম্বৰত। 
	 
	আজি বাঁহীৰ সেই সুৰ নীৰৱ। তাৰ পিছতো যেন ক'ৰবাত ৰিণিকি ৰিণিকি বাজিছে চিনাকি বাঁহীৰ সুৰ। কেনি, কেনি— সৌৱা আকাশত, বতাহত...! কেনি, কেনি— সৌৱা ফুলৰ পাহে পাহে, পাতে পাতে, চৰাইৰ কাকলিত, নৈৰ সোঁতত...! আমি কায়িকভাৱে হেৰুৱালোঁ আন এগৰাকী সুৰৰ সন্তানক। কিন্তু তাৰ পিছতো আমাৰ হিয়াৰ কোঁহে কোঁহে সদা-জীপাল দীপক শৰ্মাৰ চিনাকি বাঁহীৰ আপোন সুৰ— চিৰদিন, চিৰকাল।