পুলিন ডেকা
বিশ্ববিশ্রুত শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বিশাল সৃষ্টিশীলতাৰ মহাসমুদ্রত সংগীত আছিল এক স্বচ্ছন্দ্য, প্রাণৱন্ত প্রকাশ। ইতিহাস আৰু বাস্তৱবোধ, মানৱতা আৰু প্রকৃতি, জনগোষ্ঠীয় সমন্বয়, বিশ্বপ্রেম-ৰাষ্ট্ৰপ্রেম-স্বজাতিপ্রেম, জনগোষ্ঠীয় সমন্বয়, দৰিদ্ৰজনৰ মুক্তি সংগ্ৰাম, যুৱ প্ৰজন্মক স্বপ্নদ্রষ্ট কৰাকে ধৰি সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰকে সামৰি কলাজগতখনত তেওঁ নতুন ৰূপেৰে উদ্ভাসিত কৰি তুলিছিল। সংগীত আছিল মহান শিল্পীগৰাকীৰ জীৱনৰ সঞ্জীৱনী সুধা।
তেওঁ আছিল প্ৰকৃততে এক ৰূপান্তৰ শিল্পী। মানুহৰ মননশীলতাৰে জীৱনৰ অভিব্যক্তি প্ৰকাশ কৰি সুন্দৰৰ সন্ধান কৰিছিল। কিন্তু প্ৰকৃতিৰ প্ৰতি শিল্পীগৰাকীৰ আছিল এক দূৰন্ত চেতনা। তাৰেই প্ৰকাশ ব্ৰহ্মপুত্ৰ অৰ্থাৎ লুইত। লুইতক তেওঁ সংগীতৰ প্ৰাণৱন্ত প্ৰৱাহলৈ বোঁৱাই নি জাতীয় অনুৰাগ ৰন্ধে ৰন্ধে সিঁচি গ'ল, সেয়া অসমৰ ইতিহাসৰ এক অনন্য অধ্যায় হৈ ৰ'ল। বিশ্ব সংস্কৃতিৰ সংগীতৰ সোণোৱালী যাত্ৰাত নদী শিল্পীৰ বাবে এক প্রাকৃতিক শক্তি নহয়, ই যেন মানৱৰ এক পৃষ্ঠভূমি, য'ত অংকুৰিত হয় আশা-আকাংক্ষা, জীৱন দৰ্শন, ৰূপান্তৰৰ মহামন্ত্র। সংগীতত নদী কেতিয়াবা হৈ পৰে ৰূপক, কেতিয়াবা প্রতীক। সেইবাবে নদীকেন্দ্ৰিক সংগীতৰ পৰা অনুসৃত সুৰৰ পানচৈয়ে কলাপ্রেমিক সদায়ে আপ্লুত কৰি আহিছে।
ব্ৰুচ স্পিংছটেনে 'দ্য ৰিভাৰ' শীৰ্ষক সংগীতৰ এলবামত নদীক আমেৰিকাৰ কৰ্মজীৱী শ্ৰেণীৰ জীৱনৰ সঁচা ৰূপ, সপোন আৰু দুখ-কষ্টৰ এক জীৱন্ত দলিললৈ লৈ গৈছিল। গানৰ কেন্দ্ৰবিন্দু নদী আৰু ইয়াৰ মাজত থকা গভীৰ অৰ্থবোধক ৰূপকে অতীতৰ প্ৰতি আকৰ্ষণ আৰু ভৱিষ্যতৰ শংকাক তুলি ধৰিছে। কল্পনাৰ পৃথিৱীখনেই যে, বাস্তৱ জগত নহয়, তেনে দিশ অনুনাদিত হৈছে। কৈশোৰৰ আশাবাদিতা আৰু প্ৰাপ্তবয়স্ক জীৱনৰ বাস্তৱতা তাত যেন জীৱন্ত।
ড॰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা এক দৃশ্য
পেনচিলভেনিয়াৰ ষ্টীল কৰাখানৰ কৰ্মচাৰীৰ বাবে উৎসর্গিত গানবোৰৰ মাজত অৰ্থনৈতিক উত্থানৰ ছবি এখনো দেখিবলৈ পোৱা যায়। পশ্চিমীয়া সংগীতত নদী বহু সময়ত মানুহৰ অন্তৰ-অভিলাষ আৰু যাত্ৰাৰ প্ৰতীক। সামাজিক প্ৰভাৱ আৰু আৱেগিক উত্তৰাধিকাৰ 'দ্য ৰিভাৰ' মুক্তিৰ লগে লগে এটা গতিশীল সামাজিক সংগীত হিচাপে স্থান লাভ কৰে নদী হেঁপাহৰ দৰে বৈ গৈ থাকে, স্মৃতিৰ দৰে, সংগীতৰ দৰে। ষাঠিৰ দশকত আমেৰিকাৰ অৰ্থনৈতিক মন্দাৱস্থাই কঠোৰ সংগ্ৰামমুখী কৰি তুলিছিল, তেনে আভাষ বিৰাজমান।
নদী কেৱল পানী প্ৰৱহনৰ এক সত্ত্বা নহয়। সর্বদা জীৱন, পুনৰুজ্জীৱন, ক্ষমা আৰু গভীৰ মানসিকতাক প্রতিনিধিত্ব কৰে। বহু শতাব্দী ধৰি নদীৰ ধাৰা সাহিত্য, ধৰ্ম, সংগীত আদিত এক জীৱন্ত প্রতীক হিচাপে ব্যৱহৃত হৈ আহিছে। সংগীতত শিল্পীসকলে নদীক মানৱ অভিজ্ঞতাৰ প্ৰতীক হিচাপে উপস্থাপন কৰি আহিছে। তেনে এক নদী ভিত্তিক গীত হৈছে 'টেক মি টু দ্য ৰিভাৰ'। এই সংগীতটো হৈছে গস্পেল, আৰ এণ্ড বি আৰু ফাঙ্কৰ এক অনন্য সংমিশ্রণ। এ আই গ্রীনৰ মূল সংস্কৰণত গস্পেনৰ গভীৰ প্ৰভাৱ দেখা যায় আৰু 'টকিং হেডছ'ৰ সংস্কৰণত অলপ পৰীক্ষামূলক নিউ ৱেভ ধ্বনি। এই দুয়োটা সংস্কৰণে মূল থীমক কেন্দ্ৰ কৰি বিকশি উঠিছে।
মানসিক আৰু আধ্যাত্মিক প্রশান্তিৰ বাবে নদীলৈ যাত্রা, এক স্বকীয় অনুভৱৰে সিক্ত সংগীত। 'টেক মি টু দ্য ৰিভাৰ, ড্রপ মি ইন দ্য ৱাটাৰ, ৱাছ মি ডন'- এইবোৰ কেৱল শব্দৰ সমষ্টি নহয়, এটা গভীৰ মনৰ আকুলতা, যিয়ে নিজক পুনৰ শুদ্ধ কৰি এটা নতুন আৰম্ভণি দিব পাৰে। সংগীতত নদী জীৱন আৰু মৃত্যুৰ প্ৰতীক, ৰূপান্তৰ আৰু পৰিবৰ্তনৰ পথ, শুদ্ধতা আৰু পুনৰুজ্জীৱনৰ পথ, আধ্যাত্মিক পূৰ্বজন্মৰ ফল, সমন্বয় আৰু ভাতৃত্ববোধৰ চানেকি, প্ৰেৰণাৰ অমিত উৎস।
ড॰ ভূপেন হাজৰিকাৰ সৈতে জুবিন গাৰ্গ আৰু মানস ৰবীন
বিশ্ব সংগীতত নদীয়ে যি তাৎপর্য বহন কৰে, তাৰো উর্দ্ধলৈ গৈ ড০ ভূপেন হাজৰিকাই লুইতৰ প্রাণময় সত্ত্বাক উজ্জীৱিত কৰি তুলিছে। লুইত তেওঁৰ বাবে সপোন নহয়, এক জীয়া বাস্তৱ আৰু যিয়ে কঢ়িয়াই ফুৰে অসমীয়া জনজীৱনৰ যাত্রা। 'মহাবাহু ব্রহ্মপুত্র' শীর্ষক গীতত অসমীয়াৰ ইতিহাস সামৰি নৱ জীৱনৰ সঞ্জীৱনী স্বৰূপ হিচাপে অৱলোকন কৰি সমন্বয়ৰ এক গভীৰ বাৰ্তা প্ৰেৰণ কৰিছে।
স্বকীয় ৰূপ লৈ ব'হাগনো আহে ক'লৈ?
ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ, নহয় জানো?
এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বা কি?
হাজৰিকাদেৱে গভীৰভাৱে অনুধাৱন কৰিছিল, মহান অসমীয়া সংস্কৃতিৰ প্ৰাণসঞ্চাৰী শক্তি হৈছে ব্রহ্মপুত্র। বহু যুগ-যুগান্তৰৰ পৰা জনগোষ্ঠীসমূহে লুইতৰ দুয়োপাৰে সিঁচৰিত হৈ এক মিলনৰ প্রাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। লুইতৰ এই শক্তি হৈছে চেতনা আৰু মিলনৰ এক ক্ষেত্ৰ। ভূপেন হাজৰিকাই ইতিহাসক এক সুকীয়া দৃষ্টিভংগীৰে বিশ্লেষণ কৰিছিল আৰু ইয়াকে কৰিবলৈ যাওঁতে তেওঁ দেখিছিল যে, অসমীয়া সভ্যতাক বন্দিত কৰি তুলিছে ব্ৰহ্মপুত্ৰই।
অসমৰ প্ৰতি মানুহৰ কৰ্ষণৰ আধাৰ হৈছে ব্ৰহ্মপুত্ৰ। অতীজৰে পৰা ব্ৰহ্মপুত্ৰই ভিন্নজনক আদৰি লৈ মহামিলনৰ ক্ষেত্ৰ নিৰ্মাণ কৰিছে। সুদূৰ কান্যকুজৰ পৰা অহা বাৰভূঞাৰ বংশত শংকৰদেৱৰ জন্ম, মৰুৰ দেশৰ পৰা আহি আজান ফকীৰে ৰচনা কৰা জিকিৰ, দিল্লীৰ দিলৱাৰে আঁকা হস্তীপুথি, পঞ্চনদীৰ ত্যাগ বাহাদুৰে দিয়া আধ্যাত্মিক দর্শন হৈছে ব্ৰহ্মপুত্ৰৰ গতিশীলতাৰ তন্ময়তা। অসম আধ্যাত্মিকতাৰ পৃষ্ঠভূমি। ব্ৰহ্মপুত্ৰৰ প্ৰৱাহমান সোঁত আৰু ইয়াৰে দুয়োপাৰে থকা সাৰুৱা মাটি তথা প্রকৃতিয়ে যেন সেই আধ্যাত্মিকতাক মিলনৰ ঐক্যতানলৈ লৈ গৈছে। লুইতে দিব পাৰে স্বদেশপ্ৰেমৰ অনন্য বাৰ্তা। লুইতক সাৰথি কৰি মোগলৰ বিৰুদ্ধে সংগ্ৰাম কৰি লাচিত বৰফুকনে স্বদেশপ্ৰেমৰ সেউজ আদর্শ দেখুৱাই গৈছে-
দূৰৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে জাতি,
ধর্ম, ভাষা সবাকে স্বদেশ প্রেমেৰে বান্ধিলে
লুইতে আদৰি ল'ব পাৰে আৰু এয়াই ইয়াৰ মহানতা। পদ্মা নদীৰ ধমুহাত নিঠৰুৱা হোৱা সকলো ইয়ালৈ আহিছিল। মানৱতা আছিল তেওঁৰ অৰ্ঘ। সেইবাবে তেওঁ তেনে দৃষ্টিৰে মিলন বিচাৰিছিল আৰু ব্রহ্মপুত্রই যেন সেই কথাকে দেখুৱাই আহিছে। এটা সংস্কৃতিসম্পন্ন জাতি গঢ়ি তুলিবলৈ হ'লে কিছু গ্ৰহণ কৰিব লাগিব, কিছু বৰ্জন কৰিব লাগিব। এটা জাতিৰ আত্মিক শক্তি লুকাই থাকে একতাৰ পৃষ্ঠাত। জ্যোতিপ্ৰসাদৰ জ্যোতিৰে তেওঁ অসমীয়া জাতি উদীপ্ত হোৱাটো বিচাৰিছিল।
ৰাষ্ট্ৰপতি পুৰস্কাৰ গ্ৰহণ কৰা মুহূৰ্তত ডঃ ভূপেন হাজৰিকা
লুইত ভূপেন হাজৰিকাৰ বাবে আত্মিক প্ৰেৰণাৰ উৎস। মহাবাহু ব্ৰহ্মপুত্ৰৰ শক্তিৰে জাতিটো উজ্জীৱিত হোৱাটো তেওঁ বিচাৰিছিল। কিন্তু জাতিৰ অৱক্ষয় দেখিলেই তেওঁৰ অভিমানী মনটো জাগৰিত হৈ উঠে। লুইতৰ প্ৰতি ক্ষোভ প্রকাশি উঠে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জাতিয়ে যেতিয়া সংকটত পৰে, তেওঁ আশা কৰিছিল, ইয়াৰ বিশালতাই যেন তেনে প্রত্যাহ্বান উটুৱাই নিয়ক। ব্রহ্মপুত্ৰ নীৰৱে, নিঃশব্দে প্ৰৱাহিত হৈ থকা দেখি হাজৰিকাদেৱ সংশয়পূৰ্ণ হৈ পৰিছে। সেইবাবে তেওঁ গাইছে-
বিস্তীর্ণ পাৰৰে
অসংখ্য জনৰে
হাহাকাৰ শুনিও
নিঃশব্দে নীৰৱে বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়?
যি লুইতে মানৱতাৰ শিক্ষা দিছে, মিলনৰ সেতু গঢ়িছে, ৰূপান্তৰৰ পাথেয় শক্তি হৈছে, সেই লুইত কিন্তু নৈতিকতাৰ অৱনতি, মানৱতাৰ পতন দেখিও নিজস্ব পথেৰে গতি কৰি আছে। জ্ঞানবিহীন নিৰক্ষৰতাই সংঘাতৰ সূচনা কৰিছে। অসমীয়া মানুহৰ মন আকাশত লুইত সাহসৰ প্ৰতীক। অসমৰ ইতিহাসৰ অমৰ সাক্ষী লুইত। লুইতৰ শক্তিৰে জাতিটো সদায়ে উজ্জীৱিত হৈ থাকক, গণশিল্পীগৰাকীয়ে ইয়াকে আশা কৰে। বহু অভিজ্ঞতাৰে অভিজ্ঞ লুইতে জীৱনবোধৰ শিক্ষা দিয়াটো সুধাকণ্ঠই বিচাৰিছিল। লুইত যেনেকৈ চিৰ প্ৰৱাহিত, অগ্রগামী যাত্রাক আগুৱাই নিছে, তেনেদৰে অসমীয়া মানুহে আগুৱাই যোৱাটো তেওঁ বিচাৰে। সেইবাবে তেওঁ কৈছে-
সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্রামী
আৰু অগ্রগামী
কৰি নোতোলা কিয়?
শিল্পীগৰাকীৰ লুইতৰ প্ৰতি অসমী শ্রদ্ধা আৰু ভক্তি আছে। তেওঁ জানে নদী কেৱল প্ৰৱাহিত পানী নহয়। ইয়াৰ মাজত লুকাই থাকে অসীম শক্তি। জাতিৰ প্ৰাণ সঞ্চাৰিত কৰিব পৰা ক্ষমতা। তেওঁ ব্ৰহ্মপুত্ৰক যিদৰে ভাল পায়, ঠিক একেদৰে অসমীয়া মানুহৰ প্ৰতি আছে গভীৰ স্নেহ। জাতিটোক জাগ্ৰত কৰাৰ প্ৰৱল হাবিহাস। কিন্তু ব্যক্তি হৈ পৰিছে ব্যক্তিকেন্দ্ৰিক, মানুহৰ সমষ্টিয়ে সমাজিক উন্নয়ন সাধন কৰিব পৰা নাই। তেনে শিথিল সমাজে প্ৰগতিৰ দুৱাৰ মেলিব নোৱাৰে। সেইবাবে প্রতীকি অৰ্থত ব্ৰহ্মপুত্ৰকে কাতৰৰে অনুৰোধ জনাইছে, তেনে সমাজ এখন ভাঙি পেলাবলৈ। ব্রহ্মই স্থিতি, সৃষ্টি আৰু প্রলয়ৰ অধিকাৰী। সেইব্ৰহ্মৰ পুত্ৰ হৈছে ব্ৰহ্মপুত্ৰ।
মহম্মদ ৰফিৰ সৈতে ডঃ ভূপেন হাজৰিকা
আধ্যাত্মিকতাই সদায়ে মানৱীয় দৃষ্টিভংগীৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। কিন্তু সেই ব্রহ্মপুত্রই মানুহক কিয় অনুপ্রাণিত কৰিব পৰা নাই, তেনে খেদ হাজৰিকাদেৱৰ চিন্তাত প্ৰৱল হৈ উঠিছে। অসমৰ ইতিহাসৰ পাঠেৰে পুনৰ জাগৰিত কৰিবলৈ ব্ৰহ্মপুত্রক জনোৱা আহ্বান আজি অসমবাসীয়ে উপলব্ধি কৰিব লাগিব। ব্রহ্মপুত্রক লৈ তেওঁ আশা দেখে। লুইতৰ পাৰৰ আকাংক্ষা উর্দ্ধমুখী। নতুন চেতনাৰো প্ৰকাশ। ডুগ ভুগ ডুগ ডুগ ডম্বৰু তাৰেই যেন প্রতিধ্বনিঃ
ব্ৰহ্মপুত্ৰৰ পাৰতে সৰু সৰু পুখুৰীও থাকে
তাৰ সৰু পুঠী মাছবোৰ সাহসী হৈছে
সিহঁতে আজিকালি আকাশৰ বিজুলীকো গিলিব খোজে
ঠিক একেদৰে 'জিলিকাব লুইতৰে পাৰ', গানৰ মাজেৰে যুৱ প্ৰজন্মৰ ওপৰত অগাধ বিশ্বাস আৰোপ কৰিছে। জ্ঞানৰ দীপাৱলীৰে লুইতৰ পাৰ জিলিকাই তুলিবলৈ আহ্বান জনাইছে। লুইতৰ ক্ষোভিত ৰূপ দেখি হাজৰিকাদেৱ উদ্বিগ্ন হৈ পৰে। লুইতে কৰা বিধ্বংসী ৰূপ দেখি তেওঁ ম্রিয়মান। লুইতক তেওঁ দোষাৰোপ কৰিব বিচৰা নাই। কিয়নো কালৰ গ্ৰাসত লুইতেও যেন হেৰুৱাই পেলাইছে অতীত
লুইতৰ বুকু হেনো বাম হৈ গ'ল
গভীৰতা হেনো কিছু নোহোৱা হ'ল
পানীৰ প্ৰৱহন ক্ষমতা নোহোৱা হোৱা বাবেই বাৰিষা বানৰ সূচনা হয়। আশাৰ কঠীয়া মচি নেপালবলৈ আহ্বান জনাইছে। পানী মানৱ জীৱনৰ বাবে অতিশয় প্রয়োজনীয়। কিন্তু সেই পানীয়ে যেতিয়া বিপর্যই নমাই আনে, তেতিয়া তেওঁৰ শিল্পীমন বিদ্রোহী হৈ উঠে। সেইবাবে সেই বিদ্রোহী মনক প্ৰতিফলিত কৰিছে এনেদৰে-
পানীৰ পাৰতে জনম আমাৰ
পানীয়েই পিতৃ শক্তি আমাৰ
সেই শক্তিৰে বানক ৰুধিম
সহস্ৰ হাতেৰে দুপাৰ বান্ধিম
'লুইতৰ পাৰ দুটি' শীর্ষক গানত তেওঁ আলোক দেখিছে। কাতি মাহত শত দেৱালীৰ বন্তি জিলিকি উঠিব। লুইতৰ দুয়োপাৰে আলোক প্রবাহিত হ'ব। কিন্তু বাৰিষা লুইতৰ ৰুদ্ৰমূৰ্ত্তি দেখি পুনৰ শংকিত হৈ পৰে। অসমীয়া জাতি এক মহাশক্তি, লুইত যেন প্রাণৰো প্ৰাণ, সেই দৃষ্টিভংগীৰে ক'ব বিচাৰিছে যে, ব্ৰহ্মপুত্ৰক অসমীয়া মানুহে নিৰাপত্তা দি ধ্বংসমুখৰ পৰা সৃষ্টিৰ শক্তিলৈ ৰূপান্তৰিত কৰিব। লুইতৰ পৰাৰ অপৰূপ সৌন্দৰ্য শিল্পী গৰাকীৰ হৃদয়ৰ সাহস আৰু প্ৰেৰণা। লুইতৰ পাৰে পাৰে আছে হেনো কত দুনীয়া ধুনীয়া ধাম', এই উক্তিয়ে শিল্পীগৰাকীৰ অসম প্ৰেমৰ চানেকী দেখুৱাইছে। ব্রহ্মপুত্র বহ্নিমান সোঁতক তেওঁ শক্তি হিচাপে দেখুৱাইছে। 'আজি ব্রহ্মপুত্র হ'ল বহ্নিমান' শীর্ষক গীতত তেওঁ অসমীয়া জাতিৰ সংগ্ৰামী চৰিত্ৰ প্ৰকাশ কৰিছে। ভূপেন হাজৰিকাই যিদৰে ব্ৰহ্মপুত্ৰক বিশ্ব মানৱৰ সন্মুখত তুলি ধৰিলে, সেয়া অসমৰ ইতিহাসৰ সোণালী অধ্যায় হৈ ৰ'ব।
(লেখক এগৰাকী বিশিষ্ট সাহিত্য়িক। আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু দিৱস উপলক্ষে এই প্ৰৱন্ধটি প্ৰকাশ কৰা হৈছে।)