সম্প্ৰীতিৰ প্ৰতীক মালিক চাৰ ... ব্যক্তিগত সান্নিধ্যৰ অনুভৱ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
চৈয়দ আব্দুল মালিক আৰু তেওঁৰ পত্নীয়ে লেখিকা ড° জিতাঞ্জলি বৰপূজাৰী বৰঠাকুৰৰ পুত্ৰ বিনায়ক ওৰফে বাবুৰ সৈতে ফটো তুলিছে
চৈয়দ আব্দুল মালিক আৰু তেওঁৰ পত্নীয়ে লেখিকা ড° জিতাঞ্জলি বৰপূজাৰী বৰঠাকুৰৰ পুত্ৰ বিনায়ক ওৰফে বাবুৰ সৈতে ফটো তুলিছে
  ড° জিতাঞ্জলি বৰপূজাৰী বৰঠাকুৰ
 
আধুনিক অসমীয়া সাহিত্যৰ 'কথাশিল্পী’ হিচাপে সমাদৃত চৈয়দ আব্দুল মালিক কুৰি শতিকাৰ এগৰাকী শ্রেষ্ঠ অসমীয়া। অসমীয়া সাহিত্যৰ সকলো শাখাতে মেটমৰা অমূল্য লেখনিৰে তেখেতে সমৃদ্ধ কৰি থৈ গৈছে। সমাজৰ সাধাৰণৰ পৰা অসাধাৰণলৈকে সকলোস্তৰৰ মানুহৰ জীৱন চিত্ৰ ৰূপায়িত হোৱা বাবেই মালিক সকলোৰে বাবে সমাদৃত লেখক। অসমীয়া সমাজ জীৱনলৈ অহা পৰিবৰ্তনৰ কথা মালিকৰ গল্প উপন্যাসে আমাক জনায়। জীৱনে-মৰণে চিৰদিন অসমীয়াজনৰ লেখনিতে নিহিত হৈ আছে অসম আৰু অসমীয়া সমাজখন। এই বৰেণ্য সাহিত্যিকগৰাকীৰ লেখনিত প্রতিফলিত হৈছে মানুহৰ প্ৰতি থকা গভীৰ মমত্ববোধ। ধৰ্মৰ বান্ধোনে এই গৰাকী লেখকক যেন বান্ধি ৰাখিব পৰা নাছিল, তেখেতে আজান ফকীৰৰ জিকিসমূহ যেনেদৰে সংগ্ৰহ কৰিছিল, তেনেদৰে মহাপুৰুষ শংকৰদেৱৰ জীৱনভিত্তিক প্ৰথমখন উপন্যাস “ধন্য নৰ-তনু-ভাল” লেখি অসমীয়া সাহিত্য সমৃদ্ধ কৰিছিল। মছজিদ আৰু নামঘৰ দুয়োঠাইতে তেখেতে একেই আসনেই লাভ কৰিছিল। নগেন শইকীয়াচাৰে সেয়ে হয়তো চৈয়দ আব্দুল মালিকক অসমত আমাৰ যুগৰ “কবিৰ" বুলি অভিহিত কৰিছিল। মালিক আছিল সাম্প্রদায়িক সম্প্ৰীতিৰ প্ৰতীক স্বৰূপ; মানৱ দৰদী সাহিত্যিকজনক অতি ঘনিষ্ঠভাৱে পোৱাৰ পিছত অনুভৱ কৰিছিলো এই কথা। ১৯৯৪ চনৰ কথা, সেইদিনা আমি আছিলো হৰিদ্বাৰত। মোৰ দেউতা আৰু ভাইটোৱে পুৰণা আৱৰ্তৰ্ভবন পথৰ ফাইজনুৰ আলিৰ ঘৰটো ঠিক কৰি আমালৈ খবৰ দিছিল। আব্দুল মালিকচাৰৰ ঘৰৰ গাতে লগা ঘৰটো। একেটা ঘৰৰ দৰেই- মাজত সৰু নৰ্দমা এটা। সেই গোটেই পাৰাৰটোৰ আবাসীসকল মুছলমান। চামেলি মেমচাহাবৰ প্রযোজক আব্দুল মতিনৰ ঘৰো কাষতে। আটাইবোৰ মানুহেই শিক্ষিত আৰু পুৰণা মানুহ। পাৰাটোত থাকিবলৈ লোৱাৰ পিছৰ পৰা আমিও সেই মানুহখিনিৰ লগত একাত্ম হৈ পৰিলো; তেজ-মঙহৰ সম্পৰ্কৰ উৰ্ধত আমাৰ যি স্নেহৰ সম্পৰ্ক তেতিয়াই গঢ় লৈ উঠিল আজিও অটুত আছে। সেইখিনি ঠাইত থাকি যি আনন্দ পাইছিলো, কেতিয়াও পাহৰিব নোৱাৰো। এবাৰ এওঁৰ অফিচৰ এজন অনা অসমীয়া সহকর্মীয়ে এঘৰ বামুণ মানুহ তেনেকৈ থকা দেখি আচৰিত হৈছিল। অসমতহে হয়তো এয়া সম্ভৱ হ'ব পাৰে, কাৰণ অসম শংকৰ আজানৰ দেশ।
 
মুধে মুধে লগা’ (চাৰৰ ভাষাত) ঘৰটোত থাকিবলৈ লোৱাৰে পৰা আমাৰ সম্পৰ্কও সুদৃঢ় হৈছিল। চাৰ-বাইদেউ যে আমাৰ আপোন নহয় এইকথা যেন পাহৰি গ'লো, তেখেতসকলক আমাৰ অভিভাৱক যেন লগা হ'ল। আমি কোৱাৰ্টাৰলৈ যোৱাৰ কথা ভাবোতেও বাইদেউৱে একে আষাৰে নেলাগে যাব বুলি ক'লে। ঈদৰ সময়ত চাৰৰ ঘৰৰ পৰা ইফতাৰৰ বস্তু আমালৈও অহা হ’ল। নিজৰ ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি কিমান সুন্দৰকৈ থাকিব পাৰি সেইকথা যেন তাতেই দেখিলো। তাত থাকোতেই এওঁ কাঠত এজন গণেশৰ মূৰ্তি কাটিছিল, হাতুৰী বঁটালী লৈ এওঁক সহায়ৰ হাত আগবঢ়াইছিল চাৰৰ ল'ৰা কামিলে।
 
চৈয়দ আব্দুল মালিক তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে
 
১৯৯৬ চনত আমি নতুন মাৰুতী গাড়ী এখন কিনি গুৱাহাটীৰ পৰা ৰাতি ১১ মান বজাত ঘৰ পাইছিলোহি, নিজৰ একান্ত আপোনজনৰ দৰেই চাৰ-বাইদেউৱে বিচনাৰ পৰা উঠি ভগৱানৰ নাম লৈ গাড়ীখনত বহি চাইছিলহি।
 
আমাৰ ল’ৰাৰ জন্মৰ আগতে মই ভালেমান Injection ল'বলগীয়া হৈছিল; বেজী দিয়া মানুহজন অহা দেখিলেই এওঁ লাহেকৈ ওলাই গৈছিল, কাৰণ ভয়, চাৰে কথাটো জানে মঞ্জুমা, হাব্বা কোনোবা এজনীক মোৰ ওচৰত থাকিবলৈ পঠিয়াই দিয়ে। এবাৰ মোৰ হাতখন পুৰিলে, মই অলপ ভাল নোপোৱালৈকে বহুত ৰাতি হোৱা সত্ত্বেও বাইদেউ উঠি যোৱা নাছিল। ল'ৰাটোৰ জন্মৰ আগতে মোৰ উচ্চ ৰক্তচাপ হোৱা বাবে আমাৰ দুয়োখন ঘৰৰ মানুহৰ লগতে চাৰ-বাইদেউহঁতো বৰ চিন্তিত আছিল আৰু বাইদেউৱে মোক বিভিন্ন পৰামৰ্শ দিছিল। ল’ৰাৰ জন্মৰ দিনাও নাৰ্চিং হ’মত উদ্বিগ্ন পিতৃ-মাতৃৰ লগতে চাৰ বাইদেউও থিয় হৈ ৰৈ আছিল। সেয়েহে আমাৰ ল'ৰাৰো তেখেতসকলৰ কোলাতে প্রথম উঠাৰ সৌভাগ্য হৈছিল। আগতেও ডাক্তৰলৈ ফোন কৰি মোৰ খবৰ লৈ থকাৰ বাবে ডাক্তৰেও সুধিছিল “মালিকচাৰনো আপোনালোকৰ কি হয়।" এৰা মালিকচাৰ আৰু আমাৰ মাজত যি সম্পর্ক তাক সাধাৰণ ভাষাৰে বুজাব নোৱাৰি। জাতি-ধৰ্ম, তেজ-মঙহৰ উৰ্ধত যি সম্পর্ক, যাক কোৱা হয় বুকুৰ আপোন, হৃদয়ত পিতৃ-মাতৃৰ যি স্থান তেখেতসকলো আমাৰ বাবে তেনেকুৱাই আছিল। আমাৰ ল'ৰা হোৱাৰ পিছত সি সেইখন ঘৰৰ চাৰৰ নাতিহে হ’ল। চাৰৰ সৰু-জীয়ৰী মান্নাক সি কিমান ভাল পায় সেয়া চকুৰে দেখা জনেহে বুজিব। মই যিমান সময় ঘৰত থাকো তাৰ অধিকাংশ সময় সি মালিক চাৰৰ ঘৰত থাকে। এবাৰৰ কথা সি চাৰৰ ঘৰৰ ভিতৰত থকা চোফাৰ কাপোৰখনতে পেচাব কৰিলে, মই ধুই দিম বুলি কাপোৰখন লৈ আনিব খুজিলো। চাৰ-বাইদেউ দুয়োয়ে আমাৰ ল'ৰা ছোৱালীয়ে পেচাব নকৰে নেকি বুলি মোক খং কৰিলে। সাতমাহ বয়সৰ কথা এদিন তাত সি খুব কান্দিছে, কাৰণটো কি কোনেও ধৰিব পৰা নাই, পিছতহে আমি ধৰিব পাৰিলো বাইদেউৱে কাৰোবাৰ কেচুৱা এটা কোলাত লৈছে সেইবাবেই খং। মাত ফুটোতেই সি চাৰক কাগজ এখন দি কয় “নানা পঢ়”। আকৌ কেতিয়াবা খিৰিকিৰে কিবা পেলাই মাতে “নানা তোল”, চাৰে তোলে। ঘৰত সি অকণমান কান্দিলেও মালিকচাৰে হুলস্থূল লগায় সি কিয় কান্দিছে। চাৰ সেইসময়ত চৰ উন্নয়ন নিগমৰ অধ্যক্ষ আছিল, প্রায়ে গুৱাহাটীলৈ যায় আকৌ সভা-সমিতি থাকেই-যোৱাৰ আগতে চাৰে তাক আঠুৱা দাঙি চাই যায়, ক'ৰবাৰ পৰা আহিও তাক মাত দিয়েহি। তাৰ ডেৰবছৰ বয়সত চাৰে তাক লৈ এটা সুন্দৰ কবিতা ৰচনা কৰিছিল। সেইটো আমাৰ অমূল্য সম্পদ। মঞ্জুমা, হাব্বা, মান্না, কামিল, মনজুৰৰ ওচৰত যে তাৰ কিমান দাবী। কেচুৱাৰে পৰা সি মনজুৰৰ মটৰ চাইকেলত ফুৰিবলৈ গৈছিল, সিহঁতৰ অহা দেৰি হ'লে ৰাস্তাৰ গেটৰ মুখত ৰৈ থকাটো চাৰৰ নিয়ম আছিল। মই ল’ৰাৰ অসুখ-বিসুখ হ’লে মাহঁতক সোধাতকৈ প্ৰথম বাইদেউকে সুধিছিলো, সি খোৱা-বোৱা নকৰিলে বাইদেউৱে তাক ভালকৈ মুখ ভাঙি দিয়ে। ধর্মীয় ভিন্নতা থাকিলেও নীতি-নিয়মবোৰত ইমান মিল আছে আচৰিত লাগে।
আমাৰ কোঠাৰ কাষৰ বেৰখনৰ সিপাৰে থকা কোঠাটোত বিচনাখনকে টেবুল কৰি সৰু মুঢ়া এটাত বহি লিখি থকা মালিচাৰৰ সেই দৃশ্যটো আজিও মনলৈ আহে। তেনে দৰেই শেষ কৰিছিল মাধৱদেৱৰ জীৱন ভিত্তিক উপন্যাস 'প্রেম অমৃতৰ নদী’ আৰু মোক বৰ আনন্দৰে কথাষাৰ কৈছিল। প্ৰকাশ হোৱাৰ পিছতো কিতাপখন মোক আনি দিছিলহি।
আমাৰ ঘৰত তেতিয়া ফোন নাছিল, আমাক বিচাৰি কোনোবাই চাৰৰ ঘৰলৈ ফোন কৰে, চাৰে, হাতত কৰ্ডলেচটো লৈ আমাক দিয়েহি ‘অসাধাৰণ সাহিত্যক জনৰ এনেকুৱা সাধাৰণ আচৰণৰ কথা কেনেকৈ পাহৰিম? ঘৰখনত আলহী অতিথিৰে গিজগিজাই থাকে। চাৰৰ মুখত কোনোদিন আমনি পোৱাৰ চিন নেদেখিলো। ঘৰৰ লখিমী স্বৰূপা বাইদেউৱে সকলো চম্ভালে। ঘৰৰ সুন্দৰ পৰিৱেশৰ বাবেই হয়তো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও চাৰ ভাগি পৰা নাছিল। অথচ চকু দেখুৱাবলৈ গৈ ২০০০ চনৰ ২৩ মে'ত বাইদেউ ঢুকাল। চাৰে ভৰিৰ বিষৰ বাবে বাইদেউৰ লগত যাব নোৱৰাৰ বাবে উদগ্রীৱ হৈ বাইদেউলে ৰৈ আছিল, পুৱাতে অহা অভাৱনীয় দুখৰ খবৰটো চাৰক কোনে কেনেকৈ দিব? বৰ জীয়ৰী জিনেইদা আৰু জোঁৱাইৰ বাবেই সকলো ৰৈ আছিল। ঘটনাৰ আকস্মিকতাত চাৰে সৰু লৰাৰ দৰেই উচুপিছিল। আমিও যেন মুক হৈ পৰিছিলো তথাপি চাৰৰ অসুস্থতালৈ চাই মইয়ে দায়িত্ব লৈছিলো চাৰক দুপৰীয়া ভাত দুটামান জোৰকৈ খুৱাইছিলো। কলমটোৰ বাহিৰে একো চিনি নোপোৱা মানুহজনৰ জীৱনলৈ অহা অভাৱনীয় শূণ্যতাৰ কথা আমিও গভীৰভাৱে উপলব্ধি কৰিছিলো। ঘৰখন মানুহেৰে ভৰি পৰিছিল, মঞ্জুমা আৰু মুনুক আমাৰ ঘৰতে শুৱাইছিলো। পিছদিনা নাহৰণিত হোৱা বাইদেউৰ জানাজালৈ আমিও গৈছিলো। বাইদেউৰ মৃত্যুৱে আমাকো বৰ কষ্ট দিছিল। সন্তান আৰু আত্মীয় স্বজনৰ মৰমৰ আবেষ্টনীৰ মাজত থাকিও অকলশৰীয়া হৈ পৰা চাৰক তেখেতৰ ইচ্ছানুসৰিয়েই আমি সান্ধ্য ভ্ৰমণলৈ লৈ যোৱাৰ নিয়ম কৰিছিলো, কেতিয়াবা হাব্বা, মঞ্জমা, মান্নাও যায়। কেতিয়াবা মোৰ মা-দেউতা। আমি বাইপাছ, গড়আলি আদি ফুৰো। চাৰে বিভিন্ন কথা কয়। এওঁ চাৰৰ লগত যিবোৰ নিৰ্দোষ ধেমালি কৰে, মানুহে দেখিলে আচৰিত হ'ব। চাৰক এওঁ মাতে 'ইয়ংমেন' বুলি। মিঠাই দোকানৰ আগত ৰৈ মিঠাই আনি দিয়ে, চাৰেও সৰু ল’ৰাৰ দৰে খায়। সদায় চকলেট এটা কিনি দিয়ে, চাৰে হাতপাতি লয়, কেতিয়াবা চাৰ্টৰ জেপত ভৰাই থয়। সেইদিনবোৰ আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। চাৰৰ কথাবোৰ ৰেকৰ্ড কৰি নোথোৱা বাবে দুখ লাগে।
 
লেখিকা ড° জিতাঞ্জলি বৰপূজাৰী বৰঠাকুৰ আৰু তেওঁৰ স্বামী ধ্ৰুব বৰঠাকুৰ চৈয়দ আব্দুল মালিকৰ সৈতে 
 
দুৰাৰোগ্য বেমাৰতো তজবজীয়া হৈ থকা মানুহজন যেন লাহে লাহে বেছি অসুস্থ হৈ পৰিল। ল'ৰা-ছোৱালীহঁতৰ পৰিচৰ্য্যাইও যেন চাৰক আগৰ অৱস্থালৈ আনিব নোৱাৰিলে। মানুহজন শয্যাগত হৈ পৰিল তথাপিও চোলাৰ জেপত কলমটো আছেই। আমাৰ কোঠাৰ পৰাই গম পাওঁ ইটো কোঠাত চাৰৰ কোনোবা এজনী ছোৱালীয়ে ‘মই অসমীয়া কবিতাটো গাই শুনায়, জীৱনে চিৰদিন অসমীয়া কবিজনে শাৰীৰিক ব্যথাৰ মাজতো যেন সকাহ পায়। ৰাতি চাৰৰ কেকনিৰ শব্দত বুকু বিষাই যায়, ৰসিক মানুহজনৰ ক্ষেত্ৰত এইটো ভাবিব নোৱৰা কথা। এনেকৈয়ে কেইদিনমান চলি আছে, চেলাইন দিয়ে আছে। ১৭ ডিচেম্বৰ চেলাইনৰ সৈতে আগফালৰ বাৰান্দাত ৰ’দত বহুৱাইছে। এওঁ চাৰক ধেমালি কৰিলে, ফুৰিবলৈ যাব নেকি? ‘নাযাওঁ’ বুলি মুৰ জোকাৰিলে। অলপ সময়ৰ পিছত কি হ’ল নেজানো চাৰৰ সঁচাকৈ ফুৰিবৰ মন গ'ল। চাৰৰ ইচ্ছা মনোবল দেখি এওঁ ওলাল লগত এফালে মান্না, আনফালে নাৰ্চ আৰু আগত মেহবুব আলি দাদা। এওঁ গাড়ী লাহে লাহে নি চন্দ্ৰকান্ত ভৱনৰ আগেদি জে বি কলেজ, জনমভূমি প্ৰেছৰ সন্মুখেদি ঘূৰি আহিল, চাৰে বোলে কোনোবা আপোন মানুহএজনৰ ঘৰলৈ যাবলৈও মন মেলিছিল পিছে ৰাস্তা বেয়া বাবে নিনিলে। সেই অসুস্থ দেহাৰেও চাৰে হাতত লৈ আছিল এওঁ বাটত কিনি দিয়া চকলেট এটা। মনত আশা হৈছিল চাৰৰ ভাল হ’ব বুলি। চাৰৰ আৰোগ্যৰ বাবে গণেশৰ ওচৰতো চাকি দিছিলো। বিচনাত পৰি থাকিও মাজে মাজে কলমটো বিচাৰিছে। সেই দুটা ৰাতি চাৰে ভীষণ যন্ত্ৰণা পাইছে, কেঁকনি আৰু কাহৰ শব্দত অন্তৰ দহি গৈছে। ১৯ তাৰিখে পুৱা মনজুৰ ডাক্তৰ বৰজোঁৱাই ঘৰত নাই, মঞ্জুমাই চিঞৰি এওঁক মাতিছে, চাৰে উশাহ লোৱাত কষ্ট পাইছে। অক্সিজেনটো লগাই দিব লাগে। সেইদিনা অৱস্থা অতি বেয়া। হাজাৰ জনতাক বাক্‌পটুতাৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা মানুহজনৰ কাষত অসহায়ভাৱে থিয় দি আছো। চাৰৰ মাতবোল নাই। ডাক্তৰ লাগিয়েই আছে। দুপৰীয়া এওঁ এবাৰ চিঞৰি মাতিলে চাৰ ভাল পাইছেনে? চকু মেলি চালে, সঁহাৰি জনাব নোৱাৰিলে। ঘৰখন মানুহেৰে ভৰা। মই এবাৰ ঘৰলৈ, আহো, এবাৰ চাৰৰ কাষলৈ যাওঁ। কি যে অস্থিৰতা। পুহমাহৰ শীতল ৰাতি জাৰ নেওচি সকলো মানুহ চাৰৰ ঘৰত আছে। মানুহে কোৰাণ পাঠ কৰিছে, দোৱা কৰিছে, এওঁ দুৰ্গাসহস্ৰ নাম গাই শুনাইছে। ১১.৪০, হুৱাদুৱা লাগিছে জী-জোঁৱাই, পুত্র, নাতি আত্মীয়সকলোৱে জমজমৰ পানী চাৰৰ মুখত দিছে। ইয়াৰ মাজতো আমাৰ দুয়োকে মাতি চাৰৰ মুখত জমজমৰ পানী দিবলৈ দিছে। বাক্‌পটু মানুহজনৰ মুখত জমজমৰ পানী দিছো চকুৰ পানীৰে বাট নেদেখা হৈ গৈছো। অসহনীয় শূণ্যতাত অন্তৰখনে হাঁহাকাৰ কৰিছে। আমাৰ গাড়ীতে চাৰে শেষবাৰ ফুৰিলে। ২১ তাৰিখে নাহৰণিলৈ গ'লো। আমাৰ তিনিবছৰীয়া ল'ৰাটোৱে বাটতো ‘হা’ক (ভগৱানক) প্ৰাৰ্থনা কৰি গ'ল-নানাক ভাল কৰা। অবুজ শিশুৱে জীৱনৰ চৰম সত্য কেনেকৈ বুজিব। জাতি ধৰ্মৰ উৰ্ধত থকা আমাৰ সমন্ধৰ কথাও সি নেজানে। বাইদেউৰ কাষতে কবৰত শুই পৰা চাৰৰ কবৰত এওঁৰ লগতে ল’ৰাকো মাটি দিবলৈ দিলে। নির্মম বাস্তৱক হয়তো সিও অনুভৱ কৰিব পাৰিব। জাতি-বর্ণ নির্বিশেষে অগণন ৰাইজে বুকুৰ আপোনজনক অশ্রুসিক্ত নয়নেৰে বিদায় দিলে। মানৱতাৰ পূজাৰীজনৰ কবিতা ফাঁকি মনলৈ আহিল—
 
যি মাটিৰে ঢাকিবা কবৰ মোৰ
তাত যে থাকিব সনা
সকলোৰে চকুপানী সজল চকুৰ।।
 
তাত চকুৰ পানীৰে বাট নেদেখা হোৱাসকল কিন্তু কোনো এটা ধৰ্মৰ নাছিল। তেওঁলোকৰ কিন্তু এটাই পৰিচয়, অসমীয়া। মালিক চাৰৰ জীৱন আৰু কৰ্মই এই কথাই প্রতিফলিত কৰে।
 
(চৈয়দ আব্দুল মালিকৰ ২১ তম মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰকাশিত। লেখিকা এগৰাকী প্রাক্তন উপাধ্যক্ষ, মৰিয়নি মহাবিদ্যালয়)