অসমৰ সৈতে নেতাজীৰ সম্পৰ্ক

Story by  atv | Posted by  Munni Begum • 1 Years ago
নেতাজী সুভাষ চন্দ্র বসু
নেতাজী সুভাষ চন্দ্র বসু
  পুলিন ডেকা  
 
পৰাধীনতাৰ গ্লানিৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ যিসকল স্বাধীনতা সংগ্রামীয়ে দেশপ্ৰেমৰ ভাৱনাৰে দেশৰ ইতিহাসক গৌৰৱান্বিত কৰিছিল সেইসকলৰ ভিতৰত নেতাজী সুভাষ চন্দ্র বসু অন্যতম। নেতাজীৰ সৈতে অসমৰ সম্পৰ্ক অতি গভীৰ আছিল। তৰুণৰাম ফুকন, কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেৱেশ্বৰ শৰ্মা, অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা আদিৰ দৰে আমাৰ স্বাধীনতা সেনানীসকলৰ সৈতে নেতাজীৰ আছিল গভীৰ সম্পৰ্ক। নেতাজীয়ে অসমলৈ আহিলেই দেশভক্ত তৰুণৰাম ফুকনৰ ভৰলুমুখৰ আৱাসগৃহতেই আছিল। 
 
১৯৪১ চনত আত্মগোপন কৰিবলগীয়া হোৱাত প্ৰায় এমাহ কাল ফুকনৰ ঘৰতেই আছিল। সুভাষ চন্দ্ৰ বসুৰ অসমম্প্রীতি আছিল অনন্য। অসমৰ ছাত্র সংগঠন, শ্রমিক সংঘ আৰু বিভিন্ন কৃষক সভা আদি গঠন কৰাৰ বাবে অসমলৈ আহি সকলোকে উৎসাহিত কৰিছিল। কৰিমগঞ্জ, শিলচৰ আৰু শ্বিলঙৰ বিভিন্ন সভাত যুৱ নেতা হিচাপে নেতাজীয়ে উদ্দীপ্ত ভাষণ প্ৰদান কৰিছিল। 
 
প্ৰতিনিধিত্বমুলক ছবি
 
সুভাষ চন্দ্ৰ বসুৰ অসমৰ প্ৰতি গভীৰ আন্তৰিকতাৰ পৰিচয় পোৱা যায় ১৯৩৮ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছী মন্ত্রীসভা গঠনৰ সময়ত। সুভাষ চন্দ্র বসুৰ ব্যক্তিত্ব, উদাৰতা, কর্মনিষ্ঠ আৰু সাম্যবাদী ধাৰাই অসমৰ সেই সময়ৰ নেতাসকলক আকৰ্ষিত কৰিছিল। আজাদ হিন্দ ফৌজাৰ সৈনাই ব্ৰহ্মদেশৰ সীমা অতিক্ৰম কৰি অবিভক্ত অসমৰ নাগালেণ্ড আৰু মণিপুৰৰ বৃহৎ অঞ্চল দখল কৰিছিল। 
 
নেতাজীৰ আজাদ হিন্দ ফৌজৰ লগত অসমৰ কেইবাগৰাকী বীৰ যোদ্ধাই অংশগ্রহণ কৰিছিল। সেইসকলৰ ভিতৰত চৈয়দ জালালউদ্দিন আহমেদ, দামচন্দ্র মহন্ত, উমেশ চন্দ্ৰ দেৱচৌধুৰী, হৰেন্দ্ৰ নাথ মেচ আদি। আনহাতে, নেতাজীৰ ফৰৱাৰ্ড ব্লক দলতো কেইবাগৰাকী সদস্য আছিল। শংকৰ বৰুৱা, লক্ষ্মী গোস্বামী, দেৱকান্ত বৰুৱা আদিয়ে আজাদ হিন্দৰ প্ৰতি নৈতিক সমর্থন আগবঢ়াছিল।
 
নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্রণী নেতা আছিল। ভাৰতৰ জাতীয় কংগ্ৰেছৰ তেওঁ এগৰাকী খুব নেতা আছিল আৰু ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত্বৰ আসনো অলংকৃত কৰিছিল। অৱশ্যে ইয়াৰ পিছতে মহাত্মা গান্ধীৰ অহিংসা নীতিৰে ভাৰতৰ স্বাধীনতা আন্দোলন চলাই যোৱাৰ ক্ষেত্ৰত সৃষ্টি হোৱা মতানৈক্যৰ বাবে সুভাষ চন্দ্র বসুই ১৯৩৯ চনত সভাপতিত্বৰ আসনৰ পৰা পদত্যাগ কৰিছিল। 
 
নেতাজী সুভাষ চন্দ্র বসুৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
 
স্বাধীনতা সংগ্ৰামত তেওঁৰ পন্থা ভিন্ন আছিল যদিও নেতাজীৰ দেশপ্ৰেম আছিল সন্দেহৰ উৰ্দ্ধত। ভাৰতীয় জনগণক উদ্বুদ্ধ কৰিব পৰা 'জয় হিন্দ'ৰ স্ৰষ্টাও নেতাজী আছিল। ডেকাকালত সুভাষ চন্দ্র বসুই ভাগৱত গীতাৰ আধ্যাত্মিকতাৰ প্ৰতি অনুপ্রাণিত হোৱাৰ উপৰি স্বামী বিবেকানন্দৰ সাৰ্বজনীনতাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰেৰণা লাভ কৰিছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনো ভাৰতীয় আধ্যাত্মিকতাৰ দ্বাৰাও পৰিচালিত হোৱাটো বিচাৰিছিল। 
 
তেওঁৰ দেশপ্ৰেম ইমানেই প্ৰবল আছিল যে দেশ মাতৃৰ সেৱাৰ বাবে তেওঁ আনকি ভাৰতীয় প্রশাসনিক সেৱাৰ দৰে উচ্চ পৰ্যায়ৰ সন্মানীয় পদবীও বাদ দিব পাৰিছিল। দেশপ্ৰেমৰ দ্বাৰা উদ্বুদ্ধ হৈ তেওঁ ১৯৪২ চনত গঠিত ইণ্ডিয়ান নেশ্যনেল আৰ্মি পুনৰুজ্জীৱিত কৰি ভাৰতৰ স্বাধীনতাৰ যুঁজক বিদেশৰ মাটিৰ পৰাই এক নতুন মাত্ৰা প্ৰদান কৰিছিল। 
 
ভাৰতৰ ভৱিষ্যত নিৰ্দ্ধাৰণৰ প্ৰতি নেতাজীৰ মনৰ দৃঢ়তা ইমানে প্রবল আছিল যে ইংলেণ্ডলৈ গৈ লেৱাৰ পাৰ্টিৰ নেতা সকলৰ লগতো আলোচনাত মিলিত হৈছিল। ভাৰতীয় নাৰীৰ সৱলীকৰণৰ দিশটো সুভাষ চন্দ্র বসুৱে আগবঢ়াইছিল অসামন্য অৱদান। পুৰুষৰ লগত নাৰীৰ সমান অধিকাৰৰো তেওঁ পোষকতা কৰিছিল। ১৯২০ চনৰ পৰা ১৯৩০ চনলৈ ভাৰতীয় জাতীয় জীৱনত নাৰীৰ সমান অধিকাৰৰ হকে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। সুভাষ চন্দ্ৰ বসুৱে ভাৰতৰ যুৱ শক্তিৰ ওপৰত স্থাপন কৰিছিল অগাধ বিশ্বাস আৰু আস্থা। 
 
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন-স্বাধীন ভাৰতবৰ্ষ সৃষ্টিৰ বাবে যুৱ শক্তিক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ আগবঢ়াইছিল বিশেষ বৰঙনি। সুভাষ চন্দ্ৰ বসুৰ সাংগঠনিক ক্ষেত্রটো আছিল অধিক দক্ষতা। তেওঁ অল ইণ্ডিয়া যুথ কংগ্ৰেছৰ সভাপতি আৰু বেংগল ষ্টেট কংগ্ৰেছৰ সম্পাদকৰ পদতো কার্য নির্বাহ কৰিছিল। এখন বাতৰি কাকতৰ সম্পাদক হোৱাৰ উপৰি মিউনিচিপাল কর্পৰেশ্যন অৱ কলকাতাৰ মুখ্য কার্যবাহী হিচাপেও সুখ্যাতিৰে কার্য নির্বাহ কৰিছিল। 
 
এইগৰাকী মহান দেশপ্রেমিকৰ মৃত্যুৰ পিছত সেয়েহে মহাত্মা গান্ধীয়ে কৈছিল, 'The hypnotism of India National Army has cast its spell upon us. Netaji's name is one to conjure with. His patriotism is second to none. His bravery shines through all his actions. He aimed high and failed. But who has not failed.' পুনৰ মহাত্মা গান্ধীয়ে কৈছিল, 'Netaji will remain immortal for all time to come for his service to India.' 
 
জাপানৰ প্ৰধান মন্ত্রী চিনজো এবে ২০০৭ চনৰ ২৩ আগষ্টত কলকাতাস্থিত সুভাষ চন্দ্ৰ বসু স্মাৰক হল পৰিদৰ্শনৰ সময়ত মন্তব্য কৰিছিল 'Japanese are extremely motivated by the strong will of the Bose in order to lead the independence movement in India from the British rule.'
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন)