ড° নন্দ সিং বৰকলা
বিচিত্ৰ অসমভূমিত আহোম ৰাজত্বৰ প্ৰাক্ কালত অপ্রত্যাশিতভাৱেই বিশাল বুঢ়ালুইতৰ উত্তৰ দিশত অর্থাৎ চুটীয়া ৰাজ্যৰ পূৱ প্ৰান্তত কনৌজৰ পৰা অসমত প্ৰৱেশ কৰা বৰভূঞাসকলে বসতি কৰি ইয়াৰ মাটি, মানুহ, সংস্কৃতিত একাত্ম হৈ আধ্যাত্মিক দিশত ব্ৰতী হৈছিল। ধৰ্ম আৰু সংস্কৃতিক বুকুত সাৱটি বৰভূঞাসকলে অসমক চহকী কৰাৰ অনেক তথ্যই আমাৰ জাতীয় জীৱনক প্ৰভাৱিত কৰি আহিছে।
বৰভূঞাসকলৰ মধ্যমণি ভূঞা চণ্ডীবৰৰ নাতিৰ নাতি শ্ৰীমন্ত শংকৰদেৱ মহাত্মাই জাতীয় জীৱনৰ বিভিন্ন ঘাত-প্রতিঘাত, সংঘাত আৰু সংকটৰ এই সময়তো আমাক বৰলুইতৰ গভীৰতা, পাটকাই পৰ্বতৰ উচ্চতাৰ কিৰীটি, কীর্তন-ঘোষাৰ বৰ্ণময় বৰ্ণনাৰে উজ্বলিত কৰি ৰাখিছে। আৰিমত্ত ৰজাৰ বংশোংদ্ভৱ ৰজা সমুদ্ৰৰ পুত্ৰ মনোহৰৰ কন্যা লক্ষীৰ গৰ্ভত সূৰ্যদেৱৰ ঔৰসত দুটি পুত্র জন্ম হয়। এওঁলোক ক্ৰমে শান্তনু আৰু সামন্ত। পৰৱৰ্তীকালত শান্তনুৱে বৈষ্ণৱ আৰু সামন্তই শাক্ত ধৰ্ম লয়। শান্তনুৱে নগাঁৱত বসতি কৰে। ৰাজধৰ নামৰ শান্তনুৰ পুত্ৰসন্তান এজনে পৰৱৰ্তী কালত নগাঁৱৰ বৰদোৱাত বসতি কৰিবলৈ লয়। ৰাজধৰ শংকৰ গুৰুৰ পিতৃ কুসুম্বৰৰ ককাক ৷
শংকৰদেৱৰ জন্ম সম্বন্ধে কুসুম্বৰদেৱৰ আৰাধনা আৰু শংকৰৰ জন্মৰ বিৱৰণ ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত গুৰুচৰিতত পোৱা যায়ঃ “পাছ এক দিন, অসন্তোষ মনে, শর্যাত কৈলা শয়ন। পৰম সুন্দৰ, বিপ্ৰ একজন, স্বপ্নে পাইলা দৰিশন৷৷ ব্রাষ্টনে বোলন্ত, শুনিও কুসুম, চিন্তা দেখোঁ বহুতৰ ৷ কেলোঁ সাৰোন্তৰ, পুত্ৰ পাইবা বৰ, অৰ্চা কৰা গোপেশ্বৰ।। পাছে প্রভাতত, বিপ্ৰৰু মিলয়া, স্বপ্নৰ কথা কহিলা । উত্তম উত্তম, সুস্বপ্ন বুলিয়া, বিপ্রগনে প্রশংসিলা ।। কদশী মধ্যত, নৱ দ্ৰৱ্য যত, সম্ভাৰ লয় অশেষ। পাছে ভার্যা স-আনন্দিত মনে, শিঙ্গৰি কিলা প্ৰৱেশ।। কৰি স্নান দান, শুক্ল পৰিধান, প্ৰৱেশি দেৱ মন্দিৰ। প্ৰণতি পূর্বক, স্তুতি আৰম্ভিলা, চিত্ৰক কৰিয়া স্থিৰ ।।
একশৰণ নামধৰ্ম প্ৰচাৰৰ বাবে শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ ভিতৰৰ আধ্যাত্মিক পৰিৱেশ
১৩৭১ শক কাতি সংক্রান্তিৰ অমাৱস্যা তিথিত বৃহস্পতিবাৰে মাজৰাতি শংকৰদেৱৰ জন্ম হয়। মহাত্মা শংকৰৰ জন্মৰ সময়ত ৰাৰভূঞা সকলৰ ঘৰৰ দেৱী মূৰ্তিৰ সমুখত জ্বলি থকা এশগছ বন্তি নুমাই মূৰ্তিবোৰ ভূমিত বাগৰি পৰিছিল আৰু ভূঞাসকলৰ ঘৰৰ এশ পুৰা সৰিয়হৰ ডুলি বাগৰি পৰিছিল। সন্তৰাম দৈৱজ্ঞই কৰা গণনাত কৈছিল যে, শংকৰৰ দ্বাৰাই অসংখ্য প্রাণীয়ে মুক্তি পাব, দেৱী উপাসনা লোপ পাব, ভাগৱত পুৰানাদি সৰল ভাষাত ৰচিত হৈ মানুহে অলপ বিদ্যাত বহুত জ্ঞান লাভ কৰিব পৰা কোমল শাস্ত্ৰসমূহ প্ৰচাৰিত হৈ নাম-ধৰ্ম উজান ভাটিত প্ৰচাৰিত হ'ব।
সমাজ জীৱনক একতাৰ ৰচীৰে বান্ধি ৰখাৰ প্ৰচণ্ড প্রত্যয় শংকৰ গুৰুৰ নামঘৰ, ভাওনা আৰু বৰগীত, সত্ৰত বিমল ঐক্য বিৰাজমান। জড় মূৰ্তিত ঈশ্বৰ প্ৰতিষ্ঠা কৰি কৰা পূজা-অৰ্চ্চনাৰ বিৰুদ্ধে শংকৰ গুৰুৰ শিক্ষা আছিল সম্পূৰ্ণ বিপৰীত ৷ মানস ধ্যান নাম-কীর্তন বর্ণন। এনে বর্ণনত ধ্যানস্থ হওঁতে চিত্ত স্থিৰ হেতু মানুহৰ এটি ৰূপ চিন্তা হ'ব লাগে। সেয়ে “মুখে বোলোঁ ৰাম, হৃদয়ে ধৰাঁ ৰূপ” এনে ব্রক্ষ্মজ্ঞান শিক্ষার্থে শাস্ত্রকর্তাই ব্রক্ষ্মজ্ঞান কল্পনা কৰিছিল এনেদৰে—
চিন্ময়স্যাদ্বিতীয়স্য নিষ্ফলস্যা শৰীণিঃ ।
উপাসকানাং কার্যার্থাং ব্ৰক্ষ্মলোহ ৰূপকল্পনা ৷ ৷”
অজ্ঞলোকৰ ভাৱত, চিন্তা-চেতনাত সামাজিক সন্তোলন বিনষ্ট হয়, তেনে লোকৰ বাক্-ভঙ্গীত হোৱা ব্যৱহাৰে সামাজিক জীৱনত বহুসময়ত হোৱা বিপর্যয়ত ব্যক্তিসত্তা আৰু সমাজসত্তাৰ ওপৰত পৰে প্ৰচণ্ড নেতিবাচক প্ৰভাৱ। এনে অজ্ঞ লোকৰ জীৱনবোধত থকা দীনতা আৰু অপৰিশীলিত চেতনাত হেৰুৱাব লগা হয় মানুহৰ সংজ্ঞা। শ্ৰীমদ্ ভাগৱত গীতাৰ দৈৱকীৰ সম্পদ যোগত অমিত্রাক্ষৰ চন্দত গীতা পুথিত পোৱা যায়— ভাৱত দম্ভ থাকে, থাকে স্থূলতা, দৰ্পৰ অভিমান, উদ্গিৰণ সন্তান ক্রোধৰ, বচনত কক্ষতা, তমসা জ্ঞানত এই ছটা সম্পদ অসুৰ জন্ম।
এনেবোৰৰ পৰা সমাজক মুক্তি দিবৰ বাবেই সমাজচেতনাক সামুহিক কল্পনা আৰু ৰুচিত মিলাব পাৰিলে সমাজে মানৱীয়তা গুণেৰে মানুহ মানুহৰ অমল উৎসৱ হৈ উঠে। সমাজ চেতনাত প্রজ্ঞা মাথোতে মাথোতে প্রথমে জ্ঞানত নিমগ্ন হেৱাৰ, তাৰ পিছত শ্ৰৱনত আসক্তি জন্মে আৰু শেহান্তৰত আনন্দত সমাজ বুৰ যায়। শংকৰগুৰুৰ নামৰ ধ্বনি-প্রতিধ্বনি দূৰৰ পৰা একান্ত একাগ্রচিত্তে শুনিলে আমাৰ আত্মাৰ স'তে ভগৱানৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ চকুত বিচপ-বীডন জলধাৰা গংগা-যমুনাত স্নানত তিতা দেহ বিম্বাশৱদে ভক্তিসত বুৰ যায় ৷ আমি ৰামকৃষ্ণ পৰমহংসৰ সমাধি অৱস্থাৰ কথা শুনি বিস্মিত হৈ পৰোঁ ৷ চকুত দৃষ্টিনন্দন চেতনাই ক্ৰিয়া কৰে যেতিয়া এজন তেনেই নাবালক ইংৰাজ তনয়ে এখন বেৰত আঁউজি ত্রিভঙ্গবাৱে থিয় হৈছিল তেতিয়া পৰমহংসই সমাধি ৰূপত অৱতীৰ্ণ হৈছিল। ত্রিভংগ অৱস্থা দেখি তেওঁৰ ব্ৰক্ষ্মস্ফূৰ্তি ঘটিল। কিন্তু যি আৰম্ভ কৰে (beginner) তেওঁৰ এনে কেতিয়াও হ'ব নোৱাৰে। জ্ঞানোন্নতি নহ'লে ব্যক্তি বা সমাজ প্রগতিৰ বাটেৰে তৰান্বিত হ'ব নোৱাৰে। ১৫ শ শতিকাতো তেনেঅজ্ঞান অন্ধকাৰে আৱৰি আছিল।
গুৰু নানকে সেই যুগটিৰ বিষয়ে বৰ্ণনা কৰি কৈছিল – ‘যুগটো অন্ধকাৰ সদৃশ, ৰজাবোৰ কচাই, অন্ধকাৰাচ্ছন্ন আকাশত সত্যৰূপী চন্দ্ৰক এনে সময়ত ক’তো দেখা পোৱা নাযায়। সত্যৰ পথ হেৰাই অসত্যৰ পথৰ চন্দ আলোকিত হ'ল।' এনে অসত্য, অন্ধকাৰ, অন্ধযুগৰ লেতেৰা গলিৰ গেলা পিটনিৰ পৰা মানুহক তুলি আনিবলৈ যুগে যুগে মহামানৱে পৃথিৱীয়ে তেওঁলোকৰ ওপৰত জাপি দিয়া যিকোনো প্রত্যাহ্বান, প্রশ্নক হেলাৰঙে মূৰ পাতি ভাবীকালৰ সুন্দৰ পৃথিৱী এখনৰ বাট প্রশস্ত কৰিবলৈ তেওঁলোকৰ সমস্ত আর্জিত, সঞ্চিত, প্রজ্ঞা চেতনাক পৃথিৱীক সমৰ্পিত কৰি গৈছে।শংকৰ মহাত্মাই, মাধৱ গুৰুৱে হোম, যাগ, পূজাদিৰ প্ৰতি সমাজক আকৃষ্ট কৰাতকৈ ভক্তি আৰু নাম-কীৰ্ত্তনৰ তত্ব, মহত্ব, গুৰুত্ব ব্যাখ্যা কৰি তাত ৰপ্ত হ'বলৈ মানুহক শিকাইছিল।
এইফাঁকি ঘোষাৰ পদত তাৰ বৰ্ণময় বিৱৰণৰ বৰ্ণিল প্ৰকাশৰ বর্ণাঢ্য বিশালতা হৃদয়ংগম কৰিব পাৰিলেই মানুহে মানুহক ভালপোৱাৰ মন্ত্ৰ শিকিব, আন্ধাৰ আঁতৰিব, পোহৰৰ নতুন মাত্ৰাত মাটি মানুহৰ আৰু আপোন হ’ব - “কৰ্মত বিশ্বাস যাৰ হিয়াতে থাকন্ত হৰি অতিশয় দূৰ হোন্ত তাৰ” । মহাত্মা শংকৰৰ একাদশ স্কন্ধত পাওঁ “যাৰ যেন মতি কৰে বেদক কৰে ব্যাখ্যান। নিজ ধর্ম ভকতিক ত্যজি বুজে আন ।। কতো বোলে বেদে কৱে যজ্ঞ ব্রত দান। কতো বোলে ক্ষুদ্র দেৱে পূজা তীর্থ স্নান।। কেহো বোলে বেদে কহে জ্ঞানতেসে গতি। গুণৰ ইচ্ছাই বুজে যাৰ যেনে মতি ৷৷ নছাৰে কৰ্মৰ শোক দুঃখ প্রতিদিনে। জ্ঞানতো নাহিক গতি ভকতি বিহনে।। তপ জপ সন্যাস পৰম মহাদানে । নাপাৱে আমাক সখি যোগ মহাজ্ঞানে।। কেৱল ভকতি একে মোক কৰে বশ্য।।”
শংকৰ মহাত্মাৰ ধৰ্মজ্ঞান তর্কাতীতভাৱেই আপাতত; বিশ্বজনীন Universal religion. তেওঁৰ যি ভক্তিপথ, ভক্তিৰস, ভক্তিপ্ৰজ্ঞাৰ চেতনাতে মানৱমুক্তি আছে। নাৰদ, সনক, সনন্দ, সনাতন, সনৎ কুমাৰ আদি ঋষিসকলেও ভক্তিৰ সপক্ষে বাট দেখুৱাই গৈছে। বেদান্তৰ প্ৰকৃত পৰিভাষা ভক্তিৰ অমূল্য গ্ৰন্থ ভাগৱত আৰু মহান গীতা এই ধৰ্মৰ মূল স্তম্ভ।
অনাচাৰীসকলে যিবোৰ ক্রিয়াকাণ্ডৰ দ্বাৰা সমাজত ব্যভিচাৰৰ দোৱাৰ খুলিছিল তাৰ গৰ্ভত জে সত্য আৰু সমানতা, মানৱতা ভূ-লুণ্ঠিত হ'ব খুজিছিল সেইবোৰ তুলি-তালি আনিবৰ বাবে মহাত্মা শংকৰে কৰা সাংস্কৃতিক আৰু প্ৰজ্ঞাৰ আন্দোলনৰ বিৰুদ্ধে এই অনাচাৰীসকলে বিভিন্ন সময়ত বিভিন্ন গোচৰ তৰিছিল। আজিও আমাৰ সমাজ তেনে অনাচাৰী ম্লেচৰ হাতোৰাৰ পৰা আঁতৰিব পৰা নাই। প্ৰজ্ঞাৰ চেতনা গংগা তটিনীত স্নান কৰা আৰ্যমুনি ঋষিৰ যুগ যুগান্তৰ নিৰন্তৰ অনুশীলন, অধ্যয়ন জ্ঞান তপস্যাৰ পৰিভাষা আৰ্য দৰ্শনৰ সাৰ-মর্ম বেদান্তাদি ধৰ্মৰ ভিত্তি হৈ ধৰ্মক নীতিবিৰুদ্ধ, জীৱন বিৰুদ্ধ, সমাজ শাস্ত্ৰ বিৰুদ্ধে বৌদ্ধমত বুলি অতি সম্প্ৰতিও অনেকে ক'বলৈ কুণ্ঠাবোধ নকৰে ৷
নিত্য অনিত্য, অন্ধাৰ-পোহৰ, তল-ওপৰ জ্ঞানৰ মৰ্ম, সাধু-সঙ্গ, যুগ-যুগান্ত, জ্ঞান আৰু ধৰ্মযুগ, ৰং, চিত্র, ব্যঞ্জনা, বৰ্ণ, লয়, গর্জন সমুদ্র, বাদ-প্রতিবাদ, প্ৰতিষ্ঠাৰ যুঁজ, বাৰুদ আৰু ৰাজনীতিৰ যুঁজৰ অহংকাৰত বিধ্বস্ত হোৱা মানৱতাৰ স্বাভিমানৰ বৰ্ণময় বর্ণনাক ধৰি বিনোদনৰ নতুন নতুন চেতনাৰে বিগ্ৰহধাৰী শ্ৰীকৃষ্ণৰ কৰ্ষণৰ প্ৰজ্ঞাৰ বাট মেলিছিল। এনে কৃষ্ণ কৰ্ষণৰ শুক্লবর্ণ চেতনাৰ ধৰ্মৰ পৰিভাষাক ভ্ৰিান্ত ৰূপত প্ৰদৰ্শিত কৰি মানুহক দিকভ্রান্ত কৰা হৈছে।
মানৱজাতিৰ গ্ৰীচ সভ্যতা, হৰপ্পা মহেঞ্জোদাৰো, গংগা বা বৰলুইতৰ সভ্যতাৰ বিশাল ফচলৰ মানিক ভৰা জ্ঞানৰ নাও তৰাং পানীত সাঁতুৰাই সাঁতুৰাই অথাই সাগৰ পাৰ হ'ব পাৰি বুলি এনেচাম লোকে ধৰ্মৰ পৰিভাষাটোকেই ধৰ্ম কৰাৰ তীৰ্ষক প্ৰয়াস উদ্বেগজনক। মানুহক জীৱনৰ পৰিভাষা আৰু সাংস্কৃতিক ৰসেৰে আধ্যাত্মিক দিশৰ শ্যামল সৌন্দৰ্যক স্পৰ্শ কৰিবলৈ সংবৰ্দ্ধন, বিৱৰ্তন, আৱৰ্তন, ৰূপান্তৰৰ বাটেৰে সমাজ পৰিৱৰ্তনৰ প্রধান খনিকৰ ৰূপত মহাত্মা শংকৰক দেখা পোৱা যায়।
তীব্র সমাজ চেতনা বিশাল এখন চন্দ্ৰতাপৰ তলত মানুহ বন্দনাৰ উৎকৃষ্ট চিন্তাৰ Deep and bold thinker। এই পর্যন্ত অসমত তেওঁৰ বাদে অন্য এজন ওলোৱা নাই। দেশ-বিদেশৰ সমাজ বিজ্ঞানী, পণ্ডিতসকলেও তেওঁৰ পাণ্ডিত্য, গৱেষণাৰ ভূ-গৰ্ভৰ ৰঙ্গমঞ্চত প্ৰদৰ্শিত সত্য, সুন্দৰ শাশ্বত কর্মমার্গ যে আধ্যাত্মিক আৰু সাংস্কৃতিক জগতত নিবদ্ধ তাকে দেখি স্তম্ভিত। আত্মাৰ লগত পৰমাত্মাৰ সংযোগ, সম্বন্ধ নিৰৱিচ্ছিন্ন, অপৰিহাৰ্য, চিৰস্থায়ী জাগ্রত নিত্য প্রধান।
শংকৰ গুৰুৰ নামধৰ্ম আৰু গুৰুনানকৰ ধৰ্মৰ তফাৎ অভিন্ন। অর্থাৎ দুই ধৰ্মমত ‘এক দেৱ এক সেৱ এক বিনে নাহি কেৱ ।' শিখ ধৰ্মতো কোৱা হৈছে,— এক ঔংকাৰ, সংনাম কাতা পুৰুষ, নিভউ নিভে, আকালমুৰুট, আজোনিছে ভংগ গুৰু প্ৰসাদ, যপ আদিছাছ যুগাদিছাছ, হে বিছাছ নানকে হৌছে বিছাছ।'
কবিতাৰ মাজেৰে অতুলচন্দ্ৰ হাজৰিকাই কৈছে,
শংকৰ জগত গুৰু, গুৰু অসমৰ
একে শিক্ষা পঞ্জাৱৰ গুৰু নানকৰ
এই ধৰ্ম এক ঈশ্বৰৰ, এই ধৰ্ম নাম কীৰ্তনৰ থাকে য'ত থাপনাত ভাগৱত নতু গ্ৰন্থসাহিব
হয় যত সমবেত ভক্তসকলৰ
জ্বলে য'ত থাপনাত অখণ্ড প্রদীপ
সেয়ে গুৰুদ্ধাৰ, সেই নামঘৰ
অহংকাৰৰ দাম্ভিকতাৰ পোচাক দলিয়াব নোৱাৰিলে কৃষ্ণ কৰ্ষণৰ মূলমন্ত্ৰও নিৰৰ্থক।গুৰুজনাই সেয়ে কৃষ্ণ কৰ্ষণৰ দুৱাৰ খুলিছিল ভাওনাৰ জৰিয়তে, নামৰ জৰিয়তে। সূত্ৰধাৰৰ ভাওনা বন্দনা, মণিকূট সুগন্ধি আৰু ভক্তিৰস পান যাৰ বাবে বিনীত প্ৰাৰ্থনা, তেওঁৰ হাতত সমাজ, ব্যক্তিৰ স্বাভিমান আৰাধনা ৰূপত, কৃপা ৰূপত, পাণ্ডিত্য, বুদ্ধিমানী আৰু সহিষ্ণুতাৰ সুন্দৰ শিক্ষা ৰূপেৰে প্ৰজ্বলিত হৈ থাকিব। তেনে ব্যক্তি বা সমাজ আনৰ অনুকৰণৰ যোগ্য। যি বাস্তৱিক শক্তি আৰু অমূল্য ৰতন। শ্রদ্ধাপূর্বক নাম-প্ৰসঙ্গত ৰুচি, আগ্রহ, আনন্দত প্রকাশিত মানৱ দেহো সর্বোৎকৃষ্ট সেৱা বুলি গুৰুজনাই কৈ গৈছে।
মহাত্মা শংকৰৰ হৃদয়ত সকলো জীৱই সমান । কোনো উচ্চ-নীচ নাই। কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্রণাম' - বুলি কওঁতেই আমি জীৱনৰ মাহাত্ম্য আৰু বিশালতাৰ দৰ্শন অনুভৱ কৰোঁ। এবাৰ গুৰুৱে নাৱেৰে গৈ থাকোতে এজন চণ্ডালে কৃষ্ণ কৰ্ষণ কৰি থকা দেখি তেওঁ ধন্য ধন্য বুলি প্ৰশংসা কৰিছিল। পাটবাউসীৰ পাটত এই চণ্ডালৰ মুখত কৃষ্ণ কৰ্ষণৰ মহান একাত্মা শুনি গুৰুৰ চকুত তেতিয়া শাওন ভাদৰ বিচপ বীডন। চান্দসাই নামৰ মুছলমান দৰ্জীয়ে দিয়া চোলা পিন্ধোতে গুৰুৰ মহানুভৱতাত চান্দসায়ে তেওঁক গুৰু মানিছিল।
অসমত এতিয়া ধৰ্মৰ মাটি খহিছে। শংকৰ গুৰুৰ বিশাল বৰ্ণনাৰ বৈষ্ণৱ ধৰ্মৰ ৰূপকথা ক্রমশঃ শীৰ্ণ হ'ব খুজি কঙাল কৰিব ওলাইছে মানুহৰ হৃদয়। প্রচণ্ড প্রত্যয়, প্রত্যাশাৰ চমৎকাৰ দিগন্ত উত্তৰণৰ বৰ্ণিল যাত্ৰাৰ বৰদোৱা, সত্ৰ, ভাওনা, সত্ৰীয়া মাত-কথাত কিবা অচিনা শক্তিয়ে আঁকুহি আছে। প্রতি মুহূৰ্ততে হেৰাব খুজিছে নতুনৰ চকুৰ পৰা আমাৰ সমাজ-জীৱনৰ বিননচদীয়া বিচিত্ৰ ৰং, যিবোৰ গুৰু দুজনাই সানিছিল ভিন্ন পৰিসৰত আমাৰ চকুত। এয়া ঋতুৰ বৰ্ণময় পৰিভাষা নে গোলকীয় চেতনাৰ তৰল ধ্বনিত হেৰুৱা জীৱন সৌন্দৰ্য সংৰক্ষণৰ অনুপম পাঠ? শংকৰ গুৰুৰ সূত্ৰধাৰৰ ভাওনা বৰ্ণনাৰ কৃষণ কৰ্ষণৰ শোভাযাত্ৰাৰ সংৰক্ষণ পৰিবৰ্দ্ধনত মানুহৰ সমাগম বতাহৰ ৰৌ-ৰোৱনিৰ দৰে দুলিব লাগিছিল ভাবীকালৰ সুন্দৰ পৃথিৱী নিৰ্মানৰ দ্ৰষ্টা আৰু স্রষ্টা বিশ্বকর্মা নতুন প্রজন্মৰ চকুত। প্রজ্ঞাৰ বীজ হৈ বুকুত গজিব লাগিছিল সমাজৰ বসন্ত। মাটিক তীব্ৰ ৰূপত বুকুত ৰোপণ কৰাৰ মহৎ চেতনাৰে হৃদয়বান মানুহ হৈ জিলিকিব লাগিছিল শংকৰ গুৰুৰ বাসনা হৈ। বৈষ্ণৱ সংস্কৃতিৰ আধ্যাত্মিক তত্বকথা, ৰূপ-পৰিক্ৰমা দৰাচলতেই আমাৰ জীৱনৰ অনন্য পাঠশালা। ভৱিষ্যত পৃথিৱী এখন ধৰি বৰলুইতৰ গভীৰ আৰু প্ৰৱাহমান পানীখিনিৰ দৰেই বঙ্গোপসাগৰত বিলীন হোৱাৰ প্ৰৱল ইচ্ছা শংকৰৰ শিকনি। যৎ কিঞ্চিৎ নতুনে এইবোৰত নিমগ্ন হৈ মানুহৰ পৃথিৱী এখন ধৰিবলৈ চেষ্টা কৰাৰ মুহূৰ্তত গোলকীয় জগতৰ প্ৰত্যাহ্বান আৰু শুভ মানৱিক বুদ্ধিসম্পন্ন মানুহৰ অভাৱে নিঃশেষ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
চহকী অসমীয়া সংস্কৃতিৰ অন্যতম অংশ বড়ো নৃত্য
এতিয়া চিমেন্টৰ মহানগৰীত আমি যেন প্রত্যেকেই চিমেন্টৰ মানুহ। হৃদয়ত নাই নান্দীশ্লোক আছে প’প, ভাংৰা, পশ্চিমীয়া উলংগ নৃত্যৰ বিজতৰীয়া তাণ্ডৱ। য'ৰ পৰা হৃদয় ফুলিব নোৱাৰে। জীৱনক নতুনকৈ চাবলৈ কোনো দুৱৰ খিৰিকি নাই। ভিতৰলৈ জুমি চাবলৈও নাই দ্বিতীয় এখন দুৱাৰ।এনে বন্ধ ঘৰৰ দুৱাৰ খিৰিকিক অতিক্ৰমী শংকৰক সোঁৱৰিবলৈ, সোমাব নোৱাৰে বৰষুণ, সেউজীয়া, বিনোদনৰ নতুন হৃদয় উদ্বেলক বিজ্ঞাপন। শব্দসম্ভাৰ, শইচৰ গুণ গুণ সোণগুটিৰ বতাহ দর্শন।
শংকৰ গুৰু আমাৰ প্ৰত্যেকৰে বুকুত জীয়াই থাকিল এক ব্যক্তিসত্তাৰূপে। সামূহিক সত্তাৰূপত প্ৰতিস্থিত নহ'ল। অর্থাৎ অঅমি শংকৰদেৱক সামাজিক অনুষ্ঠান কৰিব নোৱাৰিলো। সেয়ে তেওঁক লৈ বাদ-বিবাদ, প্ৰতিষ্ঠাৰ ৰণ এখনত তিক্ততাৰ বৰষুণ। সত্যজিৎ ৰায়ে শংকৰদেৱ বঁটা লৈ সেয়ে কৈছিল, “শংকৰদেৱ কে আমি জানি না।” শ্ৰীৰামপুৰ সীমান্তৰ সিপাৰলৈ তেখেতক নিবলৈ হোঁহকা- পিছলা কৰা আমিবোৰে সেয়ে সত্ৰীয়া নৃত্য সত্ৰৰ নে শংকৰদেৱৰ, এই বিষয়টোৰে সৈতে আদালতৰ দ্বাৰস্থ হ'বলৈ কুণ্ঠাবোধ নকৰোঁ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱেও তেওঁৰ জীৱনৰ শেষ গানত- ‘ভাওনা’, ‘নান্দিশ্লোক’,‘সূত্ৰধাৰ' আদি শব্দ প্রয়োগেৰে অনাগত ভৱিষ্যতত জাতি-জনজাতিৰ মাজত শংকৰ গুৰুৰ তীব্ৰ প্ৰাসংগিকতা বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰি গৈছে। পিছে এতিয়া আগৰ দিন নাই, নাই সময় ৷
ৰাজনীতি আৰু বাৰুদৰ যুঁজত সময়ক মোহাৰি মোহাৰি গোলকীয় পৃথিৱীৰ দৈত্যটোৱে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ সংস্কৃতি আৰু অস্তিত্বৰ প্ৰতিয়েই তীব্ৰ ভাবুকি মাতি অনাৰ সময়ত শংকৰে কৈ থকা কীর্তন- ঘোষাৰ দুৰন্ত শক্তি আৰু মানুহে তাৰ পৰা আহৰণ কৰা কুশলবাৰ্তা জীৱনৰ প্ৰশান্তি, প্ৰত্যয়-বর্ণিল, বর্ণাঢ্য, বিশাল ভৱিষ্যত সেই কথাকো আওকান কৰি কৰি বুদ্ধিদীপ্ত পৃথিৱীখনৰো আয়ুস নিঃশেষ কৰাৰ যুঁজত তাহানিৰ অনাচাৰীসকলৰ চকুৰ ৰশ্মিক যেন সাবটিব লাগিছো। অথচ এই প্রত্যাহ্বান অতিক্ৰম কৰাৰ হেতু মহাত্মা শংকৰ এটি নাম নহয়, সময় নহয়, নহয় ঋতু কিম্বা এজন ধৰ্মগুৰু। ন ন দিগন্ত আৱিষ্কাৰৰ তেওঁ দার্শনিক, বৈজ্ঞানিক, নাৱিক, পর্যটক, পণ্ডিত আৰু সফল সমাজ প্ৰতিষ্ঠাৰ গৱেষক।
আন্ধাৰ মূখৰ সমাজৰ দুৱাৰ-খিৰিকিৰে অথবা বতাহৰ ছিৰিয়েদি শংকৰ গুৰুৰ জীৱন-দৰ্শন নামি আহি থাপনাৰ আগৰ মিঠাতেলৰ চাকিত প্রতিদিনে দি আছে ৰ'দৰ নাম, জীৱনৰ নামত সূৰ্যৰ বিনোদনৰ বাৰংবাৰ্তাৰ প্ৰতিশ্ৰুতি। ধৰ্মৰ নামত এতিয়া ব্যাপক ক্লেশ। তেজত তিতা দুহাত। মন্দিৰ নে মছজিদ ভঙা, ঈশ্বৰক নাঙঠ কৰি উলংগভাৱে হত্যা কৰা আৰু মৃত্যুৰ নৃত্য কৰা পূজাৰীসকলৰ কথাত জ্বলি আছে ঘৰ, গাওঁ, নগৰ। ফুটি আছে বোমা, মৰি আছে মানুহ। ভূচিত্ৰাৱলীৰ কেইডালমান ৰেখাৰ স্বাধীনতাত যেন নাঙঠ হৈ গৈছে শংকৰ, নানক, যীশু, আল্লা, ৰাম-কৃষ্ণ। অথচ আমি চিঞঁৰি আছো পৃথিৱী বহু আগুৱাই গ'ল ৷ মানুহৰ বহু উন্নতি হ'ল। কিন্তু স্বচ্ছ নহ'ল হৃদয় ৷ পানীৰ দৰে নহ'ল পৱিত্ৰ। প্ৰেম ভালপোৱা হেৰাই গ'ল। শংকৰ- নানক, আল্লাই মানুহৰ কুশল বাৰ্তা লোৱাৰ সংবাদ সমগ্ৰ জীৱনৰ প্ৰশান্তি .... তাকো পাহৰি পেলোৱা অথচ দুর্লভ সমাজ-চেতনাৰ উপলব্ধিৰে বুদ্ধিদীপ্ত গৱেষক গুৰুজন মানুহ আৰু সমাজক লৈয়ে ব্যস্ত আছিল।
নামঘৰত মানুহৰ, মণিকূটত জীৱনৰ ব্যাকৰণৰ অপূৰ্ব গুঞ্জন দি যোৱা মহাত্মা শংকৰ অন্ধকাৰ, শুকান ৰুক্ষ মানুহৰ হৃদয়ৰ এজাক সেউজীয়া বৰষুণ।এই বৰষুণত কীর্তন-ঘোষাৰ পাতে পাতে প্ৰজ্ঞাৰ জিভা মেলা আন্দোলিত চকুৰ হৃদয়-উন্মুখ দিনৰ বাবে এতিয়াও যিখিনি শুভ শক্তিৰ চেতনা জীয়াই আছে, সেই ৰ'দত শুকুৱাই টোমত ভৰাই ভৱিষ্যৎ পৃথিৱীৰ বাবে সেই চেতনা যিমান শীঘ্ৰে খামুচিব পাৰি, সিমানেই সমাজৰ মঙ্গল। সেই ধানৰ বীজ ৰৈ আছে মাটিৰ স্পৰ্শৰ সান্নিধ্যৰ হেতু আকুল হৈ। যিদিনা শংকৰৰ জীৱন দৰ্শন নতুন হাতে হাতে ফুলিব, সেই বীজ পৃথিৱীৰ বক্ষ ফালি শিৰোন্নত পৰিয়াল হৈ আকাশলৈ ধাৱিত হৈ ফলে- ফুলে জাতিষ্কাৰ হ'ব আৰু দূৰ কৰিব আমাৰ পেটৰ ভোকৰ আকাশ। তেনে অমৃত শইচৰ বাবে শংকৰৰ জীৱনৰ আদিপাঠ খুঁচৰি আছো।
শংকৰদেৱৰ হৰিনামৰ প্ৰসাৰ,প্ৰচাৰ আৰু গূঢ়াঠৰ গৰ্ভত মাটি-জাতি, সম্প্রদায়, ধৰ্ম, বৰ্ণৰ সীমা ভাঙি এক ঈশ্বৰৰ বিৰল প্রকাশক জীৱনৰ আধ্যাত্মিক জ্যোতিৰ গৰাকী হ'বলৈ কিম্বা শৱদে বিষ্ণু বা কৃষ্ণৰ শ্ৰেষ্ঠত্বৰে দাস্যভক্তিৰ অভিধা নির্মান এক বিৰল ঘটনা। মনকৰিবলগীয়া, উত্তৰ পূৰ্বাঞ্চলত প্ৰৱৰ্তিত নানান দেৱ দেৱীৰ পূজা-অৰ্চ্চনাৰ বিপৰীতে মানুহৰ মাজত বিষ্ণুৰ সন্ধানৰ বাট তৈয়াৰ কৰাটো নৱবৈষ্ণৱ কালৰ এক বিনন্দীয়া নান্দনিক ঘটনা। সমাজত শুদ্ধ চিন্তাৰ বাট তৈয়াৰ কৰা কালত গুৰুজনাৰ বোদ্ধিবৃক্ষৰ প্ৰজ্ঞাৰ বাটে পৰৱৰ্তীকালত ভাৰতবৰ্ষৰ বুকুৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত লাভ কৰা প্ৰগতি চমৎকৃত।
নানাধৰণৰ ছান্দসিক শিল্পকলাৰ শৈল্পিক সৌন্দৰ্য দূৰন্ত স্পন্দন, গীত, মাত সাহিত্যৰ মাজেৰে বৈষ্ণৱ আন্দোলনক যিদৰে গতি দিলে, তেনেদৰে বলিস্থ দুৰন্ত জীৱনধাৰাৰ বহ্নিমান লুইত হৈ অসমীয়া মহাজাতীয় জীৱনৰ অতুল্য পৰিচয়ে নৱৰূপ পালে। বড়ো, কছাৰী, মিচিং, নাগা, মুছলমান, কৈবত, গাৰো আদি বর্ণময় জনগোষ্ঠীৰ ৰীতি-নীতি, আচাৰ- আচৰণ, তেওঁলোকৰ বৰ্ণাঢ্য শব্দ-সম্ভাৰ, থলুৱা নানা সুৰীয়া গীতৰ গৰ্ভ নিনাদি আমাৰ সংস্কৃতিৰ ভেঁটিত পলসুৱা মাটিৰে বৰভেঁটি সাজিলে।
অসমীয়া নাট্য- সাহিতয়ৰ পূৰ্ণিমা গুৰুজনাই বিষ্ণুৰ মহিমা কৃষ্ণৰ দ্বাৰা প্ৰকট কৰোঁতে দেশৰ বিভিন্ন প্ৰান্তত থকা লোক-নাট্যানুষ্ঠানৰ লগত এই ভূখণ্ডৰ নাট্যানুষ্ঠানৰ সু-সমন্বয়ত এক অংক যুক্ত নাট ৰচনাৰে সমাজৰ শিক্ষিতজনৰ পৰা একেবাৰে অনাক্ষৰীজনকো প্ৰভাৱিত কৰি মনোৰঞ্জনৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জগতৰ দৰ্শনৰ মাজেৰে সমাজক সাংস্কৃতিকভাৱে একত্ৰিত কৰি তাত ব্যৱহৃত খোল, তাল, ঘায়ন-বায়নৰ অগ্নিৰ পোহৰ, সৰু ধেমালি, বৰ ধেমালি, শিল্পীসকলে পৰিধান কৰা পৰিশীলিত বস্ত্ৰকলা এক ৰুচীসম্পন্ন শিষ্টাচাৰ পূৰ্ণ প্ৰজাতি। য'ত মহাজাতীয় জীৱনৰ স্পন্দনৰ মসৃন অপৰিমেয় সহনশীলতা যুগে যুগে ধাৱমান কৰি যোৱাৰ বাট তৈয়াৰ কৰি গ'ল।
অংকীয়া নাটে ভাঙি পেলালে পৰম্পৰাগত সংৰক্ষণৰ গণ্ডীত আৱদ্ধ সমাজ ব্যৱস্থা আৰু তেতিয়াই সমাজ ধাৱমান হ'ল সাম্যবাদৰ গংগা পানীত তিতা মানুহৰ সমাজজীৱনৰ পদধ্বনি। সেই পদধ্বনিয়ে সমাজৰ ৰক্ষণশীল জীৱনক ভাঙি-মোহাৰি প্ৰগতিৰ পোচাক পিন্ধোৱাৰ লগতে সৰ্বপ্ৰান্তত মানুহৰ বুকুত শুপ্ত হৈ থকা সুকুমাৰ কলাক নৱৰূপেৰে জিলিকাই সৰ্বজনৰ গ্ৰহণযোগ্য শিল্পসম্ভাৰৰ সম্পদৰূপে আমাক চহকী কৰিলে।
মাধৱদেৱৰ দ্বাৰা সৃষ্ট শংকৰ গুৰু ভটিমাই প্ৰতিজন অসমীয়াৰ অন্তৰ আৱদ্ধ কৰি ৰাখিছে আৰু ভৱিষ্যতলৈও ৰাখিব “জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম” – এই গুৰু ভটিমাৰ গৰ্ভভেদ কৰাৰ যত্নই যেতিয়াই আমাৰ হৃদয় পোহৰায়, তেতিয়াই মহান মহাপুৰুষজনৰ জীৱন আৰু সমাজ, সাহিত্য, আধ্যাত্মিক দৰ্শনৰ চিত্ৰপটত ন ন বিনোদনৰ ৰূপে হৃদয় উদ্ধেলিত কৰি তোলে।
শংকৰদেৱৰ জীৱনকাল, ভাওনাৰ লগতে অন্যান্য সৃষ্টিশীল সমাজ সম্পদত ভক্তিৰসৰ প্ৰকোপ প্ৰচুৰ আৰু ৰীতি সৰ্বস্ব গুণেৰে হৃদয় সঞ্চাৰিত। মধ্যযুগৰ ভক্তি আন্দোলনৰ গৰ্ভতে গুৰুজনাৰ ভক্তিৰসে ভাৰতৰ অলংকাৰিক নৱৰসৰ গৰ্ভত স্থান লাভ কৰিছিল। ভক্তিৰস সম্বন্ধে ড° সতেয়ন্দ্র নাথ শৰ্মাই তেওঁৰ এটি অংকীয়া নাটৰ ৰস বিচাৰ প্ৰৱন্ধত লিখিছে এইদৰে, শ্ৰৱণ- কীৰ্তন-স্মৰণ ইত্যাদিৰ দ্বাৰা ভক্তৰ হৃদয়ত উদ্বেগ হোৱা স্থায়ী ‘কৃষ্ণৰতি’ক বিভাব, অনুভাব, ব্যভিচাৰী (সঞ্চাৰী) ভাৱৰ যোগেদি আস্বাদনীয় অৱস্থালৈ আনিলেই সি ভক্তিৰসত পৰিণত হয়। ভক্তিভাৱত মজ্বিত হৈ ভক্তই যেতিয়া পৰম সুখ কামনা কৰে, তেতিয়া তেওঁৰ কাৰ্য আচৰণৰ বৰ্ণনাত ভক্তিৰস প্ৰকাশ পাব।” এই দিশেৰে চালে শংকৰদেৱৰ গীত-মাত-নাটক আদিত তাৰ বিম্বাশৱদ উপস্থিতি ভাৰতৰ ভক্তি আন্দোলনৰ অতুল্য সম্পদ ৰূপে বিৰাজমান ৷
শংকৰদেৱৰ অন্যতম সৃষ্টি অংকীয়া ভাওনা
শান্ত, বাৎসল্য, মূখ্য, দাস্য, শৃগাৰ ৰসাত্মক ভক্তিৰসত দাস কৃষ্ণ সন্তান, ভগৱান আৰু ভক্তৰ মাজত প্রীতিভাৱ আদিয়ে ভক্তিসক প্রাধান্যতা প্ৰদান কৰি আছে। এই ৰসসমূহৰ বিৰল প্ৰকাশ ঘটিছে পাৰিজাত হৰণ নাটকত। যি সমাজক গৰিমা বাটৰ সন্ধান দি আছে। ইয়াত গুৰুজনাই কৃষ্ণৰ অপাৰ মহিমা, সৰ্বশ্ৰেষ্ঠ মুহূর্ত, কৃষ্ণৰ প্ৰতি প্ৰদৰ্শিত কৃষ্ণভক্তিৰ ধীমান ৰথক প্রকাশিছে এইদৰেঃ সূত্রঃ হে জগতৰ পৰম গুৰু, যাহেৰি স্ৰজনা সড়ল সংসাৰঃ ব্ৰক্ষ্মা মহেশে বন্দিত পাদপদ্মাঃ পৰম পুৰুষোত্তম শ্রীকৃষ্ণতঃ নাৰদ বোলঃ হে স্বামী কৃষ্ণঃ মনুষ্য চেষ্টা দেখায়া সৱলোক মোহিছঃ তোহাক ঈশ্বৰ বুলি জানৱে নাহিঃ হামু তোহাৰি ভকতিক বলে সব জানিঃ
এনেবোৰ চেতনাপূর্ণ সমাজ উদ্ধেলিত ৰত্নৰ সমাবেশেৰে অসমীয়া মহাজাতিক স্বাভিমানী ৰূপ পৰিগ্ৰহ কৰোৱাৰ বাটত গুৰুজনাই লোকভাষাৰ ওপৰত দিয়া গুৰুত্ব অতি গুৰুত্বসহকাৰে মনকৰিবলগীয়া। এই ক্ষেত্ৰত গুৰুজনাৰ কীৰ্তন অনন্য অতুল্য অসাধাৰণ সৃষ্টি। আধুনিকতাৰ সম্ৰাট বেজবৰুৱাদেৱে শংকৰদেৱৰ কীৰ্তন সম্বন্ধে কৈছে, –— ভাষাৰ লালিত্য, চন্দ ঝংকাৰ, ভাৱৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শংকৰদেৱৰ কীৰ্তন ৰচিত।' ইয়াত বহুবচনবাচক ৰূপ, স্বৰলোপ, সমাক্ষৰলোপ, স্বৰ মধ্যৱৰ্তীস্থানৰ অক্ষৰলোপ, ধ্বনিগত ৰূপ (ধ্বনিতান্ত্ৰিক দিশত), স্বভক্তি, তদ্ভৱৰূপৰ বিস্তাৰ প্রয়োগ, সৰ্বনামৰ পুং / স্ত্ৰীৰ মান্য তুচ্চৰূপ, নঞর্থক ক্ৰিয়াৰূপ, অসমাপিকা ক্ৰিয়াৰ প্ৰয়োগ, নিত্য বৰ্তমান কালৰ বিভক্তি, থলোৱা সম্বোধন, শব্দগতৰূপ, দেশী শব্দ, দিৰুক্তিৰ প্ৰয়োগ, বাক্যগত ৰূপৰ অনেক কলাই আমাক মোহিত কৰাৰ লগতে কীৰ্তন হৃদয়ৰ দুৱাৰ খোলাৰ পোহৰৰ সমষ্টিৰ ৰূপত শাশ্বত হৈ আহিছে।
হয়তো কলাগুৰু বিষ্ণুপ্রসাদ বাভাই সেয়ে কৈছে,—— শংকৰদেৱ এজন মহাপুৰুষ, জাতিৰ গুৰু। যিজন মহাপুৰুষে অসমীয়া ৰণৰ তুৰ্য স্বৰূপ নাট-নাম, বৰগীত পুথি ভকতি ৰসেৰে গাইছিল আৰু যিজন মহাপুৰুষ প্ৰত্যেক অসমীয়াৰ আৰ্হি আদৰ্শ
স্বৰূপ৷'
গুৰু শংকৰক ডিম্বেশ্বৰ নেওগে ‘যুগনায়ক’, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ‘বিশ্বশিল্পী’, মাধৱদেৱ মহাপুৰুষে ‘সৰ্বগুণাকৰ’, আধুনিকতাৰ অধিনায়ক বেজবৰুৱাই ‘জগতগুৰু’, জ্যোতি প্ৰসাদে ‘কৃষ্ণ সংস্কৃতি’, শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে ‘দেৱ' উপাধিৰে বিভূষিত কৰি থৈ গৈছে।
জ্যোতিপ্ৰসাদৰ মই কত পৰ্বতৰ, কত ভৈয়ামৰ শত শত নিজৰাৰ ধাৰৰ গৰ্ভত থকা দৃষ্টিনন্দন বৈচিত্র্যময় জনজাতিৰ বৰ্ণময় ৰূপটো যেন শংকৰগুৰুৱে বহু আগতে উপলব্ধি কৰি সেইসকল জাতি-জনজাতিক উদাৰ নৈতিকতাৰ ভক্তিমাৰ্গৰ পাঠৰ দ্বাৰা ধৰ্মপ্ৰেমেৰে সমন্বয় এনাজৰীৰ অসমীয়া মহাজাতিক চহকী কৰি গৈছে। তাৰে প্ৰকাশ দেখো এইদৰে, - “কিৰাট কছাৰী / খাচি গাৰো মিৰি / যৱন কংকন গোৱাল / অসম মুলুক / ৰজক তুৰুক / কুবাচ ম্লেচ চণ্ডল / আনো যতনৰ / কৃষ্ণ সেৱকৰ / সংগত পাৱন হয় / ভকতি কৰিয়া / সংসাৰ কৰিয়া / বৈকুণ্ঠে সুখে চলয়।”
সকলো জাতি-জনজাতিৰলোকে শ্ৰৱণ-কীৰ্তনৰ দ্বাৰা আদিত হয়। তেৰা আৰু মাধৱদেৱৰ গুণত এনেদৰে—“ শিৰতে থাপিলো / শংকৰ শিৰোমণি / কণ্ঠতে থাপিলো নাম / হৃদয়ত থাপিলো / দুয়োজনা গুৰুক / যেতিয়াই বিচাৰো পাম।” শেষত বিবেকানন্দৰ এই কথাৰে লেখা সামৰিছো―"He (The Bhakta), soon, through the mercy of the Lord, reaches a plane where pedantic and power - less the reason is left far behind and mrer intellectual grouping through the dark gives place to the daylight of direct perception. He no more reasons and belives, he almost perceives. He no more argues he senses. And is not this seeing God, and feeling God and enjoying God, higher them everything else? Nay Bhaktas have not been wanting who have maintained that it is higher then even moksha - Liberation."
(শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে লেখাটো প্ৰকাশ কৰা হৈছে।লেখক অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া তথা ৰাজ্যৰ এজন বিশিষ্ট কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ, সমালোচক)