এজন ব্ৰাহ্মণৰ দৃষ্টিত কোৰান; ইছলামৰ পবিত্ৰ ধৰ্মগ্ৰন্থৰ গৱেষণা কৰা এজন প্ৰগতিশীল হিন্দু

Story by  Ariful Islam | Posted by  Munni Begum • 1 Years ago
মুকুট শৰ্মা আৰু তেওঁ লিখা শেহতীয়া কিতাপৰ বেটুপাত
মুকুট শৰ্মা আৰু তেওঁ লিখা শেহতীয়া কিতাপৰ বেটুপাত
 
আৰিফুল ইছলাম/গুৱাহাটী
 
ধৰ্মগ্ৰন্থসমূহ মানৱ জাতিৰ কাৰণে সংবিধান স্বৰূপ। সকলো ধৰ্মৰ নিজা নিজা ধৰ্মগ্ৰন্থ আছে। কিন্তু এই ধৰ্মগ্ৰন্থসমূহ কেৱল এটা নিৰ্দিষ্ট ধৰ্মৰ বাবেই নহয়, বৰঞ্চ ই সমগ্ৰ মানৱ জাতিক শৃংখলাবদ্ধতাৰে জীয়াই থকাৰ দৰ্শন শিকায়। এই কথাকে প্ৰমাণ কৰি দেখুৱাইছে দৰং জিলাৰ এগৰাকী ব্যক্তিয়ে। এই ব্যক্তিগৰাকী হ'ল অসমৰ সাহিত্য জগতৰ প্ৰগতিশীল লেখক মুকুট শৰ্মা। কোৰান শ্বৰীফকে ধৰি অধিকাংশ ধৰ্মগ্ৰন্থ পুংখানুপুংখভাৱে আয়ত্ত কৰি তাত থকা ইতিবাচক দিশসমূহ তেওঁ সমাজত প্ৰচাৰৰ মহান চেষ্টা অব্যাহত ৰাখিছে।
 
কেইবাখনো যুক্তিবাদী গ্ৰন্থৰে অসমীয়া পঢ়ুৱৈ সমাজৰ মাজত সুকীয়া স্থান দখল কৰা মুকুট শৰ্মাই কোৰাণৰ ইংৰাজী, অসমীয়া আৰু বাংলা অনুবাদ পঢ়িছে। লগতে আৰৱী বিশেষজ্ঞৰ লগত আলোচনা কৰি কোৰানৰ জ্ঞান আয়ত্ত কৰিবলৈ সক্ষম হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফৰ কথাবোৰ বৰ্তমান সমাজখনে কিদৰে গ্ৰহণ কৰা উচিত, সেই বিষয়ে তেওঁ বিভিন্ন দৃষ্টিভঙ্গী দাঙি ধৰিছে। শেহতীয়াকৈ তেওঁ 'এজন ব্ৰাহ্মণৰ দৃষ্টিত কোৰান' নামেৰে এখন বহুচৰ্চিত গ্ৰন্থ লিখি পাঠক সমাজৰ ব্যাপক সমাদৰ লাভ কৰিছে। এতিয়ালৈকে এই গ্ৰন্থখনৰ দশম সংস্কৰণ প্ৰকাশ পাইছে।
 
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুকুট শৰ্মাই কয়; "আমাৰ ঘৰ দৰং জিলাৰ ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলত। সৰুৰে পৰা আমি হিন্দু-মুছলমান সকলো একেলগে বাস কৰি আহিছো। আমি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে একেলগে থাকোঁ। গতিকে স্বাভাৱিকতে তেওঁলোকৰ কোৰানখনত কি আছে, সেই কথা জানিবলৈ ময়ো ইচ্ছুক হ'লো। সেয়ে, নৱম শ্ৰেণীত থাকোতেই মই কোৰাণখন ওপৰে ওপৰে পঢ়িবলৈ আৰম্ভ কৰিছিলো। পিছলৈ ১৯৯২ চনৰ পৰা ইয়াৰ ওপৰত গভীৰভাৱে অধ্যয়ন আৰম্ভ কৰিলোঁ। বুজিবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন লেখকৰ বেলেগ বেলেগ বাখ্যা সমূহ পঢ়ি ভালদৰে বুজিবলৈ চেষ্টা কৰিছোঁ। কোৰান শ্বৰীফখন কেৱল ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণেই নাজিল কৰা হোৱা নাই, বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ কাৰণে কোৰান নাজিল কৰা হৈছিল। কোৰানৰ প্ৰথম শব্দই হৈছে 'ইকৰা' মানে পঢ়া বা জ্ঞান অৰ্জন কৰা।"
 
গ্ৰন্থমেলাত মুকুট শৰ্মা আৰু সতীৰ্থ
 
উল্লেখ্য যে, গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মুকুট শৰ্মাই এতিয়ালৈকে ২৬খন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে।  
 
"বৰ্তমান সময়ত কোৰানৰ ভুল বাখ্যা হৈ আছে। কিছু ধৰ্মগুৰুৱে নিজেই কোৰানখন ভালদৰে অধ্যয়ন নকৰাকৈয়ে সৰ্বসাধাৰণ মানুহক ভুল বাখ্যা শুনায়। ইয়াৰ কাৰণ হ'ল বিভিন্ন ধৰ্মৰ মানুহৰ লৰা-ছোৱালীক সাধাৰণ শিক্ষাত দুৰ্বল হ'লেই ধৰ্মীয় শিক্ষালৈ প্ৰেৰণ কৰে। যাৰ ফলত সেই ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে জ্ঞান আহৰণ নকৰাকৈ ধৰ্মীয় গ্ৰন্থৰ ভুল বাখ্যা দিয়া পৰিলক্ষিত হয়। মই জন্মসূত্ৰে হে এজন ব্ৰাহ্মণ, কিন্তু কৰ্মকাণ্ডৰে ব্ৰাহ্মণ হ'ব পাৰিছোঁ নে নাই ক'ব নোৱাৰো। ঠিক তেনেদৰে সকলো ইছলামধৰ্মী মুছলমান নহয়, মুছলমান হ'বলৈ কিছুমান চৰ্ত আছে। যেনে নামাজ পঢ়া, ভাল কাম কৰা, মানুহক হিংসা নকৰা, ৰোজা ৰখা, জাকাত দিয়া আদি", শৰ্মাই কয়। 
 
'এজন ব্ৰাহ্মণৰ দৃষ্টিত কোৰান' গ্ৰন্থ খনত মুকুট শৰ্মাই লিখিছে 'A perfect muslim can not go to the court to solve his problems and he can solve all his problems with in the boundary of The Holy Quran and Hadith' "আমি কোৰানখন ভালদৰে নপঢ়ো, নুবুজু বা পঢ়িব চেষ্টা নকৰোঁ। যদি আমি ভালদৰে কোৰান পঢ়োঁ তেন্তে আমাৰ সকলো সমস্যাৰ সমাধান কোৰান শ্বৰীফত আছে। বহুতে কোৰানত বেয়া কথা থকা বুলি কয়, কিন্তু তাৰ পৰিৱৰ্তে কোৰানত যে অজস্ৰ ভাল কথা আছে, সেই কথাবোৰ মই মোৰ গ্ৰন্থখনত লিপিবদ্ধ কৰি উলিয়াইছো", শৰ্মাই কয়। 
 
মুকুট শৰ্মাই লিখা গ্ৰন্থ
 
পবিত্ৰ কোৰান শ্বৰীফত প্ৰায় ১৫০০ বছৰ আগতে বিভিন্ন আচৰিত কথা লিপিবদ্ধ কৰা হৈছে। বিজ্ঞান, দৰ্শন, চিকিৎসা শাস্ত্ৰ, ফিংগাৰ প্ৰিন্ট, সম্পত্তিৰ অধিকাৰ আদি সকলো বিষয় কোৰানত আছে। কোৰান শ্বৰীফখন চাৰিওফালৰ পৰা এখন চমৎকাৰী গ্ৰন্থ বুলি মুকুট শৰ্মাই কয়। কোৰান ভালদৰে আয়ত্ত কৰিলে কোনোধৰণৰ সংঘাত, সমাজৰ বিভাজন আদি হ'ব নোৱাৰে। কোৰান শ্বৰীফ আয়ত্ত কৰি ইয়াৰ সাৰমৰ্ম নিজৰ কিতাপত উল্লেখ কৰা বুলি মুকুট শৰ্মাই উল্লেখ কৰে।
 
সকলো ধৰ্মগ্ৰন্থৰ মূল একেটাই। ধৰ্মৰ উদ্দেশ্য হৈছে সমাজখনক শৃংখলাবদ্ধ কৰি ৰখা। বিভিন্ন সময়ত সৃষ্টি হোৱা বিশৃংখলতাক নাশ কৰি সমাজত সাম্যবাদ বা শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণেই ধৰ্মৰ সৃষ্টি হৈছিল। সকলো ধৰ্মগ্ৰন্থত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে সমাজখনক আগবঢ়াই নিয়াৰ কথাই উল্লেখ আছে বুলি শৰ্মাই কয়। 
 
মুকুট শৰ্মাই কয়; "সকলোৱে নিজৰ নিজৰ ধৰ্ম পালনৰ ক্ষেত্ৰত যদি কট্টৰপন্থী বা কঠোৰ হয়, তেতিয়া সমাজত বিশৃংখলতাৰ সৃষ্টি নহয়। আমি সকলো ভালদৰে নপঢ়ো বাবেই সমাজত বিশৃংখলতাৰ সৃষ্টি হয়। জেহাদ শব্দটোক লৈও আমাৰ সমাজত যথেষ্ট ভুল বাখ্যা আছে। জেহাদ মানে 'ফি চাবিলিল্লাহ' (আল্লাহৰ পথত ত্যাগ কৰা)। জেহাদৰ অৰ্থ হৈছে বেয়াক বাদ দি ভাল আৰু ইতিবাচক চিন্তা-ধাৰাক আঁকোৱালি লোৱাৰ এক সংকল্প।"
 
অসম সাহিত্য সভাৰ পৰা বঁটা গ্ৰহণৰ মুহূৰ্তত
 
উল্লেখ্য যে, লেখক মুকুট শৰ্মাই শেহতীয়াকৈ বাঘ হাজৰিকাক লৈও এখন তত্ত্বগধুৰ গ্ৰন্থ লিখি উলিয়াইছে। তেওঁ কয় যে লাচিত বৰফুকনৰ যুদ্ধক্ষেত্ৰৰ সহযোগী বাঘ হাজৰিকাক লৈ বিভিন্নজনৰ বিভিন্ন ম'ত আছে। কিন্তু মই গৱেষণা কৰি পোৱা মতে বাঘ হাজৰিকা আছিল আৰু তেওঁৰ বংশৰ লোক এতিয়াও আছে। বাঘ হাজৰিকাৰ বংশৰ বংশনামা, পুৰুষনামা আদি সকলো আছে। 
 
অসম সাহিত্য সভাৰ বুদুৰাম পাংগিং বঁটা বিজয়ী মুকুট শৰ্মাৰ ম'তে, সকলো কথাটো বুৰঞ্জীত লিপিবদ্ধ হৈ নাথাকে, কিছু কথা বুৰঞ্জীত লিপিবদ্ধ কৰিব ৰৈ যায়। এতিয়া পথৰুঘাটৰ ৰণৰ কথাওটো বুৰঞ্জীত লিপিবদ্ধ হোৱা নাই। সেইবুলি পথৰুঘাটৰ গৌৰৱময় ইতিহাসক আমি কেতিয়াও নুই কৰিব নোৱাৰো। 
 
যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই মুকুট শৰ্মাই কয়, আমি প্ৰথমতে অসমীয়া। জাতি, মাটি, ভেটি, কৃষ্টি সংস্কৃতিক আমি ভালদৰে জানিব লাগিব। আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি কাম কৰিব লাগিব। আমি সদায় ঐক্যবদ্ধতাৰে কাম কৰিব লাগিব। আমি যদি নিজৰ মাজতে বিভাজনৰ সৃষ্টি কৰো, তেন্তে আমি সদায় পিছুৱাই থাকিব লাগিব। আমি আগবাঢ়িব নোৱাৰিম। আমি এজন প্ৰকৃত অসমীয়া হৈ সমাজ, জাতি, দেশৰ স্বাৰ্থত কাম কৰিলে আগবাঢ়ি যাব পাৰিম।