শতানন্দ ভট্টাচাৰ্য / কৰিমগঞ্জ
দক্ষিণ অসমৰ বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ কালিগঞ্জ গাওঁৰ এজন ২৬ বছৰীয়া যুৱকে অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাৰি মঞ্জুৰ আহমেদ নামৰ এই যুৱকজনে শেহতীয়াকৈ ইজিপ্তত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কোৰান পাঠ প্ৰতিযোগিতাত ভাৰতৰ হৈ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বেও তুৰ্কী আৰু মালয়েছিয়াত এইধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগতাত অংশ লৈ ক্ৰমে পঞ্চম আৰু নৱম স্থান দখল কৰি অসমবাসীক গৌৰৱান্বিত কৰা প্ৰতিভাৱান যুৱকজনে 'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে এনে এক সন্মানীয় প্ৰতিযোগিতাত দেশৰ ১৩৩ কোটি জনসাধাৰণক প্ৰতিনিধিত্ব কৰিবলৈ পাই তেওঁ গৰ্বিত অনুভৱ কৰিছে।তেওঁ কয়, প্ৰতিটো ধৰ্মৰ মূল কথা একেই, তাত কোনো বিদ্বেষ নাই। এই প্ৰতিযোগিতাত অংশ লোৱাৰ পিছত তেওঁ সকলো সম্প্ৰদায়ৰ লোকৰ পৰা অভূতপূৰ্ব মৰম-চেনেহ আৰু শুভেচ্ছা লাভ কৰিছে।
ইজিপ্তত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কোৰান পাঠ প্ৰতিযোগিতাত ভাৰতৰ হৈ চতুৰ্থ স্থান দখল কৰা মঞ্জুৰ আহমেদে লাভ কৰা ট্ৰ'ফী আৰু প্ৰমাণপত্ৰ
"কোৰাণ পাঠৰ এটা নিয়ম আছে আৰু সঠিক নিয়ম পালন কৰি কোৰাণ পাঠ কৰিলে সকলো লোক জীৱনত সফল হ'বই। মই নিজকে এজন প্ৰকৃত কোৰান প্ৰেমী বুলি কৈ গৌৰৱ অনুভৱ কৰো। মানুহে যিমানে ধৰ্মগ্ৰন্থ পাঠ কৰিব, সিমানেই শান্ত-সমাহিত হ'ব, জ্ঞানী হ'ব আৰু সমাজত শান্তি-সম্প্ৰতিৰ পৰিৱেশ বিৰাজ কৰিব।"-কাৰি মঞ্জুৰ আহমেদে কয়।
উল্লেখ্য যে, অলপতে ইজিপ্ট চৰকাৰে আয়োজন কৰা বিশ্ব কোৰান পাঠ প্ৰতিযোগিতাত ৬৫ দেশৰ প্ৰতিনিধিয়ে অংশ লৈছিল। প্ৰতিযোগিতাখনত কৰিমগঞ্জৰ মঞ্জুৰ আহমেদে ভাৰতৰ একমাত্ৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণৰ গৌৰৱ অৰ্জন কৰিছিল। তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত পৰ্যায়ত ৯খন দেশৰ প্ৰতিযোগীয়ে অংশ লোৱাৰ সুযোগ পায় আৰু ভাৰতৰ হৈ মঞ্জুৰ আহমেদে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়।
আন্তঃৰাষ্ট্ৰীয় কোৰান পাঠ প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল
ইয়াৰ পূৰ্বে, ২০১৯ চনত তুৰ্কীত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিশ্বৰ ৮৬ খন দেশ অংশ লৈছিল। একেদৰে, মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কোৰান পাঠ প্ৰতিযোগিতাত ৯০ খন দেশৰ প্ৰতিযোগীয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল।
উল্লেখ্য যে, মঞ্জুৰ আহমেদে ইতিমধ্যে বিশ্বৰ অন্যতম ঐতিহ্যশালী ইছলামিক শিক্ষাকেন্দ্ৰ আল-আজাৰ বিশ্ববিদ্যালয়ৰ বাংলাদেশ শাখাৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি দেশলৈ উভতি আহিছে। এতিয়ালৈকে কোনো পেছাত জড়িত হোৱা নাই উল্লেখ কৰি মঞ্জুৰ আহমেদে 'আৱাজ-দ্য ভইচ'ক কয় যে তেওঁ অসমত থাকি ইছলামিক শিক্ষাক অধিক মজবুত কৰিব বিচাৰে। তেওঁ উন্নত মানৰ ইছলামিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে আৰু এই দিশত কাম কৰিবলৈ আগ্ৰহী।