ৰাণা চিদ্দিকী জামান / নয়ডা
নিঃশব্দে সমাজৰ বাবে কাম কৰা এগৰাকী প্ৰচাৰবিমুখ ব্যক্তি। যি গৰাকীয়ে দৈনিক দৰিদ্ৰ লোকক খাদ্য যোগান ধৰাৰ লগতে আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁ হৈছে উত্তৰ প্ৰদেশৰ নয়ডাৰ ১০৫ নং খণ্ডত বাস কৰা হোমিঅ'পেথী ডাঃ চৰফৰাজুদ্দিন।
ডাঃ চৰফৰাজুদ্দিনে যোৱা পাঁচ বছৰ ধৰি প্ৰতিদিনে ১০০ গৰাকী দৰিদ্ৰ লোকক খাদ্য যোগান ধৰাৰ লগতে দৰিদ্ৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ শিক্ষা দান কৰি আহিছে। তেওঁ অসুস্থ আৰু অজ্ঞাত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীসকলক ঘৰলৈ লৈ গৈ ধৰ্মীয় ৰীতি-নীতিৰে সমাধিস্থ কৰিছিল।
বিভিন্ন স্তৰত সমাজকল্যানমূলক কাম কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে ডাঃ চৰফৰাজে। তেওঁ যোৱা পাঁচ বছৰ ধৰি দৈনিক ১০০ গৰাকী দুখীয়া লোকক দুপৰীয়াৰ আহাৰৰ যোগান ধৰি আহিছে। তেওঁ ২০০৯ চনত নিজৰ গাঁঠিৰ ধন খৰচ কৰি গেঝা নামৰ এখন গাঁৱত দুখীয়া শিশুসকলৰ বাবে এখন বিদ্যালয়ৰো ব্যৱস্থা কৰি দিছিল।
দুই মহলাৰ এই বিদ্যালয়খনত ২০ টা কোঠা আছে। যিসকল শিক্ষাৰ্থীয়ে তেওঁলোকৰ পিতৃ-মাতৃৰ যিকোনো এজনক হেৰুৱাইছে বা অনাথ, মেধাৱী আৰু অধিক ভাই-ভনী আছে, ঘৰুৱা সহায়কৰ সন্তান, দিন হাজিৰা কৰা, ৰক্ষী, মালী, চুইপাৰ আদি লোকৰ সন্তান, তেওঁলোকে এই বিদ্যালয়ত বিনামূলীয়াকৈ অধ্যয়ন কৰি আহিছে।
আৰ্থিকভাৱে সৱল শিশুসকলে নামমাত্ৰ মাচুল পৰিশোধ কৰি এই বিদ্যালয়ত অধ্যয়ন কৰি আহিছে। মুঠ ৪০০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত, বেছিভাগ শিক্ষাৰ্থীয়ে অ-মুছলমান। আনহাতে তেওঁলোকৰ প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থী সমীপৰ মাদ্ৰাছাৰ। তেওঁ শেহতীয়াকৈ গেঝাৰ মাদ্ৰাছাসমূহৰ এই শিক্ষাৰ্থীসকলক একত্ৰিত কৰিছে, যাৰ কোনো আধুনিক শিক্ষা নাছিল। তেওঁৰ বিদ্যালয়ত তেওঁলোকক আধুনিক শিক্ষাৰ মৌলিক বিষয়বোৰ শিকাইছিল, তেওঁলোকক কম্পিউটাৰৰ প্ৰশিক্ষণ দিছিল আৰু তেওঁলোকক তেওঁৰ এমএম স্কুলৰ (ইউপি বোৰ্ড) অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সৈতে সমতুল্য কৰি তুলিছিল। যাতে তেওঁলোকে ব'ৰ্ড পৰীক্ষা দিব পাৰে আৰু পিছত অভিযান্ত্ৰিক, প্ৰশাসনিক ঔষধ আদি প্ৰতিযোগিতামূলক বিষয় বাছনি কৰি লব পাৰে।
ডাঃ চৰফৰাজ তেওঁৰ ৰোগীসকলৰ সৈতে
ইয়াৰ উপৰিও, তেওঁ ভলীবল খেলিব বিচৰা শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াও আৰম্ভ কৰিছে। যিয়ে তেওঁলোকক সুস্থ কৰি ৰখাত সহায় কৰে আৰু যদি তেওঁলোকৰ কিছুমানে ভাল খেলে তেওঁলোকক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।
এই শিশুসকল মাদ্ৰাছা আৰু ওচৰৰ চৰকাৰী বিদ্যালয়ৰ পৰা আহিছে য'ত কোনো ঠাই বা বিনামূলীয়া প্ৰশিক্ষক নাই। এনে ১০০ গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন অধিৱেশনত প্ৰশিক্ষণ লয়, তেওঁলোকৰ বেছিভাগেই অ-মুছলমান।
এজন হিতাধিকাৰী তথা ভলীবল প্ৰশিক্ষক ২০ বছৰীয়া বিশালে কয়, "মোৰ দেউতা এজন দৈনিক হাজিৰা কৰা ব্যক্তি আৰু মা, ঘৰুৱা সহায়ক। মোৰ পঢ়া শুনা আৰু প্ৰশিক্ষণ অব্যাহত ৰাখিবলৈ মোক ধনৰ প্ৰয়োজন আছিল। গতিকে মই তেওঁৰ বিদ্যালয়ত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ দিছিলো আৰু তেওঁ সহজে সন্মত হৈছিল। এতিয়া মই ১০০ গৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিওঁ যিসকলে কোনো মাচুল পৰিশোধ নকৰে। কিন্তু মই চৰফৰাজ ছাৰৰ পৰা ভাল পাৰিতোষিক লাভ কৰো। মই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়ত খেলিছো। যদি মই অধিক খেলিব পাৰো তেন্তে মোক তেওঁৰ দ্বাৰা পৃথকে পৃষ্ঠপোষকতা কৰা হ'ব।"
তেওঁ লগতে কয় যে চৰফৰাজে কেতিয়াও তেওঁৰ মাক, ভাতৃ-ভগ্নী আৰু সম্প্ৰসাৰিত পৰিয়ালৰ বাবে গ্ৰহণ কৰা ঔষধৰ বাবে কেতিয়াও মাচুল লোৱা নাছিল। চৰফৰাজে অঞ্চলটোৰ সা-সুবিধাৰ পৰা বঞ্চিত লোকসকলক বিকল্প শনিবাৰে আৰু দেওবাৰে গেঝাৰ তেওঁৰ ক্লিনিকত বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছিল। তেওঁ তেওঁলোকক বিনামূলীয়া ঔষধও প্ৰাদান কৰি আহিছে। ইয়াৰ উপৰিও, তেওঁ নিয়মীয়াকৈ দুখীয়া ৰোগীসকলৰ বাবে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে। পুঁজিৰ অভাৱৰ বাবে চিকিৎসা শিবিৰত কেইমাহমানৰ বাবে বন্ধ কৰিব লগা হৈছিল। কম শব্দত এই মানুহজনৰ বিষয়ে কোৱাটো কঠিন। কিন্তু ই অধিক লোকক অনুপ্ৰাণিত কৰিব পাৰে। তেওঁ কিয় আৰু কেনেকৈ তেওঁৰ "খিদমত-ই-খালকৰ বাবে গোটেই জীৱন" (মানৱ সেৱা) দিব বিচাৰে সেয়া জনোৱাৰ বাবে সাজু হৈছিল।
ডাঃ চাৰফৰাজে কয়, "মই সদায় সমাজ সেৱাৰ প্ৰতি আগ্ৰহী আছিলোঁ। কিয়নো মই মোৰ দেউতাক, উত্তৰ প্ৰদেশৰ এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষক আৱেগিকভাৱে সামাজিক কাম কৰি থকা দেখিছিলো। গতিকে এইটো মোৰ জীৱন প্ৰণালীত একত্ৰিত কৰা হৈছিল। মই মোৰ ক্লিনিকত ভাঞ্জেলৰ পৰা গেঝালৈ স্থানান্তৰ কৰি মোৰ দেউতাৰ সৈতে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছিলো।"
তেওঁ কেনেদৰে পুঁজি পৰিচালনা কৰি আহিছে সেই সন্দৰ্ভত তেওঁ কয়, "মই ঘাটি থকা স্বত্বেও এই কাম কৰি আহিছো। আমি বস্তুবোৰ ক্ৰেডিটত পাওঁ আৰু পুৰণি দিবলগীয়া ধন আদায় দিওঁ আৰু পুনৰ ঋণত নতুনবোৰ লওঁ। মোৰ গাঁঠিৰ ধন খৰচ কৰাৰ উপৰিও, মোৰ বন্ধুৰ এটা সৰু গোট আছে যিয়ে মোক নিয়মীয়া বা অনিয়মীয়া ভিত্তিত সমৰ্থন কৰি আহিছে। ইয়াৰোপৰি কিছুমান সহায় কেতিয়াবা অজ্ঞাত উৎসৰ পৰা আহে।"
তেওঁৰ হোমিঅ'পেথি ক্লিনিকৰ বাহিৰেও, তেওঁ এটা সৰু চিকিৎসা কেন্দ্ৰও চলাই আছে, যিয়ে ভাল কামৰ বাবে কৰা ব্যয়ত সহায়ক হয়।
লকডাউনৰ সময়ত নয়ডা এক্সপ্ৰেছৱেৰ পৰা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক খালি ভৰিৰে, ভোকাতুৰ আৰু অসুস্থ হৈ ঘৰলৈ খোজ কাঢ়ি অহা দেখি চৰফৰাজে কিয় তেওঁৰ দাতব্য কাম বহুগুণে বৃদ্ধি কৰিছিল সেয়া শ্বেয়াৰ কৰিছিল। তেওঁ কয়, "তেওঁলোকক দেখি মোৰ দুখ লাগিছিল। মই ৰাস্তাত যি দেখিছিলো সেয়া কিনিছিলো – কল, অন্যান্য ফল, বিস্কুট আদি। সমীপৰ মাদ্ৰাছাৰ পৰা কিছুমান মৌলানা আৰু আন বহুলোকে একত্ৰি কৰি কেইবাদিনো এই শ্ৰমিকসকলক পথত খাদ্য যোগান ধৰিছিলোঁ। ইয়াৰ ফলত মই ভাবিছিলোঁ যে মই এতিয়াও দুখীয়া লোকসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে কাম কৰা নাই।"
ৰাজেশ যাদৱ নামৰ এজন হিতাধিকাৰীয়ে চৰফৰাজৰ পৰা লাভ কৰা সহায়ৰ বাবে প্ৰমান দিয়ে। তেওঁ কয়, "মই ইয়াৰ পৰা বহু দূৰত থকা ৪৫ নং খণ্ডত বাস কৰোঁ। সমগ্ৰ লকডাউনৰ সময়ছোৱাত, মোৰ গোটেই পৰিয়ালটো জীয়াই থাকিব পাৰিছিল কাৰণ তেওঁ দৈনিক দুবাৰকৈ খাদ্য বিতৰণ কৰিছিল। মই তেওঁক খাদ্য বিতৰণ কৰিবলৈ দিন হাজিৰা কৰা আৰু শ্ৰমিক আদিৰে ভৰ্তি ট্ৰাকৰ পিছফালে দৌৰি থকা দেখিছোঁ। তেওঁ মোক তেওঁৰ হিতাধিকাৰীসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈও প্ৰস্তাৱ দিছিল, কিয়নো মই পেছাত এজন হালৱাই (মিঠা নিৰ্মাতা)। দুবছৰৰ বাবে ক’ভিডৰ সময়ছোৱাত আৰু লকডাউনৰ সময়ত, সকলো দোকান বন্ধ হৈ গৈছিল। যদিও মোৰ দোকান চলি আছিল, যাৰ বাবে চাৰফৰাজক ধন্যবাদ।"
প্ৰশিক্ষক বিশাল তেওঁৰ শিক্ষাৰ্থীসকলৰ সৈতে
তেওঁ কেতিয়াও মোৰ পাৰিতোষিক বন্ধ কৰা নাছিল আৰু যেতিয়াই মই বিচাৰিছিলো তেতিয়াই তেওঁ মোক আৰ্থিকভাৱে সহায় কৰিছিল। মই অনা মুছলমান লোক হোৱাৰ বাবে তেওঁ কেতিয়াও মোক বেয়া ব্যৱহাৰ কৰা নাছিল। এতিয়া মই বুজি পাইছো যে ৰাজনৈতিক নেতাসকলে আমাক কেনেদৰে বিভক্ত কৰিছে বুলি কয় তেওঁ আৱেগিক হৈ পৰে।
ক’ভিডৰ সময়ত তেওঁ অতি কম কাম কৰিছিল বুলি অনুভৱ কৰাৰ পিছত, তেওঁ বিকল্পভাৱে বঞ্চিত পৰিয়ালবোৰক তেওঁলোকৰ ছোৱালীক বিয়া দিয়াৰ বাবে সহায় কৰি আহিছিল। তেওঁ আনকি ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা কেইবাজনো ৰোগীৰ মৃতদেহ ঘৰলৈ লৈ আহিছিল। যিসকল ৰোগীৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল বা তেওঁলোকৰ পৰিয়ালত কোনো নাছিল। তেওঁ তেওঁলোকক গা ধুৱাইছিল আৰু তেওঁলোকৰ নাম, যোগাযোগৰ বিৱৰণ আৰু তাৰ বিনিময়ত একো আশা নকৰাকৈ তেওঁলোকক নিজৰ হাতেৰে কবৰস্থানত সমাধিস্থ কৰিছিল।
পেছাত এজন পৰিবহনকাৰী মহম্মদ শ্বাহিদে তেওঁ কৰা কামৰ বাবে প্ৰসংশা কৰিছিল। তেওঁ কয় যে, "মই ২০০৮ চনত নয়ডালৈ স্থানান্তৰিত হৈছিলো। তেতিয়াৰ পৰা মই চৰফৰাজ ভাইক দৰিদ্ৰসকলৰ বাবে নিৰন্তৰ কাম কৰা দেখি আছো। মোৰ দৃষ্টিত, তেওঁ কৰা দুটা আটাইতকৈ ডাঙৰ কাম হ'ল, ওচৰৰ কেইবাখনো সমাজৰ পৰা মৃতসকলক তেওঁৰ ঘৰলৈ অনা (যদি তেওঁলোকৰ অন্তিম ৰীতি-নীতি পালন কৰিবলৈ কোনো নাথাকে), তেওঁলোকক গা ধুৱা আৰু তেওঁলোকক সন্মানৰ সৈতে সমাধিস্থ কৰা। তেওঁ এইটো ক’ভিডৰ সময়ত কৰিছিল আৰু এতিয়াও কৰি আছে। লগতে, এই নিৰ্জন এলেকাটোত মুছলমানলোক সকলৰ বাবে কোনো কবৰস্থান নাছিল। এইটো এটা ডাঙৰ সমস্যা আছিল, কিয়নো আন কবৰস্থানবোৰে অত্যাধিক ভিৰৰ বাবে আমাৰ মৃতকক কবৰ দিবলৈ নিদিয়ে।
ভলীবলৰ প্ৰশিক্ষক বিশাল যাদৱে ভলীবলত শিক্ষাৰ্থীসকলৰ সৈতে কবৰস্থানৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা এগৰাকী বিল্ডাৰ আৰু অঞ্চলটোৰ একাংশ লোভী মুছলমানলোকৰ সৈতে যুঁজ দিছিল। কিয়নো তেওঁলোকে মিলিত এটা গগনচুম্বী অট্টালিকা নিৰ্মাণৰ বাবে কবৰস্থানৰ মাটি দখল কৰিবলৈ কৰা চেষ্টা কৰিছিল। অৱশেষত প্ৰায় ২ একৰ কবৰস্থানৰ ভূমি ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ডাঃ চৰফৰাজে নয়ডা এক্সপ্ৰেছৱে আৰু ইয়াৰ আশে-পাশে থকা মুছলমানলোকসকলক একমাত্ৰ কবৰস্থানখন নিৰ্মাণ কৰি যথেষ্ট সহায় কৰিছে। মই তেওঁৰ আন দাতব্য কামৰ বিষয়েও অৱগত আৰু এই সত্যৰ বাবে প্ৰমাণ দিব পাৰো।"
ডাঃ চৰফৰাজৰ পৰিয়ালত তেওঁ পত্নী আৰু তিনিটা সন্তান আছে। তেওঁৰ পৰিয়ালে প্ৰায়ে উদ্বিগ্ন হৈ পৰে, কাৰণ ই তেওঁক প্ৰকাশ্যভাৱে ব্যস্ত কৰি ৰাখে। এইয়া কেতিয়াও সলনি নহয় বুলি জানিও তেওঁলোক ইয়াৰ অংশ হৈ পৰিছে । অৱশ্যে তেওঁৰ পত্নী শ্বাহিনে সন্মত হৈ কয় যে খিদমত ই খালক তেওঁৰ প্ৰতি পালনৰ এটা অংশ হৈ আহিছে।
মোৰ দেউতা এজন বিদ্যালয়ৰ শিক্ষক যাৰ পৰিবহনৰ ব্যৱসায় আছে। তেওঁ সদায় নিশ্চিত কৰিছিল যে প্ৰতিদিনে কমেও ২০ জন বঞ্চিত লোকে আমি বাস কৰা বদাপুৰ দিল্লীৰ ওচৰৰ আলিগাওঁত খাদ্য গ্ৰহণ কৰিছে নে নাই। মোৰ মনত আছে সকলো পৰিয়ালে আমাৰ ঘৰত দৈনিক চাহ আৰু ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিল। বিয়াৰ পিছত, মই দেখিছিলোঁ যে ডাঃ চৰফৰাজ আৰু এখোজ আগুৱাই গৈছে। আনকি আমি সকলোৱে ক’ভিডত ৰোগত আক্ৰান্ত হৈ থকাৰ সময়তো তেওঁ ৰাতিপুৱা প্ৰয়োজন হোৱা লোকসকলক সহায় কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।
তাই হাঁহি হাঁহি কৈছিল, "তেওঁ আমাক দিয়া অজুহাতটো আছিল, মই আপোনালোকক ফজৰ (ৰাতিপুৱা) প্ৰাৰ্থনা কৰা দেখা নাই। ই মোক নিৰুৎসাহিত কৰে সেয়েহে মই মোৰ প্ৰস্তাৱ দিবলৈ ওচৰৰ মছজিদলৈ যাওঁ।" শ্বাহিনে লগতে কয় যে তেওঁলোকৰ সন্তানে এই অভ্যাসটো স্বাভাৱিকতে আত্মস্থ কৰিছে।
শ্বাহিনে লগতে কয়, “তেওঁ আমাক দিয়া অজুহাতটো আছিল যে, মই তোমালোকক ফজৰ (ৰাতিপুৱাৰ) নামাজ পঢ়া দেখা নাই আৰু এই কাৰ্যই মোক হতাশ কৰে সেয়েহে মই ওচৰৰ মছজিদলৈ গৈ মোৰ কৰ্তব্য পালন কৰো। তেওঁৰ সন্তানেও তেওঁৰ এই অভ্যাস স্বাভাৱিকভাৱে গ্ৰহণ কৰিছে।“
তেওঁৰ সৰু ছোৱালী টেক্সটাইল আৰু প্ৰডাক্ট ডিজাইনাৰ ছানা আৰু চাবাই নিজৰ সামান্য উপাৰ্জন বা হাত খৰচৰ ধনৰ পৰা ২.৫ শতাংশ জাকাত হিচাপে পৃথক কৰি ৰাখিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ গেঝা মছজিদৰ সমীপত প্ৰতি শুকুৰবাৰে বিক্ৰী হোৱা সুস্বাদু বিৰিয়ানী খাব বিচৰা পুত্ৰ ১৪ বছৰীয়া আছাদৰ বিষয়েও শেহতীয়াকৈ ঘটা এটা ঘটনাৰ কথাও মনত পেলাইছে।
তেওঁ কয়, "আছাদে বিৰিয়ানী খোৱাৰ বাবে টকা বিচাৰিছিল যদিও তেওঁ খালী হাত আৰু ভোকত উভতি আহিছিল। মই তেতিয়া আছাদক সুধিছিলো যে তেওঁ বিৰিয়ানী কিয় নাখালে। আছাদে উত্তৰ দিছিল যে, তেওঁ ঘৰৰ পৰা উলাই আহাৰ লগে লগে, দুজন বৃদ্ধ মহিলাই সহায় বিচাৰিছিল আৰু আছাদে সকলো খিনি টকা দুয়োগৰাকী বৃদ্ধাক দিছিল।" তেওঁ সন্তুষ্টিৰ হাহি মাৰি কয় যে কোনোবাই কৈছিল যে, দাতব্য কাম ঘৰৰৰ পৰাই আৰম্ভ হয়।