নৱ প্ৰজন্মক অভিনয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ইব্ৰাহিম খলিলৰ 'মিছন বহাগ'

Story by  Ariful Islam | Posted by  Munni Begum • 10 Months ago
ইব্ৰাহিম খলিল
ইব্ৰাহিম খলিল
 
আৰিফুল ইছলাম/গুৱাহাটী
 
ছাত্ৰ-ছাত্ৰীৰ মানসিক উত্‍কৰ্ষ সাধন আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত থিয়েটাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হ'ব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে কটন বিশ্ববিদ্যালয় তথা নেচনেল স্কুল অফ ড্ৰামাৰ প্ৰাক্তন ছাত্ৰ ইব্ৰাহিম খলিলে। 'লাইন মাইম থিয়েটাৰ' নামেৰে এটা গ্ৰুপক নেতৃত্ব দি প্ৰতিভাৱান যুৱকজনে 'মিছন বহাগ' নামেৰে এক কাৰ্য্যসূচীৰ অধীনত অসমৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ মুকাভিনয়, অভিনয়, পুতলা নাচ আদিৰ দৰে বিভিন্ন কলাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে।
 
ইব্ৰাহিম খলিলৰ সৈতে তেওঁৰ ৫ গৰাকী সতীৰ্থই 'মিছন বহাগ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দি আছে। এদিনীয়া থিয়েটাৰ কৰ্মশালাত তেওঁলোকে ৩ ৰ পৰা ৫ ঘণ্টালৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে। ইতিমধ্যে তেওঁলোকে ৪ খন বিদ্যালয়ত সফলতাৰে কৰ্মশালা সম্পন্ন কৰিছে।
 
ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়া মুহূৰ্তত
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ইব্ৰাহিম খলিলে কয়; "মিছন বহাগ বুলি এক কাৰ্যসূচী আমি এইবাৰ প্ৰথমবাৰৰ বাবে হাতত লৈছোঁ। থিয়েটাৰ ইন এডুকেচন আৰু থিয়েটাৰ ইন চাইল্ডক আহিবলগীয়া নতুন শিক্ষা নীতিৰ আধাৰত আমি  ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিনাকি কৰি দিব বিচাৰিছোঁ। গাঁৱে-ভূঞে থিয়েটাৰৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰতো আমি গুৰুত্ব আৰোপ কৰিছোঁ। সেয়ে আমি এই কৰ্মশালাৰ আয়োজন কৰিছোঁ। আমি এতিয়ালৈ কিছুসংখ্যক বিদ্যালয়ত বিনামূলীয়া কৰ্মশালা আয়োজন কৰিলোঁ আৰু যিকোনো শিক্ষানুষ্ঠানে আমাক বিচাৰিলে আমি গৈ কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিবলৈ সাজু আছোঁ। যিহেতু আমি এই কৰ্মশালা সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ, ইয়াত হোৱা সকলোবোৰ খৰছ আমি নিজেই বহন কৰিছো।"
 
খলিলে কয়; "গুৱাহাটীত আমাৰ থিয়েটাৰৰ ধাৰণাটো কিছু পৰিমাণে জনপ্ৰিয়। মই যিধৰণে থিয়েটাৰ কৰোঁ, সেই প্ৰক্ৰিয়াটো কিছু কিছু ঠাইত প্ৰায় নতুন। এতিয়ালৈ আমি কৰা কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উৎসাহী আৰু আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে। খেল-ধেমালিৰ মাজেৰে শিক্ষা আহৰণ কৰিলে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত, শাৰীৰিক আৰু মানসিক বিকাশত যথেষ্ট লাভ হয়। গাঁৱে-ভূঞে কিছুমান বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে থিয়েটাৰ কি হয়, বা এইবোৰ প্ৰক্ৰিয়া কেতিয়াও দেখা নাছিল। সেই অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট আগ্ৰহেৰে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। তেতিয়া আমি যথেষ্ট আনন্দিত হৈছিলোঁ।"
 
প্ৰশিক্ষণৰ মুহূৰ্ত
 
উল্লেখ্য যে, 'লাইন মাইম থিয়েটাৰ'ক ইতিমধ্যে বহুকেইখন বিদ্যালয়ে যোগাযোগ কৰিছে। গ্ৰুপটোৱে নিজেও বহু বিদ্যালয়ৰ লগত যোগাযোগ কৰি কৰ্মশালা আয়োজন কৰিছে। কৰ্মশালাবোৰত সাধাৰণতে মাইম, অভিনয়, মেজিক, নৃত্য, পুতলা নাচ, থিয়েটাৰ জেমছ আৰু বহুকেইটা বিষয়কলৈ প্ৰশিক্ষণ দিয়া হয়। কিন্তু বিদ্যালয়ৰ পৰা নিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰি দিয়া বিষয়ৰ ওপৰতো প্ৰশিক্ষণ আগবঢ়োৱা হয়।
 
ইয়াৰোপৰি 'লাইন মাইম থিয়েটাৰ' গ্ৰুপটোৱে আগন্তুক জুলাই মাহত গ্ৰীষ্মকালীন কৰ্মশালাৰো পৰিকল্পনা কৰিছে। ইব্ৰাহিম খলিলৰ নেতৃত্বত গ্ৰুপটোৱে 'থিয়েটাৰ ইন এডুকেচন'ৰ ধাৰণাটোক সমগ্ৰ অসমতে বিয়পাই দিয়াৰ লক্ষ্য লৈছে।