হাতী-মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্যকৰ বহুমুখী পদক্ষেপ

Story by  atv | Posted by  [email protected] • 6 Months ago
আৰণ্যকৰ উদ্যোগত বিকল্প শস্যৰ খেতি সম্পৰ্কীয় এক প্ৰশিক্ষণ
আৰণ্যকৰ উদ্যোগত বিকল্প শস্যৰ খেতি সম্পৰ্কীয় এক প্ৰশিক্ষণ
 
গুৱাহাটী

অসমৰ তামুলপুৰ আৰু বাকসা জিলাৰ হাতী-মানুহৰ সংঘাতত ক্ষতিগ্ৰস্ত কেতবোৰ অঞ্চলত মানৱ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ পথ প্ৰশস্ত কৰা উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org)  মানৱ-হাতী সংঘাত প্ৰশমনৰ বাবে স্থানীয় সমুদায়ক জড়িত কৰি এলানি বহুমুখী পদক্ষেপ গ্ৰহণ কৰিছে।  

ইয়াৰ অধীনত মানৱ-হাতী সংঘাত প্ৰভাৱিত কৃষকসকলক ধানৰ বিকল্প হিচাপে কৰিব পৰা বিভিন্ন শস্যৰ খেতিৰ সৈতে পৰিচয় কৰাই দিয়া; মানৱ বসতি আৰু শস্যৰ পথাৰৰ পৰা বন্য হাতীক আঁতৰাই ৰখাৰ বাবে সৌৰশক্তিচালিত এল ই ডি লাইট স্থাপন কৰা আৰু বন্য হাতীৰ জাকৰ পৰা শস্য ৰক্ষা কৰাৰ বাবে স্থানীয় লোকক সহায় কৰাৰ অৰ্থে নিৰীক্ষণ স্তম্ভ (ৱাটচ টাৱাৰ) স্থাপন কৰা হয় । আমেৰিকাৰ ফিছ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিচ (US Fish and Wildlife Service) আৰু এছ বি আই ফাউণ্ডেশ্যন (SBI Foundation)ৰ সহযোগত এই পদক্ষেপলানি গ্ৰহণ কৰা হৈছে ।

বিকল্প শস্যঃ
 
তামুলপুৰ জিলাৰ ছেছাপানী গাঁৱৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত স্থানীয় লোকসকলকক বন্যহস্তীয়ে কম পৰিমাণে ভক্ষণ কৰা আৰু হাতীৰ জাকক বাধা দিয়া জৈৱ বেৰ হিচাপে উপযোগী বুলি বিবেচিত বিকল্প শস্যৰ প্ৰতি আকৰ্ষিত কৰা হৈছে । এই বিকল্প শস্যসমূহে সংঘাত লাঘৱ কৰাৰ উপৰিও মানৱ-হাতী সংঘাত প্ৰভাৱিত লোকসকলৰ আয়ৰ পৰিপূৰক হিচাপে কাম কৰে ।

আৰণ্যকে ৬ অক্টোবৰত ছেছাপানী গাঁৱত স্থানীয় লোকসকলৰ বাবে বিকল্প শস্যৰ খেতি সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৪০ জন স্থানীয় কৃষকে অংশগ্ৰহণ কৰে।

তামুলপুৰ জিলাৰ কুমাৰীকাটা চক্ৰৰ কৃষি উন্নয়ন বিষয়া (এ ডি অ’) ভনিতা বৰুৱাই সমল ব্যক্তি হিচাপে কৃষকসকলক হাতীয়ে খাদ্য হিচাপে ব্যৱহাৰ নকৰা শস্যৰ খেতিৰ ওপৰত আলোকপাত কৰে । তেওঁ লগতে বজাৰত ভাল হাম পোৱাৰ সম্ভাৱনা থকা অসমৰ নেমু, আদা, হালধি  আৰু সৰিয়হৰ দৰে শস্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে ।

শস্যৰ গুণাগুণ আৰু জাত, বীজ পৰিশোধন, মাটি প্ৰস্তুতকৰণ, পুষ্টিকৰ পদাৰ্থ ব্যৱস্থাপনা, বীজ সিঁচাৰ পদ্ধতি, ৰোগ নিয়ন্ত্ৰণ  আৰু এই শস্যৰ সৈতে জড়িত অৰ্থনৈতিক সুবিধাৰ বিষয়েও বিষয়াগৰাকীয়ে অংশগ্ৰহণকাৰী কৃষকসকলক সজাগ কৰে ।

এই পদক্ষেপৰ অংশ হিচাপে খেতিৰ প্ৰতি আগ্ৰহী ১৮ জন কৃষকক ৫০ কিলোগ্ৰাম সৰিয়হৰ গুটি বিতৰণ কৰা হয়। বিকল্প খেতিক উদগনি যোগোৱাৰ উদ্দেশ্যে পৰৱৰ্তী সময়ত ১৩ অক্টোবৰত ওদালগুৰি জিলাৰ ভূতীয়াচাং ভিচিডিচিৰ অধীনস্থ ছখন গাঁৱৰ ১৭ গৰাকী আগ্ৰহী কৃষকক আৰু ৫০ কিলোগ্ৰাম সৰিয়হৰ গুটি প্ৰদান কৰা হয়।

এল ই ডি লাইটঃ

বনৰীয়া হাতীক খাদ্যৰ সন্ধানত শস্যৰ পথাৰলৈ যোৱা আৰু মানৱ বসতিস্থলৰ আশে পাশে ঘূৰি ফুৰাত বাধা দিয়াৰ বাবে যোৱা ১৪ অক্টোবৰত বাকসা জিলাৰ চাউলকাৰা ৰাজহ গাঁৱৰ অন্তৰ্গত নয়াপাৰা আৰু হস্তিনাপুৰ অঞ্চলত পাঁচটা ভিন্ন স্থানত গড়ে ২৫০ মিটাৰ ব্যৱধানত পাঁচটা সৌৰশক্তিচালিত এল ই ডি লাইট স্থাপন কৰা হয় ।

লাইটবোৰ স্থাপনৰ পূৰ্বে আৰণ্যকৰ দলে গাঁৱৰ লোকৰ সহায়ত অঞ্চলটোত হাতীৰ গতিবিধি বুজ লোৱা তথা এল ই ডি লাইট স্থাপনৰ বাবে কৌশলগত স্থান চিনাক্ত কৰাৰ বাবে এটা জৰীপ চলায় ।

সৌৰশক্তি আৰু চেন্সৰৰ দ্বাৰা চালিত এই এল ই ডি লাইটবোৰে ছন্দময় ক্ৰমত এটা বিশেষ অঞ্চল আলোকিত কৰে। হাতীয়ে এই পোহৰৰ পৰা আতঁৰি থাকে আৰু ফলস্বৰুপে মানুহৰ বসতিস্থলৰ আশে পাশে ইহঁতৰ গতিবিধি নিয়ন্ত্ৰিত হয় । এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে চাউলকৰা ৰাজহ গাঁৱৰ প্ৰায় ১৫০০ পৰিয়াল উপকৃত হ’ব।

নিৰীক্ষণ স্তম্ভঃ

বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ধাননি পথাৰত প্ৰৱেশ কৰাৰ ঘটনা ৰোধ কৰাৰ বাবে সামূহিক-শস্য পহৰাত সুবিধাৰ অৰ্থে আৰণ্যকে স্থানীয় লোকৰ সহযোগত বাকসা জিলাৰ ২ নং ডংগোৰগাঁও গাঁৱৰ অনথাইবাৰী আৰু খাছিবাৰী চুবুৰীত ছটা স্থায়ী নিৰীক্ষণ স্তম্ভৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । সামূহিক শস্য পহৰা ব্যৱস্থা এই ভূ-খণ্ডৰ অন্যান্য অঞ্চলত চেষ্টা আৰু পৰীক্ষা কৰি ফলপ্ৰসূ হোৱা দেখা গৈছে ।

অঞ্জন বৰুৱা, ৰাবিয়া দৈমাৰী, অভিজিত শইকীয়া, মনদীপ বসুমতাৰী, ৰেশমা নাৰ্জাৰী, ডিদ্বম  দৈমাৰী, বিকাশ টোছা, জীৱন ছেত্ৰী  আৰু প্ৰদীপ বৰ্মনক লৈ গঠিত আৰণ্যকৰ দলে মানৱ আৰু হাতীৰ সহাৱস্থানৰ সুবিধা সৃষ্টিৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপবোৰ ফলপ্ৰসু কৰাত বৰঙণি যোগায় ।