ছন পৰি থকা অনূৰ্বৰ ভূমিক একক প্ৰচেষ্টাৰে অৰণ্যলৈ ৰূপান্তৰিত কৰা কেৰালাৰ আব্দুল কৰিম

Story by  atv | Posted by  [email protected] • 1 Years ago
কেৰালাৰ অৰণ্য মানৱ আব্দুল কৰিম
কেৰালাৰ অৰণ্য মানৱ আব্দুল কৰিম
 
 
আৱাজ দ্য ভইচ / গুৱাহাটী ব্যুৰো

জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বলৈ ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে। তেনে সময়তো বহু অবিবেচক লোকে নিৰ্বিচাৰে বনাঞ্চল ধ্বংস কৰি গৈছে। অৱশ্যে ইয়াৰ বিপৰীতে আমাৰ সমাজত এনে একাংশ ব্যতিক্ৰমী চিন্তাৰ লোক আছে, যিয়ে নিৰৱে প্ৰকৃতি সংৰক্ষণ কৰি মানৱ জাতিৰ বাবে মহান কাম অব্যাহত ৰাখিছে। আজি আন্তঃৰাষ্ট্ৰীয় বন দিৱস (International Day of Forests) উপলক্ষে সমগ্ৰ বিশ্বৰ প্ৰকৃতি প্ৰেমীসকলে এনে মহান কামৰ সৈতে জড়িত ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। 

 
তেনে এজন অখ্যাত ব্যক্তি হৈছে কেৰালাৰ কাছাৰাগোড়ৰ ৭৪ বছৰীয়া আব্দুল কৰিম (Abdul Kareem from Kerala)। যোৱা কেইটামান দশক ধৰি তেওঁ একক প্ৰচেষ্টাৰে ২৭ একৰ মাটিত এখন বনাঞ্চল তৈয়াৰ কৰি অগণন প্ৰজাতিৰ চৰাই, বন্যপ্ৰাণী, ঔষধি উদ্ভিদক আশ্ৰয় প্ৰদান কৰি আহিছে।

৭০ৰ দশকত মৰুৰ দেশ আৰৱত কাম কৰা কৰিমে ইউ এ ইৰ পিতৃ পুৰুষ প্ৰয়াত শ্বেইখ জায়েদ বিন চুলতান আল নাহিয়ানৰ পৰা অনুপ্ৰাণিত হৈ গছ ৰোপণ অভিযানৰ সপোন দেখিছিল। আল নাহিয়ানে ইউ ই ইত এখন মৰুভূমিক সেউজ ভূমিলৈ ৰূপান্তৰিত কৰাৰ অভূতপূৰ্ব পদক্ষেপ হাতত লৈছিল। ১৯৭৭ চনত যেতিয়া আব্দুল কৰিম ভাৰতলৈ উভতি আহিছিল, তেতিয়া তেওঁ নিজৰ গৃহ চহৰৰ এখন পাহাৰৰ ঢালত ৫ একৰ ছন পৰা মাটি ৩৭৫০ টকাত ক্ৰয় কৰিছিল।
 

কৰিমে খেতি-বাতি নোহোৱা শুকান মাটিখিনি ক্ৰয় কৰাৰ কথা জানিব পাৰি ওচৰৰ মানুহ আৰু তেওঁৰ পৰিয়ালৰ লোক আঁচৰিত হৈছিল আৰু তেওঁ স্থানীয় লোকৰ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছিল।

উল্লেখ্য যে, তেওঁ ক্ৰয় কৰা ভূমিডৰাত মাত্ৰ এটা কুঁৱা আছিল আৰু বছৰটোৰ অধিকাংশ সময় কুঁৱাৰ পানী শুকাই আছিল। সেয়ে, তেওঁৰ হাতত আন কোনো বিকল্প নাছিল আৰু তেওঁ নিজৰ দুচকীয়া বাহনখনত দূৰৰ পৰা পাত্ৰত পানী কঢ়িয়াই লৈ আনিছিল। তিনি বছৰ ধৰি এইদৰেই চলি থাকিল, তাৰ পিছত প্ৰকৃতিয়ে তেওঁৰ আপ্ৰাণ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাবলৈ ধৰিলে আৰু লাহে লাহে সেই শুকান ভূমিত গছবোৰে গজালি মেলিবলৈ আৰম্ভ কৰিলে।

গছ-বনবোৰ গজি উঠাত অঞ্চলটোত পৰিৱৰ্তন দেখিবলৈ পোৱা গ’ল। বিভিন্ন চৰাইৰ জাকে আব্দুল কৰিমৰ বনাঞ্চলত ভিৰ কৰিবলৈ ধৰিলে। চৰাইৰ জাকবোৰে বিভিন্ন জাতৰ বীজ আনি কৰিমক সহায় কৰিলে আৰু এই নতুন আশ্ৰয়স্থলত চৰাইবোৰে বাহ সাজিবলৈ আৰম্ভ কৰে। ফলত পৰিৱেশ তন্ত্ৰইও এক গতি লাভ কৰে। 

মনকৰিবলগীয়া যে, কৰিমৰ অৰণ্যখনে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ তন্ত্ৰলৈ আচৰিত ধৰণৰ পৰিৱৰ্তন কঢ়িয়াই আনিছে। এসময়ত শুকান হৈ থকা কুঁৱাটোও এতিয়া বিশুদ্ধ পানীৰে ভৰি পৰিছে। প্ৰায় ১০ কিলোমিটাৰ অঞ্চললৈ ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। বনাঞ্চলৰ ভিতৰৰ উষ্ণতা বাহিৰৰ তুলনাত লক্ষণীয়ভাৱে শীতল হৈ পৰিছে। 
 
 
প্ৰতিনিধিত্বমূলক ছবি
 
১৯৮৬ চনৰ পৰা কৰিমে বনাঞ্চলৰ ভিতৰত পৰিয়ালৰ সৈতে বসবাস কৰি আহিছে। তেওঁ নিৰ্ধাৰণ কৰা নিয়ম মানি চলি দৰ্শনাৰ্থীসকলক কেইদিনমানৰ বাবে ভিতৰলৈ সোমাবলৈ দিয়া হয়। অৰণ্যখনৰ ভিতৰত প্লাষ্টিকৰ ব্যৱহাৰ আৰু বাহনৰ চলাচলো নিষিদ্ধ কৰা হৈছে; যাতে কোনো জীৱ-জন্তুৱে আমনি নাপায়। 

বনাঞ্চলখনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আব্দুল কৰিমে ইয়াৰ বাণিজ্যিকীকৰণ আৰু থিম পাৰ্কলৈ ৰূপান্তৰিত কৰাৰ বিভিন্ন প্ৰস্তাৱক ইতিমধ্যে প্ৰত্যাখান কৰিছে। এইদৰে প্ৰকৃতি সংৰক্ষণৰ অভিনৱ প্ৰয়াস চলাই থকা ব্যক্তিজনক এতিয়ালৈকে ছাহাৰা পৰিবাৰ বঁটা, লিমকা বুকছৰ বৰ্ষশ্ৰেষ্ঠ ব্যক্তি বঁটাকে ধৰি বিভিন্ন স্বীকৃতি আগবঢ়োৱা হৈছে।

এসময়ত আত্মীয়-কুটুম্ব আৰু ওচৰ চুবুৰীয়াৰ হাঁহিয়াতৰ পাত্ৰ হৈ পৰা মানুহজন এতিয়া নিজৰ সৃষ্টিকৰ্মৰ জৰিয়তে যুৱ প্ৰজন্মৰ আদৰ্শস্বৰূপ হৈ পৰিছে।