চিলাই মেচিনেৰে দৰিদ্ৰতা দূৰ কৰাৰ প্ৰয়াস আল-আমিন জনকল্যাণ সমাজৰ

Story by  Ariful Islam | Posted by  Munni Begum • 3 Months ago
আল-আমিন জনকল্যাণ সমাজে চিলাই মেচিন দান কৰা মহিলাসকল
আল-আমিন জনকল্যাণ সমাজে চিলাই মেচিন দান কৰা মহিলাসকল
 
আৰিফুল ইছলাম / হাজো
 
মানৱসেৱাৰ মহান লক্ষ্যৰে ২০০৩ চনত জন্ম হৈছিল আল-আমিন জনকল্যাণ সমাজ। সমাজৰ পিছপৰা আৰু অসহায় লোকৰ বাবে কাম কৰিবলৈ আল-আমিন জনকল্যাণ সমাজ দায়বদ্ধ। সংগঠনটোৱে গাঁৱে-ভূঞে, চহৰে-নগৰে ৰাইজৰ স্বাৰ্থৰ হকে বিভিন্ন জনকল্যাণসমূলক কাম কৰাৰ অনেক উদাহৰণ আছে। 
 
শেহতীয়াকৈ আল-আমিন জনকল্যাণ সমাজৰ তৰফৰ পৰা পাঁচগৰাকী ভূমিহীন, দৰিদ্ৰ আৰু বিধৱা মহিলাক চিলাই মেচিন দান কৰে। কেৱল চিলাই মেচিন দান কৰাই নহয়, চিলাইৰ কামৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীও তেওঁলোকে মহিলাসকলক যোগান ধৰে। 
 
 
আল-আমিন জনকল্যাণ সমাজৰ সদস্য কাল্বি হাচান আহমেদে মেচিন দান কৰা মহিলাকেইগৰাকীক চিলাই কাটিঙৰ প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰত্যেককে কেচি, ফিটা, স্কেল আৰু গুলি সূতা দান কৰা হৈছে। আনকি তেওঁলোকে চিলোৱা সামগ্ৰীসমূহ কিনি তেওঁলোকক উপযুক্ত পইচা দিয়াৰো প্ৰতিশ্ৰুতি দিছে আল-আমিন জনকল্যাণ সমাজে।
 
শেহতীয়াকৈ আল-আমিন জনকল্যাণ সমাজৰ দ্বাৰা বড়িগোগ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজিত বিনামূলীয়া স্বাস্থ্য শিবিৰতে চিলাই মেচিন আৰু অন্যান্য সামগ্ৰী সমূহ বিতৰণ কৰে। লগতে কাপোৰ চিলোৱাৰ প্ৰশিক্ষনো দিয়ে। বিনামূলীয়া চিলাই মেচিন লাভ কৰা মহিলা কেইগৰাকী হ'ল নুৰ আছমা বেগম, মমিনা বেগম, নাজমা বেগম, মাফিদা বেগম, মফিজান বিবি।
 
আল-আমিন জনকল্যাণ সমাজে মহিলাসকলৰ মাজত চিলাইৰ সামগ্ৰী বিতৰণ কৰাৰ এক মূহুৰ্ত  
 
চিলাই প্ৰশিক্ষণ দিয়া কাল্বি হাচান আহমেদে কয়; "আল-আমিন জনকল্যাণ সমাজৰ উদ্যোগত টেইলৰিঙৰ ট্ৰেইনিং হৈছিল। ট্ৰেইনিং বন্ধ হৈ যোৱাৰ পিছত মেচিনসমূহ এনেই পৰি আছিল, সেয়েহে আমি ভাবিলোঁ যদি আমি এই মেচিনসমূহ দৰিদ্ৰ মহিলা কিছুমানক দান কৰিব পাৰোঁ, তেন্তে তেওঁলোকৰ যথেষ্ট সুবিধা হ'ব। তেওঁলোকক প্ৰথমতে কাপোৰ চিলোৱাৰ কিছু ট্ৰেইনিং দিছোঁ। তেওঁলোকক আমি কাপোৰ যোগান ধৰিছোঁ, তেওঁলোকে চিলোৱা কাপোৰসমূহ আমিয়ে কিনি ল'ম, গতিকে তেওঁলোকৰ বিক্ৰী কৰোঁতেও কোনো অসুবিধা নহয়। তেওঁলোকে চিলোৱা কাপোৰসমূহ আমি লৈ বিভিন্ন হস্পিতাল বা অন্য ঠাই সমূহত বিক্ৰী কৰিম।"
 
চিলাই মেচিন লাভ কৰা এগৰাকী মহিলাই কয়; "চিলাই মেচিনটো লাভ কৰি মই অত্যন্ত সুখী। কাৰণ মোৰ স্বামী অসুস্থ। চিলাই মেচিনটোৰ জৰিয়তে মই দুপইচা উপাৰ্জন কৰিব পাৰিম আৰু ঘৰখন চলোৱাত অলপ সহজ হ'ব।"
 
আল-আমিন জনকল্যাণ সমাজে মহিলাৰ মাজত বিতৰণ কৰা চিলাইৰ সামগ্ৰী 
 
আল-আমিন জনকল্যাণ সমাজে এই মহিলা কেইগৰাকীক চিলাই মেচিন দান কৰি কেৱল উপাৰ্জনৰ পথ মোকলাই দিয়াই নহয়, মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বিধবা, দৰিদ্ৰ মহিলা কেইগৰাকীয়ে আল-আমিন জনকল্যাণ সমাজক এই মহান কামৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।
 
উল্লেখযোগ্য যে, একেদিনাই আল আমিন জনকল্যাণ সমাজ আৰু আৱাজ-দ্য ভইচ'ৰ উদ্যোগত, আছাম মেডিকেল কলেজ এলামনাই এছোচিয়েশ্বন আৰু একাডেমিক ফোৰামৰ সহযোগীতাত পুৱা ৯-৩০ বজাৰ পৰা আবেলি ২-০০ বজালৈ বড়িগোগ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত এটি বিনামূলীয়া চিকিৎসা শিৱিৰ আয়োজন কৰা হৈছিল। 
 
আল-আমিন জনকল্যাণ সমাজে চিলাই মেচিন দান কৰা মহিলাসকল 
 
শিৱিৰটো যুটীয়াভাৱে আয়োজন কৰিছিল বিদ্যালয়খনৰ অধ্যক্ষ জ্যোতিষ কলিতা আৰু অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত মুখ্য অভিযন্তা তথা বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ মঃ ফাইজুৰ ৰহমানে। আল আমিন জনকল্যাণ সমাজৰ সম্পাদক কৰ্নেল ডাঃ লুটফুৰ ৰহমান , সদস্য ডাঃ আতিকুৰ ৰহমান, মাহমুদুৰ ৰহমান বৰা (ৰাতুল), ফাইজুৰ ৰহমান , কাল্বি হাচান আহমেদ, আৱাজ-দ্য ভইচ'ৰ মুখ্য কাৰ্য্যবাহী বিষয়া পল্লৱ ভট্টাচাৰ্য্য অনুষ্ঠানত উপস্থিত আছিল।
 
আছাম মেডিকেল কলেজ এলামনাই এচোছিয়েশ্যনৰ অভিজ্ঞ আৰু বিশেষজ্ঞ চিকিৎসক ডাঃ উৎপল কুমাৰ কটকী, ডাঃ জীতা খাউণ্ড , ডাঃ শুভ্ৰা দাস, ডাঃ অঞ্জনা দুৱাৰা, ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, ডাঃ নিকিতা,  ডাঃ পল্লৱী ডেকা আদিয়ে শিবিৰত বহুজনক সম্পূর্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছিল।