ৰাম মন্দিৰ উদ্বোধনৰ পিছত অযোধ্যাৰ মুছলমানসকলে বিচ্ছিন্নতা অনুভৱ কৰিছে নেকি ?

Story by  Saquib Salim | Posted by  Munni Begum • 1 Years ago
অযোধ্যা নগৰ
অযোধ্যা নগৰ
 
ছাকিব ছেলিম
 
যোৱা সপ্তাহৰ অযোধ্যা ভ্ৰমণ মোৰ আগৰ ভ্ৰমণতকৈ পৃথক আছিল। প্ৰায় ১৩ মাহ আগতে চহৰখন ভ্ৰমণ কৰাৰ সময়ত ৰাম জনমভূমিত মন্দিৰ নিৰ্মাণৰ কাম চলি আছিল। বিমানবন্দৰৰ পৰিকল্পনা কৰা হৈছিল আৰু দিল্লীৰ পৰা ৰেলখনেই আছিল একমাত্ৰ সম্ভৱপৰ যাতায়তৰ ব্যৱস্থা।
 
উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত বাবৰি মছজিদৰ স্থানত যি মন্দিৰ নিৰ্মাণ হৈছে, সেই মন্দিৰটো বছৰ বছৰ ধৰি বিতৰ্কৰ বিষয় হৈ আহিছে। ২০২৪ চনৰ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আৰু ইয়াৰ উদ্বোধনৰ পিছত অতি সোঁপন্থী আৰু বাওঁপন্থী নেতাসকলে দাবী কৰে যে এই অনুষ্ঠানে মুছলমান সম্প্ৰদায়ক বিচ্ছিন্ন কৰি পেলাইছে।
 
অযোধ্যা মোৰ পত্নীৰ গৃহ চহৰ আৰু তেওঁৰ পৰিয়ালটো তাতেই বসবাস কৰি আছে। ১৯৯২ চনত সংঘটিত হোৱা সাম্প্ৰদায়িক দাঙ্গাত পৰিয়ালটোৱে ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। উন্মাদসকলে তেওঁলোকৰ ঘৰ-সম্পত্তি ভাঙি পেলায়; পৰিয়ালৰ কেইবাজনো পুৰুষ সদস্য আক্ৰমণৰ সন্মুখীন হৈছিল আৰু লগতে আৰক্ষীৰদ্বাৰাও ব্যৱস্থা লোৱা হৈছিল। মুছলমান ধৰ্ম অনুসৰণ কৰা মোৰ পত্নীৰ চাৰিওজন ডাঙৰ ভাতৃৰ চহৰত গহনাৰ দোকান আছে।
 
অযোধ্যা বিমানবন্দৰৰ ভৱন
 
বাতৰি কাকত আৰু নিউজ পৰ্টেলত পঢ়া মতামতৰ ভিত্তিত মই অনুমান কৰিব পাৰো যে মোৰ শহুৰৰ পৰিয়ালটো মন্দিৰ নিৰ্মাণক লৈ অত্যন্ত দুখী। কিন্তু, বাস্তৱ কথাটো ইয়াৰ ঠিক বিপৰীত আছিল। চহৰখনৰ মই চিনি পোৱা মানুহবোৰে বেছিভাগেই মন্দিৰটোৰ উদ্বোধনী অনুষ্ঠানক আদৰণি জনাইছিল।
 
মোৰ পত্নী, আৰু তেওঁৰ বহু আত্মীয়ই অযোধ্যাৰ বিমানবন্দৰ উদ্বোধন হোৱাৰ সময়ত আনন্দ প্ৰকাশ কৰি হোৱাটছএপৰ ষ্টেটাছ শ্বেয়াৰ কৰিছিল। দিল্লী, মুম্বাই, বাংগালুৰুৰ পৰা কেনেকৈ পোনপটীয়াকৈ নিজৰ গৃহ চহৰলৈ উৰা মাৰিব পাৰে সেই কথা সকলোৱে প্ৰকাশ কৰাৰ লগে লগে পৰিয়ালৰ হোৱাটছএপ গ্ৰুপবোৰ আনন্দৰে ভৰি পৰিছিল।
 
কেইসপ্তাহমানৰ পিছত মই আৰু মোৰ পত্নী দিল্লীৰ পৰা অযোধ্যালৈ বিমানত উঠিলোঁ। দুই এজন শুকাংক্ষীয়ে মোক অযোধ্যালৈ বিমানত নুঠিবলৈ সকীয়াই দিলে। তেওঁলোকে দাবী কৰে যে এই বিমানসমূহৰ যাত্ৰীসকল প্ৰায়ে ৰাজনৈতিকভাৱে প্ৰেৰিত আৰু ঘৃণা বিয়পোৱা যাত্ৰীৰে ভৰি থাকে। ছ’চিয়েল মিডিয়াত একেধৰণৰ দাবীয়ে এই ধাৰণাক অধিক বিশ্বাসযোগ্যতা প্ৰদান কৰিছিল।
 
অযোধ্যাৰ সৰ্যু নদীত বোৰ্খা পৰিহিত মহিলা আৰু তেওঁলোকৰ পৰিয়াল নৌকা বিহাৰ কৰাৰ আগমূহুৰ্ত
 
মই নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা স্পাইচজেটৰ বিমানত উঠিলোঁ। মোৰ চকুৱে সেই ৰাজনৈতিক ঘৃণা বিয়পোৱা লোকসকলৰ সন্ধান কৰিলে যদিও ক'তো তেনে ব্যক্তি নেদেখিলো। বিমানখনত একো অস্বাভাৱিকতা নাছিল। মানুহে মোক সকীয়াই দিয়া ধৰণে কোনো শ্লোগান শুনা নাপালোঁ৷ বিমানখনৰ ভিতৰত দেখাত মিনি ইণ্ডিয়া যেন লাগিছিল য’ত বেছিভাগ পুৰুষ-মহিলাই পশ্চিমীয়া সাজ-পোছাক পিন্ধিছিল। আনহাতে কিছুমান মহিলাই পৰম্পৰাগত শাৰী বা ছালভাৰ-কামিজ পিন্ধিছিল। মাত্ৰ ১০ জনতকৈও কম ব্যক্তিয়ে ধূতি-কুৰ্তা পিন্ধিছিল আৰু দুই-এজন বোৰ্খা পিন্ধা মহিলাৰ সৈতে দাড়ি থকা দুজনমান মুছলমানো দেখিলো।
 
অযোধ্যা বিমানবন্দৰৰ পৰিৱেশ স্বাভাৱিক আছিল; ভাৰতৰ আন যিকোনো বিমানবন্দৰৰ দৰেই দেখা গৈছিল। ঘৰত দুঘণ্টা নৌহওঁতেই বোৰ্খা পিন্ধা এগৰাকী ধৰ্মপৰায়ণ মুছলমান মহিলা মোৰ শাহুৱে প্ৰস্তাৱ দিলে যে আমি অযোধ্যালৈ গৈ শেহতীয়াকৈ নিৰ্মাণ কৰা মন্দিৰটোৰ সাক্ষী হ’ব লাগে। মই থতমত খালোঁ। স্বীকাৰ কৰিব লাগিব যে মই দিল্লীত বাস কৰাৰ বাবে সংবাদ মাধ্যম আৰু দ্ৰুতগতিৰে বিয়পি থকা ৰাজনৈতিক মতামতবোৰৰ প্ৰতি মোৰ মনটো অভেদ্য নহয়। মই কল্পনাই কৰা নাছিলো যে অযোধ্যাৰ মুছলমানসকল শেহতীয়াকৈ মুকলি হোৱা ৰাম মন্দিৰক লৈ ইমান আবেগিক আৰু উত্তেজিত হ’ব।
 
সন্ধিয়া আমি এছ ইউ ভি এখনত উঠি অযোধ্যালৈ গ’লো। আমাৰ গাড়ীখন চহৰত প্ৰৱেশ কৰাৰ আগতে মোৰ সহযাত্ৰীসকলে মোক উৎসাহেৰে বুজাই দিছিল মই চাবলৈ অহা সকলোবোৰ স্থান। তথাপিও মই মানি ল’বলৈ সাজু নাছিলোঁ যে আমাৰ দিল্লী ভিত্তিক ৰাজনৈতিক মন্তব্যকাৰীসকল বাস্তৱৰ পৰা ইমানেই আঁতৰত। মই ভাবিছিলো যে মোৰ শাহু-শহুৰ নিয়মৰ ব্যতিক্ৰম হ’ব পাৰে। সংবাদ মাধ্যমে মোক কৈ আহিছিল যে অযোধ্যাৰ মুছলমানসকলে বিচ্ছিন্নতা অনুভৱ কৰি আহিছে।
 
সৰ্যু নদীত মানুহে যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা ফেৰী আৰু নাও
 
পিছদিনা সৰযু নদীৰ গুপ্তৰ ঘাটলৈ গ’লোঁ৷ চৌদাহ কোছি পৰিক্ৰমা মাৰ্গত অৱস্থিত গুপ্তাৰ ঘাট হিন্দুসকলৰ বাবে অতি পবিত্ৰ।
ক্ৰমান্বয়ে সন্ধিয়া হৈছিল। সাংস্কৃতিক মন্ত্ৰালয়ে ৰামোৎসৱৰ বাবে ঘাটত স্থাপন কৰা মঞ্চৰ পৰা ভজনৰ প্ৰতিধ্বনিৰে পৰিৱেশটো জীপাল হৈ উঠিল; একেদৰে, দূৰৈৰ মন্দিৰৰ পৰা ভাহি অহা আৰতিৰ শব্দই মন ভৰাই তুলিলে। 
 
ঘাটত প্ৰৱেশ কৰি মই মানুহে নাও চলাই আনন্দ কৰি থকা নদীখনৰ ফালে চাই থাকোঁতে প্ৰথম দৃশ্য দেখিলো যে বোৰ্খা পৰিহিত দুগৰাকী মহিলাই দুজন দাড়ি থকা মুছলমান লোকৰ সৈতে এখন নাঁওত উঠি গৈ আছে। মই লগে লগে মোৰ মোবাইল কেমেৰাৰে ফটো এখন ক্লিক কৰিলোঁ। মই ভাবিলো যে এইটো অসাধাৰণ দৃশ্য আৰু ৰেকৰ্ডিং কৰা উচিত। কেইমিনিটমান পিছত দেখিলো বোৰ্খা পিন্ধা কেইবাগৰাকীও মহিলাই পৰিয়ালৰ সৈতে আনন্দ কৰি আছে। এই মুছলমানসকলৰ উপৰিও পৰিষ্কাৰকৈ চেভ কৰা আৰু চাৰ্ট-ট্ৰাউজাৰ পিন্ধা আন বহুকেইজন মুছলমান যুৱককো মই তাত দেখিলো।
 
এফালে, আৰতি আৰু ভজনৰ মধুৰ গুঞ্জন আৰু আনফালে, মুছলমানসকলে পৰিৱেশ উপভোগ কৰি থকাৰ সুন্দৰ মুহূৰ্ত উপভোগ কৰি মই আপ্লুত হৈছিলো। জিগাৰ মোৰাদাবাদীয়ে দশক দশক আগতে লিখা কথাখিনি অযোধ্যাবাসীয়ে আজি পালন কৰিছে, "ৰাজনীতিবিদসকলে তেওঁলোকৰ ধৰ্মৰ বিষয়ে জানে, মোৰ বাৰ্তা কিন্তু প্ৰেম আৰু ভালপোৱাৰ। সেয়ে, মোৰ বাৰ্তা য’তে-ত'তে যাব পাৰে।"