নাশিক / মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰৰ নাছিকৰ বাসিন্দা আছলাম ছৈয়দ এজন প্ৰতিভাৱান পাগুৰি শিল্পী। পাগুৰি বন্ধাত বিশেষ দক্ষতাৰ বাবে বিবাহ অনুষ্ঠান, ৰাজনৈতিক সমাৱেশ, সামাজিক অনুষ্ঠান, চৰকাৰী অনুষ্ঠান আদিত তেওঁৰ অত্যন্ত চাহিদা। আছলাম হৈছে এনে এটা পৰিয়ালৰ যুৱক, যাৰ পিতৃ আৰু চাৰিজন ভাতৃও একেটা বৃত্তিতে নিয়োজিত। তেওঁলোকৰ জীৱন-জীৱিকা নিৰ্ভৰ কৰে পাগুৰি বন্ধা দক্ষতাৰ ওপৰত।
তিনি বছৰ পূৰ্বে গণেশ উৎসৱৰ সময়ত ভগৱান গণপতি বাপ্পাৰ মূৰ্তি স্থাপনৰ পৰিকল্পনা কৰি থকা এজন ঘনিষ্ঠ বন্ধুৱে আছলামৰ কাষ চাপিছিল। মহাৰাষ্ট্ৰত দহদিনীয়া এই উৎসৱটো অপৰিসীম উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়, য’ত মানুহে ভগৱান গণেশৰ মূৰ্তি নিজৰ ঘৰ আৰু ৰাজহুৱা স্থানত ৰাখি প্ৰাৰ্থনা আগবঢ়ায় আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। সমগ্ৰ ভাৰতবৰ্ষতে গণেশ উৎসৱ পালন কৰা হয় যদিও মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ হৃদয়ত গণেশোৎসৱৰ এক বিশেষ স্থান আছে।
আছলামৰ বন্ধুজনে স্থানীয় বজাৰৰ পৰা এটা গণেশৰ মূৰ্তি ক্ৰয় কৰি ইয়াক পাগুৰিৰে সজাই পৰাই তুলিবলৈ ক’লে। আছলামে আনন্দৰে সেই কামটো গ্ৰহণ কৰে আৰু কেইটামান মিনিটৰ ভিতৰতে অতি নিপুণভাৱে গণপতি বাপ্পাৰ মূৰ্তিটোত পাগুৰি বান্ধি দিয়ে। এই কাৰ্য্যই মূৰ্তি বিক্ৰেতাসকলক আচৰিত কৰাৰ লগতে আপ্লুত কৰিছিল।
তেতিয়াৰ পৰাই নাশিকৰ বিভিন্ন চুবুৰী, যেনে- ডংগ্ৰী ময়দান, হিৰাৱাড়ী, ঠাক্কাৰ ডোম আদিত গণেশ উৎসৱ আয়োজন কৰা স্থানীয় নাগৰিক সমিতিসমূহে আছলামক পাগুৰিৰে ভগৱান গণেশৰ মূৰ্তি সু-সজ্জিত কৰিবলৈ আমন্ত্ৰণ জনাই আহিছে।
আছলামে বিভিন্ন মূৰ্তিৰ বাবে পেশ্বৱাই, জিৰে, কলহাপুৰী, মহাৰাষ্ট্ৰীয়, ৰাজস্থানীকে ধৰি বিভিন্ন শৈলী আগবঢ়ায়। গ্ৰাহকসকলে নিজৰ পছন্দৰ শৈলী বাছি ল’ব পাৰে, আৰু আছলামে আনন্দৰে কামটো গ্ৰহণ কৰে। সম্প্ৰতি চলি থকা গণেশ চতুৰ্থী উৎসৱ উদযাপনৰ সময়ত প্ৰতিভাৱান শিল্পীজনে ডংগ্ৰী ময়দানত মাত্ৰ এদিনতে ৩০০ৰো অধিক মূৰ্তি সজাই পৰাই তুলিবলৈ সক্ষম হৈছে।
বিগত তিনি বছৰ ধৰি আছলামে এইদৰে অপৰিসীম উৎসাহ আৰু আনন্দৰে এই কাম কৰি আছে। তেওঁৰ মতে সুখে কোনো ধৰ্ম বা বিশ্বাস নাজানে আৰু মানুহৰ মাজত সুখ বিয়পাই দিয়াটোৱেই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। তেওঁ কয় "বিশ্বাস আৰু সুখৰ কথা আহিলে কোনো ধৰ্ম নাই।" ভগৱান গণেশৰ মূৰ্তিত পাগুৰি পিন্ধাই তেওঁ মানুহৰ মনত সুখ দিব পাৰিছে।
আছলামৰ কলাত্মক স্পৰ্শই সমগ্ৰ চহৰখনতে ভগৱান গণপতি বাপ্পাৰ অগণন মূৰ্তিৰ শোভা বঢ়াইছে আৰু সম্প্ৰদায়সমূহৰ মাজত একতা সৃষ্টিৰে ধৰ্মীয় সম্প্ৰীতি গঢ়ি তুলিছে। দক্ষতা আৰু নিষ্ঠাৰ জৰিয়তে সমাজত ঐক্য আৰু সহযোগিতাৰ হৃদয়স্পৰ্শী নিদৰ্শন দাঙি ধৰা আছলামৰ শিল্পকলাক হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ে শলাগ লৈছে।