অসম বিজেপিৰ সামাজিক মাধ্যমৰ সহ-আহ্বায়ক ৰন বিকাশ গৌৰৱক অপসাৰণ

Story by  PTI | Posted by   Imtiaz Ahmed • 6 h ago
ৰন বিকাশ গৌৰৱ
ৰন বিকাশ গৌৰৱ
গুৱাহাটী

বৃহস্পতিবাৰে এগৰাকী জ্যেষ্ঠ নেতাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ পিছত ডিলিট কৰ ভিডিঅ’ পোষ্ট কৰাৰ বাবে বিজেপিৰ অসম ৰাজ্যিক গোটে সামাজিক মাধ্যম দলৰ এজন সহ-আহ্বায়কক অপসাৰণ কৰিছে।

ভিডিঅ’টোত দেখা গৈছে যে শৰ্মাই কথিতভাৱে ৰাইফলেৰে লক্ষ্য কৰি দুজন লোকৰ ওপৰত গুলীচালনা কৰে, এজনে মূৰত টুপী পিন্ধি আছিল আৰু আনজনঅৰ দাড়ি আছিল, কেপচন হিচাপে “পইণ্ট-ব্লেংক শ্বট” আছিল।

শনিবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ অফিচিয়েল এক্স হেণ্ডেলত আপলোড কৰা হৈছিল এ আইৰ দ্বাৰা নিৰ্মিত এই ভিডিঅ’টো ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ পিছত ডিলিট কৰা হৈছিল।

জ্যেষ্ঠ নেতাগৰাকীয়ে জনোৱা মতে, "অকৰ্তৃত্বশীল পদ্ধতিৰে উপযুক্ত পৰীক্ষণ নকৰাকৈ ভিডিঅ'টো আপলোড কৰা হৈছে। সংশ্লিষ্ট ব্যক্তিজনক সামাজিক মাধ্যম দলৰ সহ-আহ্বায়কৰ পদৰ পৰা অপসাৰণ কৰা হৈছে।"

সামাজিক মাধ্যম দলৰ পৰা অপসাৰণ কৰা সহ-আহ্বায়কজনৰ নাম ৰন বিকাশ গৌৰৱ।

বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, "বিজেপিৰ সামাজিক মাধ্যম হেণ্ডেলত পোষ্ট সৃষ্টি আৰু প্ৰচাৰ সামগ্ৰী আপলোড কৰাৰ অধিকাৰ মাত্ৰ দুই এজনৰহে আছে। সাধাৰণতে, দলীয় কাৰ্যসূচী বা আমাৰ নেতাৰ ভাষণ শ্বেয়াৰ কৰাৰ বাবে তেওঁলোকে নিজাববীয়াকৈ কৰিব পাৰে। কিন্তু স্পৰ্শকাতৰ বিষয়ৰ বাবে তেওঁলোকক সামাজিক মাধ্যমৰ ভাৰপ্ৰাপ্ত বিষয়া বা দলৰ সভাপতি বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অনুমোদনৰ প্ৰয়োজন হয়।"

বৰ্তমান ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম দলৰ মুৰব্বী ৰঞ্জিব কুমাৰ শৰ্মাহ, আৰু তেওঁৰ দলত গৌৰৱক অপসাৰণ কৰাৰ পূৰ্বে চাৰিজন সহ-আহ্বায়ক আছিল।

বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই ভিডিঅ’ক লৈ কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। একেটা বিষয়ক লৈ বিজেপিৰ এগৰাকী কৰ্মীয়েও সুকীয়াকৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে বুলিও তেওঁ কয়।

সোমবাৰে শৰ্মাই এই ভিডিঅ’টোৰ বিষয়ে অৱগত নহয় বুলি দাবী কৰিছিল, আনহাতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক তেওঁৰ ভিডিঅ’ৰ জৰিয়তে মুছলমানৰ বিৰুদ্ধে “গণহত্যাৰ উচটনি” দিয়াৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক বিষয়টোৰ সন্দৰ্ভত ছুও মোটু গোচৰ ল’বলৈ আহ্বান জনাইছিল।

বৰ্তমান ডিলিট হোৱা ভিডিঅ’টোক লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে সোমবাৰে হায়দৰাবাদ আৰক্ষীত এজাহাৰ দাখিল কৰিছিল এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়েও।

ইয়াৰ উত্তৰত শৰ্মাই কৈছিল, "মোৰ বিৰুদ্ধে যদি কোনো গোচৰ ৰুজু হৈছে তেন্তে মোক গ্ৰেপ্তাৰ কৰক। মোৰ কোনো আপত্তি নাই। মই জেললৈ যাবলৈ সাজু। মই সদায় মোৰ কথাত অটল। মই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰোধী আৰু সদায় তেনেকৈয়ে থাকিম।"