কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰে গুৰুত্বপূৰ্ণ বৈঠক মোদীৰ; কানাডাত অব্যাহত থকা ভাৰত বিৰোধী কাৰ্যকলাপক লৈ উদ্বেগ প্ৰকাশ

Story by  atv | Posted by  [email protected] • 10 Months ago
কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰে সৈতে নৰেন্দ্ৰ মোদী
কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰে সৈতে নৰেন্দ্ৰ মোদী

নতুন দিল্লী

জি-২০ শীৰ্ষ সন্মিলনৰ সামৰণিৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সন্ধিয়া কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় আৰু কানাডাত খালিস্তানী বিচ্ছিন্নতাবাদীৰদ্বাৰা অব্যাহত থকা  “ভাৰত বিৰোধী কাৰ্যকলাপ” সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে। 

বৈঠক সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়, প্ৰধানমন্ত্ৰী মোদীয়ে আজি কানাডাত বিচ্ছিন্নতাবাদী উপাদানৰ ভাৰত বিৰোধী কাৰ্যকলাপক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। খালিস্তান সমৰ্থকসকলে বিচ্ছিন্নতাবাদৰ প্ৰচাৰ আৰু ভাৰতীয় কূটনীতিবিদৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়া, কূটনৈতিক চৌহদ ক্ষতিগ্ৰস্ত কৰা, কানাডাত ভাৰতীয় সম্প্ৰদায় আৰু তেওঁলোকৰ পূজাস্থলীলৈ ভাবুকি কঢ়িয়াই অনা বুলি প্ৰধানমন্ত্ৰীয়ে জাষ্টিন ট্ৰুডোক জানিবলৈ দিয়ে।
 
ইফালে, কানাডিয়ান প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কয় যে হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ কানাডা চৰকাৰ সদায় সাজু আছে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে খালিস্তানৰ উগ্ৰবাদ আৰু বিদেশী হস্তক্ষেপ বিষয়ত আলোচনা কৰে। কানাডাই সদায় মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰিব, আৰু একে সময়তে হিংসা ৰোধৰ বাবেও সদায় কাম কৰিব বুলি ট্ৰুডোৱে মত প্ৰকাশ কৰে।
তেওঁ আৰু কয় যে কিছুমান লোকৰ কাৰ্য্যই সমগ্ৰ সম্প্ৰদায় বা কানাডাক প্ৰতিনিধিত্ব নকৰে।
 
জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা আলোচনাৰ সময়ত খালিস্তান উগ্ৰবাদ আৰু বিদেশী হস্তক্ষেপৰ বিষয়বোৰ উত্থাপন হৈছিল নেকি বুলি সোধাত তেওঁ কয়, ‘দুয়োটা বিষয়ক লৈ আমি আলোচনা কৰো। বছৰ বছৰ ধৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আমি বহু কথা-বতৰা পাতিছো। কানাডাই সদায় মত প্ৰকাশৰ স্বাধীনতা, বিবেকৰ স্বাধীনতা আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ স্বাধীনতাক ৰক্ষা কৰিব আৰু ই আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। একে সময়তে আমি হিংসা প্ৰতিৰোধ কৰিবলৈ আৰু ঘৃণাৰ বিৰুদ্ধে যুঁজ দিবলৈ সদায় সাঁজু আছো। আমি এই কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ যে কেইজন ব্যক্তিৰ কাৰুকাৰ্য্যই সমগ্ৰ সম্প্ৰদায় বা কানাডাক প্ৰতিনিধিত্ব নকৰে। ইয়াৰ বিপৰীত দিশটো হ’ল আমি আইনৰ শাসনক সন্মান জনাও।” 
 
উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ পৰা কানাডাত খালিস্তান উগ্ৰবাদৰ একাধিক কাণ্ড সংঘটিত হৈছে। চলিত বৰ্ষৰ জুন মাহত কানাডাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড উদযাপন কৰি টেবুল পেৰেডৰ আয়োজন কৰা হৈছিল আৰু নতুন দিল্লীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত কানাডাত থকা ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তানৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। খালিস্তান সমৰ্থক শ্লোগান উত্থাপন কৰাৰ লগতে তাত উপস্থিত ভাৰতীয় মূলৰ সাংবাদিকক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছিল।
 
খালিস্তানী সমৰ্থক প্ৰতিবাদকাৰীয়ে কানাডাত একাধিক মন্দিৰো ভাঙিছে। ইয়াৰ পূৰ্বে জুলাই মাহত কানাডাত খালিস্তানী সমৰ্থকসকলে ভাৰতৰ কূটনীতিবিদক ভাবুকি দি পোষ্টাৰ প্ৰকাশ কৰা ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল।