লক্ষ্য ২০২৪ৰ নিৰ্বাচন; ঈদৰ পিছত ৬৫টা মুছলমান অধ্যুষিত সমষ্টিত বিজেপিয়ে আৰম্ভ কৰিব ‘মোদী মিত্ৰ’ অভিযান

Story by  atv | Posted by  [email protected] • 1 Years ago
এক অনুষ্ঠানত বিজেপি সংখ্যালঘু মৰ্চাৰ মুৰব্বী জামাল ছিদ্দিকী (ফেচবুক)
এক অনুষ্ঠানত বিজেপি সংখ্যালঘু মৰ্চাৰ মুৰব্বী জামাল ছিদ্দিকী (ফেচবুক)
 
আছিক হুছেইন / নতুন দিল্লী

মুছলমান সম্প্ৰদায়ৰ ওচৰ চাপিবলৈ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী(বিজেপি)য়ে চলাই থকা প্ৰচাৰ অভিযানৰ অংশ হিচাপে দলটোৱে অহা ২০ এপ্ৰিলৰ পৰা 'মোদী মিত্ৰ' (প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু) নামৰ এক বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। বছৰজোৰা প্ৰচাৰ অহা বছৰৰ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব।
 
অহা বছৰৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইটো বিজেপিৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ'ব। দলটোৱে মুছলমান অধ্যুষিত ৬৫ টা লোকসভা সমষ্টি চিনাক্ত কৰিছে, য'ত ৩০ শতাংশতকৈ অধিক মুছলমান জনসংখ্যা আছে। ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদৰ পিছত আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ দায়িত্বত আছে জামাল ছিদ্দিকী নেতৃত্বাধীন বিজেপিৰ সংখ্যালঘু মৰ্চা।
 
জামাল ছিদ্দিকীয়ে 'আৱাজ-দ্য ভইচ'ক কয় যে 'মোদী মিত্ৰ' নামৰ কাৰ্যসূচীটো ২০ এপ্ৰিলত আৰম্ভ হ'ব আৰু ২০২৪ চনৰ ফেব্ৰুৱাৰীলৈকে চলিব। "ইয়াৰ বাবে আমি সমগ্ৰ দেশৰ ৬৫ টা লোকসভা সমষ্টি চিনাক্ত কৰিছো, য'ত মুছলমান জনসংখ্যা ৩০ শতাংশতকৈ অধিক। আমাৰ লক্ষ্য হৈছে সেই মুছলমানসকলৰ সৈতে যোগাযোগ কৰা, যিসকল কোনো ৰাজনৈতিক দলৰ অন্তৰ্ভুক্ত নহয় আৰু যিসকল নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভ কৰা আঁচনিৰ দ্বাৰা প্ৰভাৱিত হৈছে।"
 
তেওঁ কয়, "আমি বিশ্বাস কৰোঁ যে এই লোকসভা সমষ্টিসমূহত কমেও ৫,০০০-১০,০০০ মুছলমান লোক আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু চৰকাৰী আঁচনিবোৰে তেওঁলোকক কেনেদৰে সহায় কৰিছে আৰু তেওঁলোকৰ উন্নতিৰ বাবে আৰু কি কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰ মতামত গ্ৰহণ কৰিম।"
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমষ্টিসমূহৰ মুছলমানসকলৰ সৈতে আলোচনাত মিলিত হৈ প্ৰচাৰ অভিযানৰ অন্ত পেলাব। 
 
এই কাৰ্যসূচীত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্যসকলে ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ লগতে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব, স্থানীয় পৰ্যায়ত চেমিনাৰ অনুষ্ঠিত কৰিব, বিজ্ঞাপন প্ৰচাৰ আদিৰ দৰে কাম কৰিব। এই সময়ছোৱাত দলটোৱে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি মোদী চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ প্ৰদৰ্শন কৰিব।
 
প্ৰচাৰ কাৰ্যসূচীৰ অধীনত বিজেপিয়ে চিকিৎসক, অভিযন্তা, সমাজকৰ্মী, সাংবাদিক, অধ্যাপক আদিৰ দৰে পেছাদাৰীকে ধৰি সকলো স্তৰৰ লোকৰ সৈতে যোগাযোগ কৰাৰ পৰিকল্পনা কৰিছে। বিজেপিৰ কল্যাণমূলক কাম-কাজসমূহৰ বাৰ্তা সমাজৰ সকলো স্তৰলৈ লৈ যাবলৈ দলটোৱে মুছলমান সম্প্ৰদায়ৰ প্ৰভাৱশালী সকলো লোকক ব্যৱহাৰ কৰিব।
 
বিজেপিৰ সংখ্যালঘু মৰ্চাৰ মুৰব্বী জামাল ছিদ্দিকীয়ে কয় যে মুছলমান সম্প্ৰদায়ৰ প্ৰভাৱশালী লোকসকলক "মোদী মিত্ৰ" কাৰ্যসূচীত সাঙুৰি লোৱা হ'ব, যাতে তেওঁলোকৰ জৰিয়তে বিজেপিৰ উন্নয়ন আৰু সমাজ কল্যাণ কাৰ্যসূচীৰ বাৰ্তা সকলোৱে লাভ কৰে। 
 
তেওঁ কয় যে, ১৪ শতাংশ মুছলমান জনসংখ্যা তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু দলৰ প্ৰচাৰৰ বাহিৰত তেওঁলোকক এৰি দিব নোৱাৰি। ৰাজনৈতিকভাৱে ই অতি গুৰুত্বপূৰ্ণ। ২০১৪ চনত নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পৰাই বিজেপিয়ে মুছলমানৰ সমৰ্থন বিচাৰিবলৈ চেষ্টা কৰি আহিছে।
 
ৰাজনৈতিকভাৱে বিজেপিয়ে জানে যে মুছলমানৰ সৈতে সংযোগ স্থাপন কৰিলে ২০২৪ চনৰ নিৰ্বাচনৰ পথ তেওঁলোকৰ বাবে সহজ হৈ পৰিব। সমগ্ৰ দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ ভিতৰত ৮০খন আসনত ২০ শতাংশ মুছলমান, আৰু ৬৫খন আসনত ৩০ শতাংশতকৈ অধিক মুছলমান লোক আছে।
 
২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ২০ শতাংশতকৈ অধিক ভোটৰ ভাগ লৈ ৮০খন আসনৰ ভিতৰত ৫৮খন আসনত জয়লাভ কৰিছিল। ২২টা সমষ্টিত তেওঁলোক পৰাস্ত হয়।
 
এই ৬৫টা মুছলমান সংখ্যাগৰিষ্ঠ লোকসভা সমষ্টিত উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ উভয়ৰে ১৩টা, জম্মু-কাশ্মীৰৰ ৫টা, বিহাৰৰ চাৰিটা, কেৰালা আৰু অসমৰ ছটাকৈ, মধ্যপ্ৰদেশৰ তিনিটাকৈ, তেলেংগানা আৰু হাৰিয়ানাৰ দুটাকৈ আৰু মহাৰাষ্ট্ৰ তথা লক্ষদ্বীপৰ এটাকৈ সমষ্টি আছে। 
 
ছিদ্দিকিয়ে কয় যে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত ৰাষ্ট্ৰীয় মুছলিম মঞ্চই ইতিমধ্যে এই আসনসমূহত থকা মুছলমানসকলৰ সৈতে আলোচনা আৰু যোগাযোগ ৰক্ষা কৰি আছে।