ছাকুইব ছালিম
“যিহেতু মুছলমানসকল অৰ্থনৈতিকভাৱে আটাইতকৈ দুৰ্বল, সেয়ে তেওঁলোকে ই ডব্লিউ এছ(EWS)ৰ ১০ শতাংশ সংৰক্ষণ ব্যৱস্থাত অগ্ৰাধিকাৰ লাভ কৰিব লাগে।” নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ প্ৰৱৰ্তন কৰাৰ পিছত এই কথা উল্লেখ কৰিছিল অৰ্থনীতিবিদ সুৰজিৎ ভাল্লাই।
বিশেষকৈ ভাৰতত জনমতবোৰ তথ্যৰ ওপৰত ভিত্তি কৰি নহয়, কেৱল ধাৰণাহে। ইয়াৰ ফলত মানুহে অনুমান কৰিলে যে যিহেতু বিজেপি নেতৃত্বাধীন চৰকাৰে ই ডব্লিউ এছ কোটা প্ৰৱৰ্তন কৰিছে, গতিকে ই আৰ এছ এছৰ হিন্দুত্ববাদী এজেণ্ডা হ'ব। আন এক জনপ্ৰিয় ধাৰণা সৃষ্টি হ’ল এই সংৰক্ষণৰ ফলত মুছলমান আৰু অন্যান্য সংখ্যালঘুসকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব।
ভাৰতীয় ৰাজনৈতিক ইতিহাস সুক্ষ্মভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে ই ডব্লিউ এছৰ সংৰক্ষণৰ দাবী যথেষ্ট ধৰ্মনিৰপেক্ষ। ১৯৮০ আৰু নব্বৈৰ দশকৰ কিছুমান অতি সক্ৰিয় মুছলমান নেতাই এই সংৰক্ষণ ব্যৱস্থাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল।
হালিম উদ্দিন আহমদ
১৯৯৭ চনৰ মে’ মাহত হায়দৰাবাদৰ এজন সাহসী মুছলমান সাংসদ তথা আছাদুদ্দিন ওৱেইছিৰ পিতৃ চুলতান চালাহুদ্দিন ওৱেইছিয়ে এখন বিধেয়ক দাখিল কৰে। এই বিধেয়কত চৰকাৰী চাকৰি আৰু উচ্চ শিক্ষানুষ্ঠানত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰা হৈছিল।
ই ডব্লিউ এছ (EWS) সংৰক্ষণৰ বাবে এয়াই প্ৰথম প্ৰচেষ্টা নাছিল। ১৯৮০-৯০ৰ দশকত ভাৰতীয় মুছলমানৰ কণ্ঠ বুলি গণ্য কৰা নেতাসকলে এই সংৰক্ষণ ব্যৱস্থাৰ বাবে দাবী উত্থাপন কৰিছিল। ১৯৭৮ চনত বিহাৰৰ কিষানগঞ্জৰ সাংসদ হালিম উদ্দিন আহমদে লোকসভাৰ মজিয়াত চৰকাৰক প্ৰশ্ন কৰিছিল যে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ ব্যক্তিসকলে এয়াৰ ইণ্ডিয়াত কিয় সংৰক্ষণ লাভ নকৰে ?
এনে নাছিল যে কেৱল মুছলমান নেতাইহে ই ডব্লিউ এছ কোটা দাবী কৰিছিল। উত্তৰ প্ৰদেশৰ পৰা ৬বাৰ লোকসভালৈ নিৰ্বাচিত হোৱা সাংসদ ৰাম নাগিনা মিশ্ৰই আশীৰ দশকৰ ভিতৰত কেইবাবাৰো এই দাবী উত্থাপন কৰিছিল। তেতিয়া তেওঁ কংগ্ৰেছৰ সাংসদ আছিল আৰু ১৯৮১, ১৯৮৫, ১৯৮৮ চনত ই ডব্লিউ এছ কোটা প্ৰৱৰ্তনৰ বাবে ব্যক্তিগত বিল আনিছিল।
মিশ্ৰই জাতিভিত্তিক সংৰক্ষণ বিলুপ্ত হোৱাটো বিচাৰিছিল আৰু তাৰ ঠাইত ই ডব্লিউ এছ সংৰক্ষণৰ দাবী কৰিছিল। ১৯৮৮ চনৰ ৬ মে’ত বিধেয়কখন উত্থাপন কৰাৰ সময়ত তেওঁ কয়, ‘‘আমাৰ চৰকাৰে সমাজবাদৰ নীতি গ্ৰহণ কৰিছে আৰু সমাজবাদত জাতিগত ভিত্তিত কোনো ধৰণৰ সংৰক্ষণ থাকিব নালাগে। সমাজবাদত মাত্ৰ দুটা জাতি আছে, এটা ধনী আৰু আনটো দুখীয়া। সমাজবাদত ব্ৰাহ্মণ, ঠাকুৰ, হৰিজন নাই। যেতিয়া আমি সমাজবাদ গ্ৰহণ কৰিছো তেতিয়া সংৰক্ষণৰ সুবিধা দৰিদ্ৰ লোকক দিয়া উচিত আৰু জাতি ভিত্তিত নহয়।”
ইয়াৰ উপৰিও সংসদত তীব্ৰ যুক্তি দিবলৈ চেষ্টা কৰা ই ডব্লিউ এছ সংৰক্ষণৰ অন্যতম কঠোৰ সমৰ্থক আছিল কিছানগঞ্জৰ জনতা পাৰ্টিৰ সাংসদ চৈয়দ চাহাবুদ্দিন।
১৯০৮ আৰু ৯০ৰ দশকৰ সময়ছোৱাত চাহাবুদ্দিনে বাৰে বাৰে সংসদত ই ডব্লিউ এছ সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে বিধেয়কখন দাখিল কৰিছিল। তেওঁ জাতিভিত্তিক সংৰক্ষণৰ অন্ত পেলাব বিচৰা নাছিল যদিও ব্ৰাহ্মণকে ধৰি সকলো জাতিৰ আৰ্থিকভাৱে পিছপৰা লোকৰ বাবে সংৰক্ষণৰ আহ্বান জনাইছিল। ১৯৯৫ চনৰ ১ ডিচেম্বৰত তেওঁ আগশাৰীৰ দলিত নেতা বাবু জগজীৱন ৰামৰ উদ্ধৃতি দাঙি ধৰিছিল।
তেওঁ কৈছিল, "এই মুহূৰ্তত মই স্মৰণ কৰিছো যে প্ৰয়াত বাবু জগজীৱন ৰামে মোক কিবা এটা কৈছিল। তেওঁ মোক ভালদৰে চিনি পাইছিল আৰু মই তেওঁৰ মৰমৰ আদেশ পালন কৰিছিলো। তেওঁ মোক কৈছিল, "চাহাবুদ্দিন, আচৰিত কথা যে মোৰ ছোৱালীয়ে সংৰক্ষণ ব্যৱস্থাৰ অধীনত আই এ এছ হ'ব পাৰে, কিন্তু মোৰ ৰান্ধনীৰ ল’ৰাটোৱে নোৱাৰে।” কাৰণ, তেওঁৰ ৰান্ধনীজন ‘ব্ৰাহ্মণ’ পৰিয়ালৰ আছিল। বিহাৰত আমাৰ ৰান্ধনী হিচাপে বিখ্যাত মৈথিলী ব্ৰাহ্মণ আছে। তেওঁৰ ঘৰতো এজন মৈথেলী ব্ৰাহ্মণ আছিল। বাবু জগজীৱন ৰামৰ এই কথাষাৰ মোৰ এতিয়াও মনত ৰৈ গৈছে।”
চৈয়দ চাহাবুদ্দিন
চাহাবুদ্দিনে আঙুলিয়াই দি কয়, “সামাজিকভাৱে পিছপৰা শব্দটোৰ অতি সংকীৰ্ণ ব্যাখ্যাৰে আমি আমাৰ মনৰ দিগন্ত সংকোচিত নকৰো আহক। সামাজিকভাৱে পিছপৰা শ্ৰেণী আজি অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ মাজত নিহিত হৈ আছে। যদি আপুনি দুখীয়া হয়, তেন্তে আপোনাৰ সামাজিক মৰ্যাদা কম। যদি আপোনাৰ অৱস্থা ভাল, তেন্তে আপোনাৰ সামাজিক মৰ্যাদা উচ্চ। যদি আপুনি চৰকাৰী সেৱাত আছে, পিয়ন হ’লেও আপুনি আপোনাৰ স্থানীয় অঞ্চলত মহোল্লা হৈ থাকিব পাৰে। গতিকে, এইবোৰ কথা বুজিব লাগিব। সমাজ সলনি হৈ আছে। আমাৰ সামাজিক মৰ্যাদাৰ ধাৰণাটো সলনি হৈয়েই আছে আৰু আজি, উন্নয়নশীল সমাজ এখনত য’ত আমি কিছুমান অৰ্থনৈতিক পৰিমাপৰ চাবিকাঠিত আবদ্ধ হৈ আছো, ই অত্যন্ত অৰ্থনৈতিক পৰিমাপৰ অধীনস্থ হৈ পৰিছে।”
পূৰ্বৰ এই বিধেয়ক আৰু দাবীসমূহ বাস্তৱত পৰিণত হ’ব নোৱাৰিলেও ২০১৯ চনৰ জানুৱাৰী মাহত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ই ডব্লিউ এছ কোটা (EWS Quota)ৰ প্ৰৱৰ্তন কৰি এই ক্ষেত্ৰত এক যুগান্তকাৰী পথ প্ৰশস্ত কৰিলে।