উত্তৰ-পূৱ হজযাত্ৰীৰ অনিশ্চয়তা দূৰ কৰিলে হজ অভ্যৰ্থনা সমিতিয়ে

Story by  Ariful Islam | Posted by  Munni Begum • 11 Months ago
উত্তৰ-পূৱ হজযাত্ৰীৰ অনিশ্চয়তা দূৰ কৰাৰ বাবে হজ অভ্যৰ্থনা সমিতিয়ে আয়োজন কৰা সংবাদ মেলৰ এক দৃশ্য
উত্তৰ-পূৱ হজযাত্ৰীৰ অনিশ্চয়তা দূৰ কৰাৰ বাবে হজ অভ্যৰ্থনা সমিতিয়ে আয়োজন কৰা সংবাদ মেলৰ এক দৃশ্য
 
আৰিফুল ইছলাম/গুৱাহাটী
 
২০২৩ বৰ্ষৰ হজযাত্ৰাক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈ থকাৰ বাবে হজযাত্ৰীসকলৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হৈছিল। অনিশ্চয়তাত ভুগিছিল হজযাত্ৰীসকল। চাৰ্টাৰ প্লেন, কোৰবানী আৰু অন্যান্য বিষয়কলৈ হজযাত্ৰীসকলৰ মাজত এক স্পষ্ট তথ্য নাছিল। বুধবাৰে উত্তৰ-পূৱ হজযাত্ৰী অভ্যৰ্থনা সমিতি আৰু যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে সকলো অনিশ্চয়তা দূৰ কৰি হজযাত্ৰীসকলক সকলো কথা স্পষ্ট কৰি দিয়ে।
 
সকলোবোৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত ৬৫৯৭ গৰাকী হজযাত্ৰীক অসম আৰু যুটীয়া ৰাজ্যিক হজ সমিতিৰ তৰফৰ পৰা হজযাত্ৰালৈ প্ৰেৰণ কৰা হ'ব। তাৰে ভিতৰত ২৪৮৮ গৰাকী দিল্লী হৈ জিদ্দালৈ যাব আৰু ৩৩২১ গৰাকী মুম্বাই হৈ জিদ্দালৈ উৰা মাৰিব। বাকী ২৮৮ গৰাকী হজযাত্ৰী কলকতা হৈ উৰা মাৰিব। কলকাতা হৈ জিদ্দালৈ যাবলগীয়া ২৮৮ গৰাকী হজযাত্ৰী বৰাক উপত্যকাৰ। উল্লেখযোগ্য যে কেন্দ্ৰীয় হজ কমিটিয়ে অসম, উৰিষ্যা, বেংগলকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা হজযাত্ৰালৈ যোৱাৰ বাবে কেইবাটাও জ'ন নিৰ্ধাৰণ কৰিছিল। প্ৰত্যেকবাৰেই অসমৰ হজযাত্ৰীসকলে প্ৰথমেই যাত্ৰা আৰম্ভ কৰে। এইবাৰো তাৰ ব্যতিক্ৰম নাছিল। ২১ জুন তাৰিখৰ পৰা  অসমৰ হজযাত্ৰীসকলে বিশেষ বিমানযোগে হজযাত্ৰালৈ যোৱাৰ কথা আছিল।
 
 
প্ৰত্যেকবাৰৰ দৰে এইবাৰো কেন্দ্ৰীয় হজ কমিটিয়ে হজযাত্ৰীক কঢ়িয়াই নিয়াৰ বাবে টেণ্ডাৰ মুকলি কৰি দিছিল। অসম আৰু অন্য দুই-তিনিখন ৰাজ্যৰ টেণ্ডাৰ লাভ কৰিছিল গ'ফাষ্ট এয়াৰলাইন্স নামৰ কোম্পানীটোৱে। কিন্তু হজযাত্ৰাৰ প্ৰক্ৰিয়াসমূহ চলি থকাৰ সময়ত গ'ফাষ্ট এয়াৰ লাইনছ দেউলীয়া (bankrupt) হোৱাৰ ফলত নিষিদ্ধ হৈ পৰে। তাৰ লগে লগে অসমৰ বিশেষ বিমান বাতিল হয়। ইয়াৰ ফলস্বৰূপে যুটীয়া ৰাজ্যিক হজ সমিতিৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ততাতৈয়াকৈ কেন্দ্ৰীয় হজ কমিটিৰ লগত কেইবালানিও আলোচনা হোৱাৰ পিছত অসমৰ হজযাত্ৰীসকলক ২১ মে' পৰিবৰ্তে ৪ জুনৰ পৰা হজযাত্ৰালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ'ল। অসমৰ হজযাত্ৰীসকলে গুৱাহাটীৰ পৰা দিল্লী আৰু মুম্বাইলৈ ইণ্ডিগ' বিমানযোগে উৰা মাৰিব। পিছত তাৰপৰা জিদ্দালৈ ৰাওনা হ'ব।
 
হজযাত্ৰী
 
অসম আৰু উত্তৰ-পূৱ হজ অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে এক সংবাদমেল যোগে কয়; "হজযাত্ৰীসকলৰ ভিতৰত প্ৰায়ভাগেই আন্তঃৰাষ্ট্ৰীয় বিমানত ভ্ৰমণ কৰাৰ অভিজ্ঞতা নাই। আমি বিগত বছৰসমূহত বহু হজযাত্ৰী বিপাঙত পৰা দেখিছোঁ। সেয়েহে এইবাৰ প্ৰতিটো বিমানবন্দৰত যাত্ৰীসকলৰ সহায় হোৱাকৈ অসমৰ পৰা জইন্ত চেক্ৰেটাৰী পৰ্য্যায়ৰ দুজনকৈ বিষয়া ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। দিল্লী আৰু মুম্বাই বিমানবন্দৰত হজযাত্ৰীসকলক সহায় কৰিবলৈ দিল্লী আৰু মুম্বাইস্থিত অসম হাউচৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে।  তাৰোপৰি, ইণ্ডিগ' এয়াৰ লাইনছৰ ৩ গৰাকীকৈ অসমীয়া আৰু বেংগলী বিষয়াক দিল্লী আৰু মুম্বাইত নিয়োগ কৰাৰ নিৰ্দেশ দিয়া হৈছে। দিল্লী আৰু মুম্বাইত নিয়োগ কৰা বিষয়া-কৰ্মচাৰীসকলে আন্তঃৰাষ্ট্ৰীয় বিমানত প্ৰৱেশ কৰাৰ আগত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰাত হজযাত্ৰীসকলক সহায় কৰিব।"
 
হজযাত্রী সকলৰ পঞ্জিয়নৰ ব্যৱস্থা অহা ২ জুন তাৰিখৰ পৰা গুৱাহাটীৰ ইছলামপুৰত অৱস্থিত হাজি মুছাফিৰ খানাত কৰা হৈছে। হজযাত্রী সকলৰ বাবে হাজি মুছাফিৰ খানাত থকা আৰু খোৱাৰ ব্যৱস্থাও কৰা হৈছে। লগতে হজযাত্রীসকলক মুছাফিৰ খানাৰ পৰা বিমান বন্দৰলৈ লৈ যোৱাৰ বাবে পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা কৰা হৈছে।
 
হজযাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা এটা গোট গঠন কৰা হৈছে। সেই দৰে বিমান বন্দৰৰ ওচৰত হজযাত্রী সকল জিৰনিলোৱা আৰু যাৱতীয় বডিং পাছৰ বাবে জিৰনি গৃহৰ ব্যৱস্থা কৰা হৈছে।
 
পবিত্ৰ মক্কা
 
হজ্জযাত্রী সকলে নিদ্ধাৰিত বিমান যাত্ৰাৰ দুদিন আগত হাজি মুছাফিৰ খানাত উপস্থিত হ'ব লাগিব আৰু নিদ্ধাৰিত যাত্ৰাৰ এদিন আগত হজ্জযাত্রী সকলক পাচপট, ভিছা আদি প্ৰদান কৰা হব। হজযাত্ৰী সকলক বিদায় দিয়াৰ উদ্দেশ্যে ৩ জুন তাৰিখ শনিবাৰে সন্ধা ৬.৩০ বজাত হাজি মুছাফিৰ খানাৰ অস্থায়ী সভাগৃহত এখনি বিদায় সম্বৰ্দ্ধনা অনুস্থানৰ আয়োজন কৰা হৈছে।
 
নেকিবুৰ জামানে কয়; "চৰকাৰৰ খৰছত ১৯ গৰাকী খাদিম-উল-হুজ্জা (সহায়ক) হজযাত্ৰীসকলক সহায় কৰাৰ বাবে প্ৰেৰণ কৰা হ'ব। তাৰোপৰি ১৪ গৰাকী ডাক্তৰ, নাৰ্ছ হজযাত্ৰীসকলক সহযোগ কৰাৰ বাবে তাত যাব। মক্কাতো আমাৰ এখন অভ্যৰ্থনা সমিতি আছে। তেওঁলোকেও অসমৰ হজযাত্ৰীসকলক সহযোগ কৰিব। আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ সুকলমে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰাৰ চেষ্টা কৰিছোঁ। কিছুলোকে কথাবোৰ নজনাকৈ কিছুমান মন্তব্য কৰা দেখা গৈছে। মই আপোনালোকক অনুৰোধ কৰিছোঁ যে, আমাৰ হজযাত্ৰীসকলক মানসিক ভাৱে উৎসাহিত কৰক। যাতে কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে হজ সম্পন্ন কৰিব পাৰে।"
 
উত্তৰ পূৰ্বাঞ্চল হজ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা তথা ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিব উদ্দিন আহমেদে কয়; "আমাৰ হজযাত্ৰীসকলে এইবাৰ যিহেতু দিল্লী আৰু মুম্বাইৰ পৰা জিদ্দালৈ ৰাওনা হ'ব লাগিব, তাৰবাবে দিল্লীস্থিত অসম হাউচ আৰু মুম্বাইস্থিত অসম হাউচৰ সম্পূৰ্ণ সহযোগ তাত থাকিব। আপোনালোকৰ সহায়-সহযোগিতা বিচাৰিছোঁ। আমাৰ এই যাত্ৰা প্ৰত্যেক বছৰে চলি থাকিব। গতিকে হজযাত্ৰীসকলক মানসিক ভাৱে উৎসাহিত কৰক। কোনো ধৰণৰ ঋণাত্মক কথাৰ বাবে যাতে আমাৰ হজযাত্ৰীসকল বিচলিত নহয়।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
উল্লেখযোগ্য যে, অধ্যক্ষ নেকিবুৰ জামানে হজযাত্ৰীৰ বিমানকলৈ হোৱা বিশৃংখল পৰিস্থিতিৰ ততাতৈয়াকৈ বিকল্প ব্যৱস্থা উলিওৱাৰ ক্ষেত্ৰত দিন-ৰাতি একাকাৰ কৰি সহায় কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিভাগীয় সচিব আদিল খান আৰু সমীৰ সিংহাক ধন্যবাদ জ্ঞাপন কৰে।
 
ইফালে অসম, মেঘালয় আৰু নাগালেণ্ডৰ হজযাত্ৰী সকলৰ বাবে গুৱহাটীৰ পৰা ছৌদি আৰৱলৈ পোনপটীয়া বিমানৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ একোখনি কৈ পত্ৰ প্ৰেৰণ কৰিছে এ আই ইউ এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে। 
 
পত্রখনত সাংসদ আজমলে উল্লেখ কৰে যে, অসম, মেঘালয় আৰু নাগালেণ্ডৰ যুটীয়া হজ সমিতিৰ জৰিয়তে ছয় হাজাৰৰো অধিক হজযাত্রী এইবাৰ হজ ভ্ৰমণলৈ যাব। কাৰ্যসূচী অনুসৰি গুৱাহাটীৰ পৰা জেদ্দা / মদিনালৈ আৰু গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল। কিন্তু গুৱাহাটীৰ পৰা ছৌদি আৰৱলৈ যাবলগীয়া প্রত্যক্ষ বিমান বাতিলৰ খবৰ পোৱাৰ পিছৰে পৰা হজযাত্ৰীসকলৰ মাজত উদ্বিগ্নতা আৰু অস্থিৰতাৰ সৃষ্টি হৈছে। কাৰণ এই দায়িত্ব দিয়া গ’ এয়াৰ বিমান সংস্থাটো দেউলীয়া হৈ কাম-কাজ বন্ধ কৰি দিছে। বিশেষকৈ বৃদ্ধ আৰু যিসকলে প্ৰথমবাৰৰ বাবে যাত্ৰা কৰিব তেওঁলোকৰ বাবে এইটো সম্পূর্ণ দুঃখজনক। যদি কোনো বিশেষ বিমান সংস্থাই সেৱা আগবঢ়াব নোৱাৰে তেন্তে আদর্শগতভাৱে হজযাত্ৰীসকলৰ বাবে অন্য বিমান সংস্থাৰ বিকল্প বিমানৰ ব্যৱস্থা কৰা উচিত।