মক্কাত হজ আৰম্ভ: অভিলেখ সংখ্যক ভাৰতীয় মহিলাই ‘মেহৰাম’ অবিহনে এইবছৰ হজযাত্ৰা কৰিছে

Story by  atv | Posted by  Munni Begum • 4 Months ago
 ‘মেহৰাম’ অবিহনে হজযাত্ৰা কৰা মহিলা হজযাত্ৰী
‘মেহৰাম’ অবিহনে হজযাত্ৰা কৰা মহিলা হজযাত্ৰী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ' 
 
ভাৰতৰ পৰা অহা হজযাত্ৰীসকলৰ বাবে এই বছৰটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কিয়নো, মুঠ ৫,১৬২ গৰাকী মহিলাই 'মেহৰাম'(পুৰুষ সংগী) অবিহনে এইবাৰ হজযাত্ৰা কৰিছে, যিটো ২০১৮ চনত সংস্কাৰ প্ৰৱৰ্তনৰ পিছত সৰ্বাধিক সংখ্যক মহিলা। এই সংস্কাৰে তীৰ্থযাত্ৰাৰ সময়ত মহিলাৰ লগত পুৰুষ সংগী থকাৰ প্ৰয়োজনীয়তা নোহোৱা কৰিছিল।
 
এই মহিলা তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু সমৰ্থন নিশ্চিত কৰিবলৈ একচেটিয়া মহিলা কৰ্মচাৰী নিয়োগ কৰা হৈছে, আৰু তেওঁলোকৰ চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৩০খন বিচনাযুক্ত মহিলা চিকিৎসালয় স্থাপন কৰা হৈছে।
 
মক্কাত হজযাত্ৰীয়ে পৰিক্ৰমা কৰাৰ এক দৃশ্য
 
মেহৰাম অবিহণে হজলৈ যোৱা মহিলা তীৰ্থযাত্ৰীসকলৰ অধিকাংশই হৈছে কেৰালাৰ। ৰাজ্যখনৰ পৰা ৩,৫৮৪ গৰাকী মহিলাই পুৰুষ সংগী অবিহণে মক্কালৈ উৰা মাৰিছে। একেদৰে, তামিলনাডুৰ ৩৭৮ গৰাকী, কৰ্ণাটকৰ ২৪৯ গৰাকী, মহাৰাষ্ট্ৰৰ ১৬৬গৰাকী, উত্তৰ প্ৰদেশৰ ১৪১গৰাকী, তেলেংগানাৰ ১৩০গৰাকী, জম্মু আৰু কাশ্মীৰৰ ৮২গৰাকী, মধ্য প্ৰদেশৰ ৭২গৰাকী, গুজৰাটৰ ৬৪গৰাকীকৈ মহিলাই মেহৰাম অবিহণে মক্কালৈ গৈছে। 
 
একেদৰে, দিল্লীৰ ৫০গৰাকী, অন্ধ্ৰ প্ৰদেশৰ ৪৪গৰাকী,পশ্চিম বংগৰ ৪০গৰাকী, ৰাজস্থানৰ ৩৩গৰাকী, বিহাৰৰ ৩০গৰাকী, অসমৰ ২৯গৰাকী, পুডুচেৰীৰ ১৯গৰাকী, ছত্তীশগড়ৰ ১৪গৰাকী, উত্তৰাখণ্ডৰ ১০গৰাকী, ঝাৰখণ্ডৰ পৰা ৯গৰাকী, গোৱা আৰু ওড়িশাৰ পৰা ৫গৰাকী, লাডাখৰ পৰা ৩গৰাকী, লক্ষদ্বীপৰ পৰা ২গৰাকী আৰু হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ পৰা ১গৰাকীকৈ মহিলাই মেহৰাম অবিহণে মক্কালৈ গৈছে।
 
মহিলা হজযাত্ৰী
 
উল্লেখ্য যে, ২০২৪ চনৰ হজত ভাৰতীয় হজযাত্ৰীৰ মুঠ কোটা ১৭৫,০২৫ চূড়ান্ত কৰা হৈছে, য’ত হজ কমিটীৰ জৰিয়তে হজযাত্ৰীৰ বাবে ১৪০,০২০খন আসন সংৰক্ষিত কৰা হৈছে। আনহাতে ৩৫,০০৫ গৰাকী হজযাত্ৰীক ব্যক্তিগত অপাৰেটৰৰ জৰিয়তে হজলৈ যোৱাৰ অনুমতি দিয়া হৈছে।
 
বৰ্তমানলৈকে প্ৰায় ৫২ হাজাৰ ভাৰতীয় তীৰ্থযাত্ৰী ছৌদি আৰৱত উপস্থিত হৈছে, ইয়াৰে ৩০ হাজাৰ বৰ্তমান মদীনাত শিবিৰ পাতি আছে আৰু বাকী তীৰ্থযাত্ৰী মক্কালৈ গৈছে। আশা কৰা হৈছে যে এইবাৰ মুঠ ১ লাখ ৭৫ হাজাৰ ২৫ জন ভাৰতীয় তীৰ্থযাত্ৰীয়ে হাজত অংশগ্ৰহণ কৰিব, য’ত ভাৰতীয় কেন্দ্ৰীয় হজ কমিটীৰ সহায়ত ১ লাখ ৪০ হাজাৰ ভাৰতীয় তীৰ্থযাত্ৰী অংশগ্ৰহণ কৰিব। 
 
ভাৰতীয় হজযাত্ৰী
 
হজ বিষয়াসকলে উল্লেখ কৰে যে ভাৰতীয় তীৰ্থযাত্ৰীৰ অধিকাংশই মদিনাহৰ মাৰ্কাজী অঞ্চল আৰু মিনাৰ জ’ন একৰ পৰা চতুৰ্থত থাকে, যিটো বিশেষভাৱে ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও তীৰ্থযাত্ৰীৰ এটা দলক জেদ্দা বিমানবন্দৰৰ পৰা মক্কালৈ হাৰামাইন হাই-স্পীড ৰে’লৱেৰ জৰিয়তে যাত্ৰা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।