স্বপ্না দাস
এইবাৰৰ উৰুচ মেলাতো গৰুড়াচল পাহাৰৰ দশোদিশে গুঞ্জৰিত হ'ল সম্প্ৰীতিৰ মধুৰ গুঞ্জন। সেই গুঞ্জনে সম্প্ৰীতিৰ অনন্য অনুপ্ৰেৰণাৰে ৰাজ্যবাসীক অনুপ্ৰাণিত কৰি আহিছে। এই লেখাত উৰুচ মেলা আৰু সম্প্ৰীতি সম্পৰ্কত চমুকৈ আলচ কৰা হ'ল। 'অসমৰ পঞ্চতীৰ্থ' হিচাপে পৰিচিত হাজো সম্প্ৰীতিৰ মিলনভূমি। তিনি ধৰ্মৰ ত্ৰিবেণী সংগম এই হাজো হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ সমন্বয় নগৰী। এই নগৰীতে ইতিহাসে ঢুকি নোপোৱাকালৰে পৰা পোৱামক্কা দাৰগাহত পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰা হৈ আহিছে উৰুচ মেলা।
হিন্দুসকলৰ ধৰ্মীয় বিশ্বাস অনুসৰি মাঘ মাহটো যিদৰে এক পৱিত্ৰ মাহ, একেদৰেই এই মাহটো ইছলাম ধৰ্মাৱলম্বীলোকৰ বাবেও এক বিশেষ মাহ। মাঘৰ পহিলা দিনোটতে ইছলামধৰ্মী লোকসকলৰ হাজোস্থিত প্ৰসিদ্ধ আৰু পবিত্ৰ ধৰ্মীয়স্থান পোৱামক্কা দৰগাহত আৰম্ভ হয় উৰুচ মেলা। মাঘী পূৰ্ণিমাত পূৰ্ণ উৰুচ মেলা উদযাপন কৰা হয়। মাঘ মাঘৰ পহিলা দিনটোৰ পৰা মাঘৰ পূৰ্ণিমালৈকে আটাইকেইদিন পোৱামক্কা দৰগাহ প্ৰতিদিনেই হেজাৰ হেজাৰ লোকে নেদেখাজনৰ আশীষ বিচাৰি এই পৱিত্ৰ স্থানলৈ আহে।
উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন ঠাইৰ পৰা ফকিৰ, সাধক, তীর্থযাত্রী আৰু ভক্তপ্রাণ ৰাইজ জাতি-ধর্ম-ভাষা-বর্ণ নির্বিশেষে দলে-বলে উৰুচ মেলালৈ স্বতঃস্ফূর্তভাৱে আহে। মূলতঃ উৰুচ উপলক্ষে এচাম ফকিৰ আৰু সাধকে গোটেই নিশা উজাগৰে থাকি বাউল, কাৱালী, জিকিৰ, জাৰী আদি পৰিবেশন কৰি মুখৰ কৰি তোলে গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত পোৱামক্কা। আন এচামে আকৌ মিলাদ-ঈ-মেহফিলত চামিল হৈ বিশ্বনবী হজৰত মহম্মদৰ জীৱন চর্চাৰে মাঘী পূৰ্ণিমাৰ নিশাটো বর্ণিল কৰি তোলে।
হাজোস্থিত প্ৰসিদ্ধ আৰু পবিত্ৰ ধৰ্মীয়স্থান পোৱামক্কা দৰগাহত উৰুচ মেলাৰ এক দৃশ্য
'পূর্ণ উৰুচ'ৰ পুৱতি নিশা ফজৰৰ নামাজৰ পিচত অনুষ্ঠিত হয় 'আখেৰী দোৱা' পৰ্ব। উইকিপিডিয়াৰ তথ্য অনুসৰি প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিনৰ মৃত্যু তিথি ১৫ দিনীয়াকৈ উৰুচ মেলা উদযাপিত হয়। উৰুচ মেলা যিদৰে ইছলাম ধৰ্মৰ অমিয় বাণী, ধৰ্মীয় গীত-মাতেৰে অনন্য হৈ পৰে, সেইদৰে অন্য ধৰ্মীয়লোকৰ সমাগমেৰে ই সম্প্ৰীতিৰ ইতিবাচক বাৰ্তাও সমাজলৈ প্ৰেৰণ কৰে। অতীজৰে পৰা এতিয়ালৈ ধর্মীয় সংকীর্ণতাৰ ঊর্ধ্বত শান্তি-সম্প্রীতি আৰু সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে হাজোৰ উৰুচ মেলাই।
'উৰুচ' এই শব্দটোৰ অসমীয়া অৰ্থ হৈছে 'মিলন' বা 'দেখা কৰা', যি প্ৰকৃতাৰ্থত বিভাষিত হয় এই মেলাৰ জড়িয়তে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোলোকৰ মহামিলনৰ তীৰ্থভূমিত পৰিণত হয় হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ ঐতিহাসিক পৱিত্ৰস্থান পোৱামক্কা দৰগাহ। হাজোৰস্থিত হিন্দুসকলৰ পবিত্ৰ আৰু ইতিহাসপ্ৰসিদ্ধ ধৰ্মানুষ্ঠান হয়গ্ৰীৱ মাধৱ মন্দিৰৰ নাতিদূৰৈত থকা গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত পোৱামক্কা দৰগাহ। এই দৰগাহ প্ৰতিস্থাপনৰ আঁৰত ভিন্ন প্ৰবাদ প্ৰচলিত হৈ আছে।
প্ৰচলিত এক প্ৰবাদমতে, এই দৰগাহৰ প্ৰতিষ্ঠাপক গিয়াছুদ্দিন আউলীয়াই মক্কাৰ কাবা শ্বৰীফৰ পৰা এপোৱা মাটি আনি হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰৰ আলোচ্য ভেটিত দিছিল। আন এটা প্ৰবাদমতে, আকৌ গিয়াছুদ্দিন আউলীয়াই মছজিদ প্ৰতিস্থাপনৰ সময়ত পোৱামক্কাত ৯০টা মূৰ্তি পাইছিল, যি মক্কাত পোৱা মূৰ্তিৰ সংখ্যাৰ চাৰি ভাগৰ এভাগ। প্ৰচলিত লোকবিশ্বাস অনুসৰি মক্কা দৰ্শন কৰিলে যিমান পাপ খণ্ডন হয়, তেনে চাৰিভাগৰ এভাগ পাপ খণ্ডন হয় হেনো পোৱামক্কা দৰ্শন কৰিলে। পোৱামক্কা দৰগাহৰ সৈতে এনে ভিন্ন প্ৰবাদ আৰু লোকবিশ্বাস প্ৰচলিত হৈ আছে । যি প্ৰবাদ নাইবা লোকবিশ্বাস প্ৰচলিত হৈ আহিলেও পিছে পোৱামক্কা দৰগাহ এখন পৱিত্ৰ তীৰ্থস্থান বুলিয়েই সকলোৱেই অন্তৰৰ পৰা বিশ্বাস কৰে আৰু আল্লাহৰ ওচৰত দোৱা মাগে।
মণিকূট উৎসৱ
হাজো অসমৰ অন্যতম এখন সম্প্ৰীতিৰ মিলন স্থল। পোৱামক্কা দাৰগাহ , হয়গ্ৰীৱ মাধৱ মন্দিৰৰ উপৰি ইয়াত আছে বিভিন্ন ধৰ্মৰ অন্য নানান তীৰ্থস্থান। জাতি-ভেদৰ বিপৰীতে সকলোৰে মাজত সম্প্ৰীতিৰ নিদৰ্শন দেখা পোৱা হাজোত বছৰটোৰ মাঘ মাহত সম্প্ৰীতিৰ অনন্য নিদৰ্শনেৰে অনুষ্ঠিত হয় দুটাকৈ উল্লেখযোগ্য উৎসৱ। পহিলা মাঘত হাজোত 'সমন্নয় শোভাযাত্ৰা' উলিওৱা হয় পোৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ, য'ত হিন্দু-মুছলমান সকলোৱে একলগ হৈ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সম্প্ৰীতিৰ অনন্য নিদৰ্শন ডাঙি ধৰে।
১৯৯২ চনত বাবৰি মছজিদ ধ্বংস প্ৰসংগই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি হোৱা শংকাৰ সময়তে এই শোভাযাত্ৰা আৰম্ভ হৈছিল। তেনে সময়তে মাঘ মাহৰ প্ৰথমটো দিনত ১৯৯৩ চনৰ ১৫ জানুৱাৰীৰ দিনা আমাৰ অসমৰ হাজো নিবাসী হিন্দু-মুছলমান জনগণে পোৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ 'সমন্বয় শোভাযাত্ৰা' কৰি সম্প্ৰীতিৰ এনাজড়িৰ নিকপকপীয়া বান্ধোনৰ বিষয়ে বিশ্ববাসীক জনাইছিল। সেই ধাৰা এতিয়াও অব্যাহত আছে। আনহাতে, পোৱামক্কাত অনুষ্ঠিত 'উৰুচ মেলা' উৎসৱো সম্প্ৰীতিৰ অনন্য নিদৰ্শন।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)