গণেশ উৎসৱৰ বাবে ঈদ-ই-মিলাদৰ শোভাযাত্ৰা পিছুৱালে মুছলমান সমাজে

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰশাসনৰ সৈতে বৈঠকত এগৰাকী মুছলমান ধৰ্মীয় নেতা
প্ৰশাসনৰ সৈতে বৈঠকত এগৰাকী মুছলমান ধৰ্মীয় নেতা
 
পুনে

গণেশ চতুৰ্থী উদযাপনৰ ক্ষেত্ৰত বিশেষভাৱে খ্যাত মহাৰাষ্ট্ৰ ৰাজ্যৰ মাজমজিয়াত অৱস্থিত মুছলমান অধ্যুষিত চহৰ ধুলেই সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ২৭ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া ১০ দিনীয়া গণেশ উৎসৱ, আৰু ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া মুছলমানসকলৰ ঈদ-ই-মিলাদ নামৰ এক ধৰ্মীয় উৎসৱৰ পূৰ্বে চহৰখনত ধৰ্মীয় একতা-সম্প্ৰীতিৰ ছবি দেখিবলৈ পোৱা গৈছে।
 
দুয়োটা উৎসৱৰ সময়ত বৃহৎ পৰিসৰৰ ৰাজহুৱা শোভাযাত্ৰা উলিওৱা হয় আৰু একে সময়তে দুই ধৰ্মৰ লোকে এইধৰণৰ বৃহৎ সমাৱেশ উলিয়ালে প্ৰশাসনিক জটিলতাৰ সৃষ্টি হ'ব পাৰে। সেয়ে, মুছলমানসকলে ঈদ-ই-মিলাদৰ শোভাযাত্ৰা তিনিদিন পিছুৱাই দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।
 
মহাৰাষ্ট্ৰৰ সংস্কৃতিৰ বাবে গণেশ চতুৰ্থী কেৱল এক উৎসৱ নহয়; ই অঞ্চলটোৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ৰাজহুৱা উদযাপন। বংগৰ দুৰ্গা পূজাৰ সৈতে ইয়াক তুলনা কৰিব পাৰি। চহৰ-নগৰবোৰ ৰং-বিৰঙী সজ্জাৰে সজ্জিত কৰি তোলা হয় আৰু দহ দিন ধৰি গণেশৰ মূৰ্তিৰ বিশাল শোভাযাত্ৰাই ৰাজপথ ভৰি পৰে। এই শোভাযাত্ৰাত সংগীত, নৃত্য আৰু অগণন লোকৰ সমাগম ঘটে। বিসৰ্জন অনুষ্ঠানৰ সময়তো একেই পৰিৱেশ দেখা যায়।
 
বৈঠকত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল
 
হজৰত মহম্মদৰ জন্মদিন ঈদ-ই-মিলাদকো মহাৰাষ্ট্ৰৰ ধুলে অঞ্চলত শ্ৰদ্ধাৰে পালন কৰা হয়। এই অনুষ্ঠানতো প্ৰায়ে বৃহৎ ৰাজহুৱা শোভাযাত্ৰা উলিওৱা হয়। দুয়োটা উৎসৱৰ গুৰুত্ব আৰু পবিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে শান্তিপূৰ্ণ আয়োজনৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰে। তেওঁলোকে ছিৰাট কমিটীৰ সদস্য আৰু অন্যান্য মুছলমান নেতাসকলৰ সৈতেও বৈঠকত মিলিত হয়।
 
আলোচনাৰ সময়ত প্ৰশাসনে ঈদৰ শোভাযাত্ৰাৰ সময়সীমা কিছুদিনৰ বাবে পিছুৱাই আইন-শৃংখলা নিৰৱচ্ছিন্নভাৱে বজাই ৰখাৰ পৰামৰ্শ আগবঢ়ায়। তাৎক্ষণিকভাৱে প্ৰশংসা লাভ কৰা এক পদক্ষেপত মুছলমান নেতাসকলে সেই বৈঠকতে বিষয়টো আলোচনা কৰি সৰ্বসন্মতিক্ৰমে প্ৰশাসনৰ পৰামৰ্শ মানি চলিবলৈ সন্মত হয়। তেওঁলোকে ঘোষণা কৰে যে অহা ৮ ছেপ্টেম্বৰ সোমবাৰে সমগ্ৰ ধূলে চহৰত ঈদ-ই-মিলাদ শোভাযাত্ৰা উলিওৱা হ’ব।
 
এই সিদ্ধান্তৰ বাবে তেওঁলোকক প্ৰশাসনে ভূয়সী প্ৰশংসা কৰে। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ছিৰাট সমিতিৰ সদস্যসকলক সামাজিক সম্প্ৰীতিৰ প্ৰতি থকা দায়বদ্ধতাক সন্মান জনাই ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। "ঈদ-ই-মিলাদ উপলক্ষে আমি সকলোৱে সহানুভূতি, সদিচ্ছা, শান্তি, আৰু মমতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। ধৰ্মীয় পবিত্ৰতাৰে আমাৰ উৎসৱ উদযাপন কৰাৰ সমান্তৰালকৈ আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত এই মূল্যবোধৰ বীজ সিঁচি দিয়াটো আমাৰ সামূহিক দায়িত্ব।"- জিলা উপায়ুক্ত ভিস্পুটে কয়।
আগন্তুক উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি এছ পি ধীভাৰে ছিৰাট সমিতিৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উৎসৱৰ সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰেৰে উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে সকীয়াই দিয়ে।
 
মহাৰাষ্ট্ৰৰ ধূলে চহৰৰ এই ধৰ্মীয় একতা আৰু সংহতিয়ে কেৱল প্ৰশাসনিক সালসলনিতকৈও অধিক; ই হৈছে ভাতৃত্ববোধৰ এক গভীৰ কাৰ্য্য, যিয়ে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতিক ৰক্ষা কৰিবলৈ সম্প্ৰদায়সমূহে কেনেকৈ একেলগে কাম কৰিব পাৰে তাক প্ৰদৰ্শন কৰে।