হিন্দুৱে জ্বলোৱা ৪০১ গছি চাকি-বন্তিৰে উজলি উঠিল উজনি অসমৰ হজৰত আজানপীৰ দৰগাহ চৌহদ

Story by  atv | Posted by  [email protected] • 1 Years ago
দৰগাহ চৌহদত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে চাকি জ্বলাই থকাৰ মুহূৰ্ত
দৰগাহ চৌহদত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে চাকি জ্বলাই থকাৰ মুহূৰ্ত
 
আশ্ৰফুৰ ৰহমান / শিৱসাগৰ

"মোৰ মনত ভেদ ভাৱ নাই অ আল্লা, হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান" শীৰ্ষক কালজয়ী জিকিৰ আৰু জাৰি ৰচনা কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক একতা আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধি থৈ যোৱা হজৰত আজানপীৰ চাহেবৰ সমাধিস্থলীত আয়োজিত বাৰ্ষিক উৰুচ, জিয়াৰত আৰু সমুহীয়া দোৱাৰ কাৰ্য্যসূচীত পুনৰ এবাৰ প্ৰতিফলিত হ'ল সমন্বয় আৰু ভ্ৰাতৃত্ববোধৰ গান৷
 
আহোম ৰাজত্ব কালৰ পৰাই একতা-সংহতিৰ বাৰ্তা বিলাই অহা আজানপীৰ চাহেবৰ সমাধিস্থলীৰ চৌপাশ হিন্দুৱে জ্বলোৱা ৪০১ গছি বন্তিৰে আলোকিত হৈ পৰিছে৷ অসমীয়া জাতিৰ সঞ্জীৱনী শক্তি স্বৰূপ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী সৰাগুৰি চাপৰিৰ আকাশে বতাহে এতিয়া প্ৰেম ভাতৃত্ববোধৰ গান বাজি উঠিছে৷ 
 
উল্লেখ্য যে, সুদীৰ্ঘ ৪ বছৰৰ অন্তত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে শিৱসাগৰ জিলাৰ দিখৌ মুখৰ সৰাগুৰি চাপৰিত অৱস্থিত আজান পীৰ দৰগাহত আৰম্ভ হৈছে সমুহীয়া জীয়াৰত, দোৱা আৰু উৰুচ৷ অতি কম সময়ৰ ভিতৰতেই যুদ্ধকালীন তৎপৰতাৰে হিন্দু, মুছলমান প্ৰতিনিধিৰে গঠিত দৰগাহ পৰিচালনা সমিতিয়ে ন-ৰূপত সজাই পৰাই তোলা আজানপীৰ দৰগাহত পুঁৱা সমুহীয়া জিয়াৰতেৰে তিনিদিনীয়া উৰুচ কাৰ্য্যসূচীৰ শুভাৰাম্ভ কৰা হয়৷
 
দৰগাহৰ খাদিম জাহিদ হুছেইনৰ নেতৃত্বত সম্পন্ন হোৱা সমুহীয়া জিয়াৰতৰ অন্তত দৰগাহ পৰিচালনা সমিতিৰ সভাপতি আলহাজ হাৰুনাল ৰছিদে পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলন কৰাৰ পিছতেই 'আৱাজ দ্য ভয়চ'ৰ সৈতে হোৱা এক বাৰ্তালাপত বিশিষ্ট অধিবক্তা তথা দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনাল ৰছিদে কয় যে, মৰুৰ দেশৰ পৰা সম্প্ৰীতিৰ বাৰ্তা লৈ অহা আজান ফকীৰে সৰাগুৰি চাপৰিত আহোম স্বৰ্গদেউৱে দিয়া ভূমিত কোঠ মাৰি জিকিৰ জাৰীৰে সমগ্ৰ জাতিটোক একতাৰ এনাজৰীৰে বান্ধিছিল৷ এই গৰাকী সম্প্ৰীতিৰ সাধকৰ পুণ্য স্থলীত উৰুচ, সমুহীয়া দোৱাৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ কামনা কৰাৰ লগতে আকৌ এবাৰ পীৰজনাৰ সমন্বয় আৰু আদৰ্শৰ বাণীৰে সকলোকে একত্ৰিত কৰি ৰখাৰ এক প্ৰয়াস চলোৱা হৈছে। 
 
বৰ্তমান জাতি, ধৰ্ম, বৰ্ণৰ লগতে দেশী বিদেশী পৰ্য্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা দৰগাহ চৌহদত ভক্ত, পৰ্যটকক যাতে পৰ্য্যাপ্ত শুশ্ৰুষা কৰিব পৰা যায়, তাৰ বাবে ইতিমধ্যে কাৰ্য্যভাৰ গ্ৰহণ কৰা নতুন সমিতিয়ে মাত্ৰ তিনিটা মাহৰ ভিতৰতেই দৰগাহৰ আন্তঃগাঠনি উন্নয়নেৰে এক যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে৷
 
ইয়াৰ পিছতেই দৰগাহ চৌহদত বৃক্ষৰোপন  কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ বিপুল বৰকটকীয়ে৷ এক চমু বক্তব্যত তেওঁ আজানপীৰ চাহেবে জিকিৰ জাৰীৰ মাজেৰে বিলাই থৈ যোৱা ঐক্য সম্প্ৰীতিৰ বাণীৰে সকলোকে আগুৱাই যাবলৈ আহ্বান জনায়৷ 
 
 
উৰুচ উপলক্ষে ইতিমধ্যে ৰাজ্যৰ বহু কেইখন জিলাৰ পৰা আহি দৰগাহ প্ৰাংগণত সমবেত হৈছেহি যথেষ্ট সংখ্যক ভক্ত৷ দুপৰীয়া জুম্মা নামাজৰ অন্তত শিৱসাগৰ ন আলিস্থিত দ্বিনী মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে সমুহীয়া কোৰাণ পাঠেৰে মানৱ জাতিৰ মংগল, শান্তি কামনাৰে দোৱা সম্পন্ন কৰাৰ পিছতেই সন্ধিয়া আজানপীৰ চৌহদ আলোকিত হৈ পৰে ৪০১ গছি বন্তিৰে৷ 
 
আনহাতে, আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নৱাব মুস্তাকিন আলিয়ে কয় যে, দৰগাহ শ্বৰীফৰ শুশ্ৰুষাৰ বাবে সৰাগুৰিবাসী ৰাইজে মোক দিয়া এই সুযোগ মই আশীৰ্বাদ হিচাবে গ্ৰহণ কৰিছো৷ সঁচা অৰ্থত মই ফকীৰ চাহেবৰ দৰগাহৰ এগৰাকী অক্লান্ত সেৱক হিচাবে অধিক গৌৰাম্বিত৷ 
 
নৱগঠিত দৰগাহ পৰিচালনা সমিতিৰ মূখ্য উপদেষ্টা তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই 'আৱাজ দ্য ভয়চ'ৰ সন্মুখত কয় যে, ফকীৰ চাহেবে আজি মোক বিচাৰিছে, সেয়েহে মই দৰগাহৰ সামগ্ৰীক বিকাশ আৰু উন্নয়নত নিজকে সমৰ্পন কৰিছো৷ আগন্তক দিনত দৰগাহখনৰ আন্তঃগাঠনি ৰাজ্যৰ আন দৰগাহ সমুহতকৈও অধিক উজ্বলি উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
 
উল্লেখ্য যে, চকুৰি ভকতক লৈ আহোম স্বৰ্গদেউৱে সৰাগুৰি চাপৰিত থাকিবলৈ দিয়া আজান ফকীৰে বাস কৰা সৰাগুৰিৰ সেই অঞ্চলটোৰ আশে পাশে দূৰ দুৰণিলৈ নাছিল এজনো মুছলমান ধৰ্মী লোক৷ চৌপাশে কেৱল হিন্দু সম্প্ৰদায়ৰ ৰাইজে আগুৰি থকা এই স্থানটোতেই আন কেইবাগৰাকী ভক্তৰ লগতে আজান ফকীৰৰ চাহেবক সমাধিস্থ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত সৰাগুৰি চাপৰিত আজান ফকীৰ চাহেবৰ সমাধি আৱিস্কাৰ হোৱাৰ পিছৰে পৰা দশক দশক জুৰি হিন্দু সম্প্ৰদায়ৰ ৰাইজেই ইয়াক ৰক্ষণাবেক্ষণ দি আহিছে৷ যি কোনো দূৰ্যোগৰ সময়ত ফকীৰ চাহেবৰ সমাধিত এগছি বন্তি জ্বলাই প্ৰাৰ্থনা জনোৱা পীৰ চাহেবৰ সমাধিস্থলী কেৱল ইছলামধৰ্মী ৰাইজেই নহয় সকলো শ্ৰেণীৰ ৰাইজৰ বাবে আস্থা, ভক্তিৰ আধাৰ স্বৰূপত পৰিণত হৈছে৷
 
সৰাগুৰিবাসীৰ বাবে অতিকৈ আদৰৰ ফকীৰ চাহেব ৰূপে পৰিচিত আজানপীৰ দৰগাহত এইবাৰ উৰুচৰ লগত সংগতি ৰাখি সৰাগুৰিৰ হিন্দু সম্প্ৰদায়ৰ ৰাইজে গৰীয়াজান দলঙৰ পৰা আজানপীৰ দৰগাহ চোহদলৈকে প্ৰতিটো পৰিয়ালে ঘৰৰ পদুলিয়ে পদুলিয়ে এগছিকৈ বন্তি প্ৰজ্বলনেৰে ফকীৰ চাহেবৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ 
 
ইফালে, শুকুৰবাৰে সন্ধিয়াৰ ভাগত সৰাগুৰিবাসীয়ে পীৰ জনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আগবঢ়োৱা ৪০১ গছি বন্তি প্ৰজ্বলন কাৰ্য্যসূচী দৰগাহ পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি বুবুল দত্তৰ নেতৃত্বত সৰাগুৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী দেৱেন হাজৰিকা, মিনেশ্বৰ দাস, চন্দ্ৰ দাস, তৰুণ দেৱৰাম হাজৰিকা আৰু কমলা দাসে সম্পাদন কৰে৷ স্মৰ্তব্য যে,দৰগাহ শ্বৰীফক এক আকৰ্ষণীয় পৰ্য্যটনস্থলীলৈ ৰূপান্তৰ কৰিবৰ বাবে নৱ নিৰ্বাচিত সমিতিখনে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত বহু কেইটা কাম সম্পাদন কৰি মাত্ৰ তিনি মাহৰ ভিতৰতেই সৰাগুৰিৰ আজানপীৰ দৰগাহৰ সৌন্দৰ্য্য বৰ্ধনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ৷
 
সকলো সময়তেই হিন্দু সম্প্ৰদায়ৰ ৰাইজৰ ৰক্ষণা বেক্ষণত থকা আজানপীৰ দৰগাহৰ নাতি দূৰৈত দিখৌ নদীৰ ওপৰত নিৰ্মাণ সম্পুৰ্ণ হোৱাৰ পথত থকা আৰ চি চি দলংখনে দৰ্শনাৰ্থী পৰ্য্যটকৰ দুৰত্ব বহু খিনি হ্ৰাস কৰিব৷ বিশেষকৈ মণি কাঞ্চন সংযোগ হৈ থকা দিখৌ নদীৰ সিটো পাৰৰ ঐতিহ্যমণ্ডিত ৰামখাঁ পীঠ দেৱালয় দৰ্শনৰ বাবে অহা যি কোনো দৰ্শনাথীয়ে সহজতেই সৰাগুৰিৰ আজানপীৰ দৰগাহ দৰ্শন কৰিব পাৰিব৷ 
 
উল্লেখ্য যে, আহোম ৰাজত্বকালত ৰূপাই দাধৰাৰ চক্ৰান্তত মৰুৰ দেশৰ এই পীৰ গৰাকীক মোগলৰ চোৰাংচোৱা বুলি আহোম স্বৰ্গদেউৱে চকু কাঢ়ি মলা চৰুত দুয়োটা চকু দিখৌ নদীত উটুৱাই দিছিল৷ কিন্তু অতি আচৰিত ধৰণে চকু দুটা সোমাই থকা মলা চৰুটো দিখৌ নদীত উটুৱাই দিয়াৰ পিছতেই দিখৌ নদীৰ পানী উলোটাকৈ বৈ সমগ্ৰ ৰংপুৰ নগৰ বুৰাই পেলাইছিল৷ লগে লগেই আহোম স্বৰ্গদেউৱে আজান ফকীৰৰ মাহাত্ম্য বুজিব পাৰি দিখৌ মুখৰ সৰাগুৰি চাপৰিত তেওঁক আশ্ৰয় দিছিল।