পণ্ডিতজীৰ মছজিদ: সকলো ধৰ্মালম্বী লোকৰ বাবে উপাসনাৰ স্থান

Story by  atv | Posted by  Munni Begum • 1 Years ago
উত্তৰ প্ৰদেশৰ বৰেলীৰ মছজিদৰ ভিতৰত পণ্ডিতজীৰ মছজিদৰ ইমাম হাফিজ জান আলম
উত্তৰ প্ৰদেশৰ বৰেলীৰ মছজিদৰ ভিতৰত পণ্ডিতজীৰ মছজিদৰ ইমাম হাফিজ জান আলম

 

ৰিজৱান মালিক / বৰেলী

 

যিহেতু আমাৰ সকলোৰে সৃষ্টিকৰ্তা এজন হয়, তেনেহলে মানুহে কিয় বিভিন্ন ঠাইত প্ৰাৰ্থনা কৰি আছে? যদি হিন্দু ধৰ্মালম্বী লোকসকলে মন্দিৰত প্ৰাৰ্থনা কৰিছে তেন্তে মছজিদত প্ৰাৰ্থনা কৰিছে মুছলমান ধৰ্মালম্বী লোকে, যদি গুৰুদ্বাৰাত শিখ সকলে, তেন্তে গীৰ্জাত খ্ৰীষ্টান ধৰ্মালম্বী লোকে প্ৰাৰ্থনা কৰি আহিছে। তেনে পৰিপ্ৰেক্ষিতত আমাৰ দেশতে সংঘটিত হৈছে এক ব্যতিক্ৰমী ঘটনা। হিন্দু, মুছলিম তথা শিখসকলে দৈনিক প্ৰাৰ্থনা কৰি আহিছে মছজিদত।

 

উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বৰেলী চহৰত সংঘটিত হৈছে এই ব্যতিক্ৰমী ঘটনাটো।কিয়নো এই চহৰত থকা এটা মছজিদ হৈছে সকলো ধৰ্মালম্বী লোকৰ বাবে উপাসনাৰ অন্যতম স্থান। বিশেষকৈ বুধবাৰৰ দিনটো হৈ পৰে এই মছজিদটো সমন্বয় আৰু সম্প্ৰীতিৰ মিলনভূমি। মছজিদটোৰ এই পৰম্পৰাটো ইয়াৰ অনন্য ইতিহাসৰ সৈতে জড়িত হৈ আছে।   

 

এই মছজিদটো ‘পণ্ডিতজীৰ মছজিদ’ যাক ‘বুদ্ধৱালী মছজিদ’ বুলিও কোৱা হয়। এই মছজিদটো বৰেলীৰ আলমগিৰিগঞ্জ নিয়াটোলা এলেকাত অৱস্থিত আৰু ইয়াৰ তত্ত্বাৱধায়ক হৈছে এটা হিন্দু পৰিয়াল।

 

মছজিদৰ ভিতৰত বুধবাৰে প্ৰাৰ্থনা কৰা লোকসকল

 

বুধবাৰে, মছজিদটোলৈ সকলো ধৰ্ম লোকৰে আগমন ঘটা পৰিলক্ষিত হৈ আহিছে। আনকি মহিলাসকলেও পণ্ডিতজীৰ মছজিদৰ ভিতৰত থকা মণ্ডলীত উপস্থিত হব পাৰে। মানুহে সৃষ্টিকৰ্তাৰ ওচৰত নিজ নিজ ধৰণে প্ৰাৰ্থনা কৰি আহিছে। জনবিশ্বাস আছে যে, মছজিদ লৈ অহা সকলো লোকৰ মনোবাঞ্চা পুৰণ হয়।  

 

বহু  বছৰ পূৰ্বে পণ্ডিত দাসী ৰামৰ কোনো সন্তান নাছিল। তেওঁ প্ৰতিজ্ঞা কৰিছিল যে যদিহে সৰ্বশক্তিমানে তেওঁক সন্তানৰ আশীৰ্বাদ প্ৰদান কৰে, তেন্তে তেওঁ এটা মছজিদ নিৰ্মাণ কৰিব। তেওঁৰ প্ৰাৰ্থনা পুৰণ হ’ল আৰু আল্লাহে তেওঁলোকক এটা সন্তানৰ আশীৰ্বাদ দিলে। দাসী  ৰামে সৰ্বশক্তিমানক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে।

 

দাসী ৰামে  জানিছিল যে তেওঁক মুছলমান ধৰ্মালম্বী লোকৰ বাবে মছজিদ নিৰ্মান কৰিবলৈ কৃতিত্ব প্ৰদান কৰা হৈছিল। সেয়েহে তেওঁ মুছলমান ধৰ্মালম্বী লোকৰ পৰা অনুদান সংগ্ৰহ কৰি ঘূৰি ফুৰিছিল। তেওঁ অৱশ্যে, মছজিদ নিৰ্মাণৰ সকলো কাম নিজেই চোৱাচিতা কৰিছিল।   

 

মছজিদটোৰ ইমাম হাফিজ জান আলমে কয় যে এই মছজিদটো শতিকা পুৰণি। পণ্ডিত দাসী ৰামে নিৰ্মাণ কৰাৰ সময়ত মানুহে কেৱল ইয়ালৈ নামজ পঢ়িবলৈ আহিছিল। বাৰেলীৰ নয়াটোলা মহল্লাত অৱস্থিত ‘বুদ্ধৱলী মছজিদ’ আৰু মছজিদ চৌহদৰ চাৱিকাঠি আজিও পণ্ডিত দাসী ৰামৰ বংশধৰসকলৰ ওচৰত আছে।

 

পণ্ডিতজীৰ মছজিদৰ ভিতৰত এগৰাকী মহিলা ভক্ত
 

পণ্ডিত ৰাজেন্দ্ৰ কুমাৰ দাসী ৰামৰ নাতি আছিল আৰু কেইমাহমানৰ পূৰ্বে অৰ্থাৎ তেওঁৰ মৃত্যুৰ আগলৈ তেওঁৱে মছজিদটোৰ চোৱাচিতা কৰিছিল। তেওঁৰ পুত্ৰ এজন ব্যৱসায়ী আৰু তেওঁ মছজিদৰ কাম-কাজৰ সৈতে ইমান জড়িত নহয় তথাপিও ইয়াৰ দ্বায়িত্ব গ্ৰহণ কৰি আছে।    

 

ইণ্টাৰনেটত উপলব্ধ কিছুমান পুৰণি ভিডিঅ’ত ৰাজেন্দ্ৰ কুমাৰে কয় যে তেওঁৰ পূৰ্বপুৰুষ দাসী ৰামৰ পিছত তেওঁৰ বংশধৰসকলে মছজিদটো চোৱাচিতা কৰি আহিছে আৰু ইয়াৰ ৰক্ষক হিচাপেও দ্বায়িত্ব গ্ৰহন কৰি আহিছে। তেওঁ কয় যে দাসী ৰামে মাদ্ৰাছাত শিক্ষা গ্ৰহন কৰিছিল আৰু উৰ্দু ভাষা ভালদৰে জানিছিল। 

 

শেহতীয়াকৈ ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু হোৱাত এতিয়া তেওঁৰ পৰিয়ালে মছজিদৰ তত্বাৱধান আৰু মছজিদ চৌহদৰ ৰক্ষণাবেক্ষণ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছে। মছজিদৰ ইমাম হাফিজ জন আলম খান ছাকালিনীয়ে আৱাজ-দ্য ভইচ’ক জনোৱা মতে, প্ৰয়াত পণ্ডিত ৰাজিন্দৰ কুমাৰে পুৱা মছজিদৰ তলা খুলিছিল আৰু তেওঁৱে সকলো চোৱাচিতা কৰিছিল।

 

তেওঁৰ মৃত্যুৰ পিছত চাবিৰ এটা গাঁঠৰি তেওঁৰ ওচৰত আছে। তেওঁ কয় যে যদি কোনো ব্যক্তিয়ে তেওঁৰ অনুপস্থিতিত মছজিদটো চোৱাচিতা কৰিব বিচাৰে, তেন্তে তেওঁ পণ্ডিতৰ পৰিয়ালৰ পৰা মছজিদৰ চাবিৰ গাঁঠৰি ক্ৰয় কৰিব পাৰিব।  

 

যদিও মছজিদত দৈনিক নামাজ পঢ়া হয়, বুধবাৰে  প্ৰাৰ্থনাৰ কৰা লোকৰ সংখ্যা অধিক হোৱা দেখা যায়। মুছলমান লোকৰ উপৰিও হিন্দু, শিখ আদি বিভিন্ন ধৰ্মালম্বীৰ লোকে মছজিদত প্ৰাৰ্থনা কৰাৰ বাবে আহে। এই  উপাসনাস্থলীত ভক্তসকলৰ মনৰ আশা পূৰন হয় বুলি সকলোৱে বিশ্বাস কৰে।

 

পণ্ডিতজীৰ মছজিদৰ বাহিৰত ইমাম জান আলম

 

মছজিদটোৰ বৰ্তমানৰ প্ৰশাসক সঞ্জয় কুমাৰ শৰ্মাই কয় যে বুধবাৰে মছজিদত বিভিন্ন ধৰ্মালম্বীৰ লোকে যথেষ্ট ভিৰ কৰা দেখা যায়। তেওঁলোকে ইয়ালৈ  আহে প্ৰাৰ্থনা আৰু শপত গ্ৰহন কৰে। তেওঁ কয় যে মছজিদৰ ওচৰতে এটা মন্দিৰ আছে আৰু মন্দিৰলৈ অহা লোকসকলেও মছজিদলৈ আহি প্ৰণাম কৰে। তেওঁ কয়, “এয়া আমাৰ গংগা-যামনি সংস্কৃতি আৰু  সাম্প্ৰদায়িক সম্প্ৰীতি অন্তৰ্নিহিত হৈ আছে।

 

উল্লেখযোগ্য যে, যদিও মছজিদত মুছলমান মহিলাৰ উপস্থিতি অতি কম এই মছজিদলৈ সকলো ধৰ্মৰ মহিলা সমাগম সমান সংখ্যক থাকে। ৪৫ দিন ধৰি নিয়মীয়াকৈ মছজিদলৈ অহা নাছিমাই কয় যে আল্লাই তাইৰ সকলো ইচ্ছা পূৰণ কৰিছে। পণ্ডিতজীৰ মছজিদত মহিলাসকলে নামাজ পঢ়া আৰু প্ৰাৰ্থনা কৰাৰো ব্যৱস্থা আছে।

 

আব্দুল্লাই কয় যে তেওঁ প্ৰায় ডেৰ বছৰ ধৰি মছজিদলৈ নামাজ পঢ়াৰ বাবে আহি আছে। তেওঁৰ পিতৃ আৰু ভাতৃয়েও দৈনিক ইয়ালৈ আহে। তেওঁ কয়,“মই জীৱন যাত্ৰাত আগবাঢ়িব লাগিব আৰু ইয়াত প্ৰাৰ্থনা কৰি আল্লাই মোৰ যাত্ৰা সহজ কৰি তুলিব। মই ইয়াত নামাজ পঢ়িছো আৰু আল্লাক মোৰ যাত্ৰা সফল কৰিবলৈ অনুৰোধ কৰিছো।“ তেওঁ লগতে কয় যে, দুবছৰৰ পাছত তেওঁ বিদেশৰ পৰা উভতি আহিব আৰু মছজিদত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ যাব।

 

২০ বছৰ ধৰি ইমাম হিচাপে কাম কৰি অহা ইমাম হাফিজ জান আলম খান চাকালিনীয়ে কয় যে, অঞ্চলটোত বিভিন্ন ধৰ্মৰ লোকৰ মাজতে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ ভাৱধাৰা বিৰাজমান হৈ আছে। কিয়নো মুছলমান লোকৰ উপৰিও হিন্দু, শিখ আদিকে ধৰি সকলো ধৰ্মালম্বী লোকৰ এই মছজিদলৈ সমাগম হয়।  

 

চৰ্দাৰ আন্দৰজিৎ সিঙে কয় যে তেওঁ সদায় গুৰদ্বাৰাৰ গ্ৰন্থী আৰু মছজিদ লৈ আহি প্ৰাৰ্থানা কৰে।আৱাজ-দ্য ভইচ’ৰ সৈতে হোৱা এক কথোপকথনত শৰ্মাই কয় যে মই মোৰ বয়োজ্যেষ্ঠসকলৰ পৰা শুনিছো যে মোৰ জ্যেষ্ঠ ভাতৃয়ে এটা মছজিদ নিৰ্মাণ কৰিছিল আৰু মোৰ পিতৃয়ে  সেই মছজিদটো চোৱাচিতা কৰা দেখিছোঁ।

 

এতিয়া মই মছজিদৰ দায়িত্বত আছো। কিন্তু মই এজন ব্যৱসায়ী আৰু মছজিদ সেৱা কৰিবলৈ মোৰ পৰ্যাপ্ত সময়ৰ অভাৱ। অৱশ্যে মছজিদৰ যিকোনো নতুন গঠনমূলক কাম বা সংস্কাৰৰ কাম মোৰ অনুমতি সাপেক্ষে কৰিব লাগিব।