চাইজুৰ ৰহমান / বৰপেটা
সমাজৰ বাবে এক ভয়ংকৰ ব্যাধি ৰূপে থিয় দিয়া নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিছে নলবাৰীৰ এখন মুছলমান প্ৰধান গাঁও। নিচাযুক্ত দ্ৰব্য নিৰ্মূল কৰাৰ পণ লৈ গাঁওবাসীয়ে লৈছে কঠোৰ সিদ্ধান্ত।
ড্ৰাগছকে ধৰি নিচাযুক্ত দ্ৰব্যই উঠি অহা প্ৰজন্মক তিলতিলকৈ ধ্বংসৰ মুখলৈ লৈ যোৱা দেখি শুনিও সমাজৰ একাংশ লোক নীৰৱ। এখন গাঁওৰ পৰা আনখন গাঁওলৈ একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে সৰবৰাহ কৰি আহিছে নিচাযুক্ত দ্ৰব্য। আৰক্ষীয়ে অবৈধ নিচাসক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ বিপৰীতে আন একাংশই নিতৌ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ জৰিয়তে সমাজ কলুষিত কৰিছে। সেই হেতুকে নিচাযুক্ত দ্ৰব্য নিৰ্মূল কৰিবলৈ ওলাই আহিল নলবাৰী চহৰৰ ২ নং ৱাৰ্ডৰ মালিকুছি গাঁওৰ মুছলমান ৰাইজ।
গাঁওখনৰ হাইদৰ আলী প্ৰাথমিক বিদ্যালয়ত সমবেত গাওঁবাসীয়ে এখন সাধাৰণ সভা আয়োজন কৰে আৰু এই সভাত তেওঁলোকে নিচাযুক্ত দ্ৰব্য নিৰ্মূল কৰিবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে। মছজিদ জামাত কমিটিৰ সভাপতি আইনুৰ হুছেইন আৰু সম্পাদক আফজাল আলীৰ নেতৃত্বত গাঁওবাসীয়ে ড্ৰাগছ আসক্ত আৰু নিচাযুক্ত দ্ৰব্য সেৱন কৰা লোকলৈ কঠোৰ সকীয়নি প্ৰদান কৰি ঘোষণা কৰে যে নিচাযুক্ত দ্ৰব্য সেৱন কৰা আৰু ইয়াৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো মুছলমান লোকৰ মৃত্যু ঘটিলে গাঁওখনত জানাজা দিয়া নহয় আৰু ৰাজহুৱা কবৰস্থানত তেওঁলোকৰ মৃতদেহ কবৰস্থ কৰিবলৈ দিয়া নহয়।
গাঁওবাসীয়ে এই কঠোৰ সিদ্ধান্তৰ প্ৰতিলিপি জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু নলবাৰী সদৰ থানাত জমা দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত মালিকুছি মছজিদ জামাত কমিটিৰ সম্পাদক আফজাল আলীয়ে কয়, "আমি সকলোৱে জানো যে ড্ৰাগছ হৈছে এক সামাজিক ব্যাধি স্বৰূপ। এই ব্যাধিবিধ মহামাৰীৰ ৰূপ লোৱাৰ পূৰ্বেই আমি সকলোৱে সজাগ হৈ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব। এই ব্যাধিয়ে উঠি অহা প্ৰজন্মক ধ্বংস কৰিব। সেয়ে, মালিকুছি মছজিদ জামাত কমিটিয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।"
প্ৰতিনিধিত্বমূলক ছবি
তেওঁ লগতে নলবাৰী জিলাৰ সকলো মুছলিম দল-সংগঠনকে ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে এনেধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আৰক্ষী প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনায়। একেদৰে কমিটিৰ সভাপতি আইনুৰ হুছেইনে কয় যে, নৱ প্ৰজন্মক ড্ৰাগছ, মদ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ পৰা ৰক্ষা কৰিবলৈ মালিকুছি মছজিদ জামাত কমিটিয়ে ইয়াৰ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ বিৰুদ্ধেও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ড্ৰাগছ, মদ আদি নিচাজাতীয় সামগ্ৰী সেৱন আৰু ব্যৱসায় কৰা মুছলিম লোকৰ মৃতদেহ কবৰস্থ কৰা নহ'ব। এই কঠোৰ সিদ্ধান্তৰ বিষয়ে নলবাৰী জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰোৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।