হিন্দু-মুছলমানৰ মিলনভূমিত পৰিণত ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্র

Story by  atv | Posted by  Munni Begum • 12 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ৰঙিয়াৰ মৰাণজানা-ভয়ৰাৰ হাতীখলা পথাৰত আজি সহস্রাধিক ভকত-বৈষ্ণৱ আৰু আই-মাতৃৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়। সংঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱালে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে। উল্লেখ্য যে অহা বছৰৰ ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্র নামেৰে নামকৰণ কৰা হাতীখলাৰ এই পথাৰত সংঘৰ ৯৩ সংখ্যক অধিৱেশনখন অনুষ্ঠিত হ'ব। 
 
ৰঙিয়াত দেওবাৰে অধিৱেশনৰ লাইখুঁটা স্থাপন উপলক্ষে পুৱাৰেপৰা বিভিন্ন প্ৰান্তৰপৰা অহা ভকত-বৈষ্ণৱৰ সোঁত বয় হাতীখলা পথৱৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰলৈ। মৰাণজানা, ভয়ৰা, ছোটশিল, বৰশিল, নিজ বড়িগোগ, হাহাৰা, কেন্দুকোণাকে ধৰি ভালেকেইখন গাঁৱৰ হিন্দু আৰু মুছলমান ৰাইজে হাতীখলা পথাৰত উপস্থিত হৈ ভক্তিপ্ৰাণ ৰাইজক সেৱা-শুশ্রূষা কৰা দৃশ্য আছিল মনোৰম ৷ এক কথাত হিন্দু-মুছলমানৰ মিলনভূমিত পৰিণত হয় হাতীখলা পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্র। 
 
ভয়ৰা গাঁৱৰ ৰাইজে নিজাববীয়াকৈ ভকত-বৈষ্ণৱসকলৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰে। উল্লেখ্য যে সোণোৱালী ধাননি পথাৰৰ মাজৰ এছোৱা অংশৰ ধান আগতীয়াকৈ চপাই লাইখুঁটা স্থাপনৰ বাবে সাজু কৰি তোলা হৈছিল। দিনৰ ১০ বজাত প্ৰায় দহ হাজাৰ ভকত-বৈষ্ণৱৰ হৰিনাম ধ্বনিৰ মাজত উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱালে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে। 
 
লাইখুঁটা স্থাপনৰ পাছতে উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱালৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভা উদ্বোধন কৰে সংঘৰ সাধাৰণ সম্পাদক কুশল ঠাকুৰীয়াই। উদ্বোধনী ভাষণত কুশল ঠাকুৰীয়াই কয় যে, "শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৰঙিয়া অধিৱেশনে এইবেলি বিশেষ তাৎপর্য বহন কৰিছে। এই অধিৱেশনৰ জৰিয়তে আমি গুৰুজনাৰ মহান আদৰ্শৰাজি জগতৰ চৌদিশে বিয়পাই দিব লাগিব। কিয়নো চৌদিশৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ অৱসান ঘটাব পাৰে কেৱল গুৰুজনাৰ মহান বাণীসমূহেহে দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত, অসমীয়া জাতিৰ গৌৰৱ ৰক্ষা কৰাৰ ক্ষেত্ৰত আৰু অসমীয়া জাতিক বর্ণাঢ্য ভাষা-সাহিত্যৰে মহীয়ান কৰি তোলাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি যাব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।" 
 
ৰঙিয়া অধিৱেশনৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘই অধিক প্ৰসাৰ লাভ কৰাৰ লগতে মানুহৰ হৃদয়ত নিগাজি স্থান পাব বুলি আশা প্ৰকাশ কৰে সাধাৰণ সম্পাদক কুশল ঠাকুৰীয়াই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সংস্কৃতি শাখাৰ আই-মাতৃসকলে পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভৰ ঘটা মুকলি সভাৰ প্ৰথমতে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ প্ৰয়াত সহধর্মিণী স্বর্ণলতা ডেকাৰ আত্মাৰ সদগতিৰ অৰ্থে ঘোষা পাঠ কৰাৰ লগতে প্ৰাৰ্থনা কৰা হয়।