কোৰানত আল্লাহক নিন্দা কৰাৰ কোনো শাস্তি নিৰ্ধাৰণ কৰা হোৱা নাইঃ পাকিস্তানত জন্মগ্ৰহণ কৰা মৌলানা জাভেদ আহমেদ গামিদী

Story by  atv | Posted by  [email protected] • 3 Months ago
মৌলানা জাভেদ আহমেদ গামিদী
মৌলানা জাভেদ আহমেদ গামিদী
 
ঘাউছ ছিৱানী / নতুন দিল্লী

পাকিস্তানত জন্মগ্ৰহণ কৰা ধৰ্মীয় পণ্ডিত মৌলানা জাভেদ আহমেদ গামিদী তেওঁৰ ব্যতিক্ৰমী মতামত আৰু সাহসী কথাৰ বাবে প্ৰায়ে বিতৰ্কৰ আৱৰ্তলৈ আহে। এই কাৰণতে সংকীৰ্ণ মনৰ পাকিস্তানী সমাজে তেওঁক মানি ল’ব নোৱাৰিলে আৰু তেওঁ দেশ এৰি যাব লগা হ’ল।
 
আমেৰিকাত বাস কৰা মৌলানা গামিদীয়ে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ মতামত মুক্তভাৱে প্ৰকাশ কৰে। তেওঁ ইয়াত প্ৰকৃত মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰে যিটো তেওঁৰ জন্ম দেশত সম্ভৱ নাছিল। তেওঁ পাকিস্তানী সমাজ, ন্যায়পালিকা, সেনা, আৰু ইয়াৰ পণ্ডিতসকলক মুকলিকৈ সমালোচনা কৰে।
 
গামিডীয়ে অভিযোগ কৰে যে পাকিস্তানৰ এই শ্ৰেণীৰ নাগৰিকে পাকিস্তানত গা কৰি উঠা ধৰ্মীয় উগ্ৰবাদ আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰে। তেওঁ অনুভৱ কৰে যে এইবোৰেই পাকিস্তান ধ্বংসৰ মুখ্য কাৰণ। জম্মু-কাশ্মীৰ আৰু আফগানিস্তানক লৈ ভাৰতৰ সৈতে পাকিস্তানৰ নীতি আৰু আচৰণক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে।
 
মৌলানা জাভেদ আহমেদ গামিদীৰ মতে পাকিস্তানে কাশ্মীৰত হস্তক্ষেপ কৰিব নালাগে আৰু কেৱল কাশ্মীৰৰ জনসাধাৰণৰ হাততহে তেওঁলোকৰ ভৱিষ্যতৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকিব লাগে। তেওঁ দৃঢ় বিশ্বাস আৰু মুকলিকৈ এই কথাৰ পোষকতা কৰে যে পাকিস্তানে কাশ্মীৰ সমস্যাৰ নামত ভাৰতত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা উচিত নহয়।
 
আফগানিস্তানত পাকিস্তানৰ হস্তক্ষেপ আৰু কাবুলত তালিবান চৰকাৰৰ শাসন ব্যৱস্থাক লৈও তেওঁ অসন্তুষ্ট। বিগত কিছুদিনত মৌলানা জাভেদ আহমেদ গামিদীয়ে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ, পাকিস্তানৰ পৰিস্থিতি, ইজতিহাদৰ প্ৰয়োজনীয়তা আদি বিষয়ত মুকলিকৈ ভাষণ দি আছে।
 
শেহতীয়াকৈ ছুইডেনত পবিত্ৰ কোৰান জ্বলোৱাৰ ঘটনা সন্দৰ্ভত গামদীয়ে কয় যে ই আল্লাহৰ কিতাপ। তেওঁ কয়, ‘ইয়াৰ বাৰ্তা বাকী ৰাইজৰ মাজলৈ প্ৰেৰণ কৰাটো আমাৰ সকলো মুছলমানৰ দায়িত্ব। আমি মুছলমানসকলে কোৰানৰ বাৰ্তা বিশ্ববাসীক বুজাবলৈ আমাৰ সকলো শক্তি খৰচ কৰিছোনে? ইয়াৰ তাৎপৰ্য কি? আমাৰ কাম হ’ল তেওঁৰ বাৰ্তাৰ পৰিচয় দিয়া আৰু কোনোবাই যদি ইয়াক সমালোচনা কৰে, তেন্তে তেওঁৰ অধিকাৰ আছে, কোনোবাই আপত্তি কৰিলে তেওঁৰ আপত্তি কৰাৰ অধিকাৰ আছে।”
 
তেওঁ আৰু কয় যে পবিত্ৰ কোৰানে এই পবিত্ৰ ধৰ্মগ্ৰন্থ আৰু ইছলামৰ বিষয়ে মানুহে উত্থাপন কৰা সকলো আপত্তিৰ উত্তৰ দিয়ে। “কোৰান আল্লাহৰ কিতাপ, এই তথ্য স্পষ্ট কৰিবলৈ কোৰআনত বহু চুৰা সন্নিবিষ্ট কৰা হৈছে। তেতিয়া কোৰানে যি কৰিছিল, আমি এতিয়াও কৰিব লাগিব।”
 
ছুইডেনত কোৰআন জ্বলোৱাৰ ঘটনাৰ কিছু দিনৰ পিছতে তেওঁ কয়, “যদি কোনো ব্যক্তিয়ে আপত্তিৰ বাহিৰলৈ গৈ আমাৰ মনত দুখ দিয়া কাম কৰে, তেন্তে পবিত্ৰ কোৰআনে কৈছে যে ধৈৰ্য্য ধৰক।"
 
হজৰত মহম্মদৰ জীৱনৰ উদ্ধৃতি দি তেওঁ কয় যে এইবোৰ কথা নবী জীয়াই থকাৰ সময়তো ঘটিছিল আৰু কিয়ামতৰ দিনলৈকে চলি থাকিব। তেওঁ অনুগামীসকলক কোৰানৰ বাৰ্তা আনৰ লগত শ্বেয়াৰ কৰিবলৈ কয়। প্ৰতিবাদ কৰিলে বিশেষ একো সহায় নহয়; ইয়াৰ ফলত অধিক উপহাসৰহে সৃষ্টি হ’ব পাৰে। ই মানুহক অধিক খঙাল কি তুলে আৰু কোৰানৰ বাৰ্তা শুনিবলৈ কম ইচ্ছুক কৰি তোলে। তেওঁ কয় যে কোৰআনৰ শিক্ষা হৈছে যে যদি কোৰআনক উপহাস কৰা হয় তেন্তে এনে সমাৱেশৰ পৰা তৎক্ষণাত ওলাই যাব লাগে।
 
পাকিস্তান আৰু আন কিছুমান দেশৰ নিন্দা আইন সন্দৰ্ভত গামদীয়ে কয় যে পবিত্ৰ কোৰানত বিভিন্ন অপৰাধৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে যদিও আল্লাহক নিন্দা কৰাৰ শাস্তি নিৰ্ধাৰণ কৰা হোৱা নাই। “পবিত্ৰ কোৰআনত ইয়াৰ (Blasphemy) উল্লেখ কৰা হোৱা নাই। আনকি নবীৰ যুগতো মানুহে নবীক অপমান কৰাৰ ঘটনা ঘটিছিল, কিন্তু তাৰ বাবে কোনো শাস্তি নিৰ্ধাৰণ কৰা হোৱা নাছিল।” মৌলানা গামিদীয়ে কয় যে এটা বিশ্বাস আছে য'ত হজৰত উমৰ বিন খাত্তাবে নবীৰ সিদ্ধান্ত পালন নকৰাৰ বাবে এজন ব্যক্তিৰ মূৰ কাটি পেলোৱাৰ কথা কয়। কিন্তু এই ঘটনা কোনো তথ্য বা হাদীছৰ দ্বাৰা সমৰ্থিত নহয়।
 
পাকিস্তানৰ সন্দৰ্ভত তেওঁ কয় যে দেশখনে আৰম্ভণিৰে পৰা সংঘাতত ভুগি আহিছে। চৰকাৰৰ কাম-কাজক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁ পাকিস্তানৰ উগ্ৰবাদক সমালোচনা কৰি কয় যে যদি পাকিস্তানে তালিবান ধৰণৰ ব্যৱস্থা বিচাৰে তেন্তে আফগান শাসকসকলক নিমন্ত্ৰণ কৰি আটাইতকৈ বেয়া চৰকাৰৰ শাসন প্ৰত্যক্ষ কৰিব লাগে।
 
মৌলানা জাভেদ গামিদীয়ে আফগানিস্তানৰ তালিবান চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে আফগান জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে শাসন কৰাৰ কোনো অধিকাৰ তালিবানৰ নাই। তেওঁ আৰু কয় যে কোনো চৰকাৰে জনসাধাৰণৰ ব্যক্তিগত কাম-কাজত হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। আল্লাহে কাকো এই অধিকাৰ দিয়া নাই।
 
পাকিস্তানৰ অস্থিৰতাৰ বিষয়ে আলোচনা কৰি মৌলানা জাভেদ ঘামদীয়ে দুটা মৌলিক বিষয়ৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে পাকিস্তান এক স্থায়ী দোমোজাৰ স্থিতি লৈ জন্ম হৈছে। সামৰিক বাহিনীৰ সৈতে সদায় গণতন্ত্ৰই যুঁজ দিবলগীয়া হৈছে। এই যুঁজত সামৰিক বাহিনীয়ে প্ৰায়ে অধিক প্ৰভাৱ লাভ কৰি আহিছে।
 
ইয়াৰ উপৰিও গামদীয়ে আন এটা প্ৰত্যাহ্বানৰ কথা আঙুলিয়াই দিয়ে: ধৰ্ম আৰু দেশৰ ধাৰণাটোৰ মাজৰ উত্তেজনা। তেওঁ বুজাইছে যে প্ৰথম বিশ্বযুদ্ধৰ পিছত সাম্ৰাজ্যৰ অন্ত পৰাৰ পিছত সমগ্ৰ বিশ্বই দেশ-ৰাষ্ট্ৰৰ ফালে স্থানান্তৰিত হৈছিল। ইউৰোপ আৰু এছিয়া উভয়ৰে বহু নতুনকৈ স্বাধীন ৰাষ্ট্ৰই এই পন্থা গ্ৰহণ কৰিছিল। দেশ-ৰাষ্ট্ৰত কোনো অঞ্চলৰ ভিতৰৰ জনসাধাৰণক ধৰ্মীয় পাৰ্থক্য নিৰ্বিশেষে একক দেশ বুলি গণ্য কৰা হয়।
 
গামিদীয়ে বুজাইছে যে আধুনিক দেশ-ৰাষ্ট্ৰত ধৰ্ম, জাতি বা ৰঙৰ ওপৰত ভিত্তি কৰি বৈষম্যৰ অনুমতি নাই। এখন জাতি-ৰাষ্ট্ৰই ধৰ্মীয় পাৰ্থক্য নিৰ্বিশেষে নিজৰ জনসাধাৰণক এক হিচাপে গণ্য কৰে। ইয়াৰ বিপৰীতে ধৰ্মীয় ৰাষ্ট্ৰই কেৱল এটা ধৰ্মক ক্ষমতা প্ৰদান কৰে, প্ৰায়ে আনক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে এৰি দিয়ে। তেওঁ তৃতীয় প্ৰকাৰৰ চৰকাৰৰ কথা উল্লেখ কৰিছে যিয়ে আন ধৰ্মক বাদ নিদিয়াকৈ শ্বৰীয়ত পালন কৰে।
 
গামিদীয়ে মত প্ৰকাশ কৰিছে যে পাকিস্তানে নিজৰ সমস্যাসমূহ জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন। তেওঁৰ মতে গণতন্ত্ৰ বা একনায়কত্ববাদে আৰু সমস্যা সমাধান কৰিব নোৱাৰে। ইতিবাচক পৰিৱৰ্তনৰ বাবে ন্যায়পালিকা আৰু সামৰিক বাহিনীয়ে সংবিধান মানি চলিব লাগিব, যিটো তেওঁ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। অৱশ্যে এই দুয়োটা প্ৰতিষ্ঠানে সংবিধান সম্পূৰ্ণৰূপে আকোৱালি লোৱা নাই।
 
ঘামিদীয়ে উগ্ৰবাদৰ সংজ্ঞা দিছে যে এটা মতাদৰ্শ জাপি দিবলৈ আৰু আনক অত্যাচাৰ কৰিবলৈ হিংসাত্মক পদ্ধতি গ্ৰহণ কৰা। এই উগ্ৰবাদৰ ফলত সংগঠিত গোট আৰু সন্ত্ৰাসবাদৰ সৃষ্টি হৈছে, যাৰ ফলত জীৱন বিপন্ন হৈছে।
 
গামিদীয়ে বিজ্ঞানতেই হওক বা ধৰ্মতেই হওক গৱেষণা আৰু স্বতন্ত্ৰ যুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ধৰ্মীয় বিষয়ত প্ৰশ্ন আৰু চিন্তাৰ বাবে মুকলি দুৱাৰৰ অভাৱৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে, যিয়ে জ্ঞানত বাধাৰ সৃষ্টি কৰে।
 
মহিলাসকলে দুপট্টাৰে মূৰ ঢাকি ৰখাটো প্ৰয়োজনীয় নেকি? এই সন্দৰ্ভত জাভেদ আহমেদ গামিদীয়ে কয় যে কোৰানত কোৱা হৈছে যে বৃদ্ধাসকলে তেওঁলোকৰ দুপাট্টা বুকুৰ পৰা গুচাব পাৰে, কিন্তু ইয়াক আঁতৰাই নিদিলে ভাল।
 
‘যদি মহিলাসকলে পুৰুষৰ সন্মুখীন হ’বলগীয়া হৈছে আৰু তেওঁলোকে গহনা পিন্ধিছে, তেন্তে তেওঁলোকে সেইটো ঢাকি ৰখাটো প্ৰয়োজনীয়। কিন্তু যদি তেওঁলোকে গহনা পিন্ধা নাই আৰু কোনো ধৰণৰ অলংকাৰ (মেকআপ) কৰা নাই তেন্তে দুপট্টা নোহোৱাকৈ বাহিৰলৈ ওলাই যাব পাৰে, কিন্তু দুপট্টাৰে মূৰ ঢাকিব লাগে।
 
জাভেদ গামিদীয়ে কয় যে দুপট্টা আমাৰ সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংশ।