আবু ধাবিৰ হিন্দু মন্দিৰত সৰ্বধৰ্মীয় ইফতাৰ; উপস্থিত থাকিল ইউএইৰ মন্ত্ৰী-ধৰ্মীয় গুৰু

Story by  atv | Posted by  [email protected] • 1 Months ago
আবু ধাবিৰ হিন্দু মন্দিৰত সৰ্বধৰ্মীয় ইফতাৰ
আবু ধাবিৰ হিন্দু মন্দিৰত সৰ্বধৰ্মীয় ইফতাৰ
 
নতুন দিল্লী

শেহতীয়াকৈ আবুধাবিত মুকলি হোৱা বিএপিএছ হিন্দু মন্দিৰত ধৰ্মীয় একতা-সম্প্ৰীতিৰ লক্ষ্যৰে আয়োজন কৰা হৈছে সৰ্বধৰ্মীয় ইফতাৰ অনুষ্ঠান। খালিজ টাইমছৰ মতে, ‘অমছিয়াত’ (Omsiyyat) শীৰ্ষক অনুষ্ঠানটোত ৰমজানৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হয়। আবুধাবি-ডুবাই ঘাইপথৰ ওচৰৰ আবু মুৰেইখাত অৱস্থিত বিএপিএছ হিন্দু মন্দিৰৰ স্বেচ্ছাসেৱকসকলে ছেহেৰীৰো আয়োজন কৰে।
 
এই ঐতিহাসিক আন্তঃধৰ্মীয় অনুষ্ঠানত ইউএইৰ মন্ত্ৰী, এজন ৰাব্বি, এজন ভাইকাৰ, বহৰা আৰু শিখ সম্প্ৰদায়ৰ প্ৰতিনিধি, চৰকাৰী বিভাগৰ মুৰব্বী, ৰাষ্ট্ৰদূত, কূটনীতিবিদ, সম্প্ৰদায়ৰ নেতা, শিল্পী, উদ্যোগী, আৰু বহিঃৰাজ্যৰ অতিথিসকল একত্ৰিত হৈছিল।
 
এই অনুষ্ঠানত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত আছে সহনশীলতা আৰু সহাৱস্থান মন্ত্ৰী শ্বেইখ নাহিয়ান বিন মুবাৰক আল নাহিয়ান, বৈদেশিক বাণিজ্য ৰাজ্যিক মন্ত্ৰী ড০ থানি বিন আহমেদ আল জেয়ুদী আৰু সম্প্ৰদায় উন্নয়ন বিভাগৰ অধ্যক্ষ ড০ মুগীৰ খামিছ আল খাইলি আদি।
 
বলীউডৰ অভিনেতা বিবেক অবেৰিঅ’ই এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে। এই উপলক্ষে তেওঁ দিয়া ভাষণৰ এটা অংশ এক্সত পোষ্ট কৰিছে:
শ্বেখ নাহিয়ানে উল্লেখ কৰে যে উমৈহতীয়া উদ্দেশ্য আৰু সহযোগিতাৰ পৰিৱৰ্তে বিভাজন আৰু বিবাদেৰে বিচ্ছিন্ন পৃথিৱীখনত ভাৰত আৰু ইউ এ ই এক বিশেষ সম্পৰ্ক আৰু শক্তিশালী সংযোগে একত্ৰিত কৰিছে।
 
‘ভাৰত-ইউ এ ইৰ সম্পৰ্ক বহু উমৈহতীয়া স্বাৰ্থ আৰু মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আমি ভাৰতৰ জনসাধাৰণৰ সৈতে আমাৰ বন্ধুত্বক লালন-পালন কৰোঁ আৰু এতিয়া আৰু ভৱিষ্যতে এই সম্পৰ্ক বৃদ্ধি আৰু শক্তিশালী কৰাৰ বাবে আগ্ৰহী।”
 
ইফালে, পবিত্ৰ ৰমজান মাহটো উদযাপন কৰি আন্তঃধৰ্মীয় সমাৱেশ আয়োজন কৰাৰ বাবে শ্বেখ নাহিয়ানে বিএপিএছ সংস্থাক প্ৰশংসা কৰে। তেওঁ কয়, ‘ইউ এ ইত বাস কৰা বিভিন্ন ধৰ্মৰ লোকৰ মাজত একতা-সম্প্ৰীতি বৃদ্ধি কৰাৰ এয়া এক সুন্দৰ সুযোগ। এয়া হৈছে দেশত শান্তি, সহনশীলতা, মানৱীয় ভ্ৰাতৃত্ববোধ, আৰু আন্তঃধৰ্মীয় সম্প্ৰীতিৰ তাৎপৰ্য্যৰ শলাগ লোৱাৰো এক সুযোগ।’-শ্বেখ নাহিয়ানে কয়।
 
বি এ পি এছ সংস্থাৰ পৰা মন্দিৰ প্ৰকল্পৰ নেতৃত্ব দিয়া পূজ্য স্বামী ব্ৰহ্মবিহৰিদাসে ইউ এ ইৰ নেতা-মন্ত্ৰীসকলক অহৰহ মৰম আৰু সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
 
 
"এয়া আত্ম-অনুশাসন আৰু আত্মনিৰীক্ষণৰ মাহ। নেদেখাজনৰ প্ৰতি কৃতজ্ঞতা আৰু উদাৰতা প্ৰকাশৰ এমাহ৷ ইয়াৰ উপৰিও প্ৰকৃত অনুভৱ আৰু বন্ধুত্বৰ মাহ৷ আপোনালোকে কৰা সকলো ৰোজা, সকলো ৰীতি-নীতি আৰু প্ৰাৰ্থনাৰ আশীৰ্বাদ আজি এই চৌহদত গোট খাইছে বুলি অনুভৱ কৰিছোঁ।"-অনুষ্ঠানত উপস্থিতসকলক স্বামী ব্ৰহ্মবিহৰিদাসে কয়।
 
আন্তঃধৰ্মীয় অনুষ্ঠানটোত উপস্থিতসকলৰ মাজত হোৱা আকৰ্ষণীয় আলোচনাই ইউ এ ইৰ বহুসংস্কৃতিৰ পৰিৱেশৰ বিষয়ে গভীৰ বুজাবুজি আৰু প্ৰশংসা গঢ়ি তুলিছিল। পিছলৈ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, আৰু উপস্থিতসকলক বিএপিএছৰ স্বেচ্ছাসেৱকসকলে তৈয়াৰ কৰা আড়ম্বৰপূৰ্ণ বিশুদ্ধ নিৰামিষ খাদ্যৰে আদৰণি জনোৱা হয়।