দিনটো ৰোজা ৰাখি জাজৰি মুছলমান গাঁৱৰ শিপিনীয়ে ৰঙালীক আদৰিবলৈ বুইছে হেঁপাহৰ গামোচা

Story by  atv | Posted by  Munni Begum • 8 Months ago
তাঁতশালত এগৰাকী শিপিনীয়ে ফুলাম গামোচা বৈছে
তাঁতশালত এগৰাকী শিপিনীয়ে ফুলাম গামোচা বৈছে
 
আৱাজ-দ্য ভইচ অসম
 
ৰঙালী বিহুৰ আগমনৰ লগে লগে কুলি-কেতেকীৰ মিঠা মাত, ঢোল, পেঁপা, গগনাৰ উপৰিও তাঁত শাল, মাকুৰ শব্দই ৰজনজনাই থাকে অসমৰ গ্ৰাম্যাঞ্চল। অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হেঁপাহৰ গামোচাখন প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে শিপিনীসকল। বৰ্তমান  আধুনিক প্ৰযুক্তিবিদ্যাৰ সময়ত এই দৃশ্য সুলভ নহয় যদিও মধ্য অসমৰ নগাঁও জিলাৰ জাজৰি মুছলমান গাঁওৰ শিপিনীসকলে প্ৰতিবছৰে বিহুক আদৰিবলৈ হেঁপাহেৰে ৰৈ থাকে।
 
জানিব পৰা মতে, আহোম ৰাজত্ব কালৰে পৰা বিহুক আদৰিবলৈ জাজৰি মুছলমান গাঁওৰ শিপিনীসকলৰ গাত তত নোহোৱা অৱস্থা দেখিবলৈ পোৱা যায়। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাজৰি মুছলমান গাঁওৰ পূৰ্বজসকলে ১৮২৬ চনত মানৰ আক্ৰমণৰ সময়ত ইয়াত বসতি স্থাপন কৰিছিল। গাঁওখনক দ্বিতীয় শুৱালকুছি বুলিও কোৱা হয়। এই গাঁওৰ প্ৰায় ৪০ শতাংশ পৰিয়ালৰ জীৱিকাৰ উৎস হৈছে তাঁত শিল্প।
 
 
খিলঞ্জীয়া মুছলমান লোকৰ বসতি প্ৰধান জাজৰি মুছলমান গাওঁৰ সহস্ৰাধিক শিপিনীয়ে বিহুৰ প্ৰতি লক্ষ্য ৰাখি পবিত্ৰ ৰমজান মাহতো ফুলাম গামোচা বোৱাত ব্যস্ত হৈ আছে। গাওঁখনলৈ বিহুৰ আগমণে কঢ়িয়াই আনে এক উখল-মাখল পৰিৱেশ। গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ জীয়ৰী-বোৱাৰীয়ে তাঁতশালত কাপোৰ বৈ জীৱিকা-নিৰ্বাহ কৰাৰ লগতে নীৰৱে এক অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ বিপ্লৱ গঢ়ি তুলিছে।
 
গাওঁখনৰ শিপিনী জেছমিন চুলতানাই ‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়; ‘আমি আইতাহঁতৰ দিনৰ পৰাই তাঁতশিল্পৰ কাম-কাজ কৰি আহিছোঁ। আমাৰ আইতাই কৰিছিল, মায়ে কৰিছিল, এতিয়া মই কৰি আছো। তাঁতশালখনেই আমাৰ জীৱিকাৰ প্ৰধান উৎস। তাঁতশালখনৰ পৰাই আমি উপাৰ্জনৰ পথ উলিয়াই আছো। এতিয়া আমি ৰোজা ৰাখিও তাঁতশালত কাপোৰ বৈ আছো। বিহু বুলি আমি ফুলাম গামোচা বোৱাত ব্যস্ত হৈ আছো। কিন্তু, সূতাৰ অধিক মূল্যবৃদ্ধি আমাৰ বাবে সমস্যা হৈ পৰিছে। সূতাৰ দাম বাঢ়িছে, যদিও কাপোৰবোৰত আমি অধিক মূল্য পোৱা নাই। ব্যৱসায়ীসকলে আগৰ দামতে আমাৰ পৰা কাপোৰ নি আছে। চৰকাৰৰ ফালৰ পৰাও আমি কোনো সাহায্য আৰু সহযোগিতা লাভ কৰা নাই। চৰকাৰে আমাৰ শিপিনীসকলৰ বাবে এখন উপযুক্ত বজাৰ তৈয়াৰ কৰি দিলে, আমাৰ এই তাঁতশিল্প এক বৃহৎ উদ্যোগ হৈ পৰাৰ সম্ভাৱনা আছে। উন্নত মানৰ তাঁতশাল আৰু প্ৰশিক্ষণ আগবঢ়াবলৈ আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো।"
 
তাঁতশালত ফুলাম গামোচা
 
উল্লেখযোগ্য যে, জাজৰি মুছলমান গাওঁৰ সহস্ৰাধিক শিপিনীয়ে ৰিহা, চেলেং চাদৰ, মেখেলা, গামোচা আদি প্ৰস্তুত কৰে। আহোমৰ দিনৰ পৰাই জাজৰি মুছলমান গাওঁৰ শিপিনীসকল বস্ত্ৰ শিল্পৰ সৈতে জড়িত হৈ আছে বুলি স্থানীয় লোকসকলে দাবী কৰে। অৱশ্যে, দশক দশক ধৰি সংগঠিত ৰূপত কোনো সমবায় গঢ় লৈ নুঠাত তেওঁলোকৰ তাঁতশিল্পই ব্যৱসায়িক ৰূপ লাভ কৰা নাছিল। ব্যক্তিগতভাৱে তেওঁলোক বয়ন শিল্পৰ সৈতে জড়িত আছিল। ১৯৬০-৬১ চনত স্থানীয় একাংশ জ্যেষ্ঠ লোকে শিপিনীসকলক সংগঠিত ৰূপ দিয়াৰ চেষ্টা চলায়। সেই অনুযায়ী মৰহুম জমিয়ত উদ্দিন আৰু জৰহুম মজলুল হকে মহিলা সকলক একত্ৰিত কৰি জাজৰি মুছলমান গাওঁ বোৱা কটা সমবায় সমিতি গঠন কৰে।
 
শিপিনী সকলৰ মূল সমস্যা হৈছে এখন বজাৰৰ অভাৱ। শেহতীয়াকৈ বিগত দুটা বছৰ ক'ভিড-১৯ সংক্ৰমণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিল পৰিস্থিতিয়ে অভাৱনীয়ভাৱে ক্ষতি কৰিছে শিপিনী সকলৰ। শিপিনী সকলে এমাহত ৩-৪ যোৰ পাটৰ কাপোৰ বব পাৰে। অনুৰূপ ধৰণৰে অন্য কাপোৰ, অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা আদিও বয়। সমবায় সমিতি সমূহে শিপিনী সকলক সূতা যোগান ধৰে। সেই সূতাৰে কাপোৰ বোৱাৰ পিচত আধা সংখ্যক কাপোৰ শিপিনী সকলক দি আধা সংখ্যক কাপোৰ সমবায় সমিতিয়ে সংগ্ৰহ কৰে। সেই কাপোৰ বাণিজ্য মেলা, অন্য বিক্ৰী কেন্দ্ৰত বিক্ৰী কৰা হয়, নাইবা শিপিনী সকলৰ ঘৰৰ পৰাও বহুতে ক্ৰয় কৰে। গাওঁখনৰ বহু নিবনুৱা যুৱকে সমবায় সমিতি সমূহৰ পৰা কাপোৰ সংগ্ৰহ কৰি ঘৰে ঘৰে গৈ বিক্ৰী কৰে। 
 
গুলনাহা বেগম নামৰ এগৰাকী শিপিনীয়ে জনোৱা মতে তেওঁ কাপোৰ বৈ বিক্ৰী কৰিয়েই দুটি পুত্ৰ সন্তানক শিক্ষিত কৰাৰ লগতে কন্যাক বিয়াও দিছে। গাওঁখনৰ চিমিম চুলতানা, নাজিমা বেগম, ৰুণু বেগম, মাৰিয়া নেছা, আলেয়া বেগম,পুনঙ বেগম আদি মহিলা সকল দীৰ্ঘদিন ধৰি বয়ন শিল্পৰ লগত জড়িত হৈ আছে। বছৰদীয়েক পূৰ্বে দীনদয়াল আঁচনিৰ অধীনত চৰকাৰে তেওঁলোকক এককালীন সাহায্য দিয়াৰ বাহিৰে অন্য কোনো সাহায্য প্ৰদান কৰা নাই। জাজৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আব্দুল খায়েৰ আহমেদে জনোৱা মতে ১৯৪২ চনত মহাত্মা গান্ধীয়ে বিদেশী বস্ত্ৰ বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ সময়ত এই অঞ্চলৰ শিপিনী সকলে নিজে সূতা কাটি কাপোৰ বয় নিজে পৰিধান কৰাৰ লগতে আনকো পৰিধান কৰাইছিল। এই অঞ্চলৰ মহিলাসকলে শাৰী, গামোচা, ৰিহা, চাদৰ-মেখেলা, টেবুল ক্লথ আদি বয়।
 
ৰঙালী বিহুলৈ ফুলাম গামোচা বোৱাৰ বাবে সূতা কাটিছে এগৰাকী শিপিনীয়ে
 
গাওঁখনৰ আন এগৰাকী শিপিনী ৰূপালী বেগমে কয়, ‘তাঁতশালৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ পৰিয়াল চলি আছে। পৰম্পৰাগতভাৱে আমি এই বৃত্তি গ্ৰহণ কৰিছো। বছৰ বছৰ ধৰি আমি গামোচা, চেলেং চাদৰ, ৰিহা, মেখেলা আদি প্ৰস্তুত কৰি আছো। বিহু, ঈদ আদি উৎসৱত আমাৰ সামগ্ৰীসমূহৰ চাহিদা কিছু বৃদ্ধি পায়। কিন্তু শেহতীয়াকৈ সূতা দাম যথেষ্ট বৃদ্ধি পোৱাত আমি লোকচানৰ সন্মুখীন হৈছো। সূতাৰ দাম যি হাৰত বৃদ্ধি পাইছে, সেই হাৰত আমাৰ কাপোৰৰ দাম বৃদ্ধি হোৱা নাই। এইক্ষেত্ৰত চৰকাৰ কৰ্তৃপক্ষই আমক সহায় কৰা উচিত। আমি বিভিন্ন প্ৰত্যাহ্বান স্বত্তেও তাঁতশিল্পৰ এই পৰম্পৰা অটুট ৰাখিছো। গতিকে, চৰকাৰে আমাৰ ফালে মূৰ দাঙি চাব লাগে।’
 
উল্লেখযোগ্য যে জাজৰিৰ পাৰ্শ্বৱৰ্তী দলং ঘাটত হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ এটা কাৰ্যালয় আছে। কিন্তু বিভাগটোৰ সহাৰি আশানুৰূপ নহয়। সেই স্থানততে শিপিনী সকলৰ প্ৰশিক্ষণৰ উদ্দেশ্যে এটা গোটৰ ভিত্তিত ভৱন নিৰ্মাণ কৰা হৈছিল যদিও আজিও মুকলি নহ'ল। বিগত সময়ছোৱাত লকডাউনে এই শিপিনী সকলক আৰ্থিকভাৱে বিপৰ্যস্ত কৰিছিল যদিও বৰ্তমান পুনৰ মুৰ দাঙি উঠাৰ চেষ্টা কৰিছে। ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে জাজৰি মুছলমান গাঁৱৰ শিপিনী সকলৰ বয়ন শিল্পক উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ বাবে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰাটোৱেই আমি বিচাৰোঁ।